অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওকালি আৰু বমি : চিকিৎসকৰ দুআষাৰ

ওকালি আৰু বমিৰ অভিজ্ঞতা নথকা মানুহ হয়তো বিচাৰিলেও পোৱা নাযাব৷ প্ৰতিজন মানুহৰ জীৱনত এবাৰলৈ হলেও ওকালি আৰু বমিৰ পাহৰিব নোৱৰা অভিজ্ঞতা নিশ্চয় থাকিব৷ওকালি আৰু বমি কোনো এবিধ ৰোগ নহয়৷কিন্তু ই মানুহৰ অভ্যন্তৰৰ সাধাৰণ বা গুৰুতৰ বিজুতিৰ লক্ষণ হব পাৰে৷ বহু সময়ত ওকালি আৰু বমি নিজে নিজে ভাল হয়, কিন্তু বহু সময়ত ইয়াৰ কাৰণ উদ্ধাৰ কৰিবলৈ নানান পৰীক্ষা-নিৰীক্ষা কৰিবলগীয়া হয় আৰু আৰোগ্যৰ বাবে ভুক্তভোগীক চিকিৎসা কৰিবলগীয়া হয়৷ আজিৰ এই চমু লিখনিত ওকালি আৰু বমিৰ কাৰণ, প্ৰতিকাৰ আৰু ঘৰুৱা নিদানৰ ওপৰত কিছু আলোকপাত কৰিবৰ প্ৰয়াস কৰিম৷

ওকালি হ’ল বমিৰ ভাৱ অহা মাথো – পেটৰ পৰা একো ওলাই নাহে৷ আনহাতে বমি হ’ল সেই প্ৰক্ৰিয়া য’ত পেটৰ পৰা জুলীয়া বা অৰ্ধগলিত পদাৰ্থ মুখেৰে নিৰ্গত হয়৷ সেয়া হয়তো পানী জাতীয়, হালধীয়া পিত্তপানী, অম্লস্বাদযুক্ত পাকস্থলীৰ ৰস, কফিৰ ৰঙৰ নাইবা ৰক্তমিহলিও হব পাৰে৷ বমি আৰু ওকালি দুয়োটাৰে কাৰণসমূহ একেই হব পাৰে৷ এই দুই ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে মস্তিষ্কৰ মেডুলা অৱলংগটাত থকা কেম’ৰিচেপ্তৰ ট্ৰিগাৰ জন (CTZ ) নামৰ কেন্দ্ৰটোৱে৷

ওকালি আৰু বমিৰ ভুক্তভোগী কোন হব পাৰে ?

কেঁচুৱা,শিশু,প্ৰাপ্তবয়স্ক,বৃদ্ধ,পুৰুষ আৰু মহিলা সকলোৱেই ভুক্তভোগীৰ তালিকাত পৰিব পাৰে৷ ৫০ৰ পৰা ৯০শতাংশ গৰ্ভৱতী মহিলাই প্ৰথম ত্ৰৈমাসিক অৱস্থাত ওকালি অনুভৱ কৰে আৰু ২৫ৰ পৰা ৫৫শতাংশ মহিলাই প্ৰকৃততে বমিত ভোগে৷ এনে অৱস্থাক Morning sickness বোলে৷ গৰ্ভৱস্থাৰ সময় অতিবাহিত হোৱাৰ লগে লগে Morning sickness ৰ অন্ত পৰে৷

লক্ষ্য কৰা যায় যে বয়স অনুসৰি বমিৰ কাৰণ ভিন্ন ভিন্ন হব পাৰে৷ এজন শিশুৰ ক্ষেত্ৰত বমিৰ সাধাৰণ কাৰণ সমূহ হ’ল – ভাইৰাচৰ সংক্ৰমণ,গাখীৰৰ এলাৰ্জি, ফুড পইজনিং, অতি ভোজন, কাহ, পাক প্ৰণালীত অৱৰোধ৷ প্ৰাপ্তবয়স্কৰ বমিৰ কাৰণ হব পাৰে – ভাইৰাচ আৰু বেক্টেৰিয়াৰ সংক্ৰমণ,ফুড পইজনিং, মাইগ্ৰেইন নাইবা অন্যান্য ৰোগৰ লক্ষণ স্বৰূপে৷পাক প্ৰণালীৰ নানাবিধ অসুখ য’ত ডায়েৰিয়া,শৌচ কচা,পেটৰ বিষ সাধাৰণতে সংলগ্ন থাকে -সেইবিলাক ক্ৰনিক ৰোগত সাধাৰণতে ওকালি আৰু বমি থাকেই৷তেনে কেইবিধমান অসুখ হ’ল – ইৰিটেবল বাৱেল চিনড্ৰম, ক্ৰনচ ডিজিজ,চিলিয়াক ডিজিজ৷ মানসিক ৰোগ এনৰেক্সিয়া নাৰ্ভোচাত ৰোগীয়ে লঘোণে থকাৰ ফলত পাকস্থলীৰ এচিডে ওকালি আৰু বমি উৎপন্ন কৰে৷আনহাতে বুলিমিয়া নাৰ্ভোচাত ৰোগীয়ে অতি ভোজন কৰি নিজেই বলপূৰ্বক বমিৰ প্ৰয়াস কৰে৷যিসকল ৰোগীয়ে কৰ্কট ৰোগৰ বাবে কেমথিৰাপি বা ৰেডিয়েচন চিকিৎসালৈ আছে তেনেলোকৰ চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া হিচাবে ওকালি আৰু বমি হব পাৰে৷

ওকালি আৰু বমি হোৱাৰ সময় কাৰণ বুজিবলৈ বহুতো সহায়ক হয়৷ খাদ্যগ্ৰহণৰ অলপ সময়ৰ পিছতে দেখা দিয়া ওকালি আৰু বমিয়ে ফুডপইজনিং নাইবা গেষ্ট্ৰাইটিচ হোৱাৰ সম্ভাৱনীয়তাক সূচায়৷আনহাতে চালমোনেলা জাতীয় বেক্টেৰিয়াৰ সংক্ৰমণে লক্ষণ দেখুৱাবলৈ কিছু অধিক সময় লয়৷

সচৰাচৰ বমি সিমান ক্ষতিকাৰক নহয়৷কিন্তু ইয়াক অৱজ্ঞা কৰা অনুচিত কিয়নো বমিয়ে ডিহাইড্ৰেচন কৰি শৰীৰৰ পানী শুকুৱাই জীৱন বিপদাপন্ন কৰিব পাৰে৷আনহাতে বমি শৰীৰত লুকাই থকা কিছুমান গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে৷ ওকালি আৰু বমি উৎপন্ন কৰা তেনে বিপদজনক অসুখ কিছুমান হ’ল- এনকেফেলাইটিচ, মেনিনজাইটিচ, মস্তিষ্কৰ আঘাট বা টিউমাৰ, পাকপ্ৰণালীৰ অৱৰোধ (Intestinal obstruction ),এপেণ্ডিচাইটিচ আদি৷

সঘনাই বেচি মাত্ৰাত বমি হৈ থাকিলে ৰোগীৰ ডিহাইড্ৰেচনৰ ওপৰিও পৰিপুষ্টিৰ অভাৱ (Malnutrition ) ঘটিব৷চুলি,নখ,দাঁত দু্ৰ্বল আৰু ভংগুৰ হব৷

ওকালি আৰু বমি উৎপন্ন কৰিব পৰা অজস্ৰ ৰোগৰ ভিতৰৰ পৰা আন কিছুমানৰ নাম (আগতে উল্লেখ নকৰা) তলত উল্লেখ কৰিলোঁ:

  • ভ্ৰমণকালত হোৱা মোচন চিকনেচ নাইবা সমুদ্ৰী ভ্ৰমণত হোৱা চি-চিকনেচ৷
  • ঔষধে কৰা প্ৰতিক্ৰিয়া স্বৰূপে, যেনে -হৃদৰোগীক দিয়া ডিগস্কিন,বিষৰ বাবে ব্যৱহৃত এচপিৰিন, এন এচ এ আই ডি, এন্টিবায়টিক,গৰ্ভনিৰোধক পিল৷
  • মানসিক দু:চিন্তা, ভয়৷
  • পিত্তত পাথৰ হোৱা আৰু লিভাৰৰ নানান অসুখ৷
  • কিছুমান কৰ্কট ৰোগ৷
  • ডায়েবেটিক কিট’এচিডচিচ৷
  • ডায়েবেটিজ ৰোগীৰ Gastroparesisঅৰ্থাৎ পাকস্থলীৰ পৰা খাদ্যৰ প্ৰবাহ লেহেমীয়া হোৱা৷
  • গৰ্ভৱতী মহিলাৰ বাৰম্বাৰ, অতিপাত বমি হোৱা Hyperemesis gravidarumৰোগ৷
  • হাৰ্ট ফেইলাৰ আৰু হাৰ্ট এটেক৷
  • কিছুমান পদাৰ্থৰ গন্ধ৷
  • অতিপাত বিষ৷
  • জ্বৰ, বিশেষকৈ শিশুৰ৷
  • মাদকদ্ৰব্য আৰু ধুম্ৰপাণে কৰা পাকস্থলীৰ ক্ষতিৰ ফলস্বৰূপে৷
  • এনাচথেচিয়াৰ পাৰ্শ্বক্ৰিয়া৷
  • এনাফাইলেক্সিক ৰিয়েকচন৷
  • বিনাইন পেৰস্কিজমেল পজিচনেল ভাইটাইগ’৷
  • কাণৰ সংক্ৰমণ অটাইটিচ মিডিয়া৷
  • গেষ্ট্ৰ-ইচফেজিয়েল-ৰিফ্লাস্ক ডিজিজ৷
  • পেনক্ৰিয়াজৰ অসুখ৷
  • হাইড্ৰকেফেলাচ৷
  • থাইৰইড আৰু পেৰাথাইৰইড গ্ৰন্থিৰ অসুখ৷
  • মেনিয়াচৰ ডিজিজ৷
  • বদ-হজমি৷
  • যি কোনো বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ মুখামুখি হোৱা৷

চিকিৎসা

দৰাচলতে ওকালি আৰু বমিৰ প্ৰকৃত কাৰণটো চিনাক্ত কৰি চিকিৎসাত আগবঢ়াতো বাঞ্চনীয়৷বজাৰত নানাবিধ উপশম ঘটোৱা ঔষধ সহজে উপলব্ধ৷ প্ৰাথমিক প্ৰতিকাৰৰ হেতু চিকিৎসকক সুধি ব্যৱহাৰ কৰিব পৰা কেইবিধমানৰ নাম হ’ল–

ফেনাৰগান, বেনাড্ৰিল, ষ্টিমেটিল,ডমপেৰিডন,মেক্লিজিন,ড্ৰামামিন৷এইবিলাক ঔষধে ক্ৰিয়া কৰিবলৈ কমেও আধা ঘন্টা সময় লয়৷

চিকিৎসকক কেতিয়া লগ ধৰাতো আৱশ্যকীয় ?

একেলেথাৰিয়ে বমি হৈ থাকিলে, ডায়েৰিয়া,বেচি জ্বৰ থাকিলে,বেচি মূৰৰ বিষ হলে,ডিঙি-মূৰ লৰচৰ কৰাত অসুবিধা হলে,ভ্ৰম হলে, কফি ৰঙৰ বমি হলে,পেটৰ বিষ থাকিলে, হৃদগতি খৰ হলে, নিশ্বাস খৰটকীয়া হলে আৰু বেচি দুৰ্বল অনুভৱ কৰিলে৷ ডিহাইড্ৰেচনৰ লক্ষণ হ’ল মুখ-ওঁঠ-জিভা শুকাই যোৱা,বেচি পিয়াহ লগা, প্ৰসাৱ কম বা নোহোৱাকৈ থকা, পালচ ক্ষিপ্ৰ হোৱা,চকু গোটৰত সোমাই যোৱা আদি৷বেচি ডিহাইড্ৰেচনৰ ৰোগীক ততাতৈয়াকৈ চেলাইন দি চিকিৎসা কৰাৰ প্ৰয়োজন হয়৷

প্ৰাথমিক প্ৰতিবিধান

পৰিস্কাৰ শীতল জল লাহে লাহেকৈ খাবলৈ দিয়ক৷জুলীয়া খোৱাৰ পিছত ৰোগীয়ে একো কামত নালাগি বিশ্ৰাম কৰিব৷কামবনত লাগিলে পুনৰাই বমি হব পাৰে৷

মিঠা, ভজা, জলা, তেলেতিয়া, মছলাযুক্ত গোটা একো খাদ্যই খাব নিদিব৷গোটা একোৱেই খাব নিদিব, আনকি কিছু সময়লৈ দৰবো৷সম্ভৱহলে ৰোগীক মুকলি বতাহ সেৱন কৰিব দিব৷কফি,ক’ল্ড ড্ৰিংকচ,মদ,টিনত পৰিবেশন কৰা খাদ্য,তীক্ষ্ণ গোন্ধ থকা খাদ্য-ওকালি বমি থকা ৰোগীয়ে গ্ৰহণ কৰিব নালাগে৷এনে ৰোগীয়ে সহজে হজম হোৱা কম কম খাদ্য কম সময়ৰ ব্যৱধানত খাব৷ ৰোগীয়ে অৰেল ৰিহাইড্ৰচন চলিউচন প্ৰয়োজন সাপেক্ষে গ্ৰহণ কৰিব৷ গৰ্ভকালীন Morning sickness আতৰ কৰিবলৈ আদা মিহলি চাহ নাইবা কেবল আদাও উপকাৰী বুলি প্ৰমাণিত হৈছে৷ আদা মিহলি চাহ যি কোনো বমি আৰু ওকালি অহা লোকেই ব্যৱহাৰ কৰি উপকৃত হব পাৰে৷ বেচি টেঙা ফলৰ ৰস এনে ৰোগীয়ে নাখাব৷ ওকালিৰ ভাৱ নথকাৰ সময়তহে ৰোগীয়ে নিজৰ খাদ্য গ্ৰহণ কৰিব৷

ডাঃ ভূপেন্দ্ৰ শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate