অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কনটেক্ট লেন্সতকৈ লেজাৰ ছাৰ্জাৰি নিৰাপদ

কনটেক্ট লেন্সতকৈ লেজাৰ ছাৰ্জাৰি নিৰাপদ

লেজাৰ অস্ত্ৰোপচাৰতকৈ কনটেক্ট লেন্স বেছি নিৰাপদ বুলি ইমান দিনে ধাৰণা ভুল বুলি প্ৰমাণিত হৈছে। দৃষ্টিশক্তি দুৰ্বল হৈ পৰিলে বহুতে চছমাৰ সলনি কনটেক্ট লেন্স ব্যৱহাৰ কৰটো আজিকালি এক ফেচনত পৰিণত হৈছে। কিন্ত এতিয়া শেহতীয়া এক অধ্যয়নত প্ৰমাণিত হৈছে যে কনটেক্ট লেন্স ব্যৱহাৰ কৰাতকৈ লেজাৰ অস্ত্ৰোপচাৰ কৰাইল্লোৱাহে বেছি ভাল। এই কথা অলপতে প্ৰকাশ কৰিছে অৰিগণ হেল্‌থ এণ্ড ছায়েন্স ইউনিভাৰচিটি, কেচি আই ইনষ্টিটিউটৰ চিকিৎস সকলে। এই বিশ্ববিদ্যালয়ৰ চকু ৰোগ বিশেষজ্ঞ উইলিয়াম মেথাৰে এই বিষয়ত কেইবা লানিও অধ্যয়ণ কৰি প্ৰমাণ কৰিছে যে একেৰাহে কনটেক্ট লেন্স ব্যৱহাৰ কৰি থাকিলে দৃষ্টিশক্তি হেৰুওৱাৰ আশংকা বৃদ্ধি পায়। বৰং লেজাৰ অস্ত্ৰোপচাৰৰ যোগেদি, (যাক ৰিফ্লেকটিভ’ ছাৰ্জাৰি বুলি কোৱা হয়) হ্ৰাস পোৱা দৃষ্টিশক্তি পুনৰুদ্ধাৰ কৰি লোৱাহে বেছি ভাল। একেৰাহে কনটেক্ট লেন্স ব্যৱহাৰ কৰি থকা লোকৰ চকুত ৰোগ সংক্ৰমণ হোৱাটো এটা সাধাৰণ কথা আৰু তাৰ ফলত বহুতে দৃষ্টি শক্তি হেৰুৱায়। বহুতৰ আকৌ সংক্ৰমিত চকুটোকে শৰীৰৰ পৰা বাহিৰ কৰি পেলাব লগীয়া হয়গৈ। অৱশ্যে কনটেক্ট লেন্স বিলাক বেয়া বুলি ক’ব নোৱাৰি। সেই বুলি এই বিলাক সিমান নিৰাপদ বুলিবও নোৱাৰি। পূৰ্বতে কৰা অন্য এটা অধ্যয়ণতো এই কথা প্ৰমাণ পোৱা গৈছিল যে গোটেই ৰাতি এই লেন্স পিন্ধি থাকিলে বা লেন্সবোৰ ভালদৰে পৰিষ্কাৰ কৰাত অৱহেলা কৰিলে চকুত কেৰাটাইটিচ নামৰ বেক্টেৰিয়া জনিত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate