অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ পৰিপাক যন্ত্ৰটো :

মানুহৰ শৰীৰটো ভালদৰে পৰিচালিত হ’বৰ বাবে বহুকেইটা ব্যৱস্থাৰ প্ৰয়োজন। যেনে-

  • পাচনতন্ত্ৰ,
  • ৰক্ত সঞ্চালন তন্ত্ৰ,
  • স্নায়ুতন্ত্ৰ,
  • শ্বাসতন্ত্ৰ,
  • অস্থি ইত্যাদি।

এই ব্যৱস্থাবোৰৰ এটাৰ কোনো ক্ষেত্ৰত সমস্যা হ’লে বাকীবোৰেও সমস্যাত ভোগে অৰ্থাৎ তাৰ প্ৰভাৱ বাকীবোৰৰ ওপৰতো পৰে। সেয়েহে এটা শৰীৰ সুস্থভাৱে চলি থাকিবলৈ হ’লে তাৰ প্ৰত্যেকটো ব্যৱস্থা অৰ্থাৎ তন্ত্ৰই সবল আৰু সঠিকভাৱে কাম কৰি থকা দৰকাৰ।

এইক্ষেত্ৰত আমাৰ দেহৰ পৰিপাক প্ৰণালীটো বা পাচনতন্ত্ৰটোৰ বিষয়ে সাধাৰণ পাঠকে বুজিব পৰাকৈ লিখিবলৈ চেষ্টা কৰা হ’ল।

আমাৰ পাচনতন্ত্ৰ বুলিলে আমাৰ শৰীৰৰ যিটো ব্যৱস্থাৰ দ্বাৰা খোৱা খাদ্যবস্তুবোৰ হজম হৈ তাৰ পৰা লাগতিয়াল দ্ৰব্যবোৰ যেনে-

  • শৰ্কৰা,
  • প্ৰ’টিন আৰু
  • চৰ্বিভাগৰ লগতে বিভিন্ন ভিটামিন,
  • লৱণ আৰু খনিজ পদাৰ্থবোৰ তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংশলৈ প্ৰেৰণ হয় আৰু অলাগতিয়াল ভাগ মলৰূপে নিষ্কাষিত হোৱা ব্যৱস্থাটোক বুজায়।

এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো মুখত আৰম্ভ হৈ পায়ুত শেষ হয়গৈ। এই ব্যৱস্থাটোত খাদ্যনলীৰ বিভিন্ন অংশৰ লগতে খাদ্যৰ হজম প্ৰক্ৰিয়াৰ অংশস্বৰূপ বিভিন্ন পাচক ৰস আৰু লালতি গ্ৰন্থিসমূহ জড়িত হৈ আছে।

পাচনতন্ত্ৰৰ অংশসমূহ -

পাচনতন্ত্ৰটো সাধাৰণ অৰ্থত এটা নলীৰ দৰে। এই নলীটোৰ কোনো অংশ বহল আৰু কোনো কোনো অংশ অতি ঠেক হয়। লগতে এই নলীটো কোনো কোনো অংশ পোন বা সৰল আৰু কোনো অংশ একা-বেঁকা।

এই সম্পূৰ্ণ নলীটোৰ কিছুমান অংশত পাচনকাৰ্যৰ বাবে প্ৰয়োজনীয় কিছুমান গ্ৰন্থিৰ পৰা নিঃসৰিত ৰস(Enzyme) আহি খাদ্যবস্তুৰ লগত মিহলি হৈ খাদ্যবস্তুবোৰক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ ৰূপান্তৰ কৰে। সমগ্ৰ পাচনতন্ত্ৰটোক সেয়েহে কিছুমান ভাগত ভাগ কৰা হৈছে।

সেইবোৰ হ’ল-

  • মুখ আৰু মুখ গহ্বৰ(Mouth & Oral Cavity)।
  • খাদ্যনলী(Oesophagus)।
  • পাকস্থলী(Stomach)।
  • ক্ষুদ্ৰান্ত্ৰ(Small Intestine)।
  • বৃহদান্ত্ৰ(Large Intestine)।

এই অংশবোৰৰ লগতে কিছুমান পাচকগ্ৰন্থিও জড়িত হৈ আছে। এই গ্ৰন্থিবোৰৰ ভিতৰত মুখ গহ্বৰত লাগি থকা তিনিটাকৈ লালতি গ্ৰন্থি(Salivery gland)ও আছে।

সেইকেইটা হ’ল-

মুখ গহ্বৰত থকা গ্ৰন্থি -

  • পেৰটিড গ্ৰন্থি(Parotid gland) গাল দুখনৰ দুয়োফালে থাকে।
  • ছাব-মেন্টল(Submental gland) থুতৰিৰ আগফালে তলভাগত।
  • ছাব-মেন্দিবুলাৰ(Submendi-bular) অৰ্থাৎ নিম্ন হনুৰ তলফালে থাকে।

এইকেইটাৰ পৰা লালতি নিৰ্গত হৈ প্ৰাৰম্ভিক পৰ্যায়ত খাদ্যৰ লগত ক্ৰিয়া কৰে।

পাকস্থলীৰ গ্ৰন্থি -

পাকস্থলীৰ বেৰত থকা কোষ আৰু গ্ৰন্থিসমূহৰ পৰা নিঃসৰিত হয়-

  • হাইড্ৰাৰৰিক এচিড(HC1)।
  • ছডিয়াম ক্ল’ৰাইড(NaC1)।
  • গেছট্ৰিন নামৰ হৰম’ন।
  • পেপচিন’জেন নামৰ পাচক ৰস।
  • শ্লেষ্মা।

অন্য গ্ৰন্থি -

  • যকৃত বা লিভাৰ(Liver) আৰু পিত্তাশয়।
  • অগ্নাশয়(Pancreas)।

যকৃত বা লিভাৰৰ পৰা পিত্তৰস আৰু অগ্নাশয়ৰ পৰা নিৰ্গত হোৱা ৰসত-

  • ট্ৰিপচিন(Trypsim)।
  • কাইমট্ৰিপচিন(Chymopysin)।
  • অগ্নাশয়ৰ লাইপেজ(Pancreatic Lypase) আৰু
  • এমাইলেজ(Amylase) থাকে।

পাচকতন্ত্ৰৰ নলীটোও স্থান অনুসৰি আৰু কিছুমান ভাগত বিভক্ত কৰা হৈছে। খাদ্যনলীৰ প্ৰথম অংশটো টেটু আৰু পাকস্থলীৰ সংযোগ অংশত কিছু ডাঠ অংশৰ এটা আৱৰণ থাকে।

এই অংশটোৱে খাদ্যনলীৰ তলৰ ভাগ বন্ধ কৰি ৰাখি পাকস্থলীৰ পৰা খাদ্যভাগ উভতি আহিব নোৱাৰাকৈ ৰাখে। এই অংশক Gastric antrum বোলে।

পাকস্থলীটোও তিনিটা ভাগত বিভক্ত -

  • ফাণ্ডাচ(Fundus)।
  • বডি(Body)।
  • পাইল’ৰিক এন্টাম(Pyloric Antrum)।

তেনেকৈ ক্ষুদ্ৰান্ত্ৰটোৰ প্ৰথমৰ পৰা পিচলৈকে ভাগসমূহ হৈছে-

  • দুৱডেনাম(Duodenum)- এই অংশটো প্ৰথম, দ্বিতীয় আৰু তৃতীয় কৰি তিনিভাগত ভগোৱা হৈছে। দুৱডেনামৰ পিচৰ অংশটো।
  • জেজুনাম(Jejunum) আৰু তাৰ পিচত পাক খাই থকা অংশটো হ’ল-
  • ইলিয়াম।

ইলিয়ামৰ শেষৰ অংশ বৃহদান্ত্ৰৰ আৰম্ভণিৰ অংশৰ লগত সংলগ্ন হৈছে। এই অংশটোক চিকাম(Ceacum) বোলা হয়।

এই অংশটো পেটৰ সোঁফালে তলৰ অংশত থাকে। এই অংশতেই এপেণ্ডিক্সটোও থাকে। ইয়াৰ পিচত বৃহদান্ত্ৰটো প্ৰথমে ঊৰ্ধগামী হৈ সোঁফালে কামিহাড়ৰ তলৰ অংশ পায় আৰু তাৰপিচত ক্ৰমে পথালি হৈ বাঁওফালৰ কামিহাড়ৰ তল পায়গৈ আৰু তাৰ পৰা নিম্নগামী হয়। শেষত পেটৰ বাঁওফালৰ তলভাগ পায় আৰু তাৰ পৰা তললৈ গৈ গুহ্যদ্বাৰত শেষ হয়।

মুখ গহ্বৰৰ পৰা খাদ্যনলীত প্ৰৱেশ কৰা খাদ্যভাগ ক্ৰমে ক্ৰমে তললৈ এক বিশেষ চলন প্ৰথাৰে গতি কৰে। এই গতি অনবৰতে হৈ থাকে। এই চলন প্ৰক্ৰিয়াটোক পেৰিষ্টলচিচ(Paristalsis) বুলি কোৱা হয়। এই সমগ্ৰ চলন ব্যৱস্থাটোত খাদ্যনলীৰ কেইটামান অংশত মাংসপেশীৰ একোটা ডাঠ অংশ থাকে। এই ব্যৱস্থাটোৱে খাদ্যবস্তুবোৰ পুনৰ আগৰ বাটেৰে উভতি আহিব নোৱাৰাকৈ ৰাখে। এইবোৰ একো একোটা ভালভৰ দৰে। এইবোৰক Sphincture বুলি কয়। এনে Sphincture বোৰ খাদ্যনলীৰ যিকোনো দুটা অংশৰ সংযোগস্থলীত থাকে। যেনে খাদ্যনলী আৰু পাকস্থলীৰ সংযোগত পাকস্থলীৰ শেষৰভাগ অৰ্থাৎ পাইল’ৰিক এন্ট্ৰাম আৰু দুৱডেনামৰ সংযোগত, ইলিয়াম আৰু বৃহদান্ত্ৰৰ সংযোগত আৰু মলদ্বাৰত, এনে Sphincture বা চাপখোৱা অংশবোৰৰ বাবেই খাদ্যবস্তুবোৰৰ হজমী প্ৰক্ৰিয়াটো নিৰ্দিষ্ট দিশত গতি কৰে।

লেখক: ডাঃ অতুল খাউণ্ড(সাদিন)

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate