অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এন্টিবায়’টিক ৰেজিছটেন্স আৰু ইয়াৰ পৰা হ’ব পৰা ভয়াৱহতা

এন্টিবায়’টিক ৰেজিছটেন্স আৰু ইয়াৰ পৰা হ’ব পৰা ভয়াৱহতা

বেক্টেৰিয়াৰ দ্বাৰা দেহত উৎপন্ন হোৱা বেমাৰসমূহক চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধকে এন্টিবায়’টিক কোৱা হয়। An Antibiotic is a chemical substances produced by micro organisms having the property of inhibiting the growth of or destroying other micro organism in high dihetion-Waksman. অৰ্থাৎ এন্টিবায়’টিক হ’ল কিছুমান অণুজীৱাণুৱে সৃষ্টি কৰা এক প্ৰকাৰ ৰাসায়নিক পদাৰ্থ, যাৰ অন্য জীৱাণু বৃদ্ধি হোৱাত বাধা জন্মোৱা বা ধ্বংস কৰাৰ ক্ষমতা থাকে। অন্য অৰ্থত অণুজীৱাণু ধ্বংস কৰিবলৈ অণুজীৱাণুৰ পৰাই সৃষ্টি কৰা ৰাসায়নিক পদাৰ্থৰ নামেই হ’ল এন্টিবায়’টিক।

এন্টিবায়’টিকসমূহ সাধাৰণতে Fungi, Becteria আৰু Actinomycetes ৰ পৰা আহৰণ কৰা হয়। ১৯২৮ চনত ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে সৰ্বপ্ৰথম পেনিচিলিন আৱিষ্কাৰ কৰিছিল। এই পেনিচিলিন আৱিষ্কাৰ চিকিৎসা বিজ্ঞানৰ এটা যুগান্তকাৰী ঘটনা। ১৯২৮ চনৰ পৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত অৱশেষত ১৯৪১ চনত যুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকসকলক চিকিৎসাৰ বাবে পেনিচিলিন ব্যৱহাৰ কৰি ব্যাপক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল। এই পেনিচিলিন আৱিষ্কাৰৰ কাৰণে ১৯৪৫ চনত ছাৰ আলেকজেণ্ডাৰে চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল। পেনেচিলিন আৱিষ্কাৰ কৰাৰ পিচত ১৯৪৪ চনত ষ্ট্ৰেপটোমাইচিন নামৰ আন এটা এন্টিবায়’টিক আৱিষ্কাৰ হৈছিল। ইয়াৰ পিছৰ ২৫ বছৰত অৰ্থাৎ ঊনৈশ শতিকাৰ শেষৰ ভাগত বিজ্ঞানীসকলে এটাৰ পিচত এটা ভিন্ন জেনেৰেচনৰ এন্টিবায়’টিক আৱিষ্কাৰ কৰি উলিয়ালে। ফলত মানৱ শৰীৰত হোৱা বিভিন্ন সংক্ৰমক ৰোগ চিকিৎসা কৰিবলৈ চিকিৎসকসকলৰ বাবে উজু হৈ পৰিল। এন্টিবায়’টিক আৱিষ্কাৰে ৰোগীৰ ৰোগ চিকিৎসা বা নিৰাময় কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সহায় হৈছে, সেইদৰে ইয়াৰ বহুল ব্যৱহাৰে আকৌ বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ লগতে আন এটা ভয়াৱহ দিশৰ পিনেও আগবাঢ়ি গৈছে। সেয়া হ’ল এন্টিবায়’টিক ৰেজিছটেন্স। এই এন্টিবায়’টিক ৰেজিছটেন্স বা প্ৰতিৰোধৰ বাবে অদূৰ ভৱিষ্যতে ভাৰতীয় মানুহে সাধাৰণ সংক্ৰমণত জীৱন দিবলগীয়া হ’ব পাৰে। যোৱা দুটা দশক ধৰি চিকিৎসা বিজ্ঞানীসকলে কোনো ধৰণৰ নতুন প্ৰজন্মৰ এন্টিবায়’টিক আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে এন্টিবায়’টিকৰ ব্যৱহাৰ আৰু ৰোগৰ কাৰক সম্পৰ্কে পৰ্য্যাপ্ত জ্ঞানৰ অভাৱত চিকিৎসা কৰ্মীৰ দ্বাৰা সঘনাই, অপ্ৰয়োজনীয়, অতিৰিক্ত বা নিম্ন মাত্ৰাত এন্টিবায়’টিকৰ ব্যৱহাৰৰ ফলত অণুজীৱবোৰে এন্টিবায়’টিকৰ বিৰুদ্ধে এক প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। এন্টিবায়’টিকসমূহৰ এই প্ৰতিৰোধক আহৰিত প্ৰতিৰোধ বুলি কোৱা হয়। আহৰিত প্ৰতিৰোধ বুলি কোৱা হয়। আহৰিত প্ৰতিৰোধ মানে আগত কাৰ্যকৰী হোৱা অণুজীৱাণুৰ বিৰুদ্ধে ক্ৰমান্বয়ে কাম নকৰা হোৱা। একেবিধ এন্টিবায়’টিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও এই ধৰণৰ ‘প্ৰতিৰোধ’ৰ সৃষ্টি হ’ব পাৰে। এনেকুৱা কিছুমান দৰব প্ৰতিৰোধ আছে, যিসমূহ কেতিয়াও শৰীৰত ব্যৱহাৰ হোৱা নাছিল। কিন্তু অনুৰূপ ৰাসায়নিক ফৰ্মূলাৰ এন্টিবায়’টিক ব্যৱহাৰ কৰাৰ ফলত এই ধৰণৰ প্ৰতিৰোধ গঢ়ি উঠে। ইয়াক ক্ৰছ ৰেজিছটেন্স বুলি কোৱা হয়। আকৌ কিছুমান এনেকুৱা জীৱাণু আছে, যেনে-Staphylococci, Coliform, Dubencular, bacilli এইবোৰে অতি সোনকালে দৰৱ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। আন কিছুমান এনেকুৱা অণুজীৱাণু আছে, যেনে-Strepto Pyosenss আৰু Spirochets যি সমূহৰ চল্লিছ বছৰলৈ এন্টিবায়’টিক ব্যৱহাৰ কৰিলেও প্ৰতিৰোধ ক্ষমতা গঢ়ি নুঠে। এই দৰৱ প্ৰতিৰোধৰ অন্যতম কাৰণ হ’ল মিউটেচন। অণুজীৱাণুসমূহে ঘনে ঘনে এক বা ততোধিক জিন পৰিৱৰ্তন কৰা হেতুকে এবাৰ এটা এন্টিবায়’টিকে ধ্বংস কৰা জীৱাণুটোৱে কিছুদিন পিছতেই সেই এন্টিবায়’টিকৰ বিৰুদ্ধে প্ৰতিৰোধ সৃষ্টি কৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এন্টিবায়’টিকসমূহ প্ৰাকৃতিকভাৱেও কিছুমান জীৱাণুৰ প্ৰতি নিষ্ক্ৰিয় থাকে। যেনে- কিছুমান এন্টিবায়’টিকে গ্ৰাম নিগেটিভ আৰু আন কিছুমানে গ্ৰাম পজিটিভ অণুজীৱাণুৰ বিৰুদ্ধেহে কাম কৰে। আকৌ এনে কিছুমান এন্টিবায়’টিক আছে, যি গ্ৰাম পজিটিভ আৰু গ্ৰাম নিগেটিভ দুয়োধৰণৰ অণুজীৱাণুৰ বিৰুদ্ধেহে কাম কৰে। আকৌ এনে কিছুমান এন্টিবায়’টিক আছে, যি গ্ৰাম পজিটিভ আৰু গ্ৰাম নিগেটিভ দুয়োধৰণৰ অণুজীৱাণুৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা ৰাখে। আমাৰ সমাজত অশিক্ষাৰ কাৰণেই হওক বা স্বাস্থ্য বিষয়ত সচেতনতাৰ অভাৱকেই হওক আমি নিজে নিজে ঔষধ প্ৰয়োগৰ প্ৰৱণতা আছে। নতুবা কোনো চিকিৎসকৰ ওচৰলৈ নগৈ কিছুমান অৰ্ধশিক্ষিত চিকিৎসক নামধাৰী ব্যক্তি বা গাঁৱলীয়া বেজৰ শৰণাপন্ন হওঁ বা হবলগীয়া হয়। তাৰ ফলত চিকিৎসা বিজ্ঞানৰ ন্যূনতম জ্ঞান নথকাকৈ সেইসকল ব্যক্তিয়ে আমাৰ ৰোগ চিকিৎসাৰ বিধান দিয়ে। ফলত উল্লেখিত ধৰণৰ তিনিও প্ৰকাৰ মেডিকেচন, অৰ্থাৎ অলাগতিয়াল, অপৰ্য্যাপ্ত, মাত্ৰাধিক বা একাধিক এন্টিবায়’টিক ব্যৱহাৰৰ আশংকা থাকে। ফলত আমাৰ সমাজত, বিশেষকৈ চৰ আৰু ভিতৰুৱা অঞ্চলত এন্টিবায়’টিক প্ৰতিৰোধৰ আশংকাও বৃদ্ধি পায়। এইখিনিতে এটা কথা উনুকিয়াই থ’ব বিচাৰিছো যে এক বা ততোধিক এন্টিবায়’টিকৰ ব্যৱহাৰ চিকিৎসা বিজ্ঞানৰ সংবিধান বিৰুদ্ধ কথা নহয়, যদিও এটা লক্ষ্য কৰা প্ৰয়োজন যে এক বা একাধিক এন্টিবায়’টিকৰ ব্যৱহাৰ মানেই একাধিক এন্টিবায়’টিক ৰেজিছটেন্সৰ সম্ভাৱনা থাকিব। কোনো বিশেষ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰাৰ আগতে আমি নিশ্চিত হ’ব লাগিব যে “If One is good, two should be better and three should cure almost any infection”।

এক সমীক্ষামতে ইউৰোপীয় দেশসমূহত প্ৰতিবছৰে গড়ে ২৫,০০০ জন ব্যক্তিয়ে এন্টিবায়’টিক ৰেজিছটেন্সৰ বাবে মৃত্যুমুখত পৰে। ইউৰোপৰ চিকিৎসা বিভাগে ২০০৪ চনৰ পৰাই ‘Antibiotic awareness day’ পালন কৰি আহিছে। এই দিৱসত সাধাৰণ ৰাইজে যাতে জধে-মধে এন্টিবায়’টিক ঔষধ ব্যৱহাৰ নকৰে আৰু এন্টিবায়’টিকৰ অযথা ব্যৱহাৰৰ ফলত হ’ব পৰা পাৰ্শ্বক্ৰিয়াসমূহৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা হয়। পৃথিৱীৰ দ্বিতীয় বৃহৎ জনবহুল দেশ ভাৰততো দিনে দিনে বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত ৰোগৰ সংখ্যা বৃদ্ধি পাই আহিছে। ইতিমধ্যে এক বৃহৎসংখ্যক ভাৰতীয়ই ডায়েবেটিছ, কেন্সাৰ, যক্ষ্মা, এইচ আই ভি আদি বেমাৰত ভুগি শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতা হেৰুৱাই পেলাইছে। তদুপৰি বেপৰোৱাভাৱে ঔষধ ব্যৱহাৰৰ প্ৰশ্ন আছেই।

গতিকে ইয়াৰ পৰা ৰক্ষা পাবলৈ সময় থাকোতেই ভাৰতীয় চিকিৎসা সংস্থাসমূহে বা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ সময় সমাগত। ইয়াৰ বাবে নিম্নলিখিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে-

  • জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।
  • চিকিৎসকসকলে এন্টিবায়’টিক ব্যৱহাৰৰ ক্ষেত্ৰত যথাসম্ভৱ সতৰ্কতা অৱলম্বন কৰা।
  • সময়ে সময়ে চৰকাৰীভাৱে প্ৰতিজন চিকিৎসকৰ ব্যৱস্থা পত্ৰ সময়ে সময়ে পৰীক্ষা কৰা।
  • গাঁৱে-ভূঞে কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচী আৰু চিকিৎসা কেন্দ্ৰসমূহৰ ওপৰত নিয়ন্ত্ৰণ আৰু নজৰ ৰখা।
  • পৰ্য্যায়ক্ৰমে উন্নত দেশসমূহৰ লেখীয়াকৈ প্ৰশিক্ষিত বা চিকিৎসকৰ ব্যৱস্থাপত্ৰবিহীন ঔষধ বিক্ৰী বন্ধ কৰা।
  • ইত্যাদি ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে নিশ্চয় ভয়াৱহ এন্টিবায়’টিক ৰেজিছটেন্সৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰিব।

লিখক: ডা: আব্দুৰ ৰৌফ, সম্ভাৰ, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate