অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এটা যন্ত্ৰই ধৰা পেলাব- মেলেৰিয়া নে ইনফ্লুয়েঞ্জা

এটা যন্ত্ৰই ধৰা পেলাব- মেলেৰিয়া নে ইনফ্লুয়েঞ্জা

আমেৰিকাত আৱিষ্কৃত এটা নতুন ৰোগ চিনাক্তকৰণ সজুঁলি ব্যৱহাৰ কৰি মাত্ৰ এটা পৰীক্ষাতে নিৰ্ভূল ভাৱে জানিব পৰা যাব – ৰোগী জনে মেলেৰিয়া, এবোলা, ইনফ্লুয়েঞ্জা নে বেক্টেৰিয়া জনিত ৰোগত ভুগিছে। গ্ৰীণচিপ নামৰ এই নতুন সজুঁলি বিধে যিকোনো ধৰণৰ সংক্ৰমক ৰোগ তেনেই কম সময়তে ধৰা পেলাব পাৰে। ৰোগীৰ শৰীৰৰ কোষ কলা, তেজ, প্ৰস্ৰাৱ বা পায়খানা – যিকোনো এবিধ নমুনা পৰীক্ষা কৰি ৰোগটো ভাইৰাচ, বেক্টেৰিয়া, ভেকুঁৰ বা পৰজীৱী সংক্ৰমণ, যিহৰ কাৰণেই নহওক কিয় নিৰ্ভূল আৰু নিখঁত ভাৱে ৰোগটো নিৰ্ণয় কৰি দিন পাৰে। আমেৰিকাৰ ‘ইমাৰ্জিং ইনফেকচিয়াচ ডিজিজ’ নামৰ আলোচনী খনৰ গৱেষক সকলে এই কথা প্ৰকাশ কৰিছে। ৰোগী জনে যদি জ্বৰ, ডিঙিৰ খচ্‌খচ্‌নি, কাহ, গাৰ বিষ আদি উপসৰ্গত ভুগি আছে – এই সজুঁলি বিধ ব্যৱহাৰ কৰি চিকিৎসক জনে তৎক্ষণাত নিৰ্ণয় কৰিব পাৰিব- ৰোগটোৰ কাৰণ বিপদ জনক ‘ফ্লু’ৰ ভাইঅৰাচ নে অন্য সাধাৰণ ভাইৰাচ।

এই ‘গ্ৰীণচিপ’ নামৰ সজুঁলি বিধ দেখাত সাধাৰণ আইনাৰ শ্লাইডৰ দৰে। ইয়াত শাৰী শাৰীকৈ সজোৱা আছে প্ৰায় ৩০,০০০ বিভিন্ন ধৰণৰ ভাইৰাচ, বেক্টেৰিয়া, ভেকঁৰ আৰু পৰজীৱীৰ ডি, এন, এ বা আৰ, এন, এৰ নমুনা। এই সজুঁলিটোত যেতিয়া ৰোগীৰ তেজ, প্ৰস্ৰাৱ বা শৰীৰৰ কোষকলা পৰীক্ষাৰ কাৰণে প্ৰবেশ কৰোৱা হয়, তেতিয়া নমুনাত থকা ৰোগৰ বীজাণু বিধ, সজুঁলিত সঞ্চিত থকা কোন বিধ বীজাণুৰ লগত মিলে সেইটো বিচাৰি উলিয়ায় আৰু অতি কম সময়ৰ ভিতৰতে ৰোগটোৰ কাৰণ সঠিক ভাৱে সজুঁলি বিধে প্ৰদৰ্শন কৰে। যুক্তৰাষ্ট্ৰৰ ‘নেচনেল ইনষ্টিটিউট অব এলাৰ্জি এণ্ড ইনফেকচিয়াচ ডিজিজ’ নামৰ প্ৰতিষ্ঠানটোৱে এই অত্যাধুনিক পৰীক্ষা সজুঁলি বিধ উদ্ভাৱন কৰাত সহায় কৰিছে বুলি তাৰ বিজ্ঞানী সকলে প্ৰকাশ কৰিছে।

চিকিৎসক সকলে এনে এটা নিৰ্ভৰযোগ্য আৰু সময় সাপেক্ষে পৰীক্ষা সজুঁলিকে বিচাৰি আছিল। কিন্ত এই সজুঁলি বিধ সহজ লভ্য হ’বলৈ আৰু কিছু দিন বাট চাব লাগিব। কাৰণ ইয়াৰ কাৰ্যকাৰিতা আৰু অধিক নিখুঁত কৰি তুলিবলৈ কিছু সালসলনি দৰকাৰ হ’ব পাৰে। আমেৰিকাৰ দৰে দেশতো শ্বাসতন্ত্ৰৰ কিছুমান ৰোগ পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰা নহয়। কাৰণ এনে কিছুমান ৰোগৰ সঠিক কাৰণ নিৰ্ণয় কৰাটো কষ্টসাধ্য, ব্যয়বহুল আৰু সময় খৰচী। শ্বাসতন্ত্ৰৰ ওপৰ অংশত কেবাশও বেলেগ বেলেগ জীৱাণুৰ সংক্ৰমণৰ ফলত একেধৰণৰ কিছুমান ৰোগ লক্ষণ প্ৰকাশ পায়। সেয়ে প্ৰতিচিধ জীৱাণু পৰম্পৰাগত পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰাটো বৰ সহজ সাধ্য নহয়। নিউ ইয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ‘গ্ৰীণ ইনফেকচিয়াচ ডিজিজ লেবৰেটৰী’ৰ (Greene Infectious Disease Laboratory) সঞ্চালক আয়ান লিপকনে মত প্ৰকাশ কৰি কৈছে যে – একে সময়তে বহু বিধ বীজাণু চিনাক্ত কৰণ কৰিব পৰাটোহে বেছি দৰকাৰী কথা। কাৰণ যিকোনো এটা ৰোগ সংক্ৰামক ৰুপ লোৱাৰ আগতেই কম সময়তে চিনাক্ত কৰিব পাৰিলে চিকিৎসা ব্যৱস্থাও সলনি কৰিব পাৰি বা ইয়াৰ ব্যাপক সংক্ৰমণো বিহিন্ন উপায়েৰে নিয়ন্ত্ৰণ কৰিব পৰা হয়। লিপকিনৰ ‘গ্ৰীণ’ লেবৰেটৰীয়ে উদ্ভাৱন কৰাৰ বাবেই এই অতি সংবেদনশীল ইলেক্ট্ৰনিক সজুঁলি বিধক ‘গ্ৰীণচিপ’ বুলি নাম কৰণ কৰা হৈছে।

এতিয়া লৈকে এই সজুঁলি বিধ ব্যৱহাৰ কৰি শ্বাসতন্ত্ৰৰ ৰোগী, হিমোৰেজিক জ্বৰ, যক্ষ্মা আৰু মূত্ৰনলীৰ ৰোগত ভোগা ৰোগীৰ ৰোগৰ কাৰণ সঠিক ভাৱে নিৰ্ণয় কৰিব পৰা গৈছে। পৰম্পৰাগত ভাৱে প্ৰচলিত দীঘলীয়া সময় লগা পৰীক্ষাবোৰৰ দৰেই সম্পূৰ্ণ নিখুঁত আৰু সম্পূৰ্ণ সঠিক ভাৱে এই সজুঁলি ব্যৱহাৰ কৰি ৰোগ নিৰ্ণয় কৰিব পৰা গৈছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate