অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমি বৰ বিহ খাই আছো কিয়?

আমি বৰ বিহ খাই আছো কিয়?

 

খাদ্যই হৈছে আমাৰ জীৱনী শক্তি। সেইবাবে আমাৰ দেহৰ পুষ্টি সাধন আৰু মন-মগজু সুন্দৰ কৰাৰ বাবে ভাল আহাৰ খোৱা উচিত।
কিন্তু সম্প্ৰতি আমি খাদ্যৰ নামত বিশেষকৈ শাক-পাচলি আৰু ফল-মূল খোৱাৰ ফলত নানা ধৰণৰ ৰোগ-ব্যধিৰ সৃষ্টি হ’ব ধৰিছে। এচাম অসাধু ব্যৱসায়ীয়ে ফল-মূল, শাক-পাচলিত অতি বিষাক্ত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি অধিক উৎপাদন কৰাৰ কৌশলে আমাৰ জীৱনীশক্তি যেন হ্ৰাস কৰিব ধৰিছে। ইয়াৰ উপৰি ৰাসায়নিক সাৰ যেনে- ইউৰিয়া, নাইট্ৰ’জেন, ফছফৰাছ আদি সাৰ প্ৰয়োগ কৰি অধিক উৎপাদন কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ চেষ্টা কৰা দেখা যায়।
সম্প্ৰতি ফুলকবিত বেজী দি এৰাতিৰ ভিতৰত ফুলাই বজাৰত বিক্ৰী কৰে। বেঙেনা, গাজৰ আদদিত মম ঘঁহি সুন্দৰ, চিকমিকিয়া কৰি লয়। ইপিনে আপেল, কমলা টেঙা, কল আদিত কাৰ্বাইড ঔষধ প্ৰয়োগ কৰি দেখাত সুন্দৰ কৰি থয়। কিন্তু ই আমাৰ দেহৰ বাবে অতি মাৰাত্মক হয়। এতিয়া ব্যৱসায়ীসকলে বিভিন্ন ৰঞ্জনজাতীয় ঔষধ প্ৰয়োগ কৰি দেখাত চকচকীয়া কৰি বজাৰত বিক্ৰী কৰে। পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ৰগৰ, এলড্ৰিন কাৰ্বাইড আদি বিষাক্ত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাটো খেতিয়কৰ অভ্যাস হৈ পৰিছে। এইবোৰ খোৱাৰ ফলত আমি ক্ৰমে বিভিন্ন ৰোগত আক্ৰান্ত হ’ব লগা হৈছো।
বিশ্ব স্বাস্থ্য সংস্থাই ২০১১ চনত প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা তথ্য মতে, প্ৰতি বছৰে দুই লাখ লোকৰ কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ফলত মৃত্যু হয়। কীটনাশক দ্ৰব্য শাক-পাচলি খোৱা ফলত পাৰ্কিনছনছ, কৰ্কট, পেটৰ বিষ, গ্ৰহণী আদি ৰোগ হয়। ইয়াৰ উপৰি এনে খাদ্য খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়, শিশুৰ নানা ধৰণৰ সমস্যা হ’ব পাৰে। বিশেষকৈ শিশুৰ বাঢ়ন, মগজু, স্নায়ুতন্ত্ৰৰ ক্ষতিসাধন কৰিব পাৰে বুলি কোৱা হয়। ইয়াৰ উপৰি পাকস্থলী বিষায়, বমি হয়, কোষ্ঠকাঠিন্য, পেটচলা আদিত আক্ৰান্ত হৈ শৰীৰ দুৰ্বল হৈ পৰে।
এই কীটনাশক দ্ৰব্য বা ৰাসায়নিক সাৰ প্ৰয়োগৰ সলনি সম্প্ৰতি বিভিন্ন দেশত জৈৱিক সাৰ ব্যৱহাৰ কৰা শাক-পাচলি, ফল-মূলৰ চাহিদা বাঢ়িবলৈ ধৰিছে।
উল্লেখনীয় কথা যে ‘অসমবাণী’ কাকতত প্ৰকাশ পোৱা আমাৰ চুবুৰীয়া ভূটানে ২০১৬ চনৰ জুন মাহৰ পৰা অসমৰ শক-পাচলি বন্ধ কৰি দিছিল। ইয়াৰ মূল কাৰণ অসমৰ খেতিয়কে যধে-মধে ৰাসায়নিক সাৰ আৰু মাৰাত্মক কীটনাশক দৰব ব্যৱহাৰ কৰে আৰু ই স্বাস্থ্যৰ বাবে অনিষ্টকৰ। সেয়েহে আমি তলৰ কথাবোৰ মানি সু-স্বাস্থ্য অটুট ৰাখিব নোৱাৰো নে?
*ফল-মূল, শাক-পাচলিত জৈৱিক সাৰ ব্যৱহাৰ কৰা উচিত কিয়নো আমাৰ অসম জৈৱিক সাৰৰ বাবে অতি উত্তম। জৈৱিক সাৰ হৈছে- কেঁচু সাৰ, পচন সাৰ, গোবৰ গেছ প্ৰকল্পৰ সাৰ। এই গোবৰ সাৰত ৭৫ শতাংশ নাইট্ৰ’জেন সাৰ পাব পাৰো। পেলনীয়া জাবৰ-জোঁথৰ, গোবৰ আদি দি এই প্ৰকল্পৰ পৰা উৎকৃষ্ট সাৰ পাব পাৰো।
*নিমপাত, পচতীয়া আদি উদ্ভিদৰ গছৰ পাত পানীৰ লগত সিজাই সেই পানী শাক-পাচলি আদিত ব্যৱহাৰ কৰিলে সুফল পোৱা যাব। পোক-পৰুৱাৰ উপদ্ৰৱ কমে।
*ঘৰৰ বাৰীৰ চুকত এখন শাক-পাচলিৰ বাগিচা স্থাপন কৰাটো অতি প্ৰয়োজন। ঘৰৰ কাষত থকা মাটিডৰাত নিজৰ ব্যৱহাৰ্য হিচাপে বতৰৰ শাক-পাচলিৰ খেতি কৰি আমি ৰাসায়নিক সাৰমুক্ত শাক-পাচলি খাই স্বাস্থ্য সাধন কৰিব পাৰো।
*চহৰ অঞ্চলৰ কিছুমান লোকে বতৰৰ শাক-পাচলিৰ খেতি কৰিব পাৰে। চাদৰ ওপৰত মাটি দি বা ঘৰৰ কাষৰ মাটিডৰাত লাই, পালেং, জলকীয়া, বন্ধাকবি, ভেন্দি, তিতাকেৰেলাৰ খেতি কৰিব পৰা যায়। এনেকৈ খেতি কৰিলে চাকৰিয়ালসকলে আজৰি সময়ত পানী দিয়াৰ লগতে বনবাত চিকুণাই দিব পাৰে। মনটো আনন্দেৰে ভৰি পৰিব আৰু নিজে ভাল খাদ্য খাব পাৰিব।
*ইয়াৰ বাবে লাগিব একাগ্ৰতা, সদ্দিচ্ছা আৰু স্বাস্থ্য সচেতনতা।
*এনেদৰে নিজে উৎপাদন কৰি খোৱা শাক-পাচলি অতি উৎকৃষ্ট আৰু স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষকৈ আমি ঘৰৰ কাঠিতে বতৰৰ লাই, লফা, পালেং, চুকা, মৰিচা শাকৰ খেতি কৰিব পাৰো। ইয়াৰ উপৰি বাৰ মাহে হোৱা সৰু বেঙেনা, জলকীয়াৰ পুলি ৰুয়ো আমি সতেজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা খাদ্য খাব পাৰো।
ইয়াৰ উপৰি বজাৰৰ শাক-পাচলি, ফল-মূল খাব লগা হ’লে কি কৰিব:
*ফুলকবি গৰমপানীত উতলাই পাছত ৰান্ধি খোৱা উচিত।
*আপেল, নাচপতি, কল, আঙুৰ, মধুৰি আম, বগৰী, আম আদি ভালদৰে গৰম পানীত ধুই, ৰ’দত শুকুৱাই খাব লাগে। তেতিয়া ৰাসায়নিক দ্ৰব্য বা কীটনাশক দৰবৰ চোক কমি যাব। বিশেষকৈ আপেল, মধুৰি আম আদিৰ বাকলি গুচাই খালে ৰাসায়নিক সাৰ বা কীটনাশক দৰবৰ বিষাক্ত পদাৰ্থবোৰ আঁতৰি যায়।
গতিকে সদায় এষাৰ কথা মনত ৰাখিব সাৱধানীৰ মৰণ নাই। খোৱা খাদ্যত সদায় সচেতন হোৱা নিতান্তই প্ৰয়োজন। এনেদৰে এই বিষাক্ত দৰব দিয়া বজাৰৰ শাক-পাচলি খোৱা মানে আমি বৰবিহ খোৱাৰ লেখিয়া নহয় নে?
লেখক: ধনেশ্বৰ হুজুৰী(অসম বাণী)

আমি বৰ বিহ খাই আছো কিয়?খাদ্যই হৈছে আমাৰ জীৱনী শক্তি। সেইবাবে আমাৰ দেহৰ পুষ্টি সাধন আৰু মন-মগজু সুন্দৰ কৰাৰ বাবে ভাল আহাৰ খোৱা উচিত।কিন্তু সম্প্ৰতি আমি খাদ্যৰ নামত বিশেষকৈ শাক-পাচলি আৰু ফল-মূল খোৱাৰ ফলত নানা ধৰণৰ ৰোগ-ব্যধিৰ সৃষ্টি হ’ব ধৰিছে। এচাম অসাধু ব্যৱসায়ীয়ে ফল-মূল, শাক-পাচলিত অতি বিষাক্ত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি অধিক উৎপাদন কৰাৰ কৌশলে আমাৰ জীৱনীশক্তি যেন হ্ৰাস কৰিব ধৰিছে। ইয়াৰ উপৰি ৰাসায়নিক সাৰ যেনে- ইউৰিয়া, নাইট্ৰ’জেন, ফছফৰাছ আদি সাৰ প্ৰয়োগ কৰি অধিক উৎপাদন কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ চেষ্টা কৰা দেখা যায়।সম্প্ৰতি ফুলকবিত বেজী দি এৰাতিৰ ভিতৰত ফুলাই বজাৰত বিক্ৰী কৰে। বেঙেনা, গাজৰ আদদিত মম ঘঁহি সুন্দৰ, চিকমিকিয়া কৰি লয়। ইপিনে আপেল, কমলা টেঙা, কল আদিত কাৰ্বাইড ঔষধ প্ৰয়োগ কৰি দেখাত সুন্দৰ কৰি থয়। কিন্তু ই আমাৰ দেহৰ বাবে অতি মাৰাত্মক হয়। এতিয়া ব্যৱসায়ীসকলে বিভিন্ন ৰঞ্জনজাতীয় ঔষধ প্ৰয়োগ কৰি দেখাত চকচকীয়া কৰি বজাৰত বিক্ৰী কৰে। পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ৰগৰ, এলড্ৰিন কাৰ্বাইড আদি বিষাক্ত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাটো খেতিয়কৰ অভ্যাস হৈ পৰিছে। এইবোৰ খোৱাৰ ফলত আমি ক্ৰমে বিভিন্ন ৰোগত আক্ৰান্ত হ’ব লগা হৈছো।বিশ্ব স্বাস্থ্য সংস্থাই ২০১১ চনত প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা তথ্য মতে, প্ৰতি বছৰে দুই লাখ লোকৰ কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ফলত মৃত্যু হয়। কীটনাশক দ্ৰব্য শাক-পাচলি খোৱা ফলত পাৰ্কিনছনছ, কৰ্কট, পেটৰ বিষ, গ্ৰহণী আদি ৰোগ হয়। ইয়াৰ উপৰি এনে খাদ্য খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়, শিশুৰ নানা ধৰণৰ সমস্যা হ’ব পাৰে। বিশেষকৈ শিশুৰ বাঢ়ন, মগজু, স্নায়ুতন্ত্ৰৰ ক্ষতিসাধন কৰিব পাৰে বুলি কোৱা হয়। ইয়াৰ উপৰি পাকস্থলী বিষায়, বমি হয়, কোষ্ঠকাঠিন্য, পেটচলা আদিত আক্ৰান্ত হৈ শৰীৰ দুৰ্বল হৈ পৰে।এই কীটনাশক দ্ৰব্য বা ৰাসায়নিক সাৰ প্ৰয়োগৰ সলনি সম্প্ৰতি বিভিন্ন দেশত জৈৱিক সাৰ ব্যৱহাৰ কৰা শাক-পাচলি, ফল-মূলৰ চাহিদা বাঢ়িবলৈ ধৰিছে।উল্লেখনীয় কথা যে ‘অসমবাণী’ কাকতত প্ৰকাশ পোৱা আমাৰ চুবুৰীয়া ভূটানে ২০১৬ চনৰ জুন মাহৰ পৰা অসমৰ শক-পাচলি বন্ধ কৰি দিছিল। ইয়াৰ মূল কাৰণ অসমৰ খেতিয়কে যধে-মধে ৰাসায়নিক সাৰ আৰু মাৰাত্মক কীটনাশক দৰব ব্যৱহাৰ কৰে আৰু ই স্বাস্থ্যৰ বাবে অনিষ্টকৰ। সেয়েহে আমি তলৰ কথাবোৰ মানি সু-স্বাস্থ্য অটুট ৰাখিব নোৱাৰো নে?*ফল-মূল, শাক-পাচলিত জৈৱিক সাৰ ব্যৱহাৰ কৰা উচিত কিয়নো আমাৰ অসম জৈৱিক সাৰৰ বাবে অতি উত্তম। জৈৱিক সাৰ হৈছে- কেঁচু সাৰ, পচন সাৰ, গোবৰ গেছ প্ৰকল্পৰ সাৰ। এই গোবৰ সাৰত ৭৫ শতাংশ নাইট্ৰ’জেন সাৰ পাব পাৰো। পেলনীয়া জাবৰ-জোঁথৰ, গোবৰ আদি দি এই প্ৰকল্পৰ পৰা উৎকৃষ্ট সাৰ পাব পাৰো।*নিমপাত, পচতীয়া আদি উদ্ভিদৰ গছৰ পাত পানীৰ লগত সিজাই সেই পানী শাক-পাচলি আদিত ব্যৱহাৰ কৰিলে সুফল পোৱা যাব। পোক-পৰুৱাৰ উপদ্ৰৱ কমে।*ঘৰৰ বাৰীৰ চুকত এখন শাক-পাচলিৰ বাগিচা স্থাপন কৰাটো অতি প্ৰয়োজন। ঘৰৰ কাষত থকা মাটিডৰাত নিজৰ ব্যৱহাৰ্য হিচাপে বতৰৰ শাক-পাচলিৰ খেতি কৰি আমি ৰাসায়নিক সাৰমুক্ত শাক-পাচলি খাই স্বাস্থ্য সাধন কৰিব পাৰো।*চহৰ অঞ্চলৰ কিছুমান লোকে বতৰৰ শাক-পাচলিৰ খেতি কৰিব পাৰে। চাদৰ ওপৰত মাটি দি বা ঘৰৰ কাষৰ মাটিডৰাত লাই, পালেং, জলকীয়া, বন্ধাকবি, ভেন্দি, তিতাকেৰেলাৰ খেতি কৰিব পৰা যায়। এনেকৈ খেতি কৰিলে চাকৰিয়ালসকলে আজৰি সময়ত পানী দিয়াৰ লগতে বনবাত চিকুণাই দিব পাৰে। মনটো আনন্দেৰে ভৰি পৰিব আৰু নিজে ভাল খাদ্য খাব পাৰিব।*ইয়াৰ বাবে লাগিব একাগ্ৰতা, সদ্দিচ্ছা আৰু স্বাস্থ্য সচেতনতা।*এনেদৰে নিজে উৎপাদন কৰি খোৱা শাক-পাচলি অতি উৎকৃষ্ট আৰু স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষকৈ আমি ঘৰৰ কাঠিতে বতৰৰ লাই, লফা, পালেং, চুকা, মৰিচা শাকৰ খেতি কৰিব পাৰো। ইয়াৰ উপৰি বাৰ মাহে হোৱা সৰু বেঙেনা, জলকীয়াৰ পুলি ৰুয়ো আমি সতেজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা খাদ্য খাব পাৰো।ইয়াৰ উপৰি বজাৰৰ শাক-পাচলি, ফল-মূল খাব লগা হ’লে কি কৰিব:*ফুলকবি গৰমপানীত উতলাই পাছত ৰান্ধি খোৱা উচিত।*আপেল, নাচপতি, কল, আঙুৰ, মধুৰি আম, বগৰী, আম আদি ভালদৰে গৰম পানীত ধুই, ৰ’দত শুকুৱাই খাব লাগে। তেতিয়া ৰাসায়নিক দ্ৰব্য বা কীটনাশক দৰবৰ চোক কমি যাব। বিশেষকৈ আপেল, মধুৰি আম আদিৰ বাকলি গুচাই খালে ৰাসায়নিক সাৰ বা কীটনাশক দৰবৰ বিষাক্ত পদাৰ্থবোৰ আঁতৰি যায়।গতিকে সদায় এষাৰ কথা মনত ৰাখিব সাৱধানীৰ মৰণ নাই। খোৱা খাদ্যত সদায় সচেতন হোৱা নিতান্তই প্ৰয়োজন। এনেদৰে এই বিষাক্ত দৰব দিয়া বজাৰৰ শাক-পাচলি খোৱা মানে আমি বৰবিহ খোৱাৰ লেখিয়া নহয় নে?

লেখক: ধনেশ্বৰ হুজুৰী(অসম বাণী)

 

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate