অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপ ৰোগৰ পথ্যাপথ্য আৰু যোগাসন :

উচ্চ ৰক্তচাপ ৰোগৰ পথ্যাপথ্য আৰু যোগাসন :

 


সকলোৰে পৰিচিত এটি ৰোগ হ'ল হাইপাৰটেনচন বা উচ্চ ৰক্তচাপ। অশুদ্ধ খাদ্যাভাস, জীৱনশৈলী, অত্যধিক মানসিক চাপ ইত্যাদি কাৰণকে ইয়াৰ বাবে জগৰীয়া কৰিব পাৰি। অৱশ্যে কিছুমান লোকৰ বংশগত কাৰণতো এই ৰোগবিধ হোৱা দেখা যায়। তলত এই ৰোগৰ কিছুমান পথ্যাপথ্য আৰু যোগাসনৰ বিষয়ে উল্লেখ কৰা হ'ল -
পথ্য: আটা, অংকুৰিত মাহ, মগু দাইল , মচুৰ দাইল, সেউজীয়া শাক পাচলি (যেনে- পালেং, মেথি, ভথূৱা শাক ইত্যাদি), আজৱাইন, খিচমিচ, আদা, নহৰু, গোলনেমু, পানীলাও, তুলসী পাত, জিকা, পদিনা, পটল, চজিনা, ৰঙালাও, কেৰেলা, অমিতা, আঙুৰ, মৌচুমী, কমলা, আনাৰস, আপেল, মধুৰিআম, ডালিম, আলমণ্ড, অৰ্জুন ছাল, সৰ কাঢ়ি লোৱা গাখীৰ, সৰিয়হৰ গুটি, গুড়, মৌ, তেতেলি টেঙা, লঘূ ব্যায়াম (শাৰীৰিক সক্ষমতাৰ ৫০ শতাংশ পৰ্যন্ত), ফূৰ্তি, ধেমালি কৰি থকা, সময়মতে খাদ্য সেৱন তথা শুৱা ইত্যাদি।
অপথ্য: অত্যধিক নিমখ তথা নিমখীয়া খাদ্য, অত্যধিক চৰ্বীজাতীয় খাদ্য, অত্যধিক মদ্যপান, অত্যধিক মানসিক চাপ, অত্যধিক টেঙা আৰু জলা খাদ্য, কণী (কুহুমৰ সৈতে), গধূৰ আহাৰ বা বেছি পৰিমাণে আহাৰ সেৱন, বিৰুদ্ধ আহাৰ, কফি, ধপাতযুক্ত সামগ্ৰী, দিনত শুৱা অভ্যাস, অত্যধিক শাৰীৰিক শ্ৰম তথা ব্যায়াম, অধাৰণীয় বেগ যেনে - পায়খানা, পেচাব আদিৰ বেগ অধিক সময়লৈ ধৰি ৰখা, জাংক ফুদ, ফাষ্টফুড, পেকেট যুক্ত খাদ্য (যেনে- চিপছ, কুৰকুৰে, নুদলছ্, পেকেটত ৰখা মাংস ইত্যাদি), শীতল পানীয়, ৰাতি টোপনি ক্ষতি কৰা, অনিয়মিয়া খাদ্য খোৱাৰ অভ্যাস, আচাৰ, কেক, পেষ্টি, পিজ্জা, বাৰ্জাৰ, মাখন, গাখীৰৰ সৰ, মাংস, তেলাল মাছ, ময়দা আৰু ডালডাৰে বনোৱা খাদ্য, ৰিফাইন তেল বা ৰিফাইনত ভজা খাদ্য, ছেণ্ডউইচ, চছ্, বিস্কুট ইত্যাদি।
যোগাসন : এজন যোগা পৰিদৰ্শকৰ তত্বাৱধানত তলত দিয়া যোগাসন তথা প্ৰানায়াম সমূহ নিজৰ শাৰীৰিক সক্ষমতাৰ ৫০ শতাংশ পৰ্যন্ত কৰিলে সুফল পোৱা যায়। যেনে- বদ্ধ কোনাসন, সেতুঁ বন্ধাসন, সৱাসন, অৰ্ধ পিঞ্চ ময়ুৰাসন, অধোমুখ সৱাসন, উট্টানাসন, সুপ্ত বীৰাসন, বিপৰীতকৰণী, বীৰাসন বা বজ্ৰাসন, জানু শীৰ্ষাসন, উপবিষ্ট কোনাসন, অনুলোম বিলোম, ধ্যান ইত্যাদি ।
উচ্চ ৰক্তচাপ থকা ৰোগীয়ে কপালভাটি, সৰ্বাঙ্গাসন ইত্যাদি নকৰা ভাল।

লেখক:ডাঃ মুকুল শৰ্মা, আয়ুৰ্বেদাচাৰ্য্য
ফোন নং-৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

শেহতীয়া উন্নীতকৰণ: : 1/20/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate