উপবাসৰ প্ৰক্ৰিয়া শৰীৰ বিজ্ঞানৰ সাধাৰণ সিদ্ধান্তৰ ওপৰত আধাৰিত। উপবাসৰ সময়ছোৱাত ৰোগীয়ে যিকোনো ধৰণৰ শাৰীৰিক শ্ৰমৰ পৰা বিৰত থাকিব লাগে। মানসিক চিন্তা দূৰ কৰি সম্পূৰ্ণ উদ্বেগবিহীনভাৱে থাকিলে উপবাস ক্ৰিয়া বেছি প্ৰভাৱী হয়। বিশ্ৰাম কোনো উপাচাৰ নহয়, কিন্তু সু-স্বাস্থ্য ৰক্ষাৰ বাবে বিশ্ৰামৰ খুবেই প্ৰয়োজন। যিসকলৰ শৰীৰৰ ভিতৰত বেছিকৈ অলাগতিয়াল দূষিত পদাৰ্থ জমা হৈ থাকে, সেইসকলৰ বিশ্ৰামৰ অধিক প্ৰয়োজন।
উপবাস কালত ৰোগীৰ ঠাণ্ডা সহ্য কৰাৰ ক্ষমতা ক্ষীণ হৈ আহে। প্ৰায়েই ঠাণ্ডাৰ কাৰণে ৰোগীজনে উপবাসৰ সময়ছোৱাত যথেষ্ট কষ্ট কৰিবলগীয়া হয়। ঠাণ্ডাৰ কাৰণে দেহৰ পৰা দূষিত পদাৰ্থসমূহ বাহিৰ কৰা কাৰ্যটো বাধাপ্ৰাপ্ত হয়। সেয়ে ৰোগীৰ ভৰিৰ তলুৱা মালিচ কৰি দেহৰ সাধাৰণ উষ্ণতা বজাই ৰাখিব লাগে।
উপবাস কৰা ব্যক্তিৰ ভোজন কৰি থকা ব্যক্তিৰ তুলনাত তৃষ্ণাৰ অনুভৱ কমকৈ হয়। তথাপি ৰোগীজনক যথষ্ট পৰিমাণে বিশুদ্ধ জল সেৱন কৰোৱা উচিত। ধাতু মিশ্ৰিত বা দুৰ্গন্ধযুক্ত পানী খাব দিব নালাগে। উতলাই ঠাণ্ডা কৰি পানী তৃষ্ণা নিবাৰণৰ বাবে পান কৰাব লাগে।
উপবাস বা ভোজন দুয়োটা অৱস্থাতে শৰীৰ চাফা থকাটো নিতান্তই দৰকাৰী বিষয়। গতিকে উপবাসে থাকিলেও স্নানৰ ক্ষেত্ৰত অৱহেলা কৰিব নালাগে। কিন্তু ধ্যান ৰখা উচিত যে উপবাসকালীন স্নানত যাতে শক্তি কম ব্যয় হয়।
উপবাসৰ সময়ক কম সময়ৰ বাবে স্নান কৰা উচিত। শ্বাৱাৰ বা বাথটাবত স্নান কৰিব নালাগে(উপবাসৰ সময়ছোৱাত)। উপবাসকালীন সময়ত স্নানৰ পানীখিনি কুহুমীয়া গৰম হোৱা উচিত। ঠাণ্ডা বা বেছি গৰম পানীৰে স্নান কৰিলে অধিক শক্তি ব্যয় হয়। পানী আৰু শৰীৰ দুয়োটাৰে তাপমাত্ৰা সমান হোৱা উচিত।
যি ধৰণে বৃক্ষ আৰু জীৱ-জন্তুৰ বাবে সূৰ্যৰ কিৰণ অত্যন্ত জৰুৰী, ঠিক তেনেদৰে উপবাস কৰা ব্যক্তিজনৰ বাবেও সূৰ্যৰ কিৰণ নিতান্তই জৰুৰী। কেলচিয়াম আৰু ফছফৰাছৰ কাৰণে ৰৌদ্ৰ স্নানত মাংসপেশীবোৰে শক্তি লাভ কৰে।
উপবাসৰ সময়ছোৱাত অধিক প্ৰভাৱী ফলাফলৰ বাবে পেটৰ মন নিষ্কাষণত বিশেষ গুৰুত্ব দিয়া উচিত। পেট চাফা ৰখাটো অতি দিশত গুৰুত্ব আৰোপ উপবাসৰ যথাৰ্থ পৰিমাণ উপভোগ কৰা উচিত।
ক্ৰমবৰ্ধমান ৰুগ্ন শৰীৰ আৰু কষ্টদায়ক দৈহিক যন্ত্ৰণ, এনে সময়ত উপবাস বন্ধ ৰাখিব লাগে। শৰীৰৰ প্ৰতিকূলে গৈ কোনো পৰীক্ষা-নিৰীক্ষা কৰিব নালাগে।
সকলোধৰণৰ উপবাস হৈছে মানৱ শৰীৰক ব্যাধিমুক্ত কৰি এক বিকাৰবিহীন অৱস্থালৈ নিবলৈ সক্ষম হোৱা এক বিজ্ঞানসন্মত ব্যৱস্থা।
উপবাসৰ আৰম্ভণি, প্ৰস্তুতি আৰু সাৱধানতা যেনেকৈ প্ৰয়োজনীয় বিষয়, তথৈবচ উপবাসৰ সমাপ্তিও অতি মহত্বপূৰ্ণ বিষয়। যেতিয়া উদৰত স্বাভাৱিক ভোক অগ্নি প্ৰজ্বলিত হয়, তেতিয়া উপবাস সমাপ্ত কৰিব লাগে। স্বাভাৱিক ভোকাগ্নি প্ৰজ্বলিত হোৱাৰ ফলত জিভা চাফা হয়, শ্বসন দীৰ্ঘ হয় আৰু মুখৰ স্বাদ মধুৰ আৰু স্বচ্ছ হয়। এনেধৰণৰ সংকেতৰ জৰিয়তে গম পায় যে শৰীৰৰ আভ্যন্তৰীণ শুদ্ধিকৰণ হৈছে।
স্বাভাৱিক ভোকৰ আগতে ভোজন কৰিলে উপবাসৰ প্ৰায় সমস্ত নষ্ট হৈ যায়। সেয়েহে উপবাসৰ সফল ব্যক্তিৰ বাবে ধৈৰ্য গুণ আৰু সুদক্ষ ব্যক্তিৰ নিৰীক্ষণ- এই দুয়োটা দিশেই গুৰুত্বপূৰ্ণ।
উপবাসৰ সামৰণি ফলৰ ৰস খাই কৰাটো উৎকৃষ্ট পন্থা। স্বাভাৱিক ভোক অনুভৱ হোৱাৰ পিছত দিন বা ৰাতিৰ যিকোনো সময়ত উপবাস ভাঙিব পাৰি। উপবাস পৰাপক্ষত দীৰ্ঘকালীন হোৱা উচিত। অল্পকালীন উপবাসৰ পৰিণাম বিশেষভাৱে প্ৰভাৱশালী নহয়। উপবাস যদি দীৰ্ঘকালীন হয়, তেন্তে ভংগ কৰাৰ সময় বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। ২০ বা ততোধিক দিনলৈ কৰা উপবাস ভংগ কৰাৰ প্ৰথম দিনলৈ কৰা উপবাস কৰাৰ ল প্ৰথম দিনত আধা গিলাচ ফলৰ ৰস প্ৰতিঘন্টাত পান কৰিব দিব লাগে। ৮ বজাত আৰম্ভ কৰি সন্ধিয়া ৬ বজালৈকে প্ৰতি ঘন্টাৰ মূৰে মূৰে ৰোগী(উপবাসী) জনক ফলৰ ৰস পান কৰাব লাগে। উপবাস সমাপ্তিৰ তৎক্ষণাত পিছতেই কেতিয়াও কঠোৰ দৈহিক-মানসিক পৰিশ্ৰম কৰিব নালাগে। লাহে লাহে স্বাভাৱিক জীৱনলৈ প্ৰত্যাৱৰ্তন কৰি দৈনন্দিন জীৱনৰ দায়িত্ব গ্ৰহণ কৰা উচিত।
লেখক: ভাৰ্গৱ কলিতা(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 6/4/2020