প্ৰকৃতিৰ বুকুত থকা সেউজীয়া উদ্ভিদ আৰু প্ৰাণী জগতৰ মাজত এক ওতঃপ্ৰোত সম্প্ৰ্ক আছে। সেউজ উদ্ভিদে বায়ু মণ্ডলৰ দূষিত পদাৰ্থবোৰ পৰিশোধন কৰি পৰিবেশতো বিশুদ্ধ কৰি তোলে।
পৃথিৱীৰ মুঠ বনাঞ্চলৰ প্ৰায় ৮৫ শতাংশ ভূমিত সপুষ্পক উদ্ভিদ আছে। ইয়াৰ মুঠ প্ৰজাতিৰ সংখ্যা তিনি লাখৰ ওপৰ হ’ব। ভাৰতবৰ্ষৰ মুঠ ১৫,০০০ সপুষ্পক উদ্ভিদৰ প্ৰজাতিৰ ভিতৰত প্ৰায় ৮,০০০ ৰো অধিক প্ৰজাতি অসমৰ বনাঞ্চলত আছে। ইয়াৰ ভিতৰত ১,৫০০ ৰো অধিক নিৰাময় কৰিব পৰা ঔষধি গুণ আছে।
ইয়াৰ ৮০০ বিধ উদ্ভিদ আৰ্যুবেদীয় চিকিৎসা পদ্ধতিত, ৬০০ প্ৰজাতি ইউনানী, ৬০০ প্ৰজাতি সিদ্ধ (Sidha) ৪৫০ বিধ উদ্ভিদ আকৌ হোমিওপেথি চিকিৎসা পদ্ধতিত লগোৱা হয়।
ভেষজ উদ্ভিদৰ ভিতৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে অদ্বিতীয় দেশ বুলি কোৱা হয়। ঋকবেদত (খ্ৰীষ্টপূৰ্ব ৪৫০০-২৫০০) আৰ্য্য সকলে ১০০ বিধ বনৌষধিৰ কথা উল্লেখ কৰিছে। অথৰ্ব বেদতো (খ্ৰীঃ পূঃ ২৫০০-১০০০) বহুতো মানৱ শৰীৰৰ ৰোগ নিৰাময় কৰিব পৰা উদ্ভিদৰ বিৱৰণ আছে।
ইয়াৰ উপৰি আয়ুৰ্বেদ বিজ্ঞানৰ ভেটি চৰক সংহিতা (খ্ৰীষ্টপূৰ্ব ২০০০ চনত), সুশ্ৰুত সংহিতাত মানৱ শৰীৰৰ আহাৰ আৰু স্বাস্থ্যৰ কথা পোৱা যায়।
মানৱ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সুষম আহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, বিশুদ্ধতা আৰু শৰীৰ চৰ্চাৰ নিতান্তই প্ৰয়োজন। গতিকে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰি এটা সুস্থ-সবল দেহৰ অধিকাৰী হ’বলৈ সুষম আৰু পুষ্টিকৰ আহাৰৰ অতীৱ আৱশ্যক। এই আহাৰ বোৰৰ ভিতৰত যাতে ভিটামিন, খিঞ্জ পদাৰ্থ, আয়ডিন, কেলচিয়াম আদি বিভিন্ন মৌলিক পদাৰ্থ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এইবোৰ পদাৰ্থ বিভিন্ন উদ্ভিদৰ শিপা, গা-গছ, বাকলি, ডাল-পাত আদিৰ পৰা লাভ কৰিব পৰা যায়।
খাদ্যৰ দ্বাৰাই ৰোগ নিৰাময় কৰাটো তাহানিৰ কালৰ পৰাই আমাৰ সমাজত চলি আহিছে। আমাৰ গ্ৰাম্য সমাজত যিকোনো সমাজত যিকোনো এটা ৰোগ হ’লে তাক সহজতে পোৱা বনৌষধিৰ দ্বাৰা চিকিৎসা কৰা হৈছিল।
সেয়েহে স্বাস্থ্য আৰু পুষ্টিকৰ আহাৰৰ সম্বন্ধ বা ভূমিকা অতি তাৎপৰ্যপূৰ্ণ। গতিকে ৰোগ হৈ দেহটোৰ স্বাস্থ্য হানি হোৱাৰ আগতেই ৰোগ প্ৰতিৰোধৰ বাবে অতি সহজতম উপায় সমূহ গ্ৰহণ কৰা উচিত। ৰোগ নিৰাময়ৰ বাবে খাদ্যবস্তু, পানী, বায়ু এই তিনিটা প্ৰধান উপাদানৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে।
গতিকে সুঠাম আৰু সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজন বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু প্ৰ’টিনৰ। স্বাস্থ্যৰ বাবে আৱশ্যকীয় হয় বিটাকেৰোটিন, ৰাইবো’ক্লেভিন, ফলিক এচিড, আয়ৰণ, কেলচিয়াম আদি। এই বিলাক উপাদান আমি সেউজীয়া শাক-পাচলি আৰু ফল-মূলৰ পৰা পাওঁ। আমাৰ শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰখাৰ বাবে সেউজীয়া শাক-পাচলি আৰু ফল-মূল যথেষ্ট পৰিমাণে খাব লাগে। ইয়াৰ বাবে জনচেতনা, খাদ্যজ্ঞান আৰু ৰোগ সমূহৰ প্ৰতিৰোধৰ উপায় সম্পৰ্কীয় জ্ঞান আহৰণ কৰা দৰকাৰ।
নয়নতৰা ফুলৰ বৈজ্ঞানিক নাম Catharanthus rosesis । আয়ুৰ্বেদিক পদ্ধতিত এই উদ্ভিদ ডায়েৰিয়া আৰু ডায়েবেটিচ ৰোগত ব্যৱহাৰ কৰা হয়। আকৌ তেজ আৰু স্তনৰ কৰ্কট ৰোগতো বহুলভাৱে এইবিধ উদ্ভিদ ব্যৱহাৰ কৰা দেখা যায়।
চিৰতা
সৰু কালতে চিৰতা ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা আমাক খাবলৈ দিয়া হৈছিল। ই মূলতঃ কৃমি নাশক। কাহ, দাহ, ব্ৰণ আদি হ’লে চিৰতা খাব লাগে। চিৰতা খাব লাগে। চিৰতা ৫ গ্ৰাম ৰাতি ঠাণ্ডা পানীত তিয়াই পুৱা খালী পেটত খালে সৰু সৰু কৃমি মৰে। চিৰতা খালে মেলেৰিয়া জ্বৰ, পালা জ্বৰ আদি ভাল হয়।
সিজু
৪-৫ টা সিজুৰ পাত কলপাতত মেৰিয়াই জুইত সেকি বা গৰম জুইত পুৰি ৰস উলিয়াই নিমখৰ সৈতে দিনত ২-৩ বাৰ খালে ব্ৰংকাইটিছ, নিমুনিয়া, ইনফ্লুয়েঞ্জা আদি ভাল হয়। কফ জমা হ’লে সিজু পাত সেকি ৰস খালেও উপকাৰ পাব পাৰি।
তুলসী
তুলসী হৈছে জ্বলা আৰু তিতা ৰসযুক্ত। কফ, বেদনা, বায়ুনাশক ভাল ৰসায়ন। মৌৰ লগত মিহলাই খালে চৰ্দি জ্বৰ, মূৰৰ বিষ, ৰক্ত পৰিষ্কাৰ, বাতৰোগ আদি ভাল হয়।
মানিমুনি
মানিমুনি দুবিধ। ডাঙৰ আৰু সৰু পাতৰ। ই মেধা বৰ্ধক, শুক্ৰ বৰ্ধক, অগ্নিদীপক বিষ দোষ নাশক। পিত্ত, ব্ৰণ, চৰ্ম ৰোগ নাশক। গা ফুলা আদি কমি যায়।
পচতীয়া
পচতীয়া পাতৰ ৰস ২০ মিঃ লিঃ মাত্ৰাত গৰম কৰি সৈন্ধৱ লোণৰ লগত খালে সন্ধিবাত গাৰ বিষ, মূৰৰ বিষ ভাল হয়।
ব্ৰাহ্মী
ব্ৰাহ্মী শাক উত্তম স্মৃতি শক্তি বৰ্ধক। ব্ৰাহ্মী শাক শীত বীৰ্য। তিতা, কেঁহা ৰসযুক্ত স্বৰ বৰ্ধক।
পদিনা
পদিনা হৈছে পাচক গুণ সম্পন্ন। ল’ৰা-ছোৱালী- পেটৰ বিষ, পেট ফুলা অজীৰ্ণ, শৌচ বন্ধকতা আদি নাশ কৰে। ইয়াৰ চাট্নি খাবলৈ সোৱাদ।
শাক জাতীয়বোৰৰ ভিতৰত হেলেচী, কলমৌ শাক, খুতৰা শাক, বৰ লাই, সৰু লাই শাক, সৰিয়হ শাক, মূলা শাকত আছে আমাৰ শৰীৰৰ লাগতিয়াল আহাৰৰ উপাদান।
পাচলি সমূহৰ ভিতৰত কোমোৰা, লাউ, ৰঙা লাউ, ভাত কেৰেলা, তিতা কেৰেলা, ভুই কোমোৰা, ঔ-টেঙা, নিৰ্মালী ফল আদি আমাৰ আহাৰৰ মূল উপাদান। প্ৰতিবিধ পাচলিতে আছে ঔষধি গুণ। কোমোৰা পিত্ত নাশক, বীৰ্য বৰ্ধক। লাউত আছে ধাতু বৰ্ধক, পুষ্টি কাৰক, পিত্ত নাশক গুণ। বেঙেনা তীক্ষ্ণ উষ্ম বীৰ্য, অগ্নিদীপক। ই অৰ্শ ৰোগৰ বাবে বিশেষ উপকাৰী। আলু- ৰক্ত পিত্তনাশক, বল কাৰক, স্তৈন বৰ্ধক। পটল- পুষ্টিকাৰক, ৰক্ত দোষ, কৃমি আৰু ত্ৰিদোষ নাশক।
জিকা, কফ পিত্ত নাশক। ই ভোক বঢ়ায়, ৰুচি, বল আৰু বীৰ্য বৃদ্ধি কৰে।
ইয়াৰ উপৰি মছলাৰ ভিতৰক নহৰুক প্ৰাকৃতিক পেনিচিলিন বুলি কোৱা হয়। ই হৈছে উষ্ম বীৰ্য নাশক আৰু পাচক গুণ সম্পন্ন, বায়ু বিকাৰত প্ৰশস্ত। ৰক্তচাপ নিয়মীত কৰি ৰখাত সহায় কৰে। বাত, শ্বাস, কফনাশক আৰু ৰুচি কাৰক। ই ভোক বঢ়ায়, কফ নিৰাময় কৰে, কৃমি নাইকিয়া কৰে। হাড় ভাগিলে নহৰু খালে সোনকালে হাড় জোৰা লাগে। পিঁয়াজ হৈছে জ্বলা ৰসযুক্ত। ই হৈছে হজম কাৰক, ৰুচি বৰ্ধক। ই ভোক লগায়, শুক্ৰ বৃদ্ধি কৰে। পানীৰ পিয়াহ গুচায়। ই ৰক্তপিত্ত আৰু শুক্ৰ মেহৰ বাবে উত্তম। ইয়াৰ উপৰি আদা, জালুক, জিৰা ধনীয়া আদি বিভিন্ন মছলাৰো বিভিন্ন ঔষধি গুণ আছে।
বতৰৰ প্ৰতিটো পাচলি আৰু ফলত আছে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী উপাদান সমূহ। মধুৰিআমত আছে প্ৰচুৰ ভিটামিন ‘চি’। কাৰ্বোহাইড্ৰেট, কেলচিয়াম। ই ভোক বৃদ্ধি কৰে, পেট জ্বলা-পোৰা কৰা ৰোগ নিৰাময় কৰে। মাটিকঠাল বিশ্বৰ সকলোতে পোৱা যায়। ১৫০২ খ্ৰীষ্টাব্দত পৰ্তুগীজ সকলে ভাৰতলৈআহোতে এই ফল বিধ লৈ আহিছিল। মাটি কঠালে হজম শক্তি বৃদ্ধি কৰে। হৃদৰোগৰ বাবে উপকাৰী আৰু পেটৰ বিভিন্ন ৰোগ নিৰাময় কৰে। মাটি কঠালত থকা পেপচিন নামৰ এবিধ এনজাইমে খাদ্য হজম কৰাত সহায় কৰে আৰু পাচনন্ত্ৰৰ শক্তিশালী কৰি তোলে।
গতিকে আমাৰ দেহটো সুস্থ-সবল কৰি ৰাখিবলৈ হ’লে প্ৰতিজন লোকে আহাৰৰ প্ৰতি যত্নৱান হ’ব লাগিব। প্ৰকৃতিৰ বুকুত থকা এনেবোৰ উদ্ভিদৰ পৰা আমি নিয়মিতভাৱে পুষ্টিকাৰক উপাদানবোৰ পাব পাৰো। সাম্প্ৰতিক বজাৰত যিবোৰ শাক-পাচলি বা ফল-মুল ওলাইছে সেইবোৰত অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা হয়। গতিক কৃষক সকলে নিজে একোখন শাক-পাচলিৰ বাগিচা কৰি নিজৰ ঘৰৰ বাবে প্ৰয়োজনীয় শাক-পাচলি খিনি ঘৰতে উৎপাদন কৰি ল’ব পাৰে। বেমাৰ হ’লে চিকিৎসা কৰাতকৈ বেমাৰ নহ’বলৈ বা ৰোগ প্ৰতিৰোধ কৰাৰ নিয়ম-নীতি মানি খাদ্য সম্ভাৰ উৎপাদন কৰি খাবলৈ যত্ন কৰা উচিত।
লেখক: ধনেশ্বৰ হুজুৰী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।
আহাৰ আৰু স্বাস্থ্য
কাঠফুলা আৰু মানৱ স্বাস্থ্য
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ