অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাণত পানী সোমালে কি কৰিব :

কাণত পানী সোমালে কি কৰিব :

 

সাধাৰণতে গা ধোওঁতে বা সাতোঁৰোতে অকস্মাতে কাণৰ ভিতৰত পানী সোমায়। কাণত পানী সোমালে প্ৰায়ে কাণৰ ভিতৰত ভেঁকুৰ জাতীয় ৰোগে দেখা দিয়ে। বিশেষকৈ জহকালি এনে সমস্যা বেছিকৈ হয়। কাণৰ কণমাকৰিবোৰ প্ৰায়ে শুকান অৱস্থাত থাকে। কাণত পানী সোমালে সেয়ে এই কণামাকৰিবোৰ ফুলি উঠে আৰু কাণখন বন্ধ হোৱা যেন লাগে। ফলত শুনাত অসুবিধা হয়। চিকিৎসকে কাণত মলি থাকিলে সহজেই ছিৰিঞ্জিং কৰি বাহিৰলৈ উলিয়াই আনে। কিন্তু চিকিৎসকক নেদেখুৱাকৈ এনে মলি পিন বা শলাৰে খুঁচি আঁতৰ কৰিবলৈ চেষ্টা কৰা অনুচিত। কাণৰ ভিতৰত ভেঁকুৰ হ’লে এন্টিফাংগেল ড্ৰপ ব্যৱহাৰ কৰি সুফল পাব পাৰি।

কাণত কচুঠাৰিৰে ৰস দিয়া উচিতনে?

কাণত বিভিন্ন ৰোগত কচুঠাৰি সুমুৱাই খজুৱাই দিবলৈ বহু মানুহেই পৰামৰ্শ দিয়ে। বহুতে ক’লা কচুৰ ৰস দিবলৈও দিহা দিয়ে। কাণৰ ভিতৰত এই ৰস দিলে এলাৰ্জিজনিত ৰোগ হ’ব পাৰে। এনে ৰোগৰ পৰা পিছত কাণত ঘা লাগিব পাৰে। কিয়নো কচুৰ ৰসে কাণত ফাংগাছ জাতীয় ভেঁকুৰ উৎপন্ন হোৱাত সহায় কৰে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate