পোহৰ আমাৰ জীবনৰ এক অবিচ্ছেদ্য অংগ।পোহৰৰ বাবেই আমি চকুৰে দেখা পাওঁ।শৰীৰৰ বহুতো জৈৱিক কৰ্ম,সুস্বাস্থ্য,দৈনন্দিন জীৱন যাত্ৰা আৰু জীৱন ধাৰনাৰ মানৰ লগত পোহৰৰ এৰাব নোৱাৰা সম্পৰ্ক আছে।পোহৰ কি কেনেদৰে উৎপন্ন হয় আৰু ইয়াক জোখাৰ একক কি এয়া এক দীঘলীয়া বৰ্ননা।পোহৰ আমি প্ৰাকৃতিকভাৱে সূৰ্য্যৰ পৰা অথবা কৃত্ৰিমভাৱে পাব পাৰো।কৃত্ৰিম পোহৰতকৈ প্ৰাকৃতিক পোহৰ আমাৰ শৰীৰৰ জৈৱিক কৰ্ম সুস্থাস্থ্য আৰু দৈনন্দিন জীৱনৰ কৰ্মৰ বাবে বেছি লাভদায়ক।অধ্যয়নত প্ৰকাশ পোৱা মতে প্ৰাকৃতিক পোহৰত মানুহৰ কৰ্মদক্ষতা বাঢ়ে,ছাত্ৰৰ পঢ়াত মনোযোগ বাঢ়ে আৰু ৰোগীয়েও শৰীৰ আৰু মন ভাল পায়।সেয়েহে আমি আমাৰ বাসস্থান কৰ্মস্থলী বিদ্যালয় আৰু চিকিৎসালয় আদিত প্ৰাকৃতিক পোহৰ অধিক পৰাৰ বাবে এইবোৰৰ ওচৰত থকা পোহৰ পৰাত বাধা দিয়া বস্তবোৰ গুচোৱা পোহৰ পৰিবলৈ খিৰিকী ৰখা আৰু প্ৰাকৃতিক পোহৰৰ প্ৰ্তিফলন ঘটাবলৈ বগা ৰ্ং দিয়া উচিত।পোহৰৰ উৎস যিয়েই নহকওঁ কিয় আমাৰ চকুৱে আৰামৰে দেখা পোৱা অৰু সুস্থ জীৱনৰ বাবে ই উৎকৃষ্ট হব লাগে।
পোহৰ কোনো নিদিষ্ট কামৰ বাবে উপযুক্ত হোৱা চাৰিওফালে অনবৰতে সমান পৰিমানে সিঁচৰিত হৈ চাৰিওফালে সমান তীব্ৰতা থকা বেছি ডাঠ ছাঁ নপৰা,টিপ-টিপাই নথকা আৰু চিকমিকনি নথকা হলেই তাক উৎকৃষ্ট পোহৰ বুলি কোৱা হয়।চাৰিওফালে পোহৰৰ উগ্ৰতা সমান নহলে চকুৱে কষ্ট পায়।পোহৰ টিপ টিপাই থাকিলে চকুৱে দেখাত অসুবিধা পায় বাবে দুৰ্ঘটনা হোৱাৰ আশ্ংকা আহে।পোহৰৰ চিকমিকনি অধিক থাকিলে ই চকুৰ বাবে আমনিদায়ক হৈ পৰে।ছাঁ বেছি ডাঠ হৈ পৰিলে চকুৱে দেখাত দিগদাৰি পায়।পোহৰৰ মাধ্যমৰে বাহিৰৰ বিভিন্ন বস্তৰ আকৃতিৰ প্ৰ্তিবিম্ব আহি আমাৰ চকুৰ ৰেটিনাত প্ৰ্তিবিম্বিত হলে বস্তটো আমাৰ বাবে দৃশ্যমান হয়।যিদৰে কম পোহৰত যিকোনো বস্তৱে আমাৰ চকুত সুন্দৰভাৱে দৃশ্যমান নহয় ঠিক তেনেদৰে অতিমাত্ৰা পোহৰতো কোনো বস্ত আমাৰ চকুত ভালকৈ দৃশ্যমান নহয়।সাধাৰনতে ০,১ লাক্সৰ(পূৰ্নিমা ৰাতিৰ পোহৰৰ পৰিমান)পৰা ১,০০,০০ লাক্স(ফৰকাল বতৰত দুপৰীয়াৰ সূৰ্য্যৰ পোহৰৰ পৰিমান তীব্ৰতাৰ পোহৰহে আমাৰ চকুত বস্ত এটা দৃশ্যমান কৰিব পাৰে।সহজকৈ কবলৈ হলে যিমান তীব্ৰ পৰিমানৰ পোহৰত আমি এটা কাম কষ্ট কৰি কিবাকৈ কৰিব পাৰো তাতোকৈ ত্ৰিশ গুন বেছি পৰিমানৰ তীব্ৰ পোহৰক সাধাৰনতে চকুৰ বাবে উপযুক্ত পোহৰ বুলি কোৱা হয়।অৱশ্যে ঠাই আৰু কাম অনুযায়ী লগা পোহৰৰ তীব্ৰতাৰ পৰিমান ভিন্ন হয়।কৰিডৰৰ বাবে যিমান পৰিমানৰ পোহৰ লাগে পঢ়াৰ বাবে তাতকৈ বেছি আৰু কল কাৰখানাত তাতকৈও অধিক লাগে।মুঠতে কাম আৰু স্থান অনুযায়ী ভালকৈ দেখা দুৰ্ঘটনা হ্ৰাস হোৱা ব্যক্তিৰ সুস্বাস্থ্য বৰ্তাই ৰখা আৰু উৎকৃষ্ট হব লাগিব।পোহৰৰ প্ৰত্যেক জীৱনৰ ওপৰত জৈৱিক প্ৰভাৱ আছে।এইবোৰৰ ভিতৰত শৰীৰৰ উত্তাপ সঠিককৈ ৰখা,শাৰীৰিক কৰ্মদক্ষতা বৰ্তাই ৰখা,ছালত মেলানিন তৈয়াৰ কৰা,ভিটামিন ডি তৈয়াৰ কৰা—শৰীৰৰ বিলিৰুবিন ভাঙি উলিয়াই দিয়া ইত্যাদি।আজিকালি কেঁচুৱাৰ জণ্ডিচ হলে বিলিৰুবিন ভাঙি উলিয়াই দিবলৈ পোহৰ চিকিৎসা দিয়া হয়।
উৎকৃষ্ট পোহৰে মানুহৰ দৈনন্দিন জীৱন ধাৰনৰ মান বহু ধৰনে নিৰুপিত কৰে।উৎকৃষ্ট পোহৰে মানুহৰ মন ভাল লগায় কৰ্মদক্ষতা বঢ়ায়।কাৰ্য্যলয়ত প্ৰয়োজনীয় উৎকৃষ্ট পোহৰ থাকিলে কৰ্মচাৰীসকলৰ মন ভালে থাকে বাবে কাৰ্যদক্ষতাও বাঢ়ে।বিদ্যাৰ্থীয়ে উৎকৃষ্ট পোহৰত পঢ়িলে চকু ভালে থকাৰ উপৰি বেছি মনোযোগ দি পঢ়ি অধিক জ্ঞান আহৰন কৰি পৰীক্ষাত ভাল ফলাফল দেখুওৱাব পাৰে।উৎকৃষ্ট পোহৰে বাস কৰা ঘৰটো চাফা দেখাই আকৰ্ষনীয় কৰি ঘৰটো আহল বহল যেন দেখায়।ধুনীয়াকৈ পোহৰৰে সজোৱা ৰাজহুৱা স্থান দোকান পোহাৰ পাৰ্ক আদিৰ প্ৰ্তি মানুহৰ আকৰ্ষন বাঢ়ে বাবে এনে ঠাইবোৰলৈ মানুহৰ সমাগম অধিক হয়।উপযুক্ত উৎকৃষ্ট পোহৰৰ প্ৰয়োগে অভিনেতাৰ দক্ষতা নৃত্যৰ মান বঢ়ায়।
পোহৰৰ পৰিমান উপযুক্ত আৰু উৎকৃষ্ট নহৈ কম বা বেছি হলেই মানুহৰ জীৱন যাত্ৰা আৰু স্থাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। এনে হলে আমাৰ চকুৱে খুব কষ্ট পোৱাৰ উপৰি ই আমাক ভাগৰুৱা কৰি তোলাৰ লগতে আমাৰ কৰ্মদক্ষতা কমায়।কম পোহৰত কাম কৰিলে মানুহ কৰ্মস্থলীত আঘাতপ্ৰাপ্ত হোৱাৰ আশ্ংকা অধিক হয়।চকুৱে কষ্ট পোৱাৰ বাবে চকুৰ বিষ চকুৰে পানী ওলোৱা মূৰৰ বীষ আদি হব পাৰে।পোহৰত যদি চিকমিকনি থাকে মানুহৰ কৰ্মদক্ষতা কমে মূৰৰ বিষ আৰু বমি হব পাৰে।আজিকালি বহুতো বাসস্থান মেলা দোকান আদিত প্ৰয়োজনতকৈ অধিক পোহৰ ব্যৱহাৰ কৰি পোহৰৰ প্ৰদূষন কৰা দেখা যায়।পোহৰ প্ৰদূষনে শক্তিৰ অপচয় কৰি খৰচ বঢ়োৱাৰ উপৰি সৰহকৈ কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰি পৰিৱেশত দূষিত কৰি তোলে।পোহৰৰ প্ৰ্দূষনৰ পৰা মানুহৰ সঘনাই মূৰ বিষোৱা মানসিক চাপ হোৱা আবেগ বঢ়া বমি হোৱা আৰু উচ্চ ৰক্তচাপ হোৱা দেখা যায়।
ডা: ধৰ্মকান্ত কুম্ভকাৰ
শেহতীয়া উন্নীতকৰণ: : 9/13/2018
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসমৰ জাতীয় জীৱনত হুঁচৰি গীতৰ তাৎপৰ্য
অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান
আপোনাক কিমান সময়ৰ টোপনিৰ প্ৰয়োজন হয় সেই বিষয়ে কিছু...