অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপুনি সঠিকভাৱে কন্টেক্ট্‌ লেন্স ব্যৱহাৰ কৰিছেনে?

আপুনি সঠিকভাৱে কন্টেক্ট্‌ লেন্স ব্যৱহাৰ কৰিছেনে?

দৃষ্টিশক্তিৰ প্রয়োজনৰ হেতুকেই বা সৌন্দৰ্যৰ খাতিৰত যিকোনো বয়সৰ বহু ব্যক্তিয়ে ব্যৱহাৰ কৰে কন্টেক্ট্‌ লেন্স। বহু লোকে চকুৰ বিভিন্ন সমস্যাৰ (মায়য়’পিয়া অথবা হাইপাৰপিয়া) বাবে এই লেন্স ব্যৱহাৰ কৰিলেও বহু লোকে বিশেষকৈ ছোৱালীয়ে আকৌ চকুৰ সৌন্দৰ্য ফুটাই তুলিবৰ বাবে নানান ৰঙৰ কণ্টেক্ট্‌লেন্স ব্যৱহাৰ কৰে। পিচে এই লেন্স সঠিকভাবে ব্যৱহাৰ নকৰিলে হিতেই বিপৰীত হোৱাৰহে সম্ভাৱনা থাকে। প্ৰতিজন ব্যক্তিৰ শৰীৰৰ খুবেই স্পর্শকাতৰ অংগ হৈছে চকু। সেয়েহে চকুত কন্টেক্ট্‌ লেন্স ব্যৱহাৰৰ কিছু খুঁটি-নাটি আৰু সচেতনতাৰ বিষয়ে জনাটো খুবেই প্রয়োজনীয়।

দৃষ্টিশক্তিৰ সমস্যা থাকিলেই কণ্টেক্ট্‌ লেন্স ব্যৱহাৰ কৰাটো অনুচিত। কিয়নো, নিয়মিতভাৱে এই লেন্স ব্যৱহাৰ কৰিলে চকুৰ বিভিন্ন ধৰণৰ সমস্যাইয়ো দেখা দিব পাৰে। এজন ব্যক্তিয়ে এই লেন্স ব্যৱহাৰ কৰাটো একেবাৰেই অনুচিত যদিহে তেওঁৰ-

(ক) সঘনে (কিছুদিনৰ মূৰে মূৰে) চকুৰ সংক্রমণ হোৱাৰ সমস্যা থাকে।

(খ) চকুৰ এলাৰ্জিৰ সমস্যা থাকে।

(গ) চকু শুকাই যোৱাৰ সমস্যা থাকে (ড্রাই আই প্রব্‌লেম/ইম্প্রোপাৰ টিয়েৰ ফিল্ম)।

(ঘ) কর্মস্থান অত্যাধিক ধূলি-বালিযুক্ত।

(ঙ) সঠিকভাবে কন্টেক্ট্‌ লেন্স তথা চকুৰ যত্ন ল’ব নাজানে।

কাহানিও হুৰমূৰকৈ কন্টেক্ট্‌ লেন্স ব্যৱহাৰ নকৰিলে চকুৰ কৰ্ণিয়াৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। মহিলাৰ ক্ষেত্ৰত এই সম্ভাৱনা প্ৰবল, কিয়নো চকুৰ মেক্‌আপ আৰু কন্টেক্ট্‌ লেন্স সঠিককৈ ব্যৱহাৰৰ কথা বহুতেই নাজানে। এই লেন্স ব্যৱহাৰৰ কিছু নিয়ম এনে ধৰণৰ-

  • যদিহে কোনোৱে চকুৰ মেক্‌আপ কৰিবলৈ বিচাৰে, তেওঁ সদায় কণ্টেক্ট্‌ লেন্স চকুত লগোৱাৰ পিচতহে মেক্‌আপ কৰিব লাগে। তেনেদৰে লেন্স আঁতৰোৱাৰ পিচতহে চকুৰ মেক্‌আপ গুচাব লাগে।
  • চকুৰ সংক্রমণাত্মক ৰোগৰ পৰা আঁতৰি থাকিবলৈ হ’লে লেন্স অতিমাত্রা স্পর্শ কৰাৰ পৰা বিৰত থাকিব লাগে। যদি প্রথমবাৰ চেষ্টা কৰোতে লেন্স চকুত লগোৱাত অসমর্থ হয়, তেনেহ’লে দ্বিতীয়বাৰ চেষ্টা কৰাৰ আগতে পুনৰবাৰ লেন্স ছলিউচনত তিয়াই ল’ব লাগে।
  • কন্টেক্ট্‌ লেন্স ব্যৱহাৰ কৰি থকা সময়ত সতর্ক হোৱাটো উচিত। বিশেষকৈ ক্ৰীম বা লোচন, স্প্ৰে, হেয়াৰ ড্রায়াৰ তথা ডিঅ' ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ’ব লাগে। এনে সামগ্ৰী চকুৰ সংস্পৰ্শলৈ আহিলে চকু তথা লেন্স উভয়ৰে ক্ষতি হ’ব পাৰে।
  • কন্টেক্ট্‌ লেন্স ব্যৱহাৰৰ পিচত যদি চকু ৰঙা, জ্বলা-পোৰা কৰিবলৈ আৰম্ভ কৰে, চকুৰ পৰা একেৰাহে পানী ওলায় থাকে, তেন্তে তাৎক্ষণিকভাবে চকুৰ পৰা লেন্স আঁতৰাই চকু পৰিষ্কাৰ পানীৰে ধুই পেলাব লাগে। পুনৰবাৰ একে সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামর্শ লোৱাটো জৰুৰী।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate