অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওজন কমাবলৈ শিশুৰ দৰে খাদ্য গ্ৰহণ কৰক

ওজন কমাবলৈ শিশুৰ দৰে খাদ্য গ্ৰহণ কৰাৰ উপদেশ দিয়াৰ অৰ্থ এইটো নহয় যে শিশুৱে খোৱা কল-গাখীৰ মিহলাই জলপান খাব লাগিব। ইয়াৰ অৰ্থ এইটোহে যে শিশুৱে খোৱাৰ দৰে সৰু বাটিত সৰু চামুচেৰে খাদ্য গ্ৰহণ কৰক। এজন বয়স্ক মানুহৰ তুলনাত শিশুক খাবলৈ বেছি সময় লাগে। আপুনি খাদ্য গ্ৰহণ কৰা চামুচখন শিশুৱে খাদ্য খোৱা চামুচতকৈ প্ৰায় চাৰি গুণ ডাঙৰ। সেয়ে এবাৰত যথেষ্ট খাদ্য পেটলৈ যায়। তাৰ পৰিৱৰ্তে সৰু চামুচেৰে খাদ্য গ্ৰহণ কৰিলে পৰিমাণ কমকৈ খোৱা যায়। ওজন কমাবলৈ এই সৰু সৰু অভ্যাসবোৰে যথেষ্ট সহায় কৰে। তলত তাৰে কেইটামান দিহা দিয়া হ’ল-

লাহে লাহে খাওক

শিশুৱে খাদ্য খাওঁতে যথেষ্ট সময় লয়। সিহঁতে মুখত অলপ অলপ খাদ্য ভৰাই লৈ চোবাই থাকে। সেই চোবোৱা খাদ্য অলপ অলপকৈ গিলি মুখত নোহোৱা হ’লেহে পুনৰবাৰ খাদ্য খুওৱা যায়। আপুনিও তেনেদৰেই কম পৰিমাণত খাদ্য মুখত লৈ চোবাই গুড়ি কৰিহে পেটলৈ পঠিয়াব। এনে কৰিলে পেটটো সহজতে ভৰি পৰে আৰু সন্তুষ্টিও আহে।

নতুন নতুন খাদ্য খাবলৈ লওক

শিশু এটিক খাদ্য খুৱাওঁতে একেবিধ খাদ্যই দিনটো খুওৱা নাযায়। বিভিন্ন ধৰণৰ খাদ্য শিশুৰ ক্ষেত্ৰত চেষ্টা কৰা যায়। আপুনিও তেনেদৰে বিভিন্ন ধৰণৰ খাদ্য খাবলৈ অভ্যাস কৰক আৰু শিশুৰ খাদ্যৰ দৰে ফল আৰু পাচলিৰ ওপৰত বেছি গুৰুত্ব দিয়ক। এনে অভ্যাসে প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেলখিনি পোৱাৰ লগতে খাদ্য গ্ৰহণ কৰিও ভাল লাগিব।

আনন্দেৰে খাদ্য খাওক

শিশুক খাদ্য খুৱাওঁতে খাদ্যৰ প্লেটখন আকৰ্ষণীয় কৰি লোৱা যায়, কিয়নো এনে কৰিলে খাদ্যৰ প্ৰতি আগ্ৰহ জন্মে। আপুনিও এখন সৰু প্লেটত বিভিন্ন ধৰণৰ খাদ্য সুন্দৰকৈ সজাই খাবলৈ অভ্যাস কৰক। বহুতৰে শিশু খাদ্য খোৱা অভ্যাস আছে। সাধাৰণতে শিশুক এনেধৰণৰ খাদ্য খুওৱা যায়, যিবোৰৰ পৰিমাণ কম হ’লেও কেল’ৰি বেছি থাকে। আপুনিও কম পৰিমাণৰ খাদ্যত বেছি কেল’ৰি থকাৰ ওপৰত গুৰুত্ব দিব।

পেট ভৰিলে বেছিকৈ নাখাব

শিশুক খাদ্য খুৱাওঁতে সিহঁতে যেতিয়া নিজৰ ভোক গুচে তাৰ পিছত বেছিকৈ খাদ্য গ্ৰহণ নকৰে। জোৰ কৰি খাদ্য খুৱালে সিহঁতে বমি কৰি উলিয়াই দিয়ে। সেয়ে অভিভাৱকসকলে শিশুৱে ইচ্ছা কৰা মতেহে খাদ্য খুৱায়। সিহঁতৰ ভোক গুচিলে মুখখন ঘূৰাই দিয়ে অথবা প্লেটখন আঁতৰলৈ ঠেলি দিয়ে। আপুনিও অতিৰিক্ত আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। বয়স্ক মানুহে খাদ্যৰ জুতি বুজি বেছিকৈ গ্ৰহণ কৰে। এই অভ্যাসে শৰীৰৰ ওজন বঢ়াত সহায় কৰে। খাদ্য সম-পৰিমাণৰ গ্ৰহণ কৰিলে শৰীৰৰ ওজন একে থাকে।

খাদ্য গ্ৰহণ কৰোঁতে বহি লওক

এখন টেবুলৰ সন্মুখত চকীত বহি শিশুৱে খাদ্য গ্ৰহণ কৰে। আপুনিও একেদৰেই টেবুলৰ সন্মুখত খাদ্য লৈ চকীত বহি গ্ৰহণ কৰাৰ অভ্যাস কৰক। পৰাপক্ষত থিয় হৈ খাদ্য গ্ৰহণ নকৰিব। থিয় হৈ খাদ্য গ্ৰহণ কৰিলে বহি খোৱাতকৈ বেছিকৈ খোৱা যায়।

দিনটোত পনীয়া খাদ্য যথেষ্ট পৰিমাণে গ্ৰহণ কৰক

শিশুৱে গোটা আহাৰতকৈ পনীয়া আহাৰ বেছিকৈ গ্ৰহণ কৰে। ওজন কমাবলৈ আপুনিও শিশুৰ দৰে গোটা আহাৰৰ পৰিমাণ কমাই পনীয়া আহাৰৰ পৰিমাণ বঢ়াই তোলক। অৱশ্যে মিঠা পানীয় গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব। শিশুৰ দৰে পানীয় গ্ৰহণ কৰিলেও সেই পানীয়ই যাতে ওজন বৃদ্ধি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো খাদ্য গ্ৰহণৰ আধা ঘণ্টা আগতে এগিলাচ পানী খোৱাৰ অভ্যাস কৰক।

নিৰোগী হৈ থাকিবলৈ

আপুনি নিৰোগী হৈ থাকিবলৈ অথবা ৰোগ প্ৰতিৰোধ কৰিবলৈ আপুনি বহুত ব্যৱস্থা ল’ব পাৰে। যেনে- মাজে-সময়ে সম্পূৰ্ণ শাৰীৰিক পৰীক্ষা আৰু নিয়মিতভাৱে শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰিব লাগে।

কেতিয়াও ধূম্ৰপান নকৰিবঃ প্ৰতিৰোধ কৰিব পৰা ৰোগবোৰ কেতিয়াবা শৰীৰে প্ৰতিৰোধ কৰিব নোৱাৰে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল- ধূমপানৰ প্ৰতি আসক্ত। চিগাৰেট বা ধপাতৰ ধোঁৱাই কেৱল যে বিভিন্ন প্ৰকাৰৰ কেণ্সাৰ ৰোগ সৃষ্টি কৰে, সেয়ে নহয়, ধূমপানেই হৃদপিণ্ড আৰু প্ৰস্ৰাৱ প্ৰণালীৰ ৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰে। ধূমপান কৰা সকলো মানুহেই কিশোৰ অৱস্থাতেই চিগাৰেট খোৱাৰ অভ্যাস আৰম্ভ কৰে। সেই কাৰণে সকলো কম বয়সীয়া ল’ৰা-ছোৱালীক উদ্দেশ্য কৰি ক’ব খোজোঁ যে- কেতিয়াও কোনো পৰিস্থিতিতে চিগাৰেট খাবলৈ প্ৰলুব্ধ নহ’ব। সকলো নিচাৰ ভিতৰত চিগাৰেটৰ নিচা এৰাটোৱেই আটাইতকৈ টান কাম।

উৎস: জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 11/10/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate