অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলু ছিপচৰ অপকাৰিতা

আলু ছিপচৰ অপকাৰিতা

আপুনি যদি কেতিয়াবা এপেকেট চিপচ্ খাইছে বা ল’ৰা-ছোৱালীক খাবলৈ দিছে তেতিয়াহ’লে বৰ বিশেষ ক্ষতি এটা নহয়। কিন্ত্ত নিয়মিত হাৰত যদি খাইছে বা খাবলৈ দিছে তেতিয়া হ’লে তলৰ কথাখিনি পঢ়ক।

ওজন বৃদ্ধি:

আলু চিপচ্ ত সাধাৰণতে কেলৰি আৰু চৰ্বিৰ মাত্ৰা অধিক থাকে,যিটোৰ পৰা অতিপাত ওজন বৃদ্ধি হোৱাত সহায়ক হ’য়। এক আউঞ্চ বা ১৫ ৰ পৰা ২০ খন আলু চিপচ্ ত সাধাৰণতে ১০ গ্ৰাম চৰ্বি আৰু ১৫৪ কেলৰি থাকে। ২০১১ চনত ‘The New England Journal of Medicine’ নামৰ এটা গৱেষনাত এই কথা পোৱা যায় যে ১আউঞ্চ পটেট’ চিপচ্ নিয়মিত খালে ৪ বছৰত ১.৬৯ পাউণ্ড ওজন বাঢ়ে । শৰীৰৰ ওজন আৰু পটেট’ চিপচ্ ৰ মাজত এটা মজবুত সম্বন্ধ আছে যিটো আন চৰ্বিজাতীয় আহাৰতকৈ অধিক.....যেনে:তৈয়াৰী মাংস,চেনি-কৃটিম চেনি মিহলি পানীয় আৰু কেচাঁ ৰঙা মাংস (Red meat) তকৈও অধিক। অধিক ওজনে মধুমেহ,হৃদৰোগ বা কিছুমান বেলেগ বেলেগ ধৰণৰ কেঞ্চাৰ হোৱাৰ সম্ভৱনা কঢ়িয়াই আনে।

ক’ম পুষ্টি:

যদি আপুনি চিপচ্ ক প্ৰতিদিনৰ আহাৰ হিচাবে সন্নিবিষ্ট কৰে তেন্তে আপুনি প্ৰতিদিনে যিমান পুষ্টি পাব লাগে সিমান নাপাব।চিপচ্ ত খূওব ক’ম ভিটামিন আৰু মিনাৰেল থাকে। চিপচ্ ত অতিমাত্ৰা চৰ্বি থকাৰ বাবে ইয়াক খালে আপোনাৰ পেট সোনকালে ভৰে আৰু আন আহাৰৰ প্ৰতি আভোক বঢ়াই তুলি যি বিলাক আহাৰত বেচি পুষ্টি থাকে তাক আতঁৰাই তাৰ ঠাই চিপচে লয়।ফলত আপুনি পুষ্টিহীনতাত ভূগে।

উচ্চ ৰক্তচাপৰ সমস্যা:

চিপচ্ ত অধিক মাত্ৰাত চডিয়াম নামৰ ৰাসায়নিক পদাৰ্থবিধ উপস্থিত থকাৰ বাবে ই আপোনাৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা আৰু cardiovascular স্বাস্থ্যত বেয়াকৈ আঘাত হানে। আপোনাৰ হৃদপিণ্ডৰ লগত সংযোগ থকা শিৰা-উপশিৰা বিলাকৰ ক্ষতি সাধন কৰি হৃদৰোগ,ষ্ট্ৰোক, হৃদযন্ত্ৰ বিফল হোৱা আৰু কিডনী অসূখৰ সম্ভৱনা বঢ়াই তোলে। সাধাৰণতে প্ৰতি আউঞ্চত আলু চিপচ্ ত ১২০-১৮০ গ্ৰাম চডিয়াম যুক্ত নিমখ থাকে। উচ্চৰক্ত চাপ বা কিডনীৰ অসূখ থাকিলে এদিনত ১৫০০ মিঃ গ্ৰাঃৰ অধিক নিমখ খাব নালাগে, য’ত চডিয়াম থাকে। কিন্ত্ত ২০১০ চনৰ ‘Dietary Guidelines for Americans’ ৰ মতে বেচিভাগ মানুহেই প্ৰতিদিনেই খোৱা চিপচ্ ৰ পৰা পোৱা নিমখৰ মাত্ৰাই
২৩০০ মিঃ গ্ৰাঃৰ অধিক পাৰ কৰে। সাধাৰণ নিমখত চডিয়াম আৰু ক্লৰিণ নামৰ দুটা ৰাসায়নিক পদাৰ্থ থাকে।

অধিক মাত্ৰাত কলষ্টৰেল:

অধিক মাত্ৰাত চিপচ্ খালে আপোনাৰ গাত জমা হ’ব অধিক কলষ্টৰেল। চিপচ্ ৰ চৰ্বিত পোৱা যায় এনে এবিধ কলষ্টৰেল যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। বেচিভাগ চিপচ্ কে এনে এক চৰ্বিত deep fry কৰা হ’য় যি সৃষ্টি কৰে trans fat…..খাবলৈ বৰ সোৱাদ... কিন্ত্ত সি এক শৰীৰত জীন নোযোৱা চৰ্বি......মহা ভয়ানক...যি আপোনাৰ শৰীৰত Cholesterol অৰ মাত্ৰাক অধিক হাৰত বঢ়াই তোলে। ২০০৭ চনৰ এক গৱেষণা প্ৰকাশ হ’য় ‘Circulation’ নামৰ জাৰ্নেলখনত। য’ত কোৱা হ’য় যে, শৰীৰৰ ৰক্ত পৰিবহন প্ৰক্ৰিয়াত অধিক মাত্ৰাত trans fat গোট খোৱাৰ ফলত LDL Cholesterol বাঢ়ি গৈ coronary heart disease.ৰ সম্ভাৱনাক বৃদ্ধি কৰে।

(১ আউঞ্চ= ২৮.৩৪৯৫২ গ্ৰাম)
(১পাউণ্ড=৪৫৩.৫৯২৩৭গ্ৰাম)

লিখক: ইমৰান হুছেইন

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate