অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমিষ বনাম নিৰামিষ খাদ্য–এটি চমু টোকা

আমিষ বনাম নিৰামিষ খাদ্য–এটি চমু টোকা

stha

আমিষ বনাম নিৰামিষ খাদ্য – আজিৰ যুগত এক বাদানুবাদৰ বিষয় ৷ খাদ্যসমূহক গুণ অনুসৰি সাত্বিক,ৰাজসিক আৰু তামসিক শ্ৰেণীত ভগাব পাৰি৷ বিভিন্ন ধৰ্মই নিৰামিষ বা আমিষ যি খাদ্যৰে পোষকতা নকৰক কিয় বিজ্ঞানীসকলে পাইছে যে নিৰামিষভোজীসকল স্বাস্থ্য বেছি নিৰোগী আৰু আয়ুস বেছি৷ ডায়েবেটিজ, উচ্চ ৰক্তচাপ, হৃদৰোগ, মেদবহুলতা, গাউট আৰু ক্ৰনিক ৰোগ আমিষ ভোজীসকলৰ সদায়েই বেছি৷ খাদ্যৰ মূল উপাদানসমূহৰ ভিতৰৰ কেলচিয়াম (দাঁত আৰু হাড়ৰ বাবে প্ৰয়োজনীয়) আহে গাখীৰ, ডায়েৰী প্ৰডাক্ট, ব্ৰুকলি, বীট জাতীয় সেউজীয়া পাচলিৰ পৰা ৷ থাইৰয়েডৰ বিকাশৰ বাবে লাগতিয়াল আয়ডিন আহে আমি খোৱা আয়ডিনযুক্ত নিমখৰ পৰা৷ অমেগা ৩ ফেটি এচিড আহে অলিভ তেল,আখৰোট, চয়াবীন আদিৰ পৰা৷ তেজৰ ৰক্ত কণিকাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় লোহা সেউজীয়া পাচলি আৰু বিভিন্ন ফলত থাকে৷ তেজৰ ৰক্ত কণিকাৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভিটামিন বি ১২ সাধাৰণতে আমিষ খাদ্যত থাকে যদিও নিৰামিষ ভোজীয়েও তাক পূৰণ কৰাৰ উপায় আছে৷ প্ৰটিন আৰু কোষৰ বিকাশৰ বাবে প্ৰয়োজনীয় জিংক ডায়েৰী প্ৰডাক্ট, বাদাম জাতীয় শস্য আৰু বীনৰ পৰা পাব পাৰে৷ গাখীৰত হাড়ৰ বাবে লাগতিয়াল ভিটামিন-ডি পাব৷ অলপতে আমেৰিকাত হৈ যোৱা এখনসন্মিলনতমানুহৰ প্ৰয়োজনীয় নিৰামিষ খাদ্যৰ তালিকা এখন চিত্ৰত দেখুৱা ধৰণেৰে দাঙি ধৰিছে৷ নিৰামিষভোজীসকলে খাদ্যত সচেতন নহলে লৌহ পদাৰ্থ, জিংক আৰু ভিটামিন বি-১২ – এই কেইটাৰ অভাৱত ভূগি এনিমিয়া আৰু স্নায়ু তথা মস্তিষ্কৰ বিকাৰত ভূগিব পাৰে৷ ইয়াৰ ওপৰিও সুস্বাস্থ্যৰ বাবে দৈনিক নিয়মীয়া ব্যায়াম বা খোজকঢ়া অতিকৈ লাগতিয়াল কথা৷

লিখক: ডঃ ভূপেন্দ্ৰ শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate