অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আভ্যন্তৰীণ প্ৰদূষণ প্ৰতিৰোধী উদ্ভিদ

আভ্যন্তৰীণ প্ৰদূষণ প্ৰতিৰোধী উদ্ভিদ

 

আধুনিক যুগৰ প্ৰযুক্তিসৰ্বস্ব যান্ত্ৰিক সভ্যতাই ঘৰৰ ভিতৰখনো বহুলাংশে প্ৰদূষিত কৰি জনজীৱন বিপর্যস্ত কৰি তোলাটো আজি আৰু কাৰো অবিদিত নহয়। বাহিৰৰ প্ৰদূষণতকৈ ঘৰৰ ভিতৰৰ প্ৰদূষণ বেছি ভয়াৱহ আৰু মাৰাত্মক। কিয়নো বাহিৰৰ প্ৰদূষণকাৰী উপাদানবিলাক সমগ্র বায়ুমণ্ডলত বিয়পি যোৱাৰ ফলত ইয়াৰ গাঢ়তা বহু পৰিমাণে পাতলি যায়, কিন্তু ভিতৰৰ প্ৰদূষণকাৰী উপাদানবোৰ ঘৰৰ চাৰি বেৰৰ মাজতে আবদ্ধ হৈ পৰে বাবে ইয়াৰ গাঢ়তা ক্ৰমে বাঢ়িহে যায় আৰু আৱাসীৰ ওপৰত ইয়াৰ কুপ্ৰভাৱ প্রত্যক্ষভাৱে পৰাৰ ফলত স্বাস্থ্যৰ ক্ষতি হয়।

উদ্ভিদ বিজ্ঞানীৰ পৰীক্ষাত প্রমাণিত হৈছে যে কিছুমান বিশেষ প্রকাৰৰ উদ্ভিদে ঘৰৰ ভিতৰৰ প্ৰদূষণ প্রতিৰোধ বা নিয়ন্ত্ৰণত বিশেষ ভূমিকা গ্রহণ কৰিব পাৰে। এইবোৰৰ ভিতৰত আমি সহজতে পোৱা কেইবিধমান উদ্ভিদ হ’ল— ঘৃতকুমাৰী বা এলোভেৰা, ইন্দ্ৰমালতী বা ক্ৰিচেন্‌থিমাম ফুল, সৰ্পগুল্ম বা স্নেক্‌প্লেণ্ট, ডেইজী ফুল বা গুলবাহাৰ, ৰবৰ, নিমগছ, তুলসী আদি। এই উদ্ভিদবোৰ বেছিভাগকে টাবত ৰুই ঘৰৰ ভিতৰৰ ড্রইংৰূম, শোৱনিকোঠা বা খিৰিকীৰ কাষত অনায়াসে ৰাখিব পাৰি। ৰবৰ, নিম আদি কিছুমানক "বনচাই’ পদ্ধতিৰেও ঘৰৰ ভিতৰত ৰাখিব পাৰি। এই উদ্ভিদবোৰে পত্ৰ ৰন্ধ্ৰৰ মাজেৰে বায়ুত বিয়পি থকা প্ৰদূষণকাৰী উপাদানৰ ৰাসায়নিক যৌগবোৰ শোষণ কৰি ঘৰৰ পৰিবেশ বিশুদ্ধ কৰি তোলাত বিশেষ অৰিহণা যোগায়। ঘৃতকুমাৰীয়ে কেৰাছিন, ৰন্ধন গেছ প্রভৃতিৰ দহনত উৎপত্তি হোৱা ‘ফর্মেল ডিহাইড্’ শোষণ কৰিব পাৰে। এই “ফৰ্মেল ডিহাইড্‌” স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। ই ডিঙিৰ কৰ্কটৰ উৎপত্তি, এজমা, শ্বাস-প্রশ্বাসৰ সমস্যা, মূৰৰ ঘুৰণি আদিৰ সৃষ্টি কৰিব পাৰে। ইন্দ্ৰমালতী ফুলেও পৰিৱেশত থকা বেনজিন আৰু ফর্মেল ডিহাইড় শোষণ কৰিব পাৰে। সৰ্পগুল্ম বা স্নেকপ্লেন্টেও বেনজিন, ফৰ্মেলডিহাইড, কার্বন-মন’ক্সাইড আদি দূৰ কৰি পৰিৱেশ পৰিশুদ্ধ কৰে। ডেইজীয়েও বেনজিন শোষণ কৰিব পাৰে। ৰবৰ, নিম, তুলসী আদিয়েও চৌপাশৰ বায়ু বিশুদ্ধ কৰি ৰাখে। ঘৃতকুমাৰী, ইন্দ্ৰমালতী, স্নেক্‌প্লেণ্ট আদিক সুন্দৰভাৱে সজাই (টাব আদিত) ৰাখি পৰিবেশ নির্মল কৰি ৰখাৰ উপৰি ঘৰৰ নান্দনিক সৌন্দর্য বঢ়াব পাৰি। “স্পাইডাৰ প্লান্ট” নামৰ উদ্ভিদবিধেও "ফৰ্মেল ডিহাইড্র', কার্বন মন’ক্সাইড আদি গেছ শোষণ কৰিব পাৰে। সেয়ে আমি সহজে এই উদ্ভিদবোৰ টাবত সজাই-পৰাই যথাস্থানত ৰাখি ঘৰৰ নান্দনিক সৌন্দর্যবৰ্ধন কৰাৰ লগে লগে ঘৰৰ ভিতৰৰ মাৰাত্মক প্ৰদূষণো ৰোধ কৰাত কিছু অৰিহণা আগ বঢ়াব পাৰো।

লিখক: ভুৱনেশ্বৰ ডেকা, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate