অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠফুলা আৰু মানৱ স্বাস্থ্য

কাঠফুলা আৰু মানৱ স্বাস্থ্য

এষাৰ কথা অনস্বীকার্য যে, খাদ্যাভ্যাস হৈছে সময়ৰ প্ৰভাৱত মানুহে গঢ় দিয়া এক বিষয়। গতিকেই ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰীতি-নীতিবোৰো সময়ৰ অনুমোদন সাপেক্ষে জীপাল হোৱা বিষয়। সকলো ধৰণৰ খাদ্য সম্বন্ধীয় ৰীতি-নীতিৰ অন্তৰালত আছে সময় আৰু সমাজৰ বাধ্যবাধকতা। আৰম্ভণিতেই এইষাৰ উল্লেখ এইবাবেই কৰিলো যে, গো মাংস ভক্ষণৰ বিষয়টি সন্দৰ্ভত আজি সমগ্র এক অগ্নিগর্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্র বিশ্বৰ চুকে-কোণে ৰস বাম কৰা বিভিন্ন সমাজ তথা সম্প্রদায়ৰ মানুহৰ খাদ্যাভ্যাসৰ ভালেখিনি তাৰতম্য আছে। চিকিৎসকৰূপে এই কথাষাৰৰ বাস্তৱিক সত্যতা মই উপলব্ধি কৰিছিলো আজি ডেৰটা দশকৰ পূৰ্বে যেতিয়া নেকি মই উজনি অসমলৈ কর্মসূত্রে বদলি হৈ গৈছিলো। পৰিস্থিতিৰ বাধ্যবাধকতাত পৰি আজি ইমান বছৰে উজনিৰ দুখন চিকিৎসা মহাবিদ্যালয়ত অধ্যাপনা কৰি থকাৰ পৰিপ্রেক্ষিতত উজনীয়া মানুহৰ কেতবোৰ খাদ্যাভ্যাসৰ বিষয়ে বাৰুকৈয়েই অৱগত হৈছো।

উদাহৰণস্বৰূপে এই নিবন্ধটিৰ শিৰোনামত উল্লিখিত কাঠফুলাৰ নামৰ উদ্ভিদবিধৰ কথাকেই ধৰা যাওক। উজনীয়া মানুহৰ ই হৈছে এবিধ অন্যতম প্ৰিয় খাদ্য— ব’হাগ মাহৰ পৰা আৰম্ভ কৰি বাৰিষা কালৰ মাজভাগমানলৈ বিভিন্ন প্রকাৰৰ কাঠফুলা হাবিয়ে-বননিয়ে সর্বসাধাৰণে ইয়াক ভক্ষণ কৰে। অৱশ্যে আজিকালি আধুনিক তথা পৰিৱৰ্তিত জীৱনশৈলীৰ প্ৰভাৱত মানুহে যিবোৰ খাদ্যগ্রহণ কৰে তাৰে ভিতৰত অন্যতম হৈছে এই মাশ্বৰম বা কাঠফুলা। পুষ্টিবিজ্ঞানৰ দিশৰ পৰা চাবলৈ গ’লে ই হৈছে এবিধ প্রটিনসমৃদ্ধ খাদ্যৰ উপাদান।

পিচে এনে হোৱা সত্ত্বেও স্বাস্থ্যগত দিশৰ পৰা চিন্তনীয় বিষয়টি হৈছে যে, এই কাঠফুলাৰ কিছুমান প্রজাতি মানৱ শৰীৰৰ বাবে বিষাক্তও হব পাৰে। আটাইতকৈ ডাঙৰ কথাটি হৈছে যে, বহুতে এইবিষাক্ত প্রজাতিভুক্ত কাঠফুলাৰ চিনাক্তকৰণত ভুল কৰে। ঘাইকৈ অজ্ঞতাৰ হেতুকেই এনে হয় আৰু এইক্ষেত্ৰত সুনির্দিষ্ট চিকিৎসাৰ ক্ষেত্ৰত কেতিয়াবা অসুবিধা হয়। এই ক্ষেত্রত বিজ্ঞানী তথা অভিজ্ঞ ব্যক্তিসকলৰ মতামত হৈছে যে, ঘাইকৈ উজনি অসমত এই সময়ত কাঠফুলাঘটিত বিষক্ৰিয়াত আক্ৰান্ত হয়।

এইখিনিতে আমাৰ সমাজত পৰম্পৰাগতভাবে প্রচলিত এটা জনবিশ্বাসৰ প্রতি মই পঢ়ুৱৈসকলৰ দৃষ্টি আকর্ষণ কৰিমহঁক। ব’হাগৰ বিহুৰ পাচত যিবোৰ কাঠফুলা ফুলে, সেইবোৰ ভক্ষণীয় বুলি ৰাইজে ভাবে। পাচে কথাষাৰ ইমান সৰলীকৃত কৰিব নোৱাৰি৷ উজনি অসমৰ উপৰিও সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ অৰণ্যবোৰত বিভিন্ন প্রজাতিভুক্ত অলেখ বিষাক্ত কাঠফুলা পোৱা যায়। গতিকেই বিষাক্তকৰণৰ ঘটনাৰ শংকা তথা সম্ভাৱনীয়তা অতি বেছি। জনস্বাস্থ্যৰ প্ৰতি থকা ভাবুকিৰ দিশটোৰ পিনে লক্ষ্য ৰাখি এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে আগবাঢ়ি আহিছে মাশ্বৰুম ডেভেলপমেণ্ট - ফাউণ্ডেচন , নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটি আৰু তেওঁলোকক এক আঁচনিৰ জৰিয়তে সহযোগিতা আগবঢ়াইছে গুৱাহাটীস্থিত টাটা ইনষ্টিটিউট অব ছচিয়েল ছায়েন্স'ৰ ছাত্র-ছাত্ৰীসকলে।

চিকিৎসাবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে বিষাক্ত কাঠফুলাবোৰক ঘাইকৈ দুটা শ্রেণীত ভগাব পাৰি বেছিডিঅ'মায়েচিটিছ আৰু এস্ক’ মায়েছিটিছ। সাধাৰণতে বিষাক্ত কাঠফুলা ভক্ষণৰ মাথোঁ কেইমিনিটমানৰ পাচৰ পৰা আৰম্ভ কৰি প্রায় ছঘণ্টাৰ ভিতৰত বিষক্রিয়াঘটিত উপসৰ্গবোৰৰ বাহ্যিক প্রকাশ ঘটে। সময় বিশেষে ইয়াৰো ভালেমান সময়ৰ পাচত লক্ষণবোৰ দেখা দিব পাৰে। তুলনামূলকভাৱে কম বিষাক্ত কাঠফুলাবোৰৰ বিষক্রিয়াৰ বহিৰ্প্ৰকাশ ভক্ষণ কৰাৰ পাচত তাৎক্ষণিকভাৱে হয় যদিও এ-ফেল'ইডছ নামৰ অতিকৈ বিষাক্ত কাঠফুলাবিধৰ বিষক্রিয়া ভক্ষণৰ ৬-২৪ ঘণ্টাৰ ভিতৰত দেখা দিয়ে। শৰীৰৰ বিভিন্ন অংগৰ ভিতৰত বৃক্ক (কিডনি) আৰু লিভাৰ বেছিকৈ বিষক্রিয়াত আক্রান্ত হয়। ৬-১২ ঘণ্টাৰ ভিতৰতে এই শেষোক্ত অংগ দুটাত বিষক্রিয়াৰ উপসর্গ পৰিস্ফুট হ’ব পাৰে। ইয়াৰ ফলত ৰোগীৰ অৱস্থা সংকটজনক হৈ জীৱনৰ প্রতি ভাবুকিৰ সৃষ্টি হোৱাৰ শংকা বিৰাজমান। সাধাৰণতে দুটা বা তিনিটা কাঠফুলা খালেই এনে পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে।

এতিয়া কথা হৈছে যে, হেন পৰিস্থিতিত প্রতিকাৰেই চিকিৎসাৰ সর্বোত্তম উপায়। ঘাই সমস্যাটি হৈছে চিনাক্তকৰণৰ ক্ষেত্ৰত থকা ভ্ৰান্ত ধাৰণা। পৰম্পৰাগত

জ্ঞানক এই ক্ষেত্ৰত নিশ্চয়কৈ ভূমিকা আছে আৰু সেয়েহে বুঢ়া-মেথাসকলৰ অভিজ্ঞতালব্দ জ্ঞানক গুৰুত্ব দিবই লাগিব। পিচে কেৰোণ অন্য ক’ৰবাতহে। মাশ্বৰুম বা কাঠফুলাৰ ক্ৰমবৰ্ধমান চাহিদাৰ পৰিপ্ৰেক্ষিতত জধেমধে অনভিজ্ঞ মানুহৰ জৰিয়তে কাঠফুলা সংগ্ৰহ কৰি সেয়া আকর্ষণীয়ভাৱে 'পেকিং কৰি বিক্ৰী কৰাৰ সম্ভাৱনা নথকা নহয়। যিহেতুকে ধনসৰ্বস্ব মানসিকতাৰ ফলত বিশ্বায়নৰ জৰিয়তে সকলো ক্ষেত্ৰতে বাণিজ্যিকীকৰণ ঘটিছে, গতিকে কাঠফুলাৰ ব্যৱসায়ৰ ক্ষেত্ৰতো এনে সম্ভাৱনীয়তা নিশ্চয়কৈ আছে। কৃষি তথা উদ্ভিদ বিজ্ঞানৰ মাইকোলজী নামৰ শাখাটোৰ অভিজ্ঞতাসম্পন্ন বিশেষজ্ঞইহে অভক্ষণীয় বিপজ্জনক ধৰণৰ কাঠফুলাৰ প্ৰজাতি চিনাক্তকৰণ কৰিবলৈ সক্ষম হ’ব। এই ক্ষেত্ৰত কিছুমান নির্দেশনাৱলীৰ প্রচলন আছে। ইয়াৰ সহায়ত মানুহে খাব পৰা বা গ্রহণ কৰিব পৰা কাঠফুলাবোৰৰ বৈশিষ্ট্যৰ বিষয়ে জানিব পাৰি।

ৰাইজৰ অৱগতিৰ উদ্দেশ্যে এইখিনিতে উল্লেখ কৰাটো প্রাসংগিক হ’ব যে, বনৰীয়া কাঠফুলাৰ সংমিশ্রণ ভক্ষণ কৰিলে বিষক্ৰিয়াজনিত উপসৰ্গবোৰ তাৎক্ষণিকভাৱে দেখা দিয়া পৰিঘটনাটি অত্যন্ত বিষাক্ত প্রজাতিৰ বাবেই নঘটে। ওপৰত উল্লিখিত উপসৰ্গবোৰৰ বাদেও অন্যান্য বহিপ্রকাশবোৰ হৈছে— পেটত জ্বলাপোৰা ভাব, ডিঙি শুকাই যোৱা, ওকালি আৰু বমি অহা পেট চলা, মূৰৰ ঘূৰণি আৰু কঁপনি। গতিকেই পঢ়ুৱৈসকলে উপলব্ধি কৰিছে যে, অন্যান্য বিভিন্ন ৰোগত হুবহু একে ধৰণৰ উপসর্গ দেখা দিয়ে। এনেক্ষেত্ৰত চিকিৎসকে নির্ণয় কৰিব যে, ৰোগীজন প্রকৃততে কাঠফুলাজনিত বিষক্ৰিয়াত আক্ৰান্ত হৈছে নে অন্য কিবা ৰোগত ভূগি থকাৰ বাবেহে উপযুক্ত উপসৰ্গবোৰ দেখা দিছে।

এনে পৰিস্থিতিত চিকিৎসকে ৰোগৰ বুৰঞ্জীৰ ভালেখিনি নিৰ্ভৰ কৰিবলগীয়া হয়। বিষক্রিয়াত আক্রান্ত হ’লে একেটা পৰিয়ালৰ কেইবাজনো লোক বা একেটা চুবুৰিৰ কেইবাজনো লোক একেলগে আক্ৰান্ত হয় আৰু তেওঁলোকে একেটা পাকঘৰত প্রস্তুত কৰা খাদ্যসম্ভাৰ ভক্ষণ কৰাৰ বুৰঞ্জী থাকে। শেহতীয়াভাৱে ‘দ্য টেলিগ্রাফ’ নামৰ সংবাদ অনুযায়ী নাজিৰাৰ দাঁতিকাষৰীয়া এখন গাঁৱত বিষাক্ত কাঠফুলা ভক্ষণ কৰি চাৰিজন মানুহ গুৰুতৰভাবে অসুস্থ হৈছে। জনস্বাস্থ্যৰ প্রতি এক ভাবুকিস্বৰূপ এনে সমস্যাৰ সমাধানৰ ক্ষেত্ৰত প্ৰতিষেধকমূলক ব্যৱস্থাই হৈছে সৰ্বোত্তম উপায়। গতিকেই এই উপায় যথাবিহিতভাৱে ল’বলৈ সজাগতা সৃষ্টি কৰিব লাগিব।

লিখক: ডাঃ মিহিৰ কুমাৰ গোস্বামী, সাদিন।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate