অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহক আমি ব্যায়াম কৰো, আৰু আগতীয়া মৃত্যুৰ পৰা বাচি থাকো।

আহক আমি ব্যায়াম কৰো, আৰু আগতীয়া মৃত্যুৰ পৰা বাচি থাকো।

এইটো কাৰো মনত নিশ্চয় সন্দেহ নাই যে, ব্যায়ামে মানুহৰ আয়ূস বঢ়ায়। বহুতো ৰোগত ব্যায়ামে দৰৱতকৈ বেচি ভাল কাম কৰা দেখা যায়। কিন্ত্ত দৰৱৰ সদায় এটা জোখ থাকে, যে কোনো এজন ব্যক্তিয়ে কোনো এটা বিশেষ ৰোগত কিমান পৰিমানৰ দৰৱ দিনটোত কিমান বাৰ খাব লাগিব; কিন্ত্ত আজিও বিজ্ঞানী সকলে এইটো কথাত উপনীত হ’ব পৰা নাই, যে, এজন ব্যক্তিয়ে আচলতে কিমান সময় ধৰি দিনটোত ব্যায়াম কৰা উচিত,বা নিতৌ কিমান সময় ধৰি ব্যায়াম কৰিলে আমি দীৰ্ঘজিৱী হৈ থাকিব পাৰিম। যদিও সময়ৰ এই জোখটোৰ ক্ষেত্ৰত কোনো বিজ্ঞানী বা শৰীৰ-তত্ত্ববিদ সকলে স্পষ্টকৈ এতিয়ালৈকে কোনো এটা তথ্য দাঙি ধৰিব পৰা নাই, তথাপি এইটো ঠিক যে, একেবাৰে একো ব্যায়াম নকৰাতকৈ কিবা অলপ হ’লেও কৰাতো শৰীৰটোৰ বাবে বহুত ভাল কথা। অবিছিন্ন ভাবে কিবা এবিধ হ’লেও ব্যায়াম কৰি থাকিলে মানুহৰ আয়ুস বঢ়াতো খাটাং।


ইয়াত কোনো দ্বিমত নাই যে, যিকোনো পৰিমানৰ ব্যায়াম একো নকৰাতকৈ ভাল। দৰৱৰ দৰে ব্যায়ামেও আমাৰ বহু বেমাৰৰ সম্ভাৱনা আৰু আগতীয়া মৃত্যুক বাধা দিয়ে।

কিন্ত্ত বিশেষ কথাটো হ’ল যে ব্যায়ামৰ কোনো নিৰ্দিষ্ট সময়ৰ জোখ নাই, যিয়েই যিমান সময় ধৰি পাৰে তাক কৰি গৈছে। কিন্ত্ত আমেৰিকান ‘চৰকাৰ’ আৰু ‘স্বাস্থ্য সংগঠন’বোৰৰ গাইড-লাইন মতে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ’লে সপ্তাহটোত অন্তঃত কমেও মুঠ ১৫০ মিনিট সময় মজলীয়া বা লঘূ ধৰণৰ ব্যায়াম কৰিব লাগিব।

কিন্ত্ত তাতকৈ অতি কম কিমান সময় ধৰি ব্যায়াম কৰিলে এজন মানুহ স্বাস্থ্যৱান হৈ থাকিব পাৰিব তাৰ কোনো স্পষ্ট ধাৰণা এটা এই পৰ্যন্ত ভালকৈ দিয়া হোৱা নাই।

বিজ্ঞানী সকলেও ইয়াকো নাজানে যে এই ব্যায়ামৰ ওপৰৰ সময়ৰ, ‘maximum limit’ ৰ কিবা এটা নিৰাপদ সীমা আছেনে নাই, কিয়নো অতিৰিক্ত হোৱা কথাটো সকলো ক্ষেত্ৰতে বেয়া।

অলপতে এই সন্দৰ্ভত ‘JAMA Internal Medicine’ নামৰ এখন মেডিকেল জাৰ্ণেলতত এটা গৱেষণাৰ কথা উল্লেখ কৰা হৈছে। এই গৱেষণাত গৱেষক সকলে ‘হাভাৰ্ড বিশ্ববিদ্যালয়’ৰ ‘নেচনেল কেঞ্চাৰ ইঞ্চটিটিউত আৰু আন কিছুমান সংগঠনৰো মজুত ৰখা কিছুমান মানুহৰ এটা দীৰ্ঘ সময়ৰ, ১৪ বছৰীয়া ডাটা সংগ্ৰহ কৰি ব্যায়ামৰ পৰা মানুহৰ স্বাস্থ্য সম্বন্ধীয় লাভালাভৰ সম্বন্ধে এটা বিস্তৃত বিষয়ৰ ওপৰত গৱেষণা কৰে। ইয়াত ৬,৬১,০০০জন ব্যক্তিক সামৰি লোৱা হ’য়, এওঁলোকৰ বেচিভাগেই আছিল আদহীয়া লোক । ইয়াত তেওঁলোকে সেই সকল বয়োজেষ্ঠ লোকক পৃথক কৰি লয়, যি সকলে চৰকাৰৰ মাত্ৰাটোতকৈ সপ্তাহত ১০ গুণ সময় বেচিকৈ ব্যায়াম কৰিছিল। কাৰণ চৰকাৰে দিয়া গাইড-লাইনত সপ্তাহত মুঠ ১৫০ মিনিট সময় ব্যায়াম কৰিবলৈ কোৱা হৈছিল, অৰ্থাৎ ১৫০ মিনিট = ২.৫ ঘন্টা । ইয়াৰ ১০ গুণ মানে তেওঁলোকে সপ্তাহত ২৫ ঘন্টাকৈ লঘূ ব্যায়াম কৰিছিল।

তাৰ পিচত গৱেষক সকলে সেই সকল ব্যক্তিৰ ১৪ বছৰত কিমানৰ মৃত্যু হ’ল তাৰ ৰেকৰ্ডবোৰৰ ওপৰত চকু ফুৰাই চায়। তেওঁলোকে আচৰিত ভাবে লক্ষ্য কৰে যে, যি সকলে একেবাৰে ব্যায়াম কৰা নাছিল তেওঁলোকৰেই আগতীয়া মৃত্যুৰ সম্ভাৱনা আটাইতকৈ বেচি আছিল।

কিন্ত্ত যিসকলে চৰকাৰী গাইড-লাইনে নিৰ্দ্ধাৰণ কৰা সময়তকৈ বহু কমকৈ সপ্তাহটোত ব্যায়াম কৰিছিল, হলেও কিবা অলপ কৰিছিল, তেওঁলোকৰ আগতীয়া মৃত্যুৰ সম্ভাৱনা একেবাৰে ব্যায়াম নকৰা সকলতকৈ ২০ শতাংশ ক’ম আছিল।

যিসকলে চৰকাৰী গাইড-লাইন মতে সপ্তাহটোত ১৫০ মিনিটকৈ ‘লঘূ ব্যায়াম’ বা ‘moderate exercise’ কৰিছিল তেওঁলোকে নকৰা সকলতকৈ এটা দীৰ্ঘ জীৱন উপভোগ কৰিছিল আৰু আগতীয়া মৃত্যুৰ সম্ভাৱনা তেওঁলোকৰ নকৰা সকলতকৈ ৩১ শতাংশ ক’ম আছিল ।

আনফালে অষ্ট্ৰেলিয়াতো এটা গৱেষক দলে ২,০০০০০ মানুহৰ মাজত কিমান সময় ধৰি তেওঁলোকে ব্যায়াম বা শৰীৰ চৰ্চা কৰিছিল বা তাৰে কিমানে সপ্তাহটোত কিমান সময় ধৰি লঘূ বা গুৰু ব্যায়াম কৰিছিল আৰু তাৰ পৰা তেওঁলোকে ফলাফল কি পাইছিল, তাৰ ওপৰত এটা গৱেষণা চলাইছিল। ধৰক লঘূ আৰু গুৰুৰ মাজত পাৰ্থক্য হ’ল...... খোঁজ কঢ়াৰ সলনি দৌৰা, টেনিছ এফালে দুজনে মিলি খেলাতকৈ অকলে খেলা ইত্যাদি ধৰণৰ।

এই গৱেষণাতো তেখেত সকলে পায় যে, যি সকলে গাইড-লাইনত কোৱা সময় মানি ব্যায়াম কৰিছিল তেওঁলোকৰ আবতৰীয়া মৃত্যুৰ সম্ভাৱনা বহু কম আছিল, লাগিলে সেই ব্যায়াম খোঁজ কঢ়াৰ দৰে লঘূয়েই আছিল।

কিন্ত্ত যি সকলে সপ্তাহটোত লঘূৰ লগতে কিছু সময় গুৰু ব্যায়ামো কৰিছিল; যেনে ধৰক জগিং, দৌৰা, সাতোঁৰা, চাইকেল চলোৱা ইত্যাদি, তেওঁলোকৰ আগতীয়া মৃত্যুৰ সম্ভাৱনা লঘূ ব্যায়াম কৰা সকলতকৈ ৯ শতাংশ ক’ম আছিল, অৰ্থাৎ যি সকলে সপ্তাহটোত কৰা মুঠ ব্যায়ামৰ অন্তঃত ৩০ শতাংশ কিছু গুৰু ব্যায়ামো কৰিছিল। যি সকলে ওপৰত উল্লেখ কৰা মুঠ ব্যায়াম বোৰৰ ভিতৰত ৩০ শতাংশ আৰু কিছু বেচি কেলৰি জ্বলোৱা বা ঘাম ওলোৱা ব্যায়াম কৰিছিল,তেওঁলোকৰ আৰু অতিৰিক্ত ১৩ শতাংশ আগতীয়া মৃত্যুৰ সম্ভাৱনা কম আছিল, সেই সকলতকৈ, যি সকলে সমান সময় ধৰিয়েই ব্যায়াম কৰিছিল, কিন্ত্ত এই সকলতকৈ গাৰ ঘাম কমকৈ বাহিৰ কৰিছিল ।

‘এতিয়া এটা সিদ্ধান্ত অহা উচিত যে, সপ্তাহটোত অন্তঃত ১৫০ মিনিটকৈ লাগিলে লঘূয়েই হওঁক, শৰীৰ চৰ্চা কৰিব লাগে, বাকী মুঠ ২০-৩০ মিনিট সময় কিছু বেচি ঘাম বাহিৰ হোৱা শক্তিশালী ব্যায়াম কৰিব লাগে’.........এনেদৰে কয় অষ্ট্ৰেলিয়াৰ জেমছ্ কুক বিশ্ববিদ্যালয়ৰ এজন জেষ্ঠ গৱেষক ‘ক্লেয়াছ গেবেলে’।

ইমৰান হুচেইন

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate