অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপত আলু :

উচ্চ ৰক্তচাপত আলু :

আলু এনে এক খাদ্য যি ভাজি, তৰকাৰি, সিজাই, পিট্যিকা আদি সকলোধৰণেৰে খাব পাৰি। আলুত প্ৰচুৰ পৰিমাণৰ ভিটামিন বি, চি, ফাইবাৰ, পটাচিয়াম, কপাৰ, ট্ৰিপটফেন, মেংগানিজ আৰু লুটেইন থাকে। ই শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে। ইয়াত থকা এন্টি-ইনফ্লেমেটৰি উপাদানে বিষ কমায় আৰু আলচাৰ প্ৰতিৰোধতো সহায় কৰে। সঠিক পদ্ধতিৰে ৰন্ধা আলুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষজ্ঞসকলৰ মতে, আলুত প্ৰচুৰ পৰিমাণৰ ক্লৰজেনিক এচিড আৰু এনথচাইনিনচ নামৰ ৰাসায়নিক উপাদান থাকে, যিয়ে উচ্চ ৰক্তচাপ কমায়। তদুপৰি ইয়াত থকা পটেচিয়ামেও উচ্চ ৰক্তচাপ কমাত সহায় কৰে। প্ৰতি ১০০ গ্ৰাম আলুত ৪২১ মিলিগ্ৰাম পটাচিয়াম থাকে, যি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত অতি উপকাৰী। উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ মানসিক চাপ অতিমাত্ৰা থাকে। আলু চাপ কমোৱাতো অতি উপকাৰী। আলুৰ বগা অংশত ট্ৰিপটফেন নামৰ একধৰণৰ এমিন’ এচিড থাকে, যি নাৰ্ভবোৰ শান্ত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশ্যে বিশেষজ্ঞই এই মতো পোষণ কৰিছে যে, আলু ভজা, ফ্ৰেন্সফ্ৰাই বা যিকোনো ধৰণৰ ভজা আলুৱে উচ্চ ৰক্তচাপৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। সেয়ে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে আলুৰ ৰস বা আলু সিজোৱা, গ্ৰিল কৰা বা তৰকাৰি ৰন্ধা আলুহে খাব পাৰে।

চৰ্দিৰ প্ৰাথমিক চিকিৎসা -

চৰ্দি জ্বৰ মানে মানৱ শৰীৰৰ ঊৰ্ধ-শ্বাসনলীৰ ভাইৰাচজনিত একধৰণৰ সংক্ৰমণ। ইনফ্লুয়েঞ্জা-এ, ইনফ্লুয়েঞ্জা, এডেনোভাইৰাচ আদিয়েই এই ৰোগৰ কাৰক। বহুক্ষেত্ৰত ইয়াৰ লগত বেক্টেৰিয়াৰ সংক্ৰমণ ঘটিব পাৰে। ঋতু পৰিৱৰ্তনৰ সময়ত এই ৰোগ অধিক মাত্ৰাত হোৱা দেখা যায়। বৰষুণ, সেমেকা পৰিবেশ, বেছি ঠাণ্ডা বা বৰ বেছি গৰম বা একেলগে বহু লোকৰ অপৰিষ্কাৰ বাসস্থলী আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি জ্বৰ-চৰ্দি বেছিকৈ হোৱাৰ সম্ভাৱনা দেখা যায়। ৰোগ প্ৰতিৰোধৰ ক্ষমতা কম থাকিলেও এই ৰোগ বাৰে বাৰে হৈ থকা পৰিলক্ষিত হয়। হাঁচ আৰু কাঁহৰ জৰিয়তে এই ৰোগ এজনৰ পৰা আন এজনৰ শৰীৰলৈ সংক্ৰমিত হয়।

জ্বৰ-চৰ্দিৰ সময়ত আৰাম কৰি ঘৰতে থাকিব পাৰিলে ভাল। স্বাভাৱিক খোৱা-বোৱাৰ লগতে প্ৰচুৰ পানী, নেমুৰ ৰস, আনাৰস, আমলখি আদি খাব লাগে। ঠাণ্ডা জাতীয় খাদ্য একেবাৰে পৰিহাৰ কৰিব লাগে। গৰম চাহ-কফি আদি সঘনাই খাই থাকিলে দেহৰ অৱশ ভাব দূৰ হয়। এই ৰোগৰ চিকিৎসাত সাধাৰণত্তে এন্টিবায়’টিকৰ প্ৰয়োজন নহয়। জ্বৰে আৰু বিষনাশক সাধাৰণ পেৰাচিতটামল জাতীয় ঔষধ দুদিনমান খালে এই ৰোগৰ উপশম পোৱা যায় যদিও চিকিৎসকৰ পৰামৰ্শ লোৱা খুবে জৰুৰী। বেক্টেৰিয়াল ইনফেকচনত অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ অনুসৰি পাঁচৰ পৰা সাতদিন পৰ্যন্ত সঠিক মাত্ৰাৰ এন্টিবায়টিক গ্ৰহণ কৰিব লাগে।

উৎস: সাদিন

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate