অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔষধ সেৱন আৰু ক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হওক

ঔষধ সেৱন আৰু ক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হওক

আজিকালি আমাৰ ৰাজ্যখনৰ গাঁৱে-ভূঞে, চহৰে-নগৰে কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীবোৰত ভেজাল ঔষধ উভৈনদী হৈ পৰিছে। মানুহৰ জীৱন ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা ঔষধ বহুসময়ত জীৱন ধ্বংসৰ কাৰণো হ’ব পাৰে। যদিহে আমি সেৱন কৰা ঔষধবোৰ ভেজাল হয়। কিয়নো ভেজাল দৰৱে বা ঔষধে বেমাৰ কেতিয়াও আৰোগ্য কৰিব নোৱাৰে। বৰ্ং ভেজাল ঔষধ ব্যৱহাৰ কৰাৰ ফলত বেমাৰৰ প্ৰকোপ বাঢ়িহে যায়। আমি নিতৌ ব্যৱহাৰ কৰা প্ৰত্যেকবিধ ঔষধৰে প্ৰাৰ্শ্বপ্ৰতিক্ৰিয়া আছে। তেনেস্থলত ঔষধৰ সঠিক ব্যৱহাৰ নহলে হিতে বিপৰীত হোৱাৰ আশ্ংকা নথকা নহয়। মানুহৰ স্বাস্থ্য তথা ঔষধৰ বিষয়ে সাধাৰণ জ্ঞান নথকা কিছুমান মানুহে ঔষধৰ ব্যৱসায়ত ধৰিছে। যিবোৰ মানুহৰ প্ৰধান লক্ষ্য হ’ল অৰ্থ উপাৰ্জন কৰা। ফলস্বৰুপে ভেজাল ঔষধৰ প্ৰচলন ব্যাপক মাত্ৰাত বৃদ্ধি পাইছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল কোনটো আচল ঔষধ, কোনটো ভেজাল ঔষধ তাক সৰ্বসাধাৰণ মানুহে চিনি পোৱাটো দূৰৈৰ কথা স্বাস্থ্য কৰ্মীসকলেও চিনি পোৱাটো জটিল। গতিকে স্বাস্থ্য ৰক্ষাৰ নামত যাতে আমি স্বাস্থ্য ধ্বংস কৰিব নালাগে তাৰ কাৰণে আমি আটায়ে সচেতন হ’ব লাগিব। ঔষধ সেৱন আৰু ক্ৰয় কৰাৰ ক্ষেত্ৰত আমি সকলোৱে কিছু সাৱধনতা অৱলম্বন কৰা দৰকাৰ।

(ক) সাধাৰণ অসুখ হলে নিজ ইচ্ছামতে জধে-মধে ফাৰ্মাচীৰ পৰা ঔষধ কিনি খোৱাৰ প্ৰৱণতা পৰিত্যাগ কৰিব লাগিব।

(খ) যিকোনো বেমাৰ হলে চিকিৎসকক দেখুৱাই তথা পৰামৰ্শ লৈহে ভৱিষ্যত কৰ্মপন্থা গ্ৰহণ কৰিব লাগে আৰু ঔঅধ সেৱন কৰিব লাগে।

(গ) চিকিৎসকক বেমাৰ দেখুৱাবলৈ কেতিয়াও লাজ-ভয় আৰু অৱহেলা কৰিব নালাগে। সকলো ৰোগৰ বিষয়ে চিকিৎসকক খোলাখুলিকৈ কব লাগে।

(ঘ) পৰীক্ষা-নিৰীক্ষা কৰাৰ ক্ষেত্ৰত সদায় চিকিৎসজনৰ দিহামতে আগবাঢ়িব লাগে।

(ঙ) চিকিৎসকে প্ৰেছক্ৰিপচনত লেখি দিয়া পৰামৰ্শমতে ঔষধ ব্যৱহাৰ কৰিব লাগে।

(চ) প্ৰেছক্ৰিপচনতছ্লেখি দিয়া ঔষধৰ সলনি কেতিয়াও ফাৰ্মাচীৰ পৰা অনা ঔষধ ক্ৰয় নকৰিব। ফাৰ্মাচীৰ লোকে প্ৰেছক্ৰিপচনত লেখা ঔষধটো নাথাকিলে একে কম্পজিচনৰ অন্য ঔষধ নিবলৈ আপোনাক জোৰ কৰিব পাৰে। তেনেক্ষেত্ৰত আপুনি আপোনৰ চিকিৎসকৰ লগত আলোচনা কৰি লব। চিকিৎসকৰ পৰামৰ্শ অবিহনে জোৰ কৰি দিয়া ঔষধ ব্যৱহাৰ নকৰিব। ঔষধ ক্ৰয়ৰ সময়ত প্ৰস্তুতকৰণ আৰু ম্যাদ উকলাৰ চন তাৰিখ চাই লব। ম্যাদ উকলি যোৱা ঔষধ কেতিয়াও নলব।

(ছ) চিকিৎসকে প্ৰেচক্ৰিপচনত দিয়া মতে আটাইখিনি দৰৱ সেৱন কৰিব। কোৰ্চটো আধাতে বন্ধ কৰিলে(এণ্টিবায়োটিকৰ ক্ষেত্ৰত) বেমাৰটো পুনৰ হোৱাৰ আশ্ংকা থাকে।

(জ) চিকিৎসকে দিয়া নিয়ম অনুসৰি সময়মতে ঔষধ সেৱন কৰিব।

(ঝ) পৰিশেষত ক’ব পাৰি স্বাস্থ্য সজাগতাই স্বাস্থ্য ৰক্ষাৰ মূল চাবি-কাঠি।

হিতেশ বৰ্মন, ফাৰ্মাচিষ্ট, বড়িনগৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নলবাৰী, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate