সঁচা কথা, এই সম্পৰ্কে চিকিৎসকৰ ভিন্ন মত আছে। কিন্তু সকলো চিকিত্সকে স্বীকাৰ কৰে যে বৰ্তমান ‘লাইফষ্টাইল চেঞ্জ’ৰ অতি প্ৰয়োজন হৈছে। বিশেষকৈ ফাষ্ট ফুড, জাংক ফুড, শীতল পানীয়ৰ অতিৰিক্ত ব্যৱহাৰ, কায়িক শ্ৰমহীন জীৱন, ধূমপান, মাদকদ্ৰব্য ব্যৱহাৰৰ পৰা মুক্ত হোৱাৰ অতি প্ৰয়োজন। লগতে সুষম আহাৰ গ্ৰহণ, যোগ-ব্যায়াম, নিয়মিত খোজকঢ়া ইত্যাদি আৰম্ভ কৰিলে ৫০ শতাংশ ডিজেনেৰেটিভ ডিজিজৰ পৰা মানুহে বিনা চিকিত্সাই মুক্তি লাভ কৰিব বা ৰোগ নিয়ন্ত্ৰণ হোৱাত সহায়ক হব। এদল চিকিত্সকৰ মত হ’ল- এটা বয়সৰ পাছৰ পৰা সকলো মানুহে নিয়মমাফিক স্বাস্থ্য পৰীক্ষা কৰা উচিত। কাৰণ কোনো ৰোগ প্ৰথমতে ধৰা পৰিলে চিকিত্সাৰ সুফল পোৱাৰ সম্ভাৱনা বেছি। আনহাতে এদল চিকিত্সকে এনেদৰেও মত প্ৰকাশ কৰে যে আধুনিক চিকিত্সাৰ নামত বহু চিকিত্সকে সম্পূৰ্ণভাৱে লেব’ৰেটৰী টেষ্ট আৰু বহু ইমেজিং ছিষ্টেমৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। কিন্তু ইয়াত ৰোগীৰ অত্যধিক উপকাৰ হোৱাৰ কোনো প্ৰমাণ নাই, অথচ ৰোগীয়ে সাধাৰণ ৰোগত অত্যধিক খৰচান্ত হৈছে। পৃথিৱীজুৰি হোৱা বিভিন্ন গৱেষণাত প্ৰমাণ হৈছে অত্যাধুনিক টেষ্টৰ জধে-মধে প্ৰয়োগৰ ফলত ৰোগীৰ বহু অপকাৰ হোৱাৰ আশংকা বঢ়াই তুলিছে।
মেডিচিনৰ অনেক অধ্যয়নত প্ৰমাণ পোৱা গৈছে যে কম টেষ্ট, কম ছাৰ্জাৰী বা চিকিত্সাৰ নানা পদ্ধতিৰ সীমিত প্ৰয়োগ ৰোগীৰ পক্ষে মংগলজনক।
আধুনিক লেব টেষ্টবোৰ ইমান উন্নত যে আগেয়ে যিবোৰ শৰীৰৰ জটিল সমস্যা চকুত পৰা নাছিল আজি সেই সমস্যা দহ গুণ বৰ্ধিতৰূপে চকুত পৰে। ইয়াৰ ফলত সমস্যাৰ গভীৰলৈ যোৱা বিস্তৃতভাৱে সহায় কৰিছে ঠিকেই, বাস্তৱতাৰ অৰ্থ বা যথাৰ্থতা বিচাৰ কৰাৰ ক্ষমতা জ্ঞান-বুদ্ধি দ্ৰুত অৰ্জন কৰা সহজ হৈ থকা নাই। কেৱল টেষ্ট ৰিপৰ্টত দৃষ্টিগোচৰ সকলোবোৰ ৰোগীৰ ক্ষতিকাৰক বুলি গণ্য কৰি আন ৰোগৰ সন্ধানত নামি পৰাও পৰিলক্ষিত হয়। ইয়াৰ ফলত ৰোগীৰ উপকাৰৰ সলনি শাৰীৰিক আৰু আৰ্থিকভাৱে সৰ্বস্বান্ত হৈ পৰিছে। ইয়াৰ কাৰণ হ’ল ৰোগীৰ শৰীৰত ৰোগ নাই অথচ টেষ্টত দোষ আছে। ইয়াক কোৱা হয় ফল্ছ পজিটিভ, আনফালে ৰোগীৰ ৰোগ আছে অথচ টেষ্টত সেই ৰোগৰ দোষ নাই। ইয়াক কোৱা হয় ফল্ছ নিগেটিভ। এনেধৰণৰ কিছু কল্পিত ৰোগৰ চিকিত্সা কৰিবলৈ গৈ জটিলতাৰ সৃষ্টিহে হ’ব।
উন্নত চিকিত্সাৰ ফলত মানুহৰ জীৱন যে ৰক্ষা পৰে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। মেমোগ্ৰাম যেনেদৰে ব্ৰেষ্ট কেঞ্চাৰ নিৰ্ণয়ত সহায় কৰে, তেনেকৈ এঞ্জিঅপ্লাষ্টিয়ে হঠাতে হোৱা হাৰ্ট এটেক ৰোধ কৰাত সক্ষম হৈছে। এনেধৰণৰ বহু উদাহৰণ আছে। এনে টেষ্ট বা চিকিত্সা পদ্ধতি কিছু লোকৰ ক্ষেত্ৰত প্ৰয়োজন, কিন্তু ইয়াক যদি সাধাৰণভাৱে প্ৰয়োগ কৰা হয় তেনে লোকৰ ক্ষতি হোৱাৰ সম্ভাৱনাও আছে।
প্ৰকৃত সত্যটো হ’ল যাৰ শৰীৰত কোনো উপসৰ্গ নাই, বা জনা কোনো ৰিক্স ফেক্টৰ নাই, যাৰ মন সুস্থ, তেনে লোকে কোনো ৰোগত আক্ৰান্ত বুলি টেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। অৰ্থাত্ ৰোগ ধৰাৰ চেষ্টা কৰি নিয়মমাফিক টেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। শাৰীৰিক কিবা অসুবিধা হ’লে চিকিত্সকৰ লগত মুকলি আলোচনা কৰি তেওঁৰ পৰামৰ্শক্ৰমে প্ৰয়োজনসাপেক্ষে টেষ্ট কৰাত কোনো বাধা নাই।
ৰুটিনমাফিক টেষ্টে আমাৰ দেহক সুস্থ ৰাখিব পাৰে বুলি পৃথিৱীৰ কোনো বিজ্ঞানসন্মত সমীক্ষাই প্ৰমাণ কৰিব পৰা নাই। কোনোৰকমৰ শাৰীৰিক অসুবিধা বা উপসৰ্গ দেখা নিদিলে বা পাৰিবাৰিক কোনো বিশেষ ৰোগ হোৱাৰ ইতিহাস নাথাকিলে অহেতুক স্বাস্থ্য পৰীক্ষাৰ কোনো প্ৰয়োজন নাই। এয়া বহু চিকিত্সক আৰু গৱেষকৰ মন্তব্য। ইয়াৰ মানে কিন্তু এনে নহয় যে কোনো গুৰুতৰ অসুখ-বিসুখ নহ’লে ডাক্তৰৰ প্ৰয়োজন নাই। অসুস্থ হোৱাৰ আগেয়েই ঘৰুৱা চিকিত্সক বা কোনো নিৰ্দিষ্ট চিকিত্সকৰ লগত এক সুসম্পৰ্ক ৰাখিলে সেই চিকিত্সকেই সুস্থ মানুহক সুস্থভাৱে থাকিবলৈ পৰামৰ্শ দিব। আনফালে কোনো ৰোগ উপসৰ্গই দেখা দিলে কি কৰিব লাগিব তাৰো পৰামৰ্শ দিব।
লেখকঃ ড০ সনাতন ডেকা
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 1/31/2019