অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এন্টিঅক্সিডেন্ট :

 

আজিকালি স্বাস্থ্যসচেতন লোকসকলৰ মাজত প্ৰায়ে শুনিবলৈ পোৱা কথাষাৰ হৈছে- ‘এন্টিঅক্সিডেন্ট’। আমি জানো যে এন্টিঅক্সিডেন্ট নমৰ কিছুমান খাদ্যত থকা গুণ আমাৰ বাবে উপকাৰী। আনকি আমাৰ আহৰতো এন্টিঅক্সিডেন্ট থাকিব লাগে। পিছে মানুহে আলোচনা কৰা এন্টিঅক্সিডেন্টনো প্ৰকৃততে কি?

এন্টিঅক্সিডেন্ট কি? ই কিয় উপকাৰী -

দিনটোত আমাৰ দেহৰ অভ্যন্তৰত কি কি প্ৰক্ৰিয়া সম্পন্ন হয়? আমাৰ দেহটোৱে অক্সিজেন গ্ৰহণ কৰাৰ লগে লগে প্ৰাকৃতিকভাৱেই কিছুমান ‘ফ্ৰি ৰেডিকলছ’ উৎপন্ন হয়। ফ্ৰি ৰেডিকেলচবোৰে কোষ এটাক আক্ৰমণ কৰাৰ লগতে পিছলৈ আক্ৰান্ত কোষবিলাকক ধ্বংস কৰি পেলায়। লগতে ৰোগৰো সৃষ্টি কৰে। ধূমপান, প্ৰদূষণ আদিৰ বাবে ফ্ৰি ৰেডিকেলচবোৰৰ পৰিমাণ শৰীৰত বৃদ্ধি পায়।

আমি আহাৰৰ পৰা পোৱা পুষ্টিদ্ৰব্যৰ ভিতৰত এবিধ উপাদান হৈছে ‘এন্টিঅক্সিডেন্ট’। ই ফ্ৰি ৰেডিকেলচবোৰক নিয়ন্ত্ৰিত ৰাখি দেহটো অক্সিডেটিভ হোৱাত বাধা দিয়ে।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগত এন্টিঅক্সিডেন্টৰ সম্পৰ্ক কি -

ফ্ৰি ৰেডিকেচলবোৰে কোষবোৰক আক্ৰমণ কৰাৰ লগতে কলেষ্টেৰলবোৰক অক্সিডেচন(জাৰণ) কৰে। ফলত হৃদৰোগৰ সৃষ্টি হয়। ইয়াৰ অৰ্থ হৈছে অনিষ্টকাৰী কলেষ্টেৰলৰ(LDL) অধীনত চৰ্বিৰ প্লেক বা লদা গঠন কৰে। এই চৰ্বি ধমনীৰ ভিতৰত ডকা বান্ধিলে তেজ চলাচলৰ পৰিমাণ কমি যায়, বা হৃদযন্ত্ৰলৈকো তেজৰ চলাচলত বাধাৰ সৃষ্টি হয়। দেহটোৱে সৃষ্টি কৰা ফ্ৰি-ৰেডিকেলচবোৰেই এই সমস্যাৰ সৃষ্টি কৰে। সেয়ে প্ৰদূষিত পৰিৱেশত ফ্ৰি ৰেডিকেলচবোৰৰ বৃদ্ধি প্ৰতিহত কৰা টান হৈ পৰে। সেয়ে আমাৰ খাদ্যৰ লগত এন্টিঅক্সিডেন্ট যোগ কৰা অতি প্ৰয়োজন।

এন্টিঅক্সিডেন্ট কি কি প্ৰকাৰৰ -

এন্টিঅক্সিডেন্টে ফ্ৰি ৰেডিকেলচবোৰ নিয়ন্ত্ৰণ কৰাৰ সময়ত ই বিভিন্ন ধৰণে কাম কৰে। এন্টিঅক্সিডেন্টৰ কামৰ প্ৰকাৰ অনুসৰি তলত দিয়া ধৰণে ভাগ কৰিব পাৰি-

*প্ৰতিৰোধকাৰী এন্টিঅক্সিডেন্ট(Preventive):

এইবিধ এন্টিঅক্সিডেন্টে কোষটো ধ্বংস হোৱাৰ পূৰ্বে অক্সিডাইজিং হোৱাৰ বাধা দিয়ে।

*Chainbreaking এন্টিঅক্সিডেন্ট:

ই অক্সিডেটিভ প্ৰক্ৰিয়া কমাই আনে বা বন্ধ কৰে।

পৰিয়ালটোৱে প্ৰয়োজনীয় এন্টিঅক্সিডেন্ট পোৱা বুলি কিদৰে জানিব:

ফ্ৰিৰেডিকেলচবোৰে যাতে কোনো ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে আহাৰত প্ৰয়োজনীয় এন্টিঅক্সিডেন্ট থাকিব পাৰে। প্ৰয়োজনীয় এন্টিঅক্সিডেন্টখিনিখাদ্যবস্তু ৰন্ধা তেলৰ প্ৰাকৃতিকভাৱে এন্টিঅক্সিডেন্ট থকা তেল ব্যৱহাৰ কৰিব লাগে।

উল্লেখ্য যে আমাৰ দেশত খাদ্যবস্তু ৰান্ধিলে তেল ব্যৱহাৰ কৰা হয়। তেল আৱশ্যকীয় উপাদান। কিন্তু বেছি উত্তাপ পালেই সাধাৰণ মানৰ তেলত অক্সিডেচন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ফ্ৰি ৰেডিকেলচ গঠন কৰিবলৈ লয়। সেয়ে হৃদৰোগৰ পৰা পৰিয়ালটোক ৰক্ষা কৰিব বিচাৰিলে তেলখিনি এন্টিঅক্সিডেন্টযুক্ত কৰি লোৱা দৰকাৰ।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate