অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কান্ধৰ গাঁঠি সলকি যোৱা(Shoulder dislocation):

কান্ধৰ গাঁঠি সলকি যোৱা(Shoulder dislocation):

 

কান্ধ শৰীৰৰ এনে এটি অংশ যি তিনিটা হাড়, চাৰিটা যোৰা আৰু ত্রিশটা মাংসপেশীৰ সমন্বয়েৰে তৈয়াৰী।এই ত্রিশটা মাংসপেশীৰ মাজৰ চাৰিটা পেশী ও চাৰিটা যোৰাৰে গঠিত গ্লেনো-হিউমেৰাল জইন্ট খুবেই গুৰুত্বপূর্ণ।

মানৱ শৰীৰৰ কান্ধৰ গাঁঠি গঠনগতভাৱে খুবেই অস্থিতিশীল কিন্তু শৰীৰৰ অন্যান্য গাঁঠিবোৰৰ তুলনাত সকলোতকৈ বেছি লৰচৰ হয়।ফলত অতি সহজেই এই গাঁঠিটো ডিছপ্লেচমেন্ট হয় বা সলকি যায়।কোনো গাঁঠি একাধিকবাৰ সলকি গলে তাক ৰিকাৰেন্ট ডিছপ্লেচমেন্ট বা ৰিকাৰেন্ট চাবলেক্সন বোলা হয়।

এবাৰ গাঁঠি ডিছপ্লেচমেন্ট হলে পৰৱৰ্তী সময়ত যোৰাডাল শতকৰা ৮০% সলকি যোৱাৰ সম্ভাৱনা থাকে।প্রথম আঘাতৰ ২ বছৰমানৰ ভিতৰতে এই অসুবিধা বাঢ়ি গৈ থাকে। সন্মুখৰ ফালে শতকৰা ৯৪%, পিছফালে ৪% ভাগ আৰু তলফালে ১% ভাগ ডিছপ্লেচমেন্ট হয়। জন্মগতভাৱে জইন্টৰ লিগামেন্ট আৰু কেপচুল ঢিলা থাকিলে জইন্টটো সকলোফালে ডিছপ্লেচমেন্ট হোৱাৰ সম্ভাৱনা থাকে। ক্রিকেট, ভলীবল, বাস্কেটবল, জেবলিন থ্রো খেলা খেলুৱৈৰ মাজত কান্ধৰ জইন্ট ডিছপ্লেচমেন্টৰ সম্ভাৱনা বেছি।

স্ট্রোক আৰু পেশী দুর্বলতা ৰোগৰ বাবে বেছি দুর্বল হলে যোৰা সলকি যোৱাৰ সম্ভাৱনা বহুত থাকে। ইয়াৰ ওপৰিও প্রথম ডিছপ্লেচমেন্টৰ পিছত সাৱধানতা অৱলম্বন নকৰিলে যোৰাডাল বাৰে বাৰে সলকি যায়।গাঁঠি ডিছপ্লেচমেন্ট হোৱাৰ ফলত কান্ধত অসহ্যকৰ বিষ হয়।

অৱশ্যে বাৰেবাৰে জইন্ট ডিছপ্লেচমেন্ট হলে কান্ধত বিষৰ পৰিমাণ কম অনুভৱ হয়। যোৰা সলকি যোৱাৰ পিছত বাহু এটা নির্দিষ্ট অৱস্থানত থাকে ফলত লৰচৰ কৰিব পৰা নাযায়।

জইন্ট ডিছপ্লেচমেন্ট হলে জইন্টৰ ঠাইখিনি খালি আৰু ডিছপ্লেচমেন্টৰ ঠাইত ফুলি উঠা দেখা যায়।কেতিয়াবা কেতিয়াবা টোপনিৰ সময়ত, সাঁতোৰ পৰাৰ সময়ত আৰু খেলাধূলাৰ সময়ত বাহুৰ এটা নির্দিষ্ট অংশৰ লৰচৰ হোৱাৰ ফলত কান্ধৰ গাঁঠি সলকি যায়। ইয়াৰ ওপৰিও উপৰফালে কিবা ধৰিব বা বাছৰ হেন্ডেল ধৰি বাছত উঠাৰ চেষ্টা কৰিলেও যোৰা সলকি যোৱাৰ সম্ভাৱনা বহুত থাকে।যোৰা প্রথমে ডিছপ্লেচমেন্ট হোৱা প্ৰায় ৪০% ৰোগীৰ ক্ষেত্রত হিউমেৰাল হেড ফ্রেকচাৰ হয়।বাৰেবাৰে যোৰা ডিছপ্লেচমেন্টৰ বাবে গ্লেন'য়েড ৰিম (বোনি ব্যাংকার্ট)ভাঙি যায় ফলস্বৰূপে গাঁঠিত অস্টিঅ'আর্থ্রাইটিছ আৰু জইন্ট নষ্ট হয়। বয়স্ক মানুহৰ যোৰাৰ পেশী ছিঙি যোৱাৰ ফলত হাত ওপৰলৈ তুলিব নোৱাৰা হয়। স্কেপুলাৰৰ অনিয়মত লৰচৰ হোৱাৰ বাবে পেশী শুকাই যায় আৰু পিঠিত প্ৰচণ্ড বিষ অনুভৱ হয়।

পৰীক্ষা-নিৰীক্ষাঃ 
কান্ধৰ গাঁঠি ডিছপ্লেচমেন্টৰ চিকিৎসাৰ আগত চিকিৎসকৰ পৰামৰ্শমতে এক্সৰে,অর্থোগ্রাফি, এমআৰআই আদি পৰীক্ষাৰ মাধ্যমত ৰোগ সম্পৰ্কে নিশ্চিত হব পাৰি।

প্ৰতিকাৰ ও চিকিৎসাঃ

বাৰেবাৰে গাঁঠি সলকি যোৱা ৰোগী ঔষধ খাই ভালপোৱাৰ সংখ্যা তেনেই সীমিত।অস্ত্ৰোপচাৰেই ইয়াৰ একমাত্ৰ চিকিৎসা।সামুহিকভাৱে কিছু দিনৰ বাবে সকাহ পাবলৈ বাহুৰ যিটো মুভমেন্টত কান্ধৰ যোৰা সলকি যায়,সেই ধৰণৰ মুভমেন্ট নকৰি পেশী শক্তিশালী হোৱা ব্যায়াম কৰিব পাৰি।

বিভিন্ন পদ্ধতিৰে জইণ্ট ডিছপ্লেচমেন্টৰ অস্ত্ৰোপচাৰ কৰিব পৰা যায়।ইয়াৰে 'ল্যাটাৰজেট' পদ্ধতিত অস্ত্ৰোপচাৰ কৰিলে যোৰাৰ স্থিতিশীলতা বেছি হয়।

বর্তমান সময়ত গাঁঠিৰ চিকিৎসাত সফল আৰু জনপ্ৰিয় কার্যকৰ সমাধান আনিছে বিস্ময়কৰ আৰ্থ্ৰোছস্ক'পি নামক অস্ত্ৰোপচাৰটিয়ে। অর্থ'পেডিক চিকিৎসাৰ বর্তমান যুগৰ জনপ্ৰিয় সর্বাধুনিক পদ্ধতি এইটো।সৰু ছিদ্রৰ মাধ্যমত কেমেৰাযুক্ত আৰ্থ্ৰোছস্ক'প যোৰাৰ ভিতৰত প্রৱেশ কৰাই যন্ত্রৰ লগত সংযুক্ত বাহিৰৰ মনিটৰত চাই লেবৰাম, কেপচুল ও লিগামেন্ট ৰিপায়েৰিং কৰা হয়।এই পদ্ধতিৰে ৰোগী অতি সোনকালে সুস্থ হৈ উঠে।

বিশেষ সতৰ্কীকৰণঃ অত্যধিক বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা পেইনকিলাৰ জাতীয় ঔষধৰ বহুল ব্যৱহাৰৰ ফলত কিডনিত পাথৰ,মাইগ্ৰেন আদি বেমাৰ হ'ব পাৰে।

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম

ফোন নং: 9707738197

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate