বহুতেই কয়- সামান্য খাওঁ, কিন্তু ইমান শকত কিয়! নিখীনাও দেখোন। ইয়াৰ উত্তৰ আছে। হ’ব পাৰে সেইসকলে হয়তো কমেই খায় কিন্তু কেলৰি হিচাপে সেয়া বহুত বেছি। তদুপৰি হয়তো খোৱাতকৈ পৰিশ্ৰম কম। আৰু এটা কথা- কিছুমান কথা বা কামৰ ক্ষেত্ৰত বুলি কথা এষাৰ আছে। জোখতকৈ অধিক শকত হৈ গ’লে খীনোৱা কঠিন। নিশ্চয় খীনাব- তাৰ বাবে কৰিব লাগিব বহু ত্যাগ। আজিকালি ‘লাইপোছাকচন’ পদ্ধতিৰে শৰীৰৰ অতিৰিক্ত মেদ চিকিৎসকৰ দ্বাৰা উলিয়াই পেলোৱা হয়। কিন্তু ই খৰচি পদ্ধতি। সকলোৱে কৰিব নোৱাৰে। আমাক লাগে সকলোৱে খীনাব পৰা পদ্ধতিহে। নহয় জানো?
বহুতে খীনাবৰ বাবে যিকোনো পদ্ধতি অৱলম্বন কৰিবলৈ লয়। ই ঠিক নহয়। মনত ৰখ উচিত ডায়েটিং মানে খাবলৈ বাদ দিয়া নহয়। নিৰ্দিষ্ট সময়ত সুষম আহাৰ খোৱাটোৱেই ডায়েট। যি খোৱা-বোৱাত উপযুক্ত মাত্ৰাত কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, ফেট, ভিটামিন, মিনাৰেল ইত্যাদি থাকে। তাকেই সুষম আহাৰ বুলি কোৱা হয়। যিকোনো এবিধ খাদ্যত এই সকলোবোৰ গুণাগুণ পাবৰ বাবে খাব লাগিব উপযুক্ত মাত্ৰাত বিবিধ খাদ্য। বিভিন্ন খোৱা খাদ্য মিলিয়েই হয় সুষম আহাৰ। ব্ৰেকফাষ্টত ৰুটি, ব্ৰেড, ওডচ, ডালিয়া, চেণ্ডুইচ, কণী, চুজি তাৰ কল-পকা অমিতা আদি ফল। এতিয়া গৰমৰ দিনত তৰমূজ ৰাখিব পাৰে। গজালি ওলোৱা মগু ফলদায়ক। সেইদৰে দুপৰীয়া অলপ ভাত, দাইল, মাছ, লোকেল চিকেন, কণী, শাক-পাচলি, টিয়হ ৰাখিব। খোৱাৰ শেষত দৈক স্থান দিব। গৰমৰ দিনত দুপৰীয়া কেইচামুচমান পানী দিয়া অৰ্থাৎ পইতাভাতৰ জুতি ল’ব পাৰে। নিশা সাত-আঠ বজাৰ ভিতৰত খোৱা সামৰিব। নিশা খোৱা যাতে, তেনেই সামান্য পৰিমাণৰহে হয়। চুপ-দাইল-ব্ৰেডেৰেও খোৱা সামৰিব পাৰে। ৰুটি-ব্ৰেড ইত্যাদি যদি গেছৰ সমস্যা কৰে, তেনে ভাত এমুঠি বাকী চুপ আৰু দাইল। আহাৰ কমাই আনিলে তেনেকৈয়ে অভ্যাস হৈ যাব। কিন্তু সেইবুলি অপুষ্টি নহয় যাতে। সেইবাবে খোৱাখিনিয়েই হ’ব লাগিব পুষ্টিকৰ উপযুক্ত খাদ্য। খাদ্য উপযুক্ত নহ’লে অৰ্থাৎ খাদ্য গুণৰ অভাৱত প্ৰথমৰ ফালে শৰীৰলৈ অৱসাদ আহিব, ক’তো শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। দুৰ্বল ভাব আহিব। মূৰ ঘূৰোৱা, বিষোৱা আদি অনুভৱ কৰিব। যিসকল মহিলাই খীনাবৰ বাবে খোৱা-বোৱা সকলো এৰে তেওঁলোকৰ গতি বিষম হ’ব পাৰে। ৰক্তহীগ্নতা বা এনিমিয়াৰ চিকাৰ হ’ব পাৰে। পিৰিষডচ সোনকালে বন্ধ হৈ হৰম’নৰ তাৰতম্য ঘটাব পাৰে। চুলি সৰিব। আনকি ৰোগ-প্ৰতিৰোধ কৰা শক্তিও কমে।
ধৰি লওক, খীনাবৰ বাবে ফল-মূল, দৈ, চালাডকে নিৰ্বাচন কৰি ল’লে। কিন্তু মাছ, ভাত, দাইল, অইন ভাজি-তৰকাৰি চব বাদ দিলে। এইটোৱে ভীষণ অপকাৰ নকৰিবনে? ভাত, দাইল, মাছ, কণী, গাখীৰ ফল, শাক-পাচলি সকলো মিলিয়েই সুষম আহাৰ আৰু এইবোৰৰ পৰাই পোৱা যায়। কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, ভিটামিন, মিনাৰেল আদি।
প্ৰয়োজনৰ তুলনাত কম খালে গেছ’ট্ৰাইটিছ, আলচাৰ আদি ৰোগে লগ ধৰে। এনে কিছুমান ৰোগ চিৰস্থায়ী হয় আৰু মানুহক খুব ভোগায়। এনে ধৰণৰ অসুখ আজিকালি কম বয়সীয়া ছোৱালীৰ ক্ষেত্ৰত বেছি হোৱা দেখা যায়। যিহেতু আজিকালি ছোৱালীবোৰে খীনাই থাকিবৰ বাবে খোৱা-বোৱা যথেষ্টভাৱে এৰে। এনে ধৰণৰ ৰোগক ‘এনৰেক্সিয়া নাৰ্ভোছা’ বুলি কোৱা হয়। ই নোখোৱাৰ ফলত হোৱা ৰোগ।
এই অসুখৰ গুৰি থাকে মনত, কিন্তু ইয়াৰ লক্ষণ দেখা দিয়ে শৰীৰত। এই অসুখৰ ফলত বয়সৰ স্বাভাৱিক লাৱণ্য হেৰাবলৈ ধৰে। বুকুৰ ধপধপনি হয়। ৰক্তচাপ কমি যায়। গতিকে দেখাত ভাল হ’বলৈ যি খোৱা বাদ দিছিল তাৰ বিপৰীতে দেহাৰ অৱনতিহে ঘটিল। এনৰেক্সিয়া নাৰ্ভোছা’ত ভোগা এগৰাকী যুৱতীক শেষত হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়। হাস্পতালত এনে ৰোগীক চেলাইন দিয়ে। নাকেৰে পাইপ ভৰায়ো খুৱাবলগীয়া হয়। কাৰণ এই ৰোগীৰ প্ৰধান চিকিৎসা হ’ল খুওৱা। তদুপৰি খোৱা-বোৱা যথোপযুক্ত হোৱাটো কিমান জৰুৰী সেই কথা বুজাবলৈ ছাইক’লজিকেল কাউন্সেলিঙৰো দৰকাৰ হয়।
শৰীৰক সন্তুলন অৱস্থাত ৰখাৰ ক্ষেত্ৰত সকলোতকৈ সহজ, বিজ্ঞানসন্মত পন্থাটিয়েই হৈছে উচিত বা সুষম খাদ্য আৰু নিয়মিত ব্যায়াম। কম বয়সৰ পৰা শৰীৰ নিজৰ হাতত ৰাখিবলৈ যত্ন কৰিব লাগিব। বেছি শকত বা হ’লে বিচৰা ধৰণে খীনোৱা উপায় কম। জোৰ-জবৰদস্তি অৰ্থাৎ খোৱা-বোৱা একেবাৰে কমালে হিতে বিপৰীত। ফেট মানে কিন্তু বেয়া বস্তু নহয়। শৰীৰত এটা জোখত মেদ থকা উচিত যিটো বেয়া নেদেখি। এই মেদে কোমল আৱৰণেৰে শৰীৰক জোখৰ পৰিমাণৰ মেদ বিপদৰ সময়ত অৰ্থাৎ অসুখ-বিসুখৰ সময়ত প্ৰয়োজনীয়হে। গতিকে সামান্য মেদৰ বাবে চিন্তা কৰিবলগীয়া নাই। গতিকে সিমিনখিনি খাওক যিমানখিনি খোৱা দৰকাৰ। দেহা থাকিলেহে বেহা। সেয়া দেহা ভালে থকা বিধিবোৰ আমি জনা উচিত।
উৎস: অসম বাণী(অংশুমা শইকীয়া)
শেহতীয়া উন্নীতকৰণ: : 1/6/2019