অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কামিহাড়ৰ আঘাতক অৱহেলা নকৰিব

চমু বিৱৰণ

পথ দুৰ্ঘটনাত পতিত হ’লে বা আন যিকোনো দুৰ্ঘটনাত আমি বুকুত আঘাত পোৱাৰ সম্ভাৱনা থাকে| বুকুৰ আঘাতৰ বাবে চিকিৎসা কৰাৰ পিছত সকলো ঠিক-ঠাক হোৱাৰ পিছতো কিন্তু কেতিয়াবা কামিহাড়বোৰ বিষাই থাকে| মটৰ চাইকেল বা স্কুটাৰ চলাই গৈ থকা মানুহ এজন দুৰ্ঘটনাত বাগৰি পৰিল আৰু কামিহাড় ভাগি থাকিল| এই দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ জৰিয়তে মানুহজনৰ জীৱন ৰক্ষা পৰিল, কিন্তু উশাহ-নিশাহ লোৱাৰ সময়ত বুকুৰ বিষ থাকি গ’ল| গাড়ী এখন চলাই থকাৰ সময়ত দূৰ্ঘটনাত পতিত হ’লে ষ্টীয়াৰিং হুইলৰ লগত পোনপটীয়াকৈ খুন্দা লাগিলে কেতিয়াবা বুকুৰ বিষৰ সৈতে উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হয়| পথ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত বুকুৰ আঘাত আৰু কামিহাড় ভগাৰ বাবে চিকিৎসাধীন হোৱাৰ পিছত লোক এজনক কেইদিনমান পিছত হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ল| মানুহজনক হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ল যদিও কেইদিনমান পিছত তেওঁৰ জ্বৰ, বুকুৰ বিষ আৰু উশাহ-নিশাহত কষ্ট অনুভৱ হ’বলৈ ধৰিলে| এনে সকলো পৰিস্থিতিত লোক এজনে সময় নষ্ট নকৰি অনতিবিলম্বে হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত| অন্যথা তেওঁ গুৰুতৰ জটিলতাৰ সম্মুখীন হ’বলগা হ’ব পাৰে, যিটো অতি বিপজ্জনক হ’ব পাৰে|

বৰ্তমান সময়ত দ্ৰুত উদ্যোগী কৰণৰ লগে লগে অধিকৰ পৰা অধিকতৰ সংখ্যক লোক এন্দুৰ দৌৰত নামি পৰিছে| ডাঙৰ চহৰ-মহানগৰবোৰত ঘৰভাৰা বেছি হোৱা বাবে মানুহে কাষৰীয়া সৰু চহৰত থাকি জীৱিকাৰ বাবে প্ৰতিদিনে বৃহৎ চহৰলৈ অহা-যোৱা কৰে| ইয়াৰ ফলত এনে লোক এজনে প্ৰতিদিনে এঘণ্টাৰ পৰা ৫ ঘণ্টা পৰ্যন্ত যান-বাহনত কটাবলগা হয়| এনে ধৰণৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে পথত চলাচল কৰা যান-বাহনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে| যান-বাহনৰ এই সংখ্যা বৃদ্ধিয়ে পথ দুৰ্ঘটনাৰ সংখ্যাও কেইবাগুণে বৃদ্ধি কৰিছে|

পথ দুৰ্ঘটনা কিয় বিপজ্জনক

দেখা গৈছে যে গুৰুতৰ পথ দুৰ্ঘটনাত পতিত লোক এজন উপযুক্ত হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যুমুখত পৰে| অধিকাংশ পথ দূৰ্ঘটনাতে ঘটনাস্থলীতে দূৰ্ঘটনাত পতিত লোক এজনৰ মৃত্যুৰ কাৰণ হৈছে বুকুত পোৱা আঘাত| পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ ঘটনাৰ ৭৫ শতাংশৰ ক্ষেত্ৰতে বুকুত পোৱা আঘাতে প্ৰত্যক্ষ বা পৰোক্ষ ভূমিকা পালন কৰে| সেইবাবে বুকুত পোৱা আঘাতক কেতিয়াও অৱহেলা কৰিব নালাগে আৰু চিকিৎসাৰ ক্ষেত্ৰত বিলম্ব কৰিব নালাগে| অন্যথা মৃত্যু অৱধাৰিত হৈ পৰিব পাৰে|

আমাৰ দেশত জৰুৰী সেৱা প্ৰদানৰ মান অতি দুৰ্বল| পথ দুৰ্ঘটনাত পতিত লোক এজনক উপযুক্ত হাস্পতাললৈ নিৰাপদে পৰিবহন কৰাৰ বাবে সঠিক ব্যৱস্থাও নাই| তেনেদৰে দুৰ্ঘটনাস্থলীৰ পৰা আহত লোক এজনক আৰু অধিক ক্ষতি নোহোৱাকৈ উপযুক্ত হাস্পতাললৈ নিয়াৰ বাবে স্বাস্থ্যকৰ্মীৰ যেনে ধৰণৰ প্ৰশিক্ষণ লাগে আমাৰ দেশত সেয়াও নাই| দেখা গৈছে যে আমাৰ দেশত দূৰ্ঘটনাত আহত লোক এজনক হাস্পতাললৈ লৈ যোৱা ব্যৱস্থাটোৰ ক্ৰুটিৰ বাবেই পৰিবহনৰ সময়ত তেওঁৰ ক্ষতি বেছিহে হয়|

কামিহাড় ভগাটো কিয় বিপজ্জনক হ’ব পাৰে?

৭০ শতাংশ বুকুৰ আঘাততে কামিহাড় ভগাৰ লগতে বুকুৰ মাংসপেশীৰো ক্ষতি হয়| কামিহাড় ভাগিলে ৫০ শতাংশৰ ক্ষেত্ৰত আকৌ কামিহাড়ৰ তলতে থকা হাওঁফাওঁৰ গুৰুতৰ ক্ষতি হয়| ফলস্বৰুপে বুকুত থকা খোৰোঙত বায়ু আৰু তেজ জমা হয়| চিকিৎসা বিজ্ঞানৰ ভাষাত এনেদৰে বায়ু জমা হোৱাটোক নিউম’থ’ৰাক্স আৰু তেজ জমা হোৱাটোক ‘হেমোথ’ৰাক্স’ বুলি কোৱা হয়| এই দুয়োটা ক্ষেত্ৰতে যদি অনতিবিলম্বে আৰু জৰুৰীভাৱে চিকিৎসা প্ৰদান কৰা নহয় তেন্তে ৮০ শতাংশৰ ক্ষেত্ৰতে মৃত্যুৰ আশংকা থাকে| সেইবাবে বুকুত আঘাত পালে তাৎক্ষণিকভাৱে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰা দৰকাৰ| অন্যথা মৃত্যুক হাত বাউলি দি মতাৰ দৰে হ’ব|

কেতিয়াবা পথ দুৰ্ঘটনাত কেইবাডালো কামিহাড় একে সময়তে বুকুৰ বিভিন্ন অংশত ভাগে| চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘ফ্লেইল চেষ্ট’ বা ‘ছুইঙিং

চেষ্ট’ বুলি কোৱা হয়| শ্বাস-প্ৰশ্বাসৰ সময়ত ফ্লেইল চেষ্ট অংশটো বুকুৰ প্ৰকৃত উঠা-নমাৰ লগত সংগতি ৰাখি উঠা-নমা নকৰে আৰু ই পৃথকে নিজাকৈ উঠা-নমা কৰে| এই স্বতন্ত্ৰ ফ্লেইল চেষ্ট অংশটোৱে বুকুৰ বাকী অংশৰ লগত সহযোগিতা নকৰে, বৰং ই বিপৰীতেহে কাম কৰে| ই হৈছে অতি বিপজ্জনক পৰিস্থিতি| কিয়নো ফ্লেইল চেষ্ট এ উশাহ-নিশাহ লোৱা ব্যৱস্থাটো আৰু বুকুৰ অন্যান্য কাম-কাজত গুৰুতৰভাৱে ব্যাঘাত জন্মায়| এই দুয়োটা কাৰ্যৰ একত্ৰিত প্ৰভাৱত তেজত অক্সিজেনৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পায়| ফ্লেইল চেষ্টৰ চিকিৎসা সময়ত সঠিক ভাৱে নকৰিলে অচিৰেই হওক বা বিলম্বিতভাৱেই হওক, মৃত্যু অনিবাৰ্য| এনে পৰিস্থিতিত আক্ৰান্ত ব্যক্তিজনক সকলো সা-সুবিধাযুক্ত আধুনিক হাস্পতালত ভৰ্তি কৰাব লাগে, য’ত অভিজ্ঞ চিকিৎসক উপলব্ধ|

ভগা কামিহাড়ৰ বিপদ:

ভগা কামিহাড়ৰ সঠিক চিকিৎসা ন’হলে, অচিৰেই হওক বা বিলম্বিতভাৱেই হওক মৃত্যু অনিবাৰ্য হৈ পৰে| বহু সময়ত মানুহে কামিহাড় ভাগিলে গুৰুত্বসহকাৰে নলয়| তেওঁলোকে ইয়াক সাধাৰণ আঘাত বুলি ভাবে| বহু সময়ত চিকিৎসকেও কামিহাড় ভগা আঘাতক প্ৰয়োজনীয় গুৰুত্ব নিদিয়ে| ভাৰতত সাধাৰণতে মানুহে অকল কামিহাড় ভগা কথাটোতে গুৰুত্ব দিয়ে আৰু সেয়ে তেওঁলোকে ইয়াৰ চিকিৎসাৰ বাবে অস্থিৰোগ বিশেষজ্ঞৰ ওচৰ চাপে| মানুহে এইটো উপলব্ধি নকৰে যে দুৰ্ঘটনাত কামিহাড় ভাগিলে ইয়াৰ তলতে থকা হাওঁফাঁও আঘাতপ্ৰাপ্ত হ’ব| ফলস্বৰুপে ভগা কামিহাড়ৰ চিকিৎসাত বেছি গুৰুত্ব দিয়া হয় আৰু বুকুৰ আঘাতৰ চিকিৎসাৰ সময়ত ইতিমধ্যে ক্ষতি হোৱা হাওঁফাঁওক সম্পূৰ্ণৰুপে অৱহেলা কৰা হয়| যেতিয়া এই ভুল ধৰা পৰে, তেতিয়ালৈ বহু পলম হৈ যায়| ইতিমধ্যে কামিহাড় ভগা লোকসকল শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ সমস্যা এটাৰ বলি হয়, ইয়াক কোৱা হয় একিউট ৰেছপিৰেটৰী ডিষ্ট্ৰেছ ছীণ্ড্ৰম| এনে জটিলটাৰ সৃষ্টি হ’লে প্ৰাণৰক্ষাৰ সম্ভাৱনা মাথো পাঁচ শতাংশ| এনে পৰিস্থিতিত শ্বাস-প্ৰশ্বাস আৰু অক্সিজেনৰ যোগান প্ৰক্ৰিয়া গুৰুতৰভাৱে বাধাগ্ৰস্ত হয় আৰু শৰীৰত অক্সিজেনৰ মাত্ৰা বিপজ্জনকভাৱে কমি যোৱাৰ লগতে কাৰ্বন-ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যায়| এনে জটিলতাত আক্ৰান্ত ব্যক্তিৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংগ, যেনে-বৃক্ক, মগজু আৰু যকৃতে কাম কৰিবলৈ এৰি দিয়ে| এনে সময়ত বুকুৰ এক্স-ৰে কৰিলে সি বগা আৰু অস্পষ্ট হয়| এনে ধৰণৰ বিপজ্জনক জটিলতা এৰাই চলাৰ বাবে বুকুত আঘাত পালে আৰম্ভণিৰ পৰাই গুৰুত্বসহকাৰে ল’ব লাগে যাতে এ আৰ ডি এছৰ দৰে সমস্যা সৃষ্টি হ’ব নোৱাৰে|

কামিহাড় কেতিয়া ভাগিব পাৰে:

দুচকীয়া যান-বাহন চলাওঁতে সতৰ্ক থকা ভাল| এনে বাহন দুৰ্ঘটনাত পতিত হ’লে কামিহাড় ভগাটো ডাঙৰ কথা নহয়| ওখ ঠাইৰ পৰা তললৈ পৰিলেও কামিহাড় ভাগিব পাৰে| ছিটবেল্ট নবন্ধাকৈ গাড়ী চলালে দুৰ্ঘটনাৰ উপৰি হঠাতে ব্ৰেক ব্যৱহাৰ কৰিলেও ষ্টীয়াৰিং হুইলত খুন্দা লাগিব পাৰে| ফলস্বৰুপে বুকুৰ এফালৰ বা দুয়োফালৰ কামিহাড় ভাগিব পাৰে| তেনেদৰে খন্তেকতে লগা কাজিয়া, কোনো প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত হোৱা লাঠীচালনা আদিৰ পৰাও কামিহাড় ভগাৰ দৰে ঘটনা ঘটিব পাৰে|

কামিহাড় ভাগিলে কি কৰিব:

কামিহাড় ভগা বুলি সামান্যতম সন্দেহো হ’লে তাৎক্ষণিকভাৱে এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক| তদুপৰি বুকুৰ এক্স-ৰে কৰাবও লাগে| বুকুৰ এখন সাধাৰণ এক্স-ৰেৰ যোগেদি কম খৰচতে এনে আঘাতৰ উপযুক্ত চিকিৎসা পদ্ধতি নিৰ্ধাৰণ কৰাত সহায়ক হয় আৰু এজন আঘাতপ্ৰাপ্ত ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰি| বুকুত পোৱা সামান্য আঘাতৰ পিছতে অসহ্যকৰ বিষ অনুভৱ আৰু লগে লগে মৃত্যুৰ দৰে ঘটনা সদায় নঘটে| দেখা গৈছে যে আঘাতপ্ৰাপ্ত ব্যক্তি এজনে কামিহাড় ভগাৰ পিছত প্ৰাৰম্ভিক অৱস্থাত অসহ্যকৰ বিষ আৰু অসুবিধা অনুভৱ নকৰে| কিন্তু এসপ্তাহ পিছত বা তাৰ পিছত বুকুৰ গুৰুতৰ জটিলতা আহিব পাৰে আৰু মৃত্যুও হ’ব পাৰে| সেইবাবে যিমানেই সাধাৰণ যেন অনুভৱ নহওক কিয় কামিহাড়ত আঘাত পালে অৱহেলা কৰিব নালাগে| আমাৰ দেশত কামিহাড় ভাগিলে মানুহে সাধাৰণতে অস্থি ৰোগ বিশেষজ্ঞৰ ওচৰ চাপে| এই অজ্ঞতাই তিনি ধৰণে ক্ষতি কৰে| প্ৰথমতে, তেওঁলোকে গুৰুত্বপুৰ্ণ সময় নষ্ট কৰে, যিখিনি সময় সফল চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন| দ্বিতীয়তে, আঘাতপ্ৰাপ্ত হাঁওফাঁওৰ প্ৰকৃত অৱস্থা নিৰুপণ অসম্ভৱ হয়| তৃতীয়তে, কামিহাড় ভগাৰ পৰা হোৱা বিষ-যন্ত্ৰণা লাঘৱ কৰাৰ বাবে কাপোৰ, বেল্ট আদি বুকুত ভুলকৈ ব্যৱহাৰ কৰা হয়| কেতিয়াবা বুকুৰ ওপৰতে প্লাষ্টাৰ লগোৱা হয়| এনেদৰে বুকুৰ ওপৰত চাপ দিয়াৰ পৰা পিছে ভালতকৈ বেয়াহে বেছিকৈ হয়| এই বাহিৰা চাপৰ বাহিৰে আঘাত পোৱা হাঁওফাঁও সম্পুৰ্ণৰুপে ফুলি উঠিব নোৱাৰে| ফলস্বৰুপে ই কোঁচ খাই যায় নাইবা ইয়াত সংক্ৰমণ ঘটে| ইয়াৰ পৰা গৈ শ্বাস-প্ৰশ্বাস জনিত সমস্যাৰ সৃষ্টি হয় আৰু অৱশেষত ই জীৱনলৈও ভাবুকি আনিব পাৰে|

কেনেদৰে জানিব পাৰি:

  • কোনো দুৰ্ঘটনাৰ পিছত বুকুৰ যিকোনো অংশত বিষালে|
  • স্কুটাৰ, মটৰ চাইকেলৰ পৰা বা কোনো ওখ ঠাইৰ পৰা তলত পৰাৰ পিছত যদি উশাহ-নিশাহ লোৱাৰ সময়ত বুকুত অসহ্যকৰ বিষ অনুভৱ হ’লে|
  • পথ দুৰ্ঘটনাৰ পিছত শ্বাস-প্ৰশ্বাসত অসুবিধা আৰু বুকুত অসহ্যকৰ বিষ অনুভৱ হ’লে|
  • পথ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ দৰে অনুভৱ হ’লে|

কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি?

কামিহাড় ভগাটো ৰোধ কৰিবলৈ গাড়ী-মটৰ চলোৱাৰ সময়ত ছিটবেল্ট ব্যৱহাৰ কৰিব লাগে| এটা পৰিসংখ্যা অনুসৰি ছিটবেল্ট ব্যৱহাৰ কৰাৰ দ্বাৰা পথ দুৰ্ঘটনাৰ ফলত মৃত্যু ৪৫ ৰ পৰা ৫০ শতাংশ হ্ৰাস কৰিব পাৰি| দুচকীয়া বাহনত হেলমেটে বাহনত যেনেদৰে চালকক সুৰক্ষা দিয়ে, গাড়ী-মটৰৰ ক্ষেত্ৰতো ছিটবেল্টে চালকৰ বাবে জীৱন ৰক্ষাকাৰী হিচাপে কাম কৰে| সেইবাবে গাড়ী চলাওঁতে সদায় ছিটবেল্ট ব্যৱহাৰ কৰিব লাগে|

লেখক:- ডা: কে কে পাণ্ডে

উৎস:-দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate