অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোষ্ঠকাটিন্য ৰোগ নিৰাময়ৰ উপায় :

কোষ্ঠকাটিন্য ৰোগ নিৰাময়ৰ উপায় :

 

জীয়াই থাকিবলৈ আমি যি আহাৰ খাও তাৰ পৰা দেহৰ আৱশ্যকীয় উপাদান সমুহৰ বাদে অলাগতিয়াল পদাৰ্থ (মল) সমুহ শৌচ বা প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰলৈ উলিয়াই দিয়া শৰীৰ ৰ তন্ত্ৰসমুহৰ স্বাভাৱিক নিয়ম । প্ৰকৃতিৰ সকলো জীৱৰ ক্ষেত্ৰত একেই নিয়ম । অইন জীৱই দিনটোত অনেকবাৰ মলত্যাগ কৰে যদিও এজন সুস্থ্য লোকৰ বাবে নিতৌ এক বা দুই বাৰ শৌচ কৰাটো স্বাভাৱিক বুলি ধৰা হয় । তাতকৈ বেচি হলে ৰোগ আৰু আমি দুৰ্বল হওঁ । আনহাতে নিতৌ আহাৰ গ্ৰহন কৰি ২/৪ বা ততোধিক দিনলৈ যদি পেটত জমা হোৱা আৱৰ্জনা সমুহ ওলাই নাযায় (তলাবন্ধ হৈ থাকে) সেই অবস্থাটোকে কোষ্ঠকাঠিন্য ,কব্জ,শৌচ কচা বা গ্ৰাম্য ভাষাত ""হাগা কচা "ৰোগ বোলে। সচৰাচৰ এই ৰোগ অধিক সংখ্যক লোকৰে হয় আৰু বহুতে ইয়াক ৰোগ বুলিও নাভাবে বা দুই তিনিদিনলৈ শৌচ নকৰাটোত কোনো চিন্তাৰ বিষয় বুলি নাভাৱে ---যাৰ ফলত ৰোগ পুৰনি আৰু স্থায়ী হৈ নানা ৰোগৰ উপসৰ্গই আক্ৰান্ত কৰে । এনেকি গুৰুত্ব নিদিয়া এই সৰু ৰোগেই দেহলৈ অসংখ্য ৰোগৰ বাহক হব পাৰে ।
কি কি হ’ব পাৰে :- কোষ্ঠকাঠিন্য ৰোগ সঘনাই বা স্থায়ীভাবে হৈ থাকিলে -----
মুৰৰ বিষ,পেট,বুকু আৰু গাৰ বিষ,অৰুচি ,অজীৰ্ণ, অভোক, পিত্ত ,,আমাশয়, যকৃত ,হৃদৰোগ ৰক্তচ্চাপ, পাথৰী , কেচুমুৰীয়াpiles, জ্বৰ , জন্ডিচ চালৰ ৰোগ আদি সৰুবৰ ৫০ বিধৰো অধিক ৰোগৰ কাৰন হব পাৰে। লগতে মানসিক অশান্তি , ষ্ফুৰ্তিহীন ,কৰ্মত মন নবহা, কথা পাহৰা ,অস্থিৰতা' ভাৱ,টোপনি নহা , ইত্যাদি লক্ষনে দেখা দিব পাৰে ।

ৰোগৰ কাৰণ:-

অনিয়মিত আহাৰ গ্ৰহন,, দেৰিকৈ শোৱা আৰু উঠা , অভোকত খোৱা , শৌচৰ বেগ আহিলেও বন্ধ কৰা, অধিক গুৰুপাক ভোজন ,অধিক তেল জলা মচলা খোৱা, পৰিশ্ৰম নকৰা,
পানী পৰিমিত মাত্ৰাতকৈ কম খোৱা, অধিক ঠান্ডা পানী ,ফ্ৰীজ বা কোল্ড দ্ৰিংক খোৱা, অধিক ধপাত,নিচাদ্ৰব্য, চাহ কফি খোৱা, ফাস্ট ফুড বা নানা তৰহৰ হোটেল ৰেস্টোৰাৰ আহাৰ খোৱা , আহাৰ খাওতে অধিক পানী খোৱা, ৰাতি পলমকৈ খাই লগে লগে শোৱা, বেচিকৈ বিষৰ ঔষধ খোৱা আদি নানা কাৰনত এই ৰোগ হব পাৰে। আৰু খাদ্যনীতি গ্ৰহনো কোষ্ঠকাঠিন্যৰ কাৰন বুলি কব পাৰি ।

সহজ ঘৰুৱা চিকিৎসা:- (গৰ্ভৱতী মহিলা বা কোনো বিশেষ ৰোগীৰ বাবে মিঠা ,তিতা, টেঙা,নিমখ আদি খোৱাত অসুবিধা থাকিলে তলৰ উপযুক্ত বিধান বাচি লব। নেমু খাব পাৰিব । উচ্চ ৰক্তচাপ ৰোগীয়ে গৰম পানী কিছু চেচা কৰিহে খাব ।)

১। শৌচ কচা হলে মলসমুহ টান হৈ নাড়ীত আবদ্ধ হৈ থাকে ।সেয়ে প্ৰাথমিক বিনামুলীয়া চিকিৎসা হল --যথাযথ নিয়মত কুহুমীয়া গৰম পানী খোৱা । ৰাতিপুৱা খালিপেটত -৩বা৪গিলাচ, আহাৰ খোৱাৰ এঘন্টা পিচত , ৰাতি শোৱাৰ আগত বা অন্য সময়ত মুঠতে দিনটোত ৩-৪লিঃ পৰিস্কাৰ কুহুমিয়া গৰম পানী খালে পেট খোলোচা হোৱাৰ লগতে সহজে অন্যান্য ৰোগাদি আৰোগ্য হয় । পানী সদায় বহি লাহে লাহে খাব । থিয় হৈ পানী খোৱাতো আৰু খৰখেদাকৈ এবা্ৰতে অধিক মাত্ৰাত খোৱাতো দেহৰ বাবে ক্ষতিকাৰক ।

২। ৰাতি শুবৰ সময়ত ত্ৰিফলা চুৰ্ণ(শিলিখা ,আমলখি,ভোমোৰা) ১বা২চামুচ 5-10ml এগিলাচ গৰম পানীৰে খালে পুৱা শৌচ খোলোচা হোৱাৰ লগতে দেহৰ নানা ৰোগ নিৰাময় হয় । (ত্ৰিফলা আয়ু:ফাৰ্মাচিত পাব । অভাৱত আমলখি বা শিলিখা গুৰি খালেও ফল পাব )

৩। পুৱা শুই উঠি কু:গৰম পানীত নেমু আৰু নিমখ (ক'লা বা সাধাৰন নিমখ) মিলাই ১--২ গিলাচ খালে শৌচ তৰল আৰু খোলোচা হয়। উচ্চ ৰক্তচাপ ৰোগীয়ে কেচা নিমখ নাম মাত্ৰহে মিহলাব ।
৪। এৰাতেল (কেস্তৰ অইল) ২ বা৩ চামুচ এগিলাচ গৰম গাখীৰ বা গৰম পানীত মিহলাই ৰাতি বা ৰাতিপুৱা সুদা পেটত খালে এই ৰোগ আৰোগ্য হয় ।
৫। ত্ৰিফলা ১চা: জনিগুটি আধা চা: গুৰি আৰু আন্দাজমতে সন্ধা নিমখ (অভাৱত কলা বা সা নিমখ);গৰম পানীত মিহলাই খালে পেটৰ নানা ৰোগ আৰু কোষ্ঠকাঠিন্য দুৰ হয় ।

৬। পকা অমিতা, পকা মধুৰিআম ,পকা বেল বা অন্যান্য পকা ৰসাল ফল উপকাৰী। অমিতা তৰকাৰী সদায় খোৱাতো হিতকাৰী ।

৭। কিচকিচ ১০টা এগিলাচ উতলা পানীত ৰাতি তিয়াই থৈ ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ চোবাই খাব ।
৮। ৰাতি শুবৰ সময়ত ২চামুচ মৌ এগিলাচ গৰম পানী বা গৰম গাখীৰত মিহলাই খাব।

৯। ইসৱগুল গুৰি( আয়ু:ফা:-ত পাব) ১চামুচ ৰাতি তিয়াই থৈ পুৱা খালিপেটত খাব ।
১০। গোমুত্ৰ ৪-৫চামুচ আৰু ১ চা:শিলিখা গুৰি নিয়মিত খালে দেহৰ বিভিন্ন ৰোগৰ লগতে শৌচ খোলোচা হৈ দেহৰ অপদ্ৰব্য বাহিৰ হয় ।
১১। শৌচ কৰোতে খুব বলপ্ৰয়োগ কৰিব লগা হলে মলদাৰত মিঠাতেল , ভেচলিন বা চাবোনপানী লগাব পাৰে ।
১২। সৰু লৰাছোৱালীৰ শৌচ কচা হলে পাণৰ ঠাৰিত এৰিতেল cestor oil বা মিঠাতেল সানি গুহ্যদ্বাৰত লগাই থলে শৌচ খোলা হয় ।

সুপথ্য:- মাজে মাজে মুগ দাইলেৰে খিচিৰি বনাই খোৱা , গজালি ওলোৱা মুগ বুট , বিলাহীৰ বা অন্যান্য চালাড, পকা ৰসাল ফল , কুহিয়াৰ , গুড়,আহজাতীয় ( fiber) পুস্টিকৰ শাকপাচলি আৰু ৰাতি ৰুতি খোৱাতো পাচন ক্ৰিয়া সৱল হয় আৰু কোষ্ঠকাঠিন্য গুচে।পালেং , মুলা, চালগোম,বিলাহী,জিলমিল বা বিভিন্ন সেউজীয়া শাক , ঔটেঙা,থেকেৰা, তেতেলি,চজিনা ,নিমপাত ,নেমু ,মৌচম্বি,নহৰু ,পিয়াজ ,ধনিয়া ,কেচা হালধী ,অমিতা অতি উপকাৰী । তিলৰ লাড়ু বা ভজা তিল আৰু গুড় মিহলাই খোৱাটো উপকাৰী । ৰাতিপুৱা সোনকালে উঠি কুহুমীয়া গৰম পানী খাই খোজ কঢ়া , ব্যায়াম, যোগাসন কৰা বিভিন্ন ৰোগৰ লগতে কোষ্ঠকাঠিন্যৰ বাবে অধিক হিতকাৰী ।
অপথ্য:- চাহ কফি, নিচা দ্ৰব্য ,অধিক চেচা বা ফ্ৰীজৰ পানী ,কোল্ড দ্ৰিঙ্ক ,হজম নোহোৱা খাদ্য , অধিক জলা মচলা ভজা পোৰা ,গুৰুপাক আহাৰ ,সঘনাই মাছ মাংস ভোজন , মিঠাই, বাহি খাদ্য আৰু টোপনী ক্ষতি কৰা অপকাৰী ।
*গৰ্ভৱতী মহিলা বা চিকিৎসাধীন ৰোগীয়ে চিকিৎসক বা বিজ্ঞ লোকৰ পৰামৰ্শ লৈহে উপৰৰ বিধান লব ।

লেখক: যতীন দাস

 

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate