অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁকালৰ বিষৰ ব্যায়াম

কঁকালৰ বিষৰ ব্যায়াম

কঁকালৰ বিষৰ ব্যায়াম আৰম্ভ কৰাৰ আগতে চিকিৎসকক দেখুওৱাটো আৱশ্যক। প্ৰতিজন ৰোগীকে প্ৰয়োজনীয় পৰীক্ষা-পাতি কৰিহে যাৱতীয় ব্যায়ামৰ পৰামৰ্শ চিকিৎসকে দিব লাগে। কিয়নো সকলো ব্যায়াম সকলোৰে বাবে প্ৰযোজ্য নহয়। ভুল ব্যায়ামে অপকাৰহে কৰিব পাৰে। তথাপি কিছুমান সাধাৰণ ব্যায়াম তলত উল্লেখ কৰা হ’ল—

ওপৰমুৱাকৈ শুই কৰা ব্যায়াম

প্ৰথমতে দীঘল দীঘলকৈ উশাহ লৈ কিছুসময় বুকুৰ মাজত ৰাখি লাহে লাহে মুখেৰে এৰি দিব লাগে। এনে কৰিলে কঁকালৰ মাংসপেশী শিথিল হৈ ব্যায়ামৰ উপযোগী হয়। এতিয়া এটা ভৰি পোনকৈ ৰাখি আনটো ভৰিৰ গোৰোহ চোঁচৰাই আঁঠুত ভাঁজ কৰি সন্মুখভাগত দুই হাত জোৰা লগাই ধৰি লাহে লাহে কঁকালৰ ফাললৈ কোঁচাই ভাঁজ কৰি ৰাখি পুনৰ পোনাই দিব। একেদৰে দুয়োটা আঁঠু একেলগে ভাঁজ কৰিব। দহ ছেকেণ্ড ৰাখিব। আকৌ পোনাই দিব। ছয়বাৰ কৰিব। এটা ভৰি পোনকৈ ওপৰমুৱাকৈ তুলি ত্ৰিছ ছেকেণ্ড ৰাখিব। দুবাৰ কৰিব। এনেকৈ আনটো ভৰিও ওপৰমুৱাকৈ আঁঠু ভাঁজ নকৰাকৈ তুলিব। মেকুৰীৰ নিচিনাকৈ দুই হাত দুই ভৰিৰ ওপৰত ভৰ দি মূৰটো তলমুৱাকৈ ৰাখি পিঠিখন ওপৰলৈ ধেনুভিৰিয়াকৈ পাঁচ ছেকেণ্ড ৰাখিব। এনেকৈ দহবাৰ কৰিব। দুয়োটা আঁঠু ভাঁজ কৰি ওপৰমুৱাকৈ খালী পেটেৰে শুই পেটৰ মাংসপেশীৰ তললৈ পাঁচ ছেকেণ্ড হেঁচা মাৰি ৰাখিব। এনেকৈ দহবাৰ কৰিব। ওপৰমুৱাকৈ শুই দুই আঁঠু ভাঁজ কৰি, হাত দুখন আঁঠুৰ ওপৰত ৰাখি, মূৰ ওপৰলৈ উঠাই থুঁতুৰি বুকুত লগাবলৈ চেষ্টা কৰিব। এনেকৈ তিনি ছেকেণ্ড ৰাখিব। দহবাৰ কৰিব। পৰৱৰ্তী ব্যায়ামকেইটা উবুৰি হৈ খালী পেটেৰে কৰিব। দুয়োখন হাত কিলাকুটি ভাঁজ নকৰাকৈ পোনকৈ ৰাখিব। আঁঠু ভাজ কৰি ভৰি পোনকৈ ৰাখিব। এখন এখনকৈ ভৰি ১০-১৫ চেণ্টিমিটাৰমান ওপৰলৈ উঠাই পাঁচ ছেকেণ্ড ৰাখিব। এনেকৈ দহবাৰ কৰিব। আগৰ দৰেই এখন এখনকৈ ১০-১৫ চেণ্টিমিটাৰমান উঠাই পাঁচ ছেকেণ্ড ৰাখিব। এনেকৈও দহবাৰ  কৰিব। একেদৰে সোঁহাত আৰু বাওঁহাত উঠাব। এতিয়া দুয়োখন হাত ভাঁজ কৰি পিছফালে কঁকালত ৰাখি মূৰ আৰু বুকুখন ১০-১৫ চেণ্টিমিটাৰমান উঠাব। ওপৰৰ প্ৰতিটো আসন ছয় বাৰকৈ মুঠতে আধাঘণ্টামান দিনৌ দুবাৰ কৰিব।

উৎস : স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate