দৈনন্দিন জীৱনত এনে বহু লোক দেখা যায়, যি মেদবহুলতাৰ চিকাৰ হৈছে। তাৰে কিছুমানে তেনে মেদবহুল শৰীৰেৰে জীৱন অতিবাহিত কৰে বা নিজকে খাপ খুৱাই লয় আৰু কিছুমানে বায়ামশালাত গৈ শৰীৰৰ কমাব খোজে আৰু কিছুমানে উপবাসৰ সহায় লয়। কিন্তু পৰিতাপৰ কথা এই যে বহু লোকে উপবাসৰ (fasting) নামত কিছুমান এনে পন্থা গ্ৰহণ কৰে যে শৰীৰৰ হিতৰ ঠাইত অহিতহে হোৱা দেখা যায়।
আমাৰ শৰীৰে এক বিশেষ ধৰণে কাম কৰে। আমি যি খাদ্য খাওঁ, খাদ্য হজম কৰি শৰীৰৰ নানান কার্য সম্পাদন কৰাৰ লগতে ভবিষ্যতৰ বাবে সঞ্চয় কৰি ৰাখে। যেতিয়া শৰীৰক প্রয়োজনতকৈ অধিক খাদ্য যোগান ধৰা হয়, তেতিয়া শৰীৰে অপ্রয়োজনীয় অংশ শৰীৰত সঞ্চিত কৰি ৰাখে। ফলত এনে সঞ্চয়ে পাছলৈ গৈ মেদবহুলতাৰ সৃষ্টি কৰে। মানুহৰ এটা সহজাত প্রবৃত্তি আছে যে তেওঁলোকে শৰীৰৰ চৰ্বি যিমান সোনকালে পাৰে সিমান সোনকালে নাইকিয়া কৰিব খোজে। কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে যিদৰে শৰীৰৰ ওজন বা চর্বি এদিনতে গঠন নহয়, ঠিক একেদৰে এদিনতে শৰীৰৰ চর্বি কমোৱা অসম্ভৱ। দেখিবলৈ পোৱা যায় যে কিছুমান লোকে উপবাসৰ নামত দিনটো একো নোখোৱাকৈ কটায়। কিন্তু এনে কৰাৰ ফলত শৰীৰৰ বহু ক্ষতি হয়। যদিও তেনে কৰাৰ ফলত শৰীৰে সঞ্চিত কৰি ৰখা চর্বি বা শক্তি ক্ষয় কৰে, কিন্তু শৰীৰৰ বহু লাগতিয়াল পুষ্টিতত্ত্ব (nutrient) ও ব্যয় হয়। ইয়াৰ উপৰি ভাগৰুৱা অনুভৱ হয়। মূৰ ঘূৰোৱা আদি লক্ষণে দেখা দিয়ে।
বিভিন্ন সমীক্ষাত প্রমাণিত হৈছে যে শৰীৰৰ ওজন বা মেদ কমোৱাৰ বাবে উপবাস গ্রহণযোগ্য নহয়। ইয়াৰ সলনি কম কেলৰিযুক্ত খাদ্য গ্রহণ কৰি আৰু শৰীৰ চৰ্চাৰ দ্বাৰা চর্বি শৰীৰৰ ওজন কমাব পাৰি। কম কেলৰিযুক্ত খাদ্য, যেনে—বিভিন্ন শাক-পাচলি, ফলমূল (কম মিঠাযুক্ত)শৰীৰক কম কেলৰি যোগান ধৰাৰ উপৰি শৰীৰক আঁহজাতীয় পদার্থ আৰু নানান প্রয়োজনীয় ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে। আঁহজাতীয় পদাৰ্থই ভোক নাইকিয়া কৰে। ফলত শৰীৰে প্রয়োজনীয় পুষ্টিৰ বাবে সঞ্চিত চর্বি ব্যৱহাৰ কৰে আৰু চর্বি লাহে লাহে কমি আহে।
সেয়েহে শৰীৰৰ ওজন বা চৰ্বি কমোৱাৰ বাবে উপবাস কৰাৰ সলনি এক সুন্দৰ খাদ্যাভাসৰ দ্বাৰা আৰু কিছু পৰিমাণে শৰীৰচৰ্চাৰ সহায় ল’ব পাৰে। যিহেতু উপবাসৰ সময়ত শৰীৰে কিছু চর্বি ক্ষয় কৰে, কিন্তু যেতিয়াই সাধাৰণ ডায়েট গ্রহণ কৰে, তেতিয়া শৰীৰে পুনৰ ওজন বঢ়ায়। যদিও বা উপবাস কৰিবলগীয়া হয়, তেন্তে খাদ্য বিশেষজ্ঞৰ সহায় লৈহে উপবাস কৰা উচিত।
লিখক: অঞ্জনজ্যোতি ডেকা, অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 5/9/2020