অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলড্‌ ড্ৰিংকচ্‌ বা শীতল পানীয়ৰ বিষয়ে কিছু কথা

শীতল পানীয়ৰ জনপ্ৰিয়তা বতৰৰ উষ্ণতা বঢ়াৰ লগে লগেই বাঢ়ি গৈ থাকে। আগৰ দিনত মাটি কলহৰ পানী খাই গা জুৰ পেলোৱা লোকেও আজিৰ উৎকট গৰমত শীতল পানীয় খাবলৈ পালেহে তত্‌ আহে বুলি কোৱা হয়। হয়তো এয়াই বিশ্বাস। অৱশ্যে এইক্ষেত্ৰত, এইবিধ উপাদানৰ তৈয়াৰকাৰীসকলে মানুহক লুভীয়া কৰি তুলিবলৈ যৎপৰোনাস্তি কষ্ট কৰিব লাগিছে। এইক্ষেত্ৰত তেওঁলোকে দুহাতেৰে আকুন্ঠচিত্তে টকা খৰছ কৰিবলৈও কুন্ঠাবোধ কৰা নাই। এইক্ষেত্ৰত তেওঁলোকৰ বিনিয়োগতকৈ লাভৰ মাত্ৰা সৰ্বাধিক। অৱশ্যে বিভিন্ন কোম্পানীবোৰে তৈয়াৰ কৰা এই শীতল পানীয়ৰ জনপ্ৰিয়তা যিমান অধিক, সেইদৰে ইয়াৰ বিতৰ্কিত বিষয়ো কম নহয়। সম্প্ৰতি ইয়াৰ ক্ষতিকাৰক দিশটোৰ লগতে ইয়াৰ ব্যৱহাৰে ব্যক্তিগতখণ্ডত মুনাফাৰ সৃষ্টি কৰি দেশৰ অৰ্থনীতিত ঘাটিৰ পৰিমাণ বঢ়োৱা দিশটো নানা মহলত বিতৰ্কিত বিষয় হৈ পৰিছে।

কেতিয়াৰ পৰা ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছিল?

কোলাজাতীয় শীতল পানীয় পোনপ্ৰথমে আৱিষ্কাৰ কৰে জন ষ্টাইথ পেম ৱাৰ্টন নামৰ এজন বৈজ্ঞানিকে ১৮৮৬ চনৰ আমেৰিকাৰ আটলাণ্টা চহৰত। কোকোপাত, কোকোবীজ আৰু কাফিনৰে তৈয়াৰী এই মিশ্ৰণটো মূৰৰ বিষ আৰু ইনফ্লুৱেঞ্জাৰ ঔষধ হিচাপে তেতিয়া ব্যৱহৃত হৈছিল।

ইয়াৰ পিছত ১৮৮৯ চনত জেনেভাৰ নিকোলাচ পল লেমনেডে প্ৰচলন কৰে। ১৮৯১ চনত আচা কেন্তুলাৰ আমেৰিকাৰ কোকাকোলাৰ পেণ্টেন নেন।

১৮৯৮ চনত আমেৰিকাৰ কালেব ডি ব্ৰাধানে পেপ্‌চি কোলাৰ প্ৰৱৰ্তন কৰে।

ইংলেণ্ডত প্ৰতিবছৰে ৮০ হাজাৰ কোটি লিটাৰ শীতল পানীয় বিক্ৰী হয়।

আমাৰ দেশৰ বজাৰত যিবোৰ শীতল পানীয় বিক্ৰী হৈ থাকে, সেইবোৰত থকা উপাদান আৰু উপাদানবোৰৰ অনুপাত বটলত লিখা নেথাকে অথচ এনে বে-আইনীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা নাযায়। ইয়াৰ অনুমোদিত ৰং ব্যৱহাৰ হৈছেনে? আৰু কেনে উপাদানেৰে মিশ্ৰটো সজোৱা হৈছে? ইয়াক সুস্বাদু কৰিবলৈ কি ব্যৱহাৰ হৈছে? এনে ধৰণৰ প্ৰশ্নই ইয়াক বিতৰ্কিত কৰাই নহয় আৰু সন্দেহৰো যথেষ্ট স্থল আছে।

শীতল পানীয়ত থকা উপাদান

  • কৃত্ৰিম সোৱাদৰ বাবে চেকাৰিন, চাইক্ল’মেট
  • চাইট্ৰিক এচিড,
  • ফছফৰিক এচিড
  • মেলিক এচিড
  • হাইড্ৰ’ক্লৰিক এচিড
  • ছডিয়াম
  • পটাছিয়াম
  • মেংগানিজ
  • ক্ল’ৰাইড
  • সুগন্ধি
  • কৃত্ৰিম ৰঙৰ বাবে  টটাজিন, কুইনোলিন ইয়োলো, চানচেট ইয়োলো ইত্যাদি।
  • উচ্চ চাপৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ ভৰাই ছীল কৰা হয়।

অনেক ফলৰ ৰস দিয়া বুলি কোম্পানীয়ে দাবী কৰে যদিও প্ৰকৃততে ফলৰ ৰস দিয়াটো সম্ভৱ নহয়। এনেক্ষেত্ৰত ফলৰ ৰসৰ পৰিৱৰ্তে ৰাসায়নিক দ্ৰব্যৰহে মিশ্ৰণ তৈয়াৰ কৰা হয়।

শীতল পানীয় বটল সংৰক্ষণ কৰাৰ সময়ত ছ’ডিয়াম বেনজাইট আৰু ছালফাৰ ডাই অক্সাইড ব্যৱহাৰ কৰে।

শীতল পানীয় উপকাৰিতা

  • ই জীৱাণুমুক্ত পানী,
  • সোৱাদযুক্ত
  • উচ্চ চাপত কাৰ্বন ডাই অক্সাইড থকা বাবে বটল খোলাৰ সময়ত বুৰ-বুৰণি উঠে যিয়ে খাওঁতাজনক তৃপ্তিৰ ভাব আনি দিয়ে।
  • কিছু পৰিমাণে কেলৰি পোৱা যায়,
  • নানা খনিজ উপাদান আৰু ক্ল’ৰাইড থকাৰ হেতু অলপ খালেই তৃষ্ণা পলায়,
  • সহজেই শৰীৰৰ ক্লান্তি দূৰ হয়,
  • শৰীৰত এটা সতেজ ভাব আহে।

শীতল পানীয়ৰ অপকাৰিতা

  • উচ্চ চাপৰ কাৰ্বন ডাই অক্সাইডৰ মিশ্ৰণ থকা হেতু এই পানীয় পান কৰিলে হাপানী থকা শিশুবোৰৰ কাৰণে বিশেষ ক্ষতিকাৰক।
  • সংৰক্ষক হিচাপে ব্যৱহৃত হোৱা ছ’ডিয়াম বেনজয়টৰ কাৰণেও হাঁপানী হ’ব পাৰে।
  • নিচা হোৱাৰ সম্ভাৱনা থাকে।
  • এলাৰ্জি হ’ব পাৰে।
  • এনেজাতীয় পানীয় একেবাৰে পি খালে কেলছিয়াম আৰু ফছফৰাছ শৰীৰত প্ৰৱেশ কৰাত বাধা আহি পৰে।
  • অস্থি ক্ষয় হয়।
  • হাড় কমজোৰ হয়।
  • দাঁতৰ এনামেল ক্ষয় হয়।
  • চঞ্চলতা বৃদ্ধি পায়।
  • ল’ৰা-ছোৱালীৰ শৰীৰৰ বিকাশত বাধা আহে।
  • গৰ্ভত থকা শিশুৰ ক্ৰ’ম’জমৰ বিকৃতি হ’ব পাৰে।
  • পাতল শৌচ হয়।
  • নাকেদি পানী ওলায়।
  • হঠাৎ হৃদ-স্পন্দন অনিয়মীয়া হয়।
  • গৰ্ভস্থ শিশুৰ বৃদ্ধি কম হয়।
  • ডায়েবেটিচ ৰোগীৰ বাবে নিৰাপদ নহয়।
  • অগ্নাশয়, স্তন বা বৃহদান্ত্ৰৰ কেন্সাৰৰ সম্ভাৱনা থাকে।
  • নানা নিষিদ্ধ ৰং ব্যৱহাৰ কৰাৰ ফলত কেন্সাৰ হ’ব পাৰে।

শীতল পানীয়ৰ ব্যৱহাৰে শৰীৰক কিছু সময়ৰ বাবেহে শান্ত কৰি তোলে। উপকাৰৰ হিচাপত অপকাৰিতাৰ পৰিমাণহে বেছি। তাতোকৈ ডাঙৰ ক্ষতিকাৰক দিশটো হৈছে দেশৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ। সেয়েহে উন্নয়নশীল দেশসমূহে ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰি দিব লাগে। কিয়নো ব্যক্তিগতখণ্ডক ধনী কৰি কিছু সময়ৰ বাবে প্ৰশান্তি লাভ কৰি ওৰেটো জীৱনৰ বাবে শৰীৰত ৰোগ চপাই লোৱাটো তথা শৰীৰক উৎকট গৰমৰ পৰা শান্ত কৰি তুলিবলৈ দেশত থলুৱাভাৱে উৎপাদিত ডাব নাৰিকলৰ পানী তথা কুঁহিয়াৰৰ ৰস তথা ফলমূলৰ ৰসেই শ্ৰেয়।

লিখক: টংকেশ্বৰ নাথ।

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate