অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔষধি গছ থুজাৰ বিষয়ে জানিবলগীয়া কথা

ঔষধি গছ থুজাৰ বিষয়ে জানিবলগীয়া কথা

পিৰামিডৰ দৰে আকৃতিৰ চিৰসেউজ থুজা গছজোপা আপোনালোকৰ বহুতে হয়তো চিনি পায় আৰু হয়তো কাৰোবাৰ ফুলনিও শুৱনি কৰিছে কেইজোপামান থুজা গছে ৷ কিন্তু এইবিধ গছৰ গুণাগুণৰ বিষয়ে আমি হয়তো ভালদৰে অৱগত নহয় ৷ এই থুজা গছৰ ঔষধি গুণৰ বিষয়ে জানিবলগীয়া কথা আলোচনা কৰাটোৱেই হ'ল আজিৰ লিখনিৰ উদ্দেশ্য ৷

থুজা গছৰ ব'টানিকেল নাম হ'ল থুজা অক্টিডেন্টেলিচ (Thuja occidentalis ) ৷ ইয়াৰ আন আন নাম হ'ল- আৰ্বৰ ভিটা, ইষ্টাৰ্ণ আৰ্বৰ ভিটা, হোৱাইট চিডাৰ, নডাৰ্ণ হোৱাইট চিডাৰ, য়েল্লো চিডাৰ, টুজা (স্বিডিচ), টুয়া (স্পেনিছ), থুয়া ডি'অক্টিডেন্ট (ফৰাচী) আৰু জাৰ্মান ভাষাত লিবেন্সবেউম ৷ লেটিন শব্দ আৰ্বৰ ভিটাৰ (Arbor vitae ) অৰ্থ হ'ল 'জীৱনদায়ী গছ' - নিশ্চয় গছৰ গুণ বুজাবলৈকে এইদৰে নামাংকন কৰা হৈছিল ৷

অৱস্থান - সাধাৰণতে এই গছৰ বাবে সেমেকা মাটি হ'ল বেচ উপযুক্ত ৷ ১৬ শতিকাত কানাডাৰ স্থানীয় আবাসীসকলে পোনপ্ৰথমবাৰৰ বাবে থুজা গছৰ ঔষধি গুণ চিনাক্ত কৰে ৷ ভিটামিন-চিৰ অভাৱত দাঁতৰ আলুৰ পৰা হোৱা ৰক্তক্ষৰণ আৰু শাৰীৰিক দুৰ্বলতা যাক স্কাৰ্ভি (Scurvy ) বোলে ৷ সেই ৰোগৰ উপশম ঘটাবলৈ থুজা গছৰ প্ৰয়োগ কৰা হৈছিল ৷ ১০০গ্ৰাম থুজাৰে নিৰ্মিত চাহত ৫০মিলিগ্ৰাম ভিটামিন-চি উপলব্ধ হৈছিল ৷ পিছলৈ থুজা গছ আমেৰিকা, ইউৰোপ আৰু বিশ্বৰ নানান দেশলৈ নাৰ্চাৰীসমূহৰ মাধ্যমেৰে বিয়পি পৰে ৷ উজ্বল চিৰসেউজ থুজা গছে বাৰীৰ বা ফুলনিৰ শোভা বঢ়ায় আৰু ইয়াক ফেনচিং দিবলৈয়ো ব্যৱহাৰ কৰিব পাৰি ৷

একোজোপা থুজাগছ পিৰামিডৰ দৰে আকৃতিৰ হয় তলখন বহল আৰু ওপৰলৈ ক্ৰমে জোঙা ৷ গছজোপা ৬০ফুট বা তাতোকৈয়ো ওখ হয় ৷ থুজা গছৰ লিৰিকি পাত খহটা, এটা সময়ত গছত সৰু আকৃতিৰ মতা ফুল ফুলে আৰু সামান্য দীঘল শংকু আকৃতিৰ স্ত্ৰীলিংগৰ পুষ্প দেখা যায় ৷

এবছৰ নোহোৱা গছৰ কোমল ডালপাত, গছৰ ছাল সিজাই , ডিষ্টিলেচন কৰি তাৰ পৰা নিৰ্গত হয় - চিডাৰওদ অইল আৰু চিডাৰ লিভ অইল ৷ ইয়াত অন্তৰ্নিহিত থকা মূল ৰাসায়নিক তত্বৰ নাম হ'ল- থুজন ৷ গছত থকা আন ৰাসায়নিক পদাৰ্থসমূহ হ'ল টেনিন, ফ্লেভনইড, মিউকাচ, পলিচেকৰাইড আৰু চিকুৱেন্টাৰপিন ৷ থুজাৰ পৰা ওলোৱা তেলৰ গোন্ধ কেম্ফৰৰ নিচিনা,ৰঙ উজ্বল হালধীয়া বা পানীৰ নিচিনা ৷ থুজন হ'ল বিষাক্ত দ্ৰব্য-সেয়ে ইয়াৰ প্ৰয়োগ উচিত মাত্ৰাত বিজ্ঞ বা অভিজ্ঞ লোকৰ তত্বাবধানত কৰাটো দৰকাৰী কথা ৷

থোৰতে কবলৈ হলে থুজাৰ ভাইৰাচ-বিনষ্টকাৰী, বেক্টেৰিয়া-বিনাশকাৰী, ভেঁকুৰ- বিনাশকাৰী গুণ পৰিলক্ষিত হয় আৰু সেই গুণ অনুসৰি থুজাৰ ব্যৱহাৰিক প্ৰয়োগ কৰি অহা হৈছে ৷

থুজাৰ প্ৰাচীন কালৰ পৰা কৰি অহা ব্যৱহাৰিক প্ৰয়োগ সমূহ হ'ল :–
টিংচাৰ আৰু মলম হিচাবে - আচিনাই, যৌনাংগৰ ঘা,খৰ-খজুৱতি, চ'ৰিয়াচিচ, জুইয়ে পোৰা, বাত-গাঁঠিৰ বিষত ৷
কোমল পাতৰ ঘোল (Decoction ) হিচাবে- পেলুৰ ঔষধ, মূৰৰ বিষ,জ্বৰ-কাহ-চৰ্দিত, প্ৰসাবৰ সংক্ৰমণ, যৌনব্যাধিত ৷ তদুপৰি এটা সময়ত থুজাৰ পাতেৰ বনোৱা চাহেৰে স্কাৰ্ভিৰ চিকিৎসা কৰিছিল ৷
পৌৰাণিক কালত থুজা গছৰ জুইৰ ধোঁৱা মহ-ডাঁহ,কীট-পতংগ খেদিবলৈ ব্যৱহাৰ কৰিছিল ৷ অতীজতে মানুহৰ ধাৰণা আছিল ইয়াৰ ধোঁৱাই দুষ্ট আত্মা, প্ৰেত আদিক খেদি পঠায় ৷

আজিৰ যুগত - হোমিঅ'পেথি আৰু এলোপেথি উভয় ক্ষেত্ৰতে থুজাৰ বহল প্ৰয়োগ হব ধৰিছে ৷
শেহতীয়াকৈ জাৰ্মানীত হোৱা গবেষণাত বিজ্ঞানীসকলে পাইছে যে থুজাই শৰীৰৰ ৰোধ প্ৰতিৰোধ ক্ষমতা (Immunity) বঢ়ায় ৷ টি-লিম্ফচাইট আৰু ইন্টাৰলুকিন -২ৰ বৃদ্ধি হোৱাৰ ফলত এনে হয় ৷ ভবিষ্যতে এই দিশত আৰু ন ন যোগাত্মক তথ্য অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ কেমথিৰাপি আৰু ৰেডিঅ'থিৰাপি লোৱা ৰোগীয়ে এক সময়তে থুজা গ্ৰহণ কৰিলে সহনশীলতা বৃদ্ধি পায় বুলি ঠাৱৰ কৰা হৈছে ৷

থুজাই প্ৰসাব পৰিস্কাৰ কৰাত সহায় কৰে ৷ পাটিমুতুৰা ৰোগ, মূত্ৰাশয়ৰ সংক্ৰমণত থুজা উপকাৰী সিদ্ধ হৈছে ৷ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (যেনে ব্ৰংকাইটিচ,টনচিলাইটিচ, ফেৰিনজাইটিচ, চাইনোচাইটিচ,অটাইটিচ মিডিয়া) আদিৰ চিকিৎসাত থুজা সহায়ক ৷

আচিনাই, জুয়ে পোৰা, ঘা,বাত বিষ আৰু খজুৱতিজাতীয় চৰ্মৰোগতো থুজাৰ প্ৰয়োগ হয় ৷

থুজাৰ সানমিহলি প্ৰয়োগ- 
মাংসপেশিৰ বিষ,গাঁঠিৰ বিষৰ মালিশ কৰা মলম হিচাবে ৷
কীট-পতংগ খেদা দৰব হিচাবে ৷
চাবন আৰু কচমেটিক হিচাবে ৷ 
কিছুমান খাদ্যত সুগন্ধি হিচাবে ৷

থুজাৰ পাৰ্শ্বক্ৰিয়া, ড্ৰাগ ইন্টাৰ একচন, লবলগীয়া সতৰ্কতা আদি: -
থুজাৰ আভ্যন্তৰীন প্ৰয়োগত হব পৰা পাৰ্শ্বক্ৰিয়া - বমি, ওকালি, হাগনি, পেটৰ বিষ, মেলিনা, ভৰি ফুলা, বুকুৰ ধপধপনি, ৰক্তচাপ নিম্নগামী হোৱা আদি ৷ ভুল প্ৰয়োগে লিভাৰ আৰু কিডনিৰ অপকাৰ সাধিব পাৰে ৷ 
থুজাই গৰ্ভপাত সাধিব পাৰে ৷ গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক স্তনপাণ কৰোৱা মাতৃয়ে থুজা গ্ৰহণ কৰা অনুচিত ৷ মৃগীৰোগত ভোগা ৰোগীয়ে থুজা কোনো কাৰণত গ্ৰহণ নকৰিব ৷
অটো ইমিউন ডিজিজত (যেনে ৰিউমেটইড আৰ্থাইটিচ, চিষ্টেমিক লুপাচ এৰিথ্ৰমেটাচ, মাল্টিপল স্কেৰচিচ) ভোগা ৰোগীৰ লক্ষণসমূহ থুজাই বঢ়াই তুলিব পাৰে - কাৰণ থুজাই ইমিউন চিষ্টেমৰ সক্ৰিয়তা বঢ়ায় ৷ সেয়ে তেনে ৰোগীক থুজা দিয়া নাযায় ৷

থুজাৰ সৈতে ড্ৰাগ ইন্টাৰএকচন কৰিব পৰা ঔষধ কিছুমান হ'ল - এন্টিবায়টিক (এম্ফটেৰিচিন, পেনিচিলিন, চিফালোস্পৰিন), থিয়ফাইলিন, চাইক্লস্পৰিন জাতীয় ইমিউনো চাপ্ৰেচেন্ট দৰব, চাইপ্ৰহেপ্তাদিন নামৰ এন্টিহিষ্টামিনিক দৰব, কিছুমান এনাচথেচিয়া আৰু এন্টিডিপ্ৰেচেন্ট ঔষধ আদি ৷

উৎস:ডা০ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate