অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৰহী শিশুৰ উপকাৰী

চমু বিৱৰণ

শিশুৱে যেতিয়া টান আহাৰ খাবলৈ আৰম্ভ কৰে, তেতিয়া সিহঁতক সেউজীয়া উৰহী অথবা উৰহীৰ গুটি বা মটৰ মাহৰ গুটি খাবলৈ দিব পৰা যায়। বিশেষজ্ঞসকলৰ মতে এনে খাদ্যই শিশুৰ স্বাস্থ্যত আচৰিত ধৰণে সু-প্ৰভাৱ পেলায়।

উৰহীৰ উপকাৰীতা আৰু ইটো সিটো

পৃথিৱীৰ বিভিন্ন দেশত উৰহী বা বীণ জাতীয় পাচলিৰ মুঠতে ১৫০ টা প্ৰজাতি আছে আৰু এইবোৰৰ নামবোৰ ভিন্‌ ভিন্‌ হ’লেও ইহঁতৰ উপকাৰিতা গুণবোৰ একেই ধৰণৰ। এই উৰহী বা বীণ জাতীয় পাচলিবোৰ হৈছে-প্ৰ’টিনৰ উৎস। তদুপৰি এইবিধ পাচলিত থাকে-ভিটামিন এ, ভিটামিন চি, ফ’লেট্‌ ফাইবাৰ বা আঁহ, এন্টিঅক্সিডেন্ট এইবোৰ উপকাৰী দ্ৰব্যৰ লগতে উৰহী বা বীণ জাতীয় পাচলিত আছে নানা তৰহৰ উপকাৰী খনিজ দ্ৰব্য, যেনে-কেলচিয়াম, আইৰণ (লো), পটাচিয়াম ফচফৰাচ, মেগনেছিয়াম, ছ’ডিয়াম, জিংক আদি।

শিশুৰ কাৰণে উৰহী অথবা উৰহীৰ গুটি উপকাৰী যদিও সেউজীয়া সজীৱ এই পাচলিবিধহে শিশুক খুৱাব লাগে। প্ৰ’টিনৰ উৎসস্বৰূপ উৰহীত আছে ভিটামিন চি, ভিটামিন চিয়ে শৰীৰৰ প্ৰতিৰোধ শক্তিৰ (ইমিউন ছিষ্টেম) বৃদ্ধি কৰে। তদুপৰি সাধাৰণ পানীলগা, কফ, এজমা (হাঁপানী) আদি ৰোগক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো ভিটামিন চিয়ে সহায় কৰে। ভিটামিন চিয়ে শিশুৰ শৰীৰত এন্টিঅক্সিডেন্ট হিচাপেও কাম কৰে।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate