অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এটি সুসন্তান পাবলৈ পিতৃ আৰু মাতৃৰ কৰণীয়

এটি সুসন্তান পাবলৈ পিতৃ আৰু মাতৃৰ কৰণীয়


প্ৰথম অধ্যায় -

বিবাহৰ পিচত প্ৰত্যেক দম্পতি তথা বংশ পৰিয়ালে আশা কৰে - তেওঁলোকৰ মাজলৈ যেন এটি সুন্দৰ সুঠাম গুণী জ্ঞানী বংশ তথা সমাজত নাম কৰা সন্তানৰ আগমন হয়। কোনেও নাভাবে যে আহিবলগা সেই সন্তান কুৎসিত, কুলাঙ্গাৰ , পঙ্গু বা জধামুৰ্খ হওঁক ।
বোকাৰ মাজত পদুম ফুলাৰ নিচিনা নিৰিহ সাধাৰন পৰিয়ালতো উজ্জল ৰত্নসদৃশ সন্তানৰ আৱিৰ্ভাৱ হয় আৰু উচ্চ সুনাম থকা পৰিয়ালতো বংশ নাশ কৰিব পৰা একোটা বিষপুত্ৰৰ জন্ম হয় । সু নয়না মাতৃৰ গৰ্ভত অন্ধপুত্ৰ আৰু পঙ্গু মাতৃৰ গৰ্ভতো সুউচ্চ পাহাৰ বগাব পৰা সন্তানৰ জন্ম হয় ।
কোনোদিনে অ আ ক খ নিশিকা দুখীয়া নিচলাৰ ঘৰতো নামজলা মেধাবী ছাত্ৰৰ জন্ম হয়।
এয়া মাথো নিৰ্ভৰ কৰে মাতৃ গৰ্ভত সন্তানৰ ভ্ৰুন স্থিতিৰ পৰা ভুমিস্থ হোৱালৈ গৰ্ভকালীন অৱস্থাত পিতৃ আৰু বিশেষকৈ মাতৃৰ চিন্তা চৰ্চা , ধ্যান ধাৰনা, আহাৰ বিহাৰ, নীতি নিয়ম, স্বাস্থ্য অস্বাস্থ্যৰ ওপৰত ।
সেয়ে প্ৰতিহাল দম্পতিয়ে নিজৰ এটি বা দুটি সুসন্তান জন্ম দিয়াৰ পুৰ্বে কিছু সম্যক জ্ঞান লোৱাটো অতি আবশ্যক ।এই বিষয়ত মনোযোগ নিদিয়াৰ ফলত বেচি সংখ্যক সন্তান ৰুগীয়া বা আশা কৰামতে গুণী জ্ঞানী ,স্বাস্থ্যবান বা মেধা নহয় । অৱশ্যে এনে সাধাৰণ জ্ঞান সমুহ লোৱাৰ মাধ্যমৰ অভাৱ বা থাকিলেও গুৰুত্ব নিদিয়াৰ ফলতেই এনে হয় বুলি কব লাগিব ।
এইখিনিতে গুৰুত্বপুৰ্ন কথা এয়ে যে -
১। গৰ্ভস্থ হোৱাৰ পুৰ্বৰ প্ৰস্তুতি:- সন্তান আশা কৰাৰ পুৰ্বে মাতৃ আৰু পিতৃৰ শাৰিৰীক আৰু মানসিক স্থিতি সুস্থিৰ আৰু সংযত হোৱাতো অতি আৱশ্যক।
লগতে এটি সুসন্তান কামনাৰে নিজৰ ইষ্টদেৱতাৰ প্ৰতি ভক্তিভাৱনাৰে প্ৰস্তুতি কৰাতো অতি আৱশ্যক।
২। গৰ্ভকালীন অবস্থাত মাতৃয়ে সদায় ৰসাল ,সহজে
হজম হোৱা লঘু ,সুষম আৰু পুস্তিকৰ নিয়মিত আহাৰ , নিদ্ৰা ,সীমিত পৰিশ্ৰম তথা সুস্বাস্থৰ প্ৰতি যত্নপৰ হোৱাতো বাঞ্চনীয়। এই ক্ষেত্ৰত স্ৱামী বা পৰিয়ালেও গুৰুত্ব দিয়াতো আৱশ্যক ।ভাৰতৰ অধিক সংখ্যক মহিলা গৰ্ভাৱস্থাত সুষম আহাৰৰ অভাৱত (ধনী বা দুখীয়া) ৰক্তহীনতা,হিম'গ্লবিনৰ অভাৱ , ভিটামিন বা আৱশ্যকীয় খনিজ মৌলৰ অভাৱত দুৰ্বল বা বিকলাংগ শিশুৰ জন্ম নাইবা মাতৃ /শিশুৰ মৃত্যু হোৱা দেখা যায়। বহুতেই আকৌ বজাৰত বেচি মুল্যত কিনা ফল , পাচলি , মিঠাই ,মাছ ,মাংসআদিকে বেচি পুস্তিকৰ বুলি ভাবে । গৰ্ভৱতী মাতৃক বজাৰৰ ৰাসায়নিক সাৰ ঔষধ যুক্ত পাচলি ,মাছ মাংস ,ফলআদি নুখুৱাব।
(অগত্যা খাব লাগিলে নিমখ পানীত কিছুসময় তিয়াই থৈহে ৰান্ধিব) পাৰিলে নিৰামিষ আহাৰেই উত্তম , নোৱাৰিলে সৰু জাতৰ মাছ খাব। দামী আহাৰৰ বিপৰীতে ৰা:সাৰ ঔষধমুক্ত থলুৱা ফল , ঘৰতে বনাব পৰা অসমীয়া লঘু আহাৰ, তথা সহজলভ্য ঔষধী গুণযুক্ত বনশাক পাচলি সমুহে যথেস্থ পুস্তিসাধন কৰে।
সদায় মনত ৰাখিব - মাতৃৰ সুষম খাদ্যই সন্তানকো পৰিপুষ্ট কৰে ।
গীতা শাস্ত্ৰত কৈছে- আহাৰ তিনিবিধ -
সাত্বিক ৰাজসিক আৰু তামসিক ।
ক) যি মাতৃয়ে ৰসাল ফল , দ্ৰব্যগুণ যু্ক্ত শাক পাচলি , তৃপ্তিদায়ক , লঘু সাত্বিক আৰু নিৰামিষ আহাৰ ভগৱানৰ প্ৰসাদৰুপে গ্ৰহন কৰে তেওৰ গৰ্ভত সাত্বিক সুস্থ্য সবল জ্ঞানী সন্তান জন্ম হয়।
এই ক্ষেত্ৰত মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ সাত্বিক আহাৰৰ দিহা উল্লেখনীয় ।
খ) যি মাতৃয়ে অতি গুৰুপাক, অতি মিঠা, অতি তিতা, টেঙা ,অতি গৰম বা ঠান্ডা ,মা -মচলাযুক্ত আৰু অধিক জুতিকৰ ৰাজসিক খাদ্য খায় সেই মাতৃৰ গৰ্ভত ৰুগীয়া সন্তান জন্ম হয়।
গ) বাহি খাদ্য, উচ্ছিস্থ ,অপবিত্ৰ , দুৰ্গন্ধযুক্ত,অখাদ্য আৰু বিৰুদ্ধ ভোজন কৰে সেই মাতৃৰ গৰ্ভত তামসিক, বিকলাংগ বা দুৰ্বল শিশু জন্ম হয়।
৩) গৰ্ভৱতী মাতৃৰ মানসিক চিন্তা চৰ্চা-
কথাতে কয় -মাক চাইহে জীয়েক , বাপেক চাইহে পুতেক । কথাতো হয় যদিও অসুৰৰ গৃহতো প্ৰহ্লাদৰ নিচিনা বিষ্ণু ভক্তৰ জন্ম হয় । সেই ভক্তিকথা হেনো মাতৃগৰ্ভতে নাৰদৰ মুখে শিকা , আনফালে অভিমন্যুই হেনো গৰ্ভতেই চক্ৰবেহুত সোমোৱা পথ কৃষ্ণ অৰ্জুনৰ মুখে শুনিছিল । সেয়া যি নহওক গৰ্ভৱতী কালীন সময়চোৱাত মাকে স্বামী বা আন ব্যক্তিৰ সতে যি সুখ দুখ চিন্তা ভাৱনা কৰে সন্তানেও
তাৰ সম্পুৰ্ন ভাগ পায়। সেয়ে এই সময়চোৱাত মাতৃয়ে দুখ শোক , ৰাগ খং বা অপ্ৰীতিকৰ ঘটনা আদিৰ লগত জৰিত নোহোৱাটো ভাল । তাৰ পৰিৱৰ্তে ধৰ্মীয়,আধ্যাত্মিক তথা নীতি শিক্ষামুলক আৰু যোগাত্মক চিন্তা ভাৱনাত ব্যস্ত থকাতো সন্তানৰ বাবে মঙ্গল হয় ।
৪) পিতৃ আৰু পৰিয়ালৰ ভূমিকা :- পিতৃ ঔৰষত জন্ম হবলগা এটি সুসন্তান লাভ কৰিবলৈ অকল
মাতৃগৰাকিৰ ওপৰতে এৰি নিদি পৰি য়ালৰ লগতে মাতৃ গৰাকিৰ ওপৰত পিতৃৰ সম্পুৰ্ন দাযিত্ববোধ থকাতো অতি আৱশ্যক। পিতৃ সকলো ক্ষেত্ৰতে মাতৃ ৰ স্বাস্থ্যৰ প্ৰতি যত্নপৰ ,প্ৰেৰনা ,সাহস, মৰম আৰু যোগাত্মক ভাবাপন্ন হোৱাতো আৱশ্যক।
মাজে মাজে স্ৱামী স্ত্ৰীয়ে মন্দিৰ বা সাধু ব্যক্তিৰ সঙ্গ লাভ কৰাটোও ভাল।
মনত ৰাখিব:-এটি সন্তানে ভৱিষ্যতে ভাল -বেয়া,যোগ্য -অযোগ্য,জ্ঞানী-মুৰ্খ হোৱাৰ মুলতে সকলো নিৰ্ভৰ কৰে ভুমিস্থ হোৱাৰ পুৰ্বে গৰ্ভকালীন অৱস্থাত পিতৃ আৰু মাতৃয়ে পালন কৰা নীতি-নিয়ম,ভাৱ -চিন্তা, ধ্যান-ধাৰনাৰ ওপৰত। বেয়া বা কু-ফলৰ বাবে ভাগ্য নিয়ন্তা বা সন্তান কেতিয়াও দায়ী নহয় ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 1/18/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate