অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত জাতিলাও

উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত জাতিলাও

সকলো লোকৰ বাবে উপকাৰী এবিধ পাচলি হ’ল জাতিলাও। জাতিলাও একবৰ্ষজীৱী লতাজাতীয় উদ্ভিদ। বৈজ্ঞানিক নাম Lagenaria siceraria ইয়াক ইংৰাজীত বটল গৰ্ড বোলে। পৃথিৱীৰ সকলো ঠাইতে জাতিলাও উপলব্ধ। ইয়াৰ সকলো বৰণ সেউজীয়া বা বগা। ই আকৃতিত দীঘলীয়া, গোলাকাৰ বা চুটি ডিঙিৰে থুপুকা।

ভিতৰৰ কোমল, বগা মঙহাল অংশটো যথেষ্ট পানীৰে ভৰা বাবে ‘পানীলাও’ বুলিও কয়। পাত, ফুল-ফল বা শিপাও ঔষধি গুণসম্পন্ন।

ভিটামিন এ, ভিটামিন বি৬, চি আৰু কে থকা উপৰি কেলচিয়াম, পটাছিয়াম আদি লৱনসমূহো জাতিলাওত পোৱা যায়।

কম চৰ্বি বা কম কেলৰিযুক্ত জাতিলাওৰ উপাদানসমূহ এনেধৰণৰ-

  • পটাছিয়াম ১৫০ মিঃগ্ৰামঃ,
  • পানী ৯৬ গ্ৰাম,
  • ভিটামিন এ-১৬ আই ইউ,
  • ভিটামিন বি৬-০.৪ মিঃগ্ৰাঃ।

ঔষধি গুণেৰে পৰিপূৰ্ণ জাতিলাও বিভিন্ন ব্যঞ্জনেৰে খাদ্য তালিকাত ৰাখিলে বহু উপকাৰিতা পোৱা যায়।

  • নিয়মীয়াকৈ জাতিলাও খাব পাৰিলে শৰীৰত যথেষ্ট শক্তি লাভ কৰাৰ উপৰি সৌন্দৰ্য অটুট থকাটো সহায়ক হয়।
  • জাতিলাও ৰসত পদিনা আৰু ধনিয়াৰ ৰস মিহলি কৰি খালে উচ্চ ৰক্তচাপ হ্ৰাস হোৱাৰ উপৰি ডায়েবেটিছ ৰোগীসকলৰ ছুগাৰ স্বাভাৱিক হোৱাত সহায়ক হয়।
  • কোষ্ঠকাঠিন্য দূৰ কৰাতো জাতিলাও উপকাৰী।
  • শকত মানুহৰ বাবে ক্ষীণ হোৱাত জাতিলাও সহায়ক,
  • ল’ৰা বয়সৰ পৰা বৃদ্ধ বয়সলৈকে সকলো লোকৰ বাবে জাতিলাও অতি উপকাৰী।

লেখিকা: কবিতা ফুকন(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate