অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহাৰ খোৱাৰ নিয়ম :

আহাৰ খোৱাৰ নিয়ম :



আহাৰ খোৱাৰ নিয়ম নতুনকৈ শিকিবলগীয়া কথা নহয় যদিও আমি কেইটামান সাধাৰন নিয়ম পালন কৰি দেহলৈ অহা বিভিন্ন বেমাৰ ৰোধ কৰিব পাৰোহঁক । যেনে:---
১। সদায় নি্যমিত সময়ত আহাৰ খোৱাটো
বাঞ্চনীয় ।
২। পেটত ভোক নাথাকিলে যোৰকৈ আহাৰ
খোৱাটো অনুচিত
৩। যিকোনো আহাৰেই নাখাওক সদায় শান্তি
আৰু প্ৰফুল্ল চিত্তে খালেহে ভাল ফল দিয়ে ।

৪। আহাৰ ভালকৈ চোবাই খোৱাতো বাঞ্চনীয় ।

৫। আহাৰ খাই থাকোতে খুব বেচিকৈ পানী খোৱাটো বেয়া অভ্যাস । এনে কৰিলে খাদ্যবস্তু সহজে হজম নহয় । আমি খাদ্য খাওতে ওলোৱা পাচক ৰসে প্ৰাকৃতিক নিয়মেৰে নিজে নিজেই খাদ্য বস্তুবোৰ পাকস্থলীলৈ থেলি হজম কৰালৈ সকলো কাম এই ৰসবোৰেই কৰে । সেয়ে পানী বেচিকৈ খালে হজম ক্ৰিয়াত বিঘ্নিত হয় ।

৬। আহাৰ খোৱাৰ এক ডেৰ ঘন্টা পিচত পানী খাব

৭। ভাত খোৱাৰ আগতে আদা এচকল খালে
সোনকালে হজম হয় ।

৭। দৌৰা দৌৰিকৈ বা অসময়ত আহাৰ খোৱা বেয়া।

৮। জুতি পাই হিচাবতকৈ বেচি আহাৰ খালে
অপকাৰ কৰে॥

৯। প্ৰতি সাজতে গুৰুপাক ভোজন নকৰাই ভাল

১০। খৰকৈ ভজা বা দেই যোৱা আহাৰ কেতিয়াও নাখাব ।

১১। খাই উঠি ধপাত জাতীয় কোনো বস্তু নাখাব তাৰ পৰিৱৰ্তে শিলিখা বা ত্ৰিফলা চুৰ্ন খালে
দেহৰ যথেস্থ উপকাৰ হয়।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 1/9/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate