অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওজন হ্ৰাস কৰিবলৈ ব্যায়াম কৰক

 

আজিৰ যুগত মানুহ ইমানেই ব্যস্ত হৈ পৰিছে যে নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিবলৈও সময় নাই।সময়ৰ অভাৱৰ অজুহাতত আধাঘণ্টা সময় খোজকাঢ়িবলৈও ইচ্ছা নকৰে আজিৰ যুগৰ মানুহে।দুপৰনিশা শুই আৰু পুৱা দেৰিকৈ উঠিয়েই নিজৰ কামত ব্যস্ত হৈ পৰে অধিকাংশ লোকে।বিদ্যালয়লৈ যোৱা ল’ৰা-ছোৱালী,যিকোনো অনুষ্ঠান-প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী অথবা গৃহিণী সকলোৱেই ইমানেই ব্যস্ত যে,অলপ সময় ব্যায়াম কৰিবলৈকো সময় উলিয়াব নোৱাৰে।কেৱল খৰধৰকৈ ঘৰৰ কামখিনি কৰি উঠি পুৱাতে এমুঠি খাই,অফিচলৈ গৈ বহি বহি কটোৱাৰ ফলত ওজন দিনে দিনে বৃদ্ধি হ’বলৈ ধৰে।ইয়াৰ লগে লগে শৰীৰৰ অত ত’ত অবাঞ্চিতভাৱে মেদ জমা হৈ দেখাত অশুৱনি হৈ পৰে।পুৰুষ-মহিলা উভয়ে এটা সময়ত শৰীৰৰ অতিৰিক্ত ওজন বৃদ্ধিৰ ফলত ভালদৰে লৰচৰো কৰিব নোৱাৰা হয়।এনেধৰণৰ ব্যক্তিৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে।শকত হোৱাৰ ফলত দৈনন্দিন জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।তদুপৰি শাৰীৰিক শ্ৰম কৰাৰ অভ্যাস নথকা এইসকল চাকৰিয়াল লোকৰ কোনো কাম কৰাৰে আগ্ৰহ নোহোৱা হৈ যায়।এনেধৰণৰ লোকসকলেই এলেহুৱা হৈ পৰে।এনেবোৰ সমস্যাৰ পৰা বাচি থাকিবলৈ হ’লে প্ৰতিদিনে ব্যায়ামৰ অনুশীলন কৰাটো অত্যন্ত জৰুৰী।যদি আপুনি অফিচৰ কামতে অধিক ব্যস্ত হৈ থাকিবলগীয়া হয়,ব্যায়াম কৰিবলৈ সময় নাপায়,তেন্তে আপুনি মাত্ৰ পোন্ধৰ মিনিট সময় ব্যায়াম বা যোগাসনৰ অভ্যাস কৰিবলৈ উলিয়াই লওক।নিয়মীয়াকৈ ব্যায়াম কৰি শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিব পাৰিব।

কিদৰে ব্যায়াম কৰিব

ব্যায়াম আপুনি প্ৰতিদিনে কৰিবলৈ অভ্যাস কৰিলে শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি কমি যাব।লগে লগে আপুনি শৰীৰটোৰ অলসতা দুৰ কৰি নিজকে সুস্থ যেন অনুভৱ কৰিব।মেদবহুলতা হ্ৰাস কৰিবৰ বাবে ৰচীৰ ওপৰেদি জপিওৱা সকলোতকৈ সহজ আৰু সুন্দৰ পদ্ধতি।ৰচীৰ ওপৰেৰে জঁপিওৱাৰ সময়ত কিমানবোৰ জঁপিয়ালে,তাৰ হিচাপ কৰিবলৈ নাপাহৰিব।মনত ৰাখিব জঁপিওৱাৰ সময়ত বেছি দ্ৰুত গতিত আৰু অধিক সময় যাতে ব্যায়াম নকৰে।শৰীৰৰ আকৰ্ষণীয়  আকাৰলৈ আনিবলৈ প্ৰতিদিনে ৰচীৰ ওপৰেৰে জপিওৱাৰ ব্যৱস্থা কৰি ল’ব লাগে।এয়াই আটাইতকৈ সহজ ব্যায়াম।

উঠা-বহা কৰিও ওজন হ্ৰাস কৰিব পাৰি

উঠা-বহা ব্যায়াম কৰিও শৰীৰৰ পৰা মেদবহুলতা দুৰ কৰিব পাৰিব।ইয়াৰ ফলত ভৰিৰ চৰ্বিও দ্ৰুত গতিত হ্ৰাস পায়।এই ব্যায়ামে শৰীৰ বিকাশ কৰা গ্ৰন্থিবোৰ সক্ৰিয় কৰি তোলে।এই অভ্যাসে আমাৰ দেহটোৰ আলস্য ভাৱ নাইকিয়া কৰি এজন সক্ৰিয় কৰ্মক্ষম ব্যক্তিলৈ ৰুপান্তৰিত কৰিব।ব্যায়ামৰ নিয়মীয়া অভ্যাসে আমাক ভৱিষ্যতে হ’বলগীয়া অনেক বেমাৰৰ পৰা ৰক্ষা কৰে।উঠা-বহা কৰিলে পেটৰ চৰ্বি অতি সোনকালে নাইকিয়া হয়।তদুপৰি এই ব্যায়ামে তেজ চলাচলত সহায় কৰে।এই ব্যায়ামৰ ফলত উৰুৰ চৰ্বিও দ্ৰুতগতিত হ্ৰাস পায়।

স্পিল্ট স্কোৱাট ব্যায়ামেৰে ভৰিৰ চৰ্বি কমাওক

ভৰিৰ বাবে স্পিল্ট স্কোৱাট ব্যায়াম বহু উপযোগী।এই ব্যায়ামে কৰিলে ভৰিৰ চৰ্বি দ্ৰুতগতিত হ্ৰাস পায়।এই ব্যায়াম আপুনি কম সময়তে অতি সহজে কৰিব পাৰে।প্ৰথমতে আপুনি এখন ভৰি আগুৱাই আৰু এখন ভৰি পিছফালে কৰি থিয় হওক।ইয়াৰ পিছত ওপৰলৈ দ্ৰুতগতিত জঁপিয়াওক।মনত ৰাখিব,ভৰিখন পোনকৈ ৰাখি আঁঠুটো মাটিৰ পৰা প্ৰায় ৯০ ডিগ্ৰী কোণত যাতে থাকে।আৰু পিছফালৰ ভৰিখনৰ আঁঠুটো মাটিৰ পৰা অকণমান  ওপৰত থাকে।এইদৰে উৰুক মাটিৰ পৰা অতি কমেও ৯০ ডিগ্ৰী কোণত ৰাখিব।দ্বিতীয়বাৰ জঁপিয়াওঁতে ভৰিখন সাল-সলনি কৰি লওক।এই ব্যায়ামটো এটা পদ্ধতিত চাৰিবাৰকৈ অতি কমেও ২০ বাৰ কৰক।এই ব্যায়াম কৰাৰ সময়ত মাজতে এক মিনিট সময় জিৰণি লোৱা দৰকাৰ।

ওজন হ্ৰাস কৰিবলৈ দৌৰক

যদি আপোনাৰ শৰীৰৰ ওজন সোনকালে হ্ৰাস হোৱাটো বিচাৰে তেন্তে আপুনি যিমান পাৰে,সিমান দৌৰক।কিয়নো দৌৰিলে শৰীৰৰ কেলৰি দ্ৰুত গতিত ক্ষয় হয়।এনেদৰে দৌৰিলে আপোনাৰ শৰীৰৰ ওজন হ্ৰাস হ’ব।ব্যস্ততাপুৰ্ণ জীৱনৰ পৰা মাত্ৰ পোন্ধৰ পৰা বিছ মিনিট সময় উলিয়াই প্ৰতিদিনে ব্যায়াম কৰিলে আপুনিও শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিব পাৰিব।লগতে সুন্দৰ আৰু সুস্থ শৰীৰ এটাৰ গৰাকী হ’ব পাৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate