অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উপবাস বিধানে বহু জটিল ৰোগ নিৰাময় কৰে

উপবাস বিধানে বহু জটিল ৰোগ নিৰাময় কৰে

গীতাত কৈছে, আহাৰ শুদ্ধ হ’লে চিত্ত শুদ্ধ হয়। চিত্ত শুদ্ধ হ’লে মন শুদ্ধ হয় আৰু সেই শুদ্ধ মনৰ দ্বাৰা সকলো চিন্তা-ভাবনা-কৰ্মও শুদ্ধ হয় আৰু ব্যক্তিত্ব মোহনীয় হয়।

উপবাস নাৰাখি কেৱল আহাৰ খোৱাৰ ওপৰত গুৰুত্ব দিলে আমাক প্ৰকৃতাৰ্থত শুদ্ধ হ’ব নোৱাৰে। কাৰণ পাকস্থলীত খাদ্যবস্তু যেতিয়া লৈকে হজম নহয়, তেতিয়া লৈকে পৰিপাক যন্ত্ৰ বিলাকত পাচক এঅস উৎপন্ন হ’বৰ কাৰণে শৰীৰৰ অধিকাংশ ৰক্তই পাকস্থলীত উপস্থিত থাকিব লগীয়াত পৰে। ফলত শৰীৰৰ অন্যান্য অংগ বিলাকে সুস্থ ভাৱে কাম কৰিবলৈ অপাৰগ হয়।

এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই নেপোলিয়নে কৈছিল- ‘অতি কম পৰিমাণৰ আহাৰ খাব্লৈ পোৱা লোকতকৈ অত্যাধিক পৰিমাণে আহাৰ খোৱা লোকহে বেছিকৈ ৰোগত আক্ৰান্ত হয়’।

গতিকে ২-১ দিন উপবাস ৰাখিলে শৰীৰৰ পৰিপাক যন্ত্ৰ বিলাকে বিশ্ৰাম লাভ কৰে। ফলত এই যন্ত্ৰ বিলাক সবল আৰু ৰোগমুক্ত হয়। আমাৰ যকৃত, অগ্নাশয় অধিক শক্তিশালী হৈ পৰে। ফলত যকৃতৰ ৰোগ যেনে- যকৃত বৃদ্ধি, জণ্ডিচ (পাণ্ডু ৰোগ), যকৃত চিৰোচিছ (Liver Cirrhosis), যকৃত কেন্সাৰ আদিৰ পৰা মুক্ত হ’ব। কিন্ত উপবাস বিধানৰ উপৰ দৈনিক ২০ মিনিট মান যোগ নিতান্তই আৱশ্যক। তেনেদৰে বিভিন্ন অগ্নাশয়ৰ (Pancreas) ৰোগ, যেনে- অগ্নাশয় উখহা(Inflammation), অগ্নাশয়ৰ কেন্সাৰ আৰু মধুমেহ বা বহুমুত্ৰ ৰোগ হ’ব নোৱাৰে। উপবাসত শৰীৰৰ ৰক্তই খাদ্য হজম কৰা কামৰ পৰা অব্যাহতি পাই শৰীৰৰ সজকলো ৰোগ, বিষ আৰু ৰোগ জীৱাণু ধ্বংসৰ কামত আত্মনিয়োগ কৰে। উপবাসে শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটো শক্তিশালী কৰে। ফলত বিভিন্ন জটিল ৰোগৰ পৰা শৰীৰক মুক্ত কৰে। তিৰিক্ত চৰ্বি আৰু কলেষ্ট্ৰেৰল দহন কৰিবলৈ সুবিধা পায়। ফলত উচ্চ ৰক্তচাপ, হৃদৰোগ হ’ব নোৱাৰে। উপবাসৰ দিনা শৰীৰত মৌলিক চয়াপচয়ৰ হাৰ (Basal Metabolic rate) বৃদ্ধি পায়। ফলত শৰীৰৰ সকলো অংগ সবল আৰু সক্ৰিয় হৈ উঠে। উপবাসৰ এনে বিলাক গুণৰ বাবে ৰোগী-নিৰোগী সকলোৱে সপ্তাহত দুই-এদিন উপবাস পালন কৰা উচিত।

উপবাসৰ দিনা দিনত অন্য কোনো আহাৰ গ্ৰহণ নকৰিব। কেবল পিয়াহ লাগিলে পানী খাই থাকিব। উপবাসৰ সময়ত এইদৰে পানী খালে শৰীৰৰ সকলো আৱৰ্জনা, বিষাক্ত সঞ্চিত পদাৰ্থ, ৰোগ-বীজাণু শৰীৰৰ পৰা বাহিৰ হ’ব।

উপবাসে মানসিক আৰু আধ্যাত্মিক দিশতো উন্নতি কৰে। ফলত উদ্বেগ-উত্তেজনা প্ৰশমিত কৰে। আমাৰ শৰীৰৰ উত্তপ্ত ৰক্তই কাম-ক্ৰোধ আদি ৰিপুক উত্তেজিত কৰে। উপবাসত শৰীৰৰ ৰক্ত শীতল হয়, স্নিগ্ধ হয়।

ছাত্ৰ-ছাত্ৰী, দুৰ্বল লোক আৰু বৃদ্ধ-বৃদ্ধা সকলে সম্পূৰ্ণ উপবাস নাৰাখিব। তেওঁলোকে উপবাসৰ দিনা এবাৰ জলযোগ কৰিব। এই জলযোগত থাকিব এপোৱা গাখীৰ আৰু অলপ ফল-মূল (কল নিষিদ্ধ)। উপবাসৰ দিনা ৰাতি ৯ বজাৰ আগত লঘু অন্ন গ্ৰহণ কৰিব।

বাত ৰোগী, অম্ল আৰু অজীৰ্ণ ৰোগী, ৰক্তচাপ ৰোগী, উচ্চ মাত্ৰাৰ কলেষ্ট্ৰৰেল ৰোগী, মেদবহুল ৰোগীয়ে যোগ চৰ্চাসহ সপ্তাহত এদিন নিষ্ঠাৰে উপবাস কৰিব। ৰোগ শীঘ্ৰে আৰোগ্য হ’ব।

উপবাসৰ এনেবিলাক গুণে সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন প্ৰদান কৰে।

লেখক: সঞ্জয় চলিহা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate