অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আইৰন-ভিটামিনৰ আকৰ ৰঙা বাওধানত কেন্সাৰ প্ৰতিৰোধী গুণ

আইৰন-ভিটামিনৰ আকৰ ৰঙা বাওধানত কেন্সাৰ প্ৰতিৰোধী গুণ

ক’লা জহা ধানৰ পাছত দেশে-বিদেশে চাহিদা বাঢ়িছে অসমত উৎপাদন হোৱা ৰঙা বাও ধানৰ। এই বিধ ধানৰ চাউলত থকা কেন্সাৰ প্ৰতিৰোধী গুণৰ বাবেই দেশৰ বিভিন্ন কোম্পানী, এজেন্সী এতিয়া ৰঙা বাওধান ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাত ৰঙা বাওধানত কেন্সাৰ প্ৰতিৰোধী এণ্টি অক্সিডেণ্টৰ উপৰি প্ৰচুৰ পৰিমাণৰ আইৰণ, ভিটামিন-বি আৰু শৰীৰৰ বাবে উপযোগী দ্ৰব্য নিহিত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। যাৰ বাবে সুদূৰ আমেৰিকাৰ কোম্পানীয়ে বানে গৰকা ধেমাজিৰ পৰা ক্ৰয় কৰিছে ৰঙা বাওধান। কিন্ত ৰঙা বাওধানৰ খেতি কৰিবলৈ সততে অনিহা প্ৰকাশ অসমৰ খেতিয়কে। ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজো এইবিধ ধানৰ চাউল খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়। সেই বাবেই ৰাজ্য খনৰ পৰা দেশ-বিদেশলৈ চাহিদা অনুসাৰে এতিয়াও ৰঙা বাওধান যোগান ধৰিব পৰা হোৱা নাই। অসমত অৱহেলিত হ’লেও ৰঙা বাওধানৰ চাউলত সাধাৰণ বগা চাউলতকৈ অধিক গুণাগুণ সমূহ দ্ৰব্য থকাৰ তথ্য প্ৰমাণ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সৱেষণাৰ তথ্য অনুসৰি সাধাৰণ চাউলতকৈ এই বিধ চাউল, প্ৰ’টিন, ছ’ডিয়াম, পাটাছিয়াম, আঁহযুক্ত দ্ৰব্যও অধিক পৰিমাণে থাকে। ৰঙা বাওধানৰ চাউল এতিয়া আইৰন, ভিটামিন-বি আৰু কেলছিয়ামৰ আকৰ হিচাপে পৰিগণিত হৈছে। পিছে কৃষি বিশ্ব্বিদ্যালয়ৰ তথ্য অনুসৰি অসমৰ প্ৰায় ১ লাখ হেক্টৰ কৃষি ভূমিতহে ৰঙা বাওধানৰ খেতি কৰা হয়। উল্লেখ্য যে সমগ্ৰ ৰাজ্যত প্ৰায় ১০০ বিধ বিভিন্ন প্ৰজাতিৰ বাওধানৰ খেতি হয়। ইয়াৰে ৬৪ বিধ প্ৰজাতিয়েই হৈছে ৰঙা বাওধান। সাধাৰণতে বানে গৰকা অঞ্চল সমূহত বেছিকৈ বাওধানৰ খেতি হয়। কাৰণ এই বিধ ধান এক প্ৰকাৰ বান প্ৰতিৰোধীও। বানত কিছুদিন ডুবি থাকিলেও বাওধানৰ ফচল নষ্ট নহয়। তদুপৰি ধান গছৰ উচ্চতাও অধিক। সেই বাবেই দ’ মাটিতে বাওধানৰ খেতি কৰা হয়। স্বাভাৱিকতে বান বিধ্বস্ত জিলা ধেমাজি আৰু লখিমপুৰতে বাওধানৰ খেতি অধিক হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সুত্ৰই জনোৱা মতে, জিলা দুখনত প্ৰায় এশ বিঘা মাটিত যোৱা দুবছৰ ধৰি নিয়মীয়াকৈ ৰঙা বাওধানৰ খেতি কৰা হয়। লক্ষণীয় কথাটো হ’ল এই বিধ ধানৰ খেতিত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা নহয়। পথাৰৰ নৰাৰ পচন সাৰেই কৃষি ভূমিৰ বাবে পৰ্যাপ্ত। সেই বাবে ৰঙা বাওধান সম্পূৰ্ণ ৰুপে জৈৱিক গুণাগুণ সম্পন্ন। কৃষি বিশ্ববিদ্যালয়ৰ গৱেণ্ণাৰ তথ্য অনুসাৰি এক কাপ ৰঙা বাওধানৰ চাউলত ২১৬ কেলৰি শক্তি, ১০ মিলিগ্ৰাম ছ’ডিয়াম, ৮৪ মিলিগ্ৰাম, ৪৫ গ্ৰাম কাৰ্ব’হাইড্ৰেট, ৪ গ্ৰাম ফাইবাৰ আৰু ৫ গ্ৰাম প্ৰ’টিন থাকে। ইয়াৰ বিপৰীতে বগা চাউল একাপত থাকে ২০৫ কেলৰি শক্ত। ২ মিলিগ্ৰাম ছ’ডিয়াম, ৫৫ মিলিগ্ৰাম পটাছিয়াম, ৪৫ গ্ৰাম কাৰ্ব’হাইড্ৰেট, ১ গ্ৰাম ফাইবাৰ আৰু ৪ গ্ৰাম প্ৰ’টিন। বগা চাউলত নাথাকে আইৰণ অথবা এণ্টি আক্সিডেণ্ট। এইদৰে ৰঙা বাওধানৰ চাউলৰ গুণাগুণাৰ বিষয়ে পোহৰলৈ অহাত সমগ্ৰ দেশৰ লগতে বিদেশতো এইবিধ চাউলৰ চাহিদা বাঢ়িছে। কৃষি বিজ্ঞানী ড° হোমেন ভট্টাচাৰ্যই আমাক জনোৱা মতে, ইউৰোপ আৰু আৰবলৈ ইতিমধ্যে ৰঙা বাওধানৰ চাউল ৰপ্তানি কৰা হৈছে। শেহতীয়া ল’টাছ নামৰ আমেৰিকাৰ কোম্পানী এটাই হাৰিয়ানাৰ এজেণ্টৰ জৰিয়তে এই চাউল ক্ৰয় কৰিছে। কিন্ত ধানৰ উৎপাদন বৃদ্ধি নোহোৱা বাবে চাহিদা অনুসাৰেযোগান ধৰিব পৰা হোৱা নাই। ৰঙা বাওধানৰ খেতি কৰিবলৈ অসমৰ কৃষকৰ অনীহা সন্দৰ্ভত তেওঁ কয় যে বাও ধানৰ চাউল সাধাৰণতে মানুহে নাখায় বাবেই খেতি কমকৈ কৰা হয়। তদুপৰি প্ৰতি হেক্টৰ মাটিত ধানৰ উৎপাদনো কমকৈ হয়। প্ৰতি হেক্টৰ মাটি ৰঙা বাওধান ১০ কুইণ্টলকেহে উৎপাদন হয়। কিন্ত এই বিধ খেতিত কৃষকৰ কষ্টও কম হয়। বানত ডুবি থাকিলেও ফচল নষ্ট নহয় বা সাৰ প্ৰয়োগ কৰিব লগীয়া নহয়। বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰতি হেক্টৰত ৩০ কুইণ্টলকৈ ধান উৎপাদন হোৱা ৰঙা বাওধানৰ আন দুটা প্ৰজাতিৰ উদ্ভাৱন কৰিছে। এই দুটা প্ৰজাতি হৈছে পদ্মনাথ আৰু পাণিন্দ্ৰ। প্ৰচুৰ ৰোগ প্ৰতিৰোধী গুণ সম্পন্ন হোৱাৰ উপৰি চাহিদা বৃদ্ধি পোৱাত ৰঙা বাওধানৰ চাউলৰ দামো বৃদ্ধি পাইছো। অসমত সমাদৃত নহ’লেও দেশৰ আন ৰাজ্যৰ কোম্পানী-এজেন্সীয়ে প্ৰতি কুইণ্টল ৰঙা বাওধান ১,৫০০ ৰ পৰা ১,৮০০ টকাত ক্ৰয় কৰিছে। সেয়ে এই বিধ ধানৰ খেতি এতিয়া অধিক লাভ জনক হৈ উঠাৰ সম্ভাৱনাৰো সৃষ্টি হৈছে। ৰঙা বাওধানৰ চাউলৰ খেতিৰ পৰিসৰ বৃদ্ধি পালে নিশ্চিত ভাৱে কেন্সাৰ লগতে এনিমিয়া ৰোগ প্ৰতিৰোধৰ সহায়ক হ’ব।

উৎস: নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate