অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কান্দোন স্বাস্থ্যৰ পক্ষে ভাল

কান্দোন স্বাস্থ্যৰ পক্ষে ভাল

সাধাৰণতে শুণা যায় যে কন্দাটো স্বস্থ্যৰ পক্ষে বেয়া, হহাটোহে ভাল। কিন্ত এক সমীক্ষাত পোৱা গৈছে কান্দোন স্বাস্থ্যৰ পক্ষে ভাল। এগৰাকী মহিলাই বছৰি ৮৭ বাৰ কন্দাৰ বিপৰীতে পুৰুষে বছৰী ৭ বাৰ কান্দে। পুৰুষে কমকৈ কন্দাৰ কাৰণ ষ্টেষ্টোষ্টেৰণ হ’ৰমন আৰু মহিলাই অধিক কন্দাৰ কাৰণ প্ৰোলেক্টিন আৰু এষ্টোজেন হৰ’ম’ন। সাধাৰণতে কন্দাৰ পিছত শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰৰ ধপ-ধপনি কমি নৰ্মেল হৈ শান্ত পৰিবেশ সৃষ্টি কৰে। ব্যক্তি এজনে হতাশা, ক্ষোভ, শোক, দুখ, খং আদিত ভুগিলে ব্যক্তিজনৰ শৰীৰে নিৰ্গত কৰা প্ৰোলেক্টিন হৰম’ন এড্ৰিনোকাৰ্টিকোট্ৰপিক হৰম’ন আদিৰ প্ৰভাৱত কাৰ্টিচল নামৰ ষ্ট্ৰেচ হৰ’মনবিধ আধিক নিৰ্গত হয়। আমাৰ শৰীৰে যিদৰে শৰীৰৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ শৰীৰৰ পৰা নিৰ্গত কৰি আমাৰ শৰীৰ পৰিস্কাৰ কৰে আৰু কাৰ্টিচন হৰ’মন নিৰ্গমন কমাই মানসিক ষ্ট্ৰেচ লাঘৱ কৰি মন পাতল কৰি সুখ অনুভৱ কাৰোবাৰ উপৰি ষ্ট্ৰেচ কৰিব পৰা হৃদযন্ত্ৰৰ ৰোগ, উচ্চ ৰক্তচাপ, টাইপ-২ ডায়েবেটিছ আৰু মেদবহুলতা কমাই শৰীৰ সুস্থ কৰি ৰাখে। ইয়াৰ উপৰি কান্দিলে এন্তোৰ্ফিন লিউচন এনকেফেলিন নামৰ এবিধ প্ৰাকৃতিক বিষ নিৰাময়কে ধৰি বহুবিধ হৰম’ন নিৰ্গত হৈ মনৰ দুখ আৰু শাৰীৰিক দুখ নিৰাময় কৰ। চকুপানীত থকা লাইচোজায়ে ৯০ শতাংশ বেক্টেৰিয়া আৰু ভাইৰাচ ধ্বংস কৰি এইবোৰৰ আক্ৰমণৰ পৰা চকুহালক সদায় ৰক্ষা কৰাৰ উপৰি এনে চকু পানী নাকেৰে ওলায় বাবে নাকটো পৰিস্কাৰ কৰি সংক্ৰনণৰ পৰা ৰক্ষা কৰে।

চকুপানীয়ে চকু দুটা তিয়াই দৃষ্টিশক্তি উন্নত কৰে।

লেখক: অঞ্জন শৰ্মা, অসমীয়া খবৰ, “স্বাস্থ্য শিতান” ১৭ ডিচেম্বৰ, বৃহস্পতিবাৰ ২০১৫, ডাঃ ধৰ্মকান্ত কুম্ভকাৰৰ লেখনিৰ পৰা সংগৃহিত।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate