অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক’লেষ্টেৰল, আহাৰ আৰু আনুষংগিক সমস্যা

ক’লেষ্টেৰল, আহাৰ আৰু আনুষংগিক সমস্যা

‘ক’লেষ্টেৰল’(Cholesterol) আমাৰ তেজত থকা এবিধ চৰ্বি জাতীয় পদাৰ্থ। শৰীৰৰ সুষম বিকাশ তথা সুস্বাস্থ্য ৰক্ষাৰ বাবে পৰিমিত ৰূপত ইয়াৰ আৱশ্যকতা যথেষ্ট গুৰুত্বপূৰ্ণ। কিন্তু অপৰিমিত বা মাত্ৰাধিক ৰূপত ইয়াৰ উপস্থিতি কিন্তু যথেষ্ট ক্ষতিকাৰক। সেয়ে তেজত ক্ৰমান্বয়ে ক’লেষ্টেৰলৰ মাত্ৰা বাঢ়ি গ’লে ৰক্তবাহী নলী বা ধমনীৰ ভিতৰফালে সেই চৰ্বি জাতীয় পদাৰ্থবোৰ জমা হ’বলৈ ধৰে। এনেদৰে ক্ৰমান্বয়ে কোনো বাধা নোপোৱাকৈ ধমনী বা সিৰাবোৰত ক’লেষ্টেৰল( Cholesterol) জমা হৈ পৰে। ফলত ধমনীৰ নলীৰ ভিতৰভাগ ঠেক হৈ পৰে। ৰক্তবাহী নলীবোৰে স্বাভাৱিক স্থিতিস্থাপক্তা গুণটো হেৰুৱাই ডাঠ আৰু টান হৈ পৰে। ফলত ধমনীৰ মাজেৰে সুকলমে বা স্বছন্দে তেজ চলাচল কৰাত বাধাৰ সৃষ্টি হয়। এই বাধাৰ ফলত ধমনীয়েদি হৃদপিণ্ডৰ মাংসপেশীলৈ তেজ আৱশ্যকীয় পৰিমাণে আহিব নোৱাৰা হয়, ফলত তেজৰ অভাৱত ভোগা হৃদপিণ্ডৰ মাংসপেশীক তেজৰ যোগান ধৰাৰ বাবে তেজৰ গতিবেগ বৃদ্ধি কৰিবলৈ হৃদপিণ্ডই অধিক শক্তি প্ৰয়োগ কৰিবলগীয়া হয়। ফলত, ৰক্তচাপ বাঢ়ি যায় আৰু বুকুৰ বিষ, ষ্ট্ৰোক, থ্ৰম্বচিছ আদিকে ধৰা নানা ৰোগৰ সৃষ্টি হয় আৰু মানুহ মৃত্যুৰ মুখত পৰিবলগীয়া হয়।

মাত্ৰাধিক ক’লেষ্টেৰল সদায় জীৱনৰ বাবে ভাবুকি স্বৰূপ। সেইবাবে আমাৰ আহাৰ তালিকাৰ অন্তৰ্গত খাদ্যদ্ৰব্যবোৰৰ ভিতৰত কোন কোন বিধ সামগ্ৰীত ক’লেষ্টেৰলৰ পৰিমাণ কিমান, তাক ভালদৰে জানিব লাগিব। সাধাৰণতে উদ্ভিদ জাতীয় বা নিৰাময় আহাৰত ক’লেষ্টেৰল নেথাকে। কিয়নো উদ্ভিদৰ দেহত কেতিয়াও ক’লেষ্টেৰলৰ সৃষ্টি নহয়। আনহাতে আমিষ শ্ৰেণীৰ খাদ্যপদাৰ্থ, বিশেষকৈ(জীৱ-জন্তুৰ উৎসৰ পৰা আহৰণ কৰা), মাংস, মাছ, কণী, ঘিউ, মাখন, গাখীৰ, চীজ আদি খাদ্য সম্ভাৰবোৰত ক’লেষ্টেৰল পৰ্যাপ্ত পৰিমাণে পোৱা যায়, যিবিলাক খাদ্যপদাৰ্থৰ গ্ৰহণে শৰীৰত ক’লেষ্টেৰলৰ মাত্ৰা দ্ৰুতভাৱে বঢ়ায়।

সেয়ে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰি সুস্থ জীৱন-যাপন কৰিবলৈ হ’লে সদায় সুষম আহাৰৰ প্ৰতি সজাগ হ’ব লাগিব। এই ক্ষেত্ৰত আমি নিজৰ দেহৰ ক’লেষ্টেৰল নিয়ন্ত্ৰিত কৰি শাক-পাচলি, ফল-মূল আদিক অগ্ৰাধিকাৰ দিব লাগিব। আমিষ আহাৰ, বিশেষকৈ মাংস, কণীৰ কুহুম, মাখন, ক্ৰীম, চীজ আদিৰ গ্ৰহণ নিয়ন্ত্ৰণ কৰিব লাগিব অথবা পৰিহাৰ কৰিব লাগিব। কাৰণ চৰ্বি জাতীয় আহাৰে দেহত ক’লেষ্টেৰল বঢ়াই তোলে।

পৰিমিত সুষম আহাৰ, নিয়মিত ব্যায়াম, ধূমপান আৰু সুৰাপান বৰ্জন, বয়স অনুকুল খেল-ধেমালি আৰু শুদ্ধ-সাত্বিক চাপ মুক্ত জীৱন শৈলীৰে নিঃসন্দেহে আমি সুস্থ-সবল হৃদপিণ্ডৰ অধিকাৰী হৈ সুন্দৰভাৱে শতাধিক শৰৎ প্ৰত্যক্ষ কৰাৰ প্ৰচেষ্টা কৰিব নোৱাৰোনে?

লেখক: ভুৱনেশ্বৰ ডেকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 2/15/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate