অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অস্ত্ৰোপচাৰৰ পিছত কেন্সাৰ কোষৰ বিস্তৃতি প্ৰতিৰোধ :

অস্ত্ৰোপচাৰৰ পিছত কেন্সাৰ কোষৰ বিস্তৃতি প্ৰতিৰোধ :

 

কেন্সাৰৰ বিপক্ষে যুঁজাৰ কৌশল উদ্ভাৱনৰ বাবে সমগ্ৰ বিশ্বত নিৰৱচ্ছিন্নভাৱে অসংখ্য অধ্যয়ন আৰু গৱেষণা চলি আছে। এনে এটা গৱেষণা চলি আছে ওট্টাৱা হস্পিতালত। এই গৱেষণাটোত এটা কথাৰ আগতীয়া ফলাফল পোৱা গৈছে। গৱেষণাটোত পোৱা আগতীয়া ফলাফলৰ মতে যৌন উত্তেজক ঔষধ আৰু এবিধ ভাইৰাছৰ প্ৰয়োগে এই ভয়াৱহ ৰোগটোৰ বিপক্ষে যুঁজাৰ কিছু কৌশল উদ্ভাৱনৰ পথ মুকলি কৰিছে। এই গৱেষণাটোত এবিধ ফ্লুৰ প্ৰতিষেধকৰ সৈতে জননাংগৰ উত্থান অক্ষমতাৰ বাবে ব্যৱহৃত এবিধ বিশেষ ঔষধৰ মিশ্ৰণ ব্যৱহাৰ কৰিলে অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলোৱা কেন্সাৰযুক্ত টিউমাৰ বা ঘাৰ কাষত ৰৈ যোৱা কেন্সাৰ কোষবোৰ ধ্বংস হয়। এই অধ্যয়নটো অলপতে গৱেষণাগাৰত নিগনিৰ ওপৰত চলাই ফলপ্ৰসূ বুলি প্ৰমাণ পোৱা গৈছে। ই ব্যৱস্থাৰে শৰীৰত কেন্সাৰ কোষ বিয়পাৰ সম্ভাৱনা ৯০ শতাংশতকৈ বেছি কমাব পৰা যায় বুলি প্ৰমাণ পোৱা গৈছে। উল্লেখযোগ্য যে এই বিষয়ত চলোৱা এইটোৱেই বিশ্বৰ প্ৰথমটো ক্লিনিকেল পৰীক্ষা।শৰীৰৰ পৰা গোটা টিউমাৰ আঁতৰাই পেলোৱাৰ বাবে অস্ত্ৰোপচাৰেই একমাত্ৰ ফলপ্ৰসূ উপায়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি লক্ষ্য কৰি আহিছো যে অস্ত্ৰোপচাৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও নিষ্ক্ৰিয় কৰি তোলে।আৰু ইয়াৰ ফলত শৰীৰত ৰৈ যোৱা যিকোনো কেন্সাৰ কোষ নিৰাপদে থাকিবলৈ আৰু অন্য অংগলৈ বিস্তাৰিত হোৱা পথ সহজ কৰি তোলে। আমাৰ গৱেষণাই প্ৰমাণ কৰিছে যে উত্থান অক্ষমতাৰ বাবে ব্যৱহৃত ঔষধৰ লগত ফ্লুৰ প্ৰতিষেধক ঔষধ মিশ্ৰণ কৰি প্ৰয়োগ কৰা ঔষধে এই প্ৰক্ৰিয়াটো বন্ধ কৰিব পাৰে, আৰু অস্ত্ৰোপচাৰৰ পিছত কেন্সাৰৰ পুনৰ আক্ৰমণো প্ৰতিৰোধ কৰিব পাৰে। এই কথা প্ৰকাশ কৰিছে জ্যেষ্ঠ গৱেষক ৰেবেকা অউয়েৰে উত্থানজনিত অক্ষমতাৰ ঔষধ- এই অধ্যয়নটোৰ এটি অপৰিহাৰ্য অংগ আছিল আৰু সেই ঔষধত ‘ছিলডেনাফিল’ (ভিয়াগ্ৰা) আৰু ‘ষ্টাডালাফিল’ (চিয়ানিছ)ৰ লগতে নিস্ক্ৰিয় ইনফ্লুয়েঞ্জাৰ প্ৰতিষেধক এই মিশ্ৰণৰ অন্যতম উপাদান আছিল। ওট্টাৱা হস্পিতালত পেটৰ কেন্সাৰ ৰোগৰ বাবে অস্ত্ৰোপচাৰ কৰাই পেলোৱা ২৪ জন ৰোগীৰ ওপৰত এই মিশ্ৰণ ঔষধ প্ৰয়োগৰ পৰীক্ষা অলপতে আৰম্ভ হ’ব।

এই পৰীক্ষাৰ যোগেদি চিকিৎসাৰ নিৰাপত্তাৰ দিশটোৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হ’ব।‘আমি এই লানি গৱেষণাৰ ফলাফলৰ প্ৰতি অতি আগ্ৰহেৰে বাট চাই আছো, কাৰণ এই গৱেষণাই দুটা নিৰাপদ আৰু তুলনামূলকভাৱে কম খৰচী চিকিৎসা পদ্ধতিয়ে কেন্সাৰৰ দৰে এক বৃহৎ সমস্যা সমাধান কৰিব পাৰিব’। অউয়েৰে আৰু কৈছে- ‘ক্লিনিকেল পৰীক্ষাত যদি এই কথা প্ৰতিপন্ন হয়, তেনেহ’লে ইয়েই হ’বগৈ কেন্সাৰ অস্ত্ৰোপচাৰৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সমস্যাৰ ক্ষেত্ৰত প্ৰথম চিকিৎসা ব্যৱস্থা’। এইখিনি অধ্যয়নৰ প্ৰথম গৱেষক লী-হুৱা টায়ে কৈছে যে ‘কেন্সাৰৰ পিছত ৰোগ প্ৰতিৰোধৰ চিকিৎসাৰ বিষয়টো গৱেষণাৰ এটা অতি বৃহৎ ক্ষেত্ৰ হৈ আছে, কিন্তু আমি এতিয়াও এই ৰোগৰ অস্ত্ৰোপচাৰৰ সময়ত এই নতুন কৌশল প্ৰয়োগৰ নিয়মবিলাক শিকি আছো। এই দিশত সফলতা লাভ কৰিব পাৰিলে এই গৱেষণা এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হ’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate