অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইতাৰ দিহা :

 

পানী লগা -

এতিয়া যথেষ্ট গৰম পৰিছে। চৌদিশৰ পৰিবেশ গৰম হৈছে। দুপৰীয়াতো বাদেই পুৱাবেলাতে বাহিৰলৈ ওলাই খোজ কাঢ়ি বা চাইকেল চলাই যাব নোৱাৰা অৱস্থা হৈছে। গৰমৰ পৰা ৰক্ষা নেপাই বহুতে ফ্ৰীজৰ পৰা উলিয়াই অনা কোলড ড্ৰিংকছ লগে লগে খায় বা বৰফ মিহলোৱা ঠাণ্ডা পানীকে খায়।

এনে ধৰণৰ ঠাণ্ডা পানীয় সেৱনৰ ফলত সাময়িকভাৱে গাটো কিছু শীতল পৰে যদিও কিন্তু গৰমত থকা শৰীৰটোক তৎক্ষণাত আপোনাৰ পানী লাগিব পাৰে। এনে ধৰণে ঠাণ্ডা লাগি পানী লাগিলে আপোনাৰ কাহ-কফ আদিৰ যন্ত্ৰণাও হ’ব পাৰে।

সেয়ে গৰমৰ পৰা ৰক্ষা পাবলৈ গাটো শীতল কৰাৰ উপায়বোৰ তৎক্ষণাত গ্ৰহণ কৰিব নেলাগে। পানী লাগিলে আপুনি তৎক্ষণাত ইয়াৰ চিকিৎসা ব্যৱস্থা কৰিব লাগে।

ফাৰ্মাচীৰ পৰা কিনি অনা ঔষধ কিনি আমি খোৱাতকৈ আপুনি ঘৰুৱা দ্ৰব্য ব্যৱহাৰ কৰি পানী লগাৰ যন্ত্ৰণাৰ উপশম পাব পাৰে।

নাক বন্ধ হ’লে আৰু ডিঙি চেৰচেৰালে আপুনি ষ্টীম ভেপোৰাইজাৰৰ ভাপ ল’লে তৎক্ষণাত আৰাম পাব। ভাপ ল’লে নাকৰ ভিতৰ আৰু শ্বাসতন্ত্ৰ মুকলি হৈ তৎক্ষণাত আৰাম পাব।

ভাপ ল’লে নাকৰ ভিতৰত আৰু শ্বাসনলীত থকা বীজাণুবিলাক ধ্বংস হয় আৰু বন্ধ নাক খোল খায়। বন্ধ নাকৰ বাবে প্ৰস্তুত কৰা ভাপৰ পানী বেছ গৰম হ’ব নেলাগে।

ঘৰুৱা দিহা -

পানী লাগিলে আপুনি দিনটোত তিনিৰ পৰা চাৰিবাৰলৈকে গৰম পানী সেৱন কৰিব। আহাৰ খোৱাৰ পিছতো গৰম পানী খোৱাৰ অভ্যাস কৰিব। গৰম পানী খাই থাকিলে আপোনাৰ কফ কমি যাব আৰু ডিঙিৰ খচখচনিও কমি যাব।

পানী লাগি বেছি কষ্ট অনুভৱ কৰিলে আপুনি গৰম পানীত সামান্য নিমখ দি গাৰ্গল কৰিলে ডিঙি পৰিষ্কাৰ হ’ব আৰু পানী লগাৰ ভাইৰাছে দ্বিতীয়বাৰ শৰীৰত প্ৰবেশ কৰাত বাধা দিব।

হালধি মিহলি গাখীৰ -

ৰাতি শোৱাৰ আগতে গৰম গাখীৰ এগিলাছত আধাচামুচ খাঁটি হালধি গুড়ি মিহলাই গৰমে গৰমে খাব। হালধি মিহলোৱা গৰম গাখীৰ খালে পানী লগাত সকাহ দিয়ে।

এই গাখীৰ খোৱাৰ পিছত এঘন্টামানলৈকে ঠাণ্ডা পানী বা আন ঠাণ্ডা দ্ৰব্য নেখাব। ঘৰতে প্ৰস্তুত কৰা হালধি গুড়ি আপুনি এচামুচ মৌৰ লগতো মিহলাই খাব পাৰে। এনে ব্যৱস্থাৰে আপুনি পানী লগাৰ পৰা উপশম পাব।

সৰিয়হৰ তেল -

পানী লাগিলে প্ৰায় সকলো ৰোগীৰ নাক বন্ধ হয় আৰু তাৰ ফলত উশাহ লোৱাত কষ্ট হয়। তেনে অৱস্থা হ’লে ৰোগীক ওপৰমুৱাকৈ শুই থাকিবলৈ দিয়ক। এখন চামুচত বা হেতাত এচামুচ সৰিয়হৰ তেল পোনপটীয়াকৈ জুইৰ ওপৰত দি গৰম কৰক। পাৰিলে এনেদৰে গৰম কৰা তেলত দুফোটা নহৰু থেতেলিয়াই লগতে উতলিবলৈ দিয়ক।

নহৰুখিনি ৰঙচুৱাকৈ সিজিলে জুইৰ পৰা তেলৰ চামুচ বা হেতাখন উঠাই আনি সামান্য ঠাণ্ডা হ’বলৈ দিয়ক। এতিয়া শুই থকা ৰোগীৰ নাকত এই তেলৰ চাৰি টোপাল, দুটোপালকৈ দুয়োটা ফুটাতে লাহে লাহে দিয়ক। এনেদৰে তেল দিয়াৰ পিছত বন্ধ নাক খোল খাব আৰু পানী লগাৰ পৰা সকাহ পাব।

সৰু ইলাচি -

পানী লাগিলে ইলাচি খালেও যথেষ্ট সকাহ দিয়ে। সৰু ইলাচিৰ গুটি উলিয়াই চোবাই খাই থাকিলে পানী লগাৰ পৰা যথেষ্ট আৰাম পোৱা যায়।

নহ’লে, দুটা ইলাচিৰ গুটি উলিয়াই সেইবোৰ মিহিকৈ বটি দুচামুচ মৌৰ লগত মিহলাই খালে পানী লগা হৈ থকা কাহৰ সমস্যাৰ পৰা আৰাম পাব আৰু একেৰাহে দুই তিনিদিন এই মিশ্ৰণ খাই থাকিলে পানী লগাও ভাল হ’ব।

নহৰুৰ চুপ -

দহ ফোটামান নহৰু বাকলি গুচাই পটাত থেতেলিয়াই আৰু একাপ জোখৰ পানী লৈ নহৰুকেইটা দহ মিনিটমান উতলাই লওক।

পানী শুকাই গৈ আধাকাপমান থাকোতে নমাই চেকি লৈ এই ৰস সামান্য গৰমে গৰমে খাই দিয়ক। এই ব্যৱস্থাই পানী লগা অসুখ নিৰাময় কৰিব।

আদা আৰু নেমুৰ চাহ -

একাপ পানীত আধা ইঞ্চি জোখৰ এডোখৰ আদা কুটা, দুটা থেতালি লোৱা জালুক আৰু থেতালি লোৱা দুটা লং উতলাওক। ইয়াত আধা ডোখৰ নেমু চেপি ৰস মিহলাই দিয়ক।

এতিয়া জুইৰ পৰা নমাই চেকি লৈ গৰমে গৰমে চাহৰ দৰে খাওক। দিনটোত অতি কমেও তিনিবাৰ এই মিশ্ৰণৰ ৰস খাওক। পানী লগা আৰোগ্য হ’ব।

দুচামুচ মৌ আৰু এচামুচ নেমুৰ ৰস এগিলাছ কুহুমলীয়া পানী বা গৰম গাখীৰৰ লগত মিহলাই খালেও পানী লগা ভাল হয়।

পদিনাৰ চাহ -

পদিনা আৰু তুলসী পাতেৰে বনোৱা চাহে ডিঙি আৰু নাক মুকলি কৰি দিয়ে। ইয়াত থেতালি লোৱা দুটা জালুক আৰু দুটা লং মিহলাই দিব পাৰে। পদিনা এবিধ প্ৰাকৃতিক ঔষধ আৰু এই বিধ উদ্ভিদৰ পাত মিহিকৈ বটি খাই থাকিলে পেটো পৰিষ্কাৰ হৈ থাকে। তুলসী পাতৰ ৰস উষ্ণ বুলি কোৱা হয়। পানী লগাৰ ফলত কাহ-কফ হ’লে তুলসী পাতৰ ৰস উলিয়াই তাৰ লগত মৌ মিহলাই খালে এই ৰোগ ভাল হয়।

পাণপাতৰ পানী -

যদি সৰু ল’ৰা-ছোৱালীৰ পানী লাগি কফ বহি যায়, তেনেহ’লে এখিলা পাণ ভালদৰে ধুই একাপ জোখত পানীত উতলাই লওক। এই পানী দুচামুচকৈ দিনটোত তিনি-চাৰিবাৰ খুৱাই থাকক। কফ গলি পেটলৈ যাব আৰু মলদ্বাৰেদি বাহিৰ ওলাই যাব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 6/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate