অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কালজিৰাৰ দ্বাৰা সৌন্দৰ্য চৰ্চা :

কালজিৰাৰ দ্বাৰা সৌন্দৰ্য চৰ্চা :

কালজিৰাৰ দ্বাৰা আমাৰ ছাল আৰু চুলিৰ সৌন্দৰ্য বঢ়াব পাৰি। খুব বেছি শুকান চুলিত আমি কালজিৰাৰ তেল ব্যৱহাৰ কৰি চুলিখিনি মইশ্ব’ আৰু স্বাস্থ্যৱান কৰিব পাৰো। কালজিৰাক আমি কালাঞ্জি বুলিও কওঁ। ইয়াৰ তেল আয়ুৰ্বেদিক দোকানত পোৱা যায়।

এই তেল আৰু অৰগেনিক নাৰিকলৰ তেল সমানে মিহলাই চুলিত লগালে চুলিৰ ৰং ক’লা কৰি ৰখাত সহায় কৰে। প্ৰায় ১৫ দিন এঘন্টা বা আধা ঘন্টাৰ বাবে লগাই শ্বেম্পু কৰি দিব।

  • গা ধোৱাৰ আগেয়ে নীম তেলৰ লগত এই তেল লগালে ছালৰ পৰা ঘাম, খজুৱতি নাশ হয়। ছালত পৰা চোমো নাশ হয়। অসমান বৰণৰ ছালৰ ৰং সলনি কৰি একেই বৰণৰ কৰে।
  • এই তেলত ভিটামিন এ, ই আৰু চি থাকে। ই এন্টিঅক্সিডেন্টযুক্ত আৰু বিটা কেৰটিনযুক্ত। ইয়াক ব্যৱহাৰ কৰাৰ ফলত ছান বাৰ্ন নহয়।

দুচামুচ দৈৰ লগত এচামুচ কালজিৰাৰ তেল মিহলাই লগালেও ছালৰ মসৃণতা বাঢ়ে। বিশেষকৈ চোম পৰা ছালৰ বাবে ই উপকাৰী।

দৈৰ লগত এমুঠি কালজিৰা তিয়াই মিক্সিত পেষ্ট কৰি মুখত লগালে ছালৰ বিভিন্ন সমস্যা, যেনে- শালমইনা, শালমইনাৰ দাগ, ক’লা আৰু বগা চামনি পৰা দাগবোৰ নাইকিয়া হয়।

ইয়াত ওমেগা-৩ ফেটি এচিড থকাৰ বাবে ছালৰ পৰা ‘টষ্কিন’ আঁতৰোৱাত সহায় কৰে। ধূলি-বালিৰ দ্বাৰাও ছালৰ ক্ষতি হ’ব নোৱাৰে।

  • কালজিৰাত ভিটামিন এ, বি, চি, ই থকাৰ উপৰি কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম, জিংক আদি থকাৰ ফলত ছালৰ পৰা দাগ, বয়সৰ চাপ আদি নাশ হোৱাত সহায় কৰে।
  • আমি খোৱা খাদ্যও ব্যৱহাৰ কৰিব পাৰো। ই আমাৰ হজম শক্তি বঢ়ায়। বেক্টেৰিয়া নাশ কৰাতো সহায় কৰে।
  • ৰাতি শোৱাৰ সময়ত ৰাতি ব্যৱহাৰ কৰা ক্ৰীমৰ লগতো মিহলাই লগাব পাৰো। ইয়াৰ ব্যৱহাৰৰ লগে লগে ছালৰ বিভিন্ন সমস্যা নাশ হয়।
  • যিসকলৰ চুলি সৰি থাকে, তেওঁলোকে কালজিৰা এচামুচৰ লগত চাৰিটা জালুক বটি চুলিৰ গুৰিত লগাই মালিচ কৰিব।

কালজিৰা আৰু জালুক বটি ল’ব নহ’লে কালজিৰা তেলত জালুকৰ গুড়ি মিহলাব। ই পুষ্টিকৰ। বিশেষকৈ ইয়াত কেলচিয়াম, প্ৰ’টিন, পটাচিয়াম, জিংক ইত্যাদি থকাৰ ফলত চুলি গজাত সহায় কৰে। চুলিৰ বৰণ ক’লা কৰে।

  • যিসকলে চুলি স্মোথিং কৰে, তেওঁলোকে এই তেল ব্যৱহাৰ কৰিলে চুলি স্বাস্থ্যৱান হৈ থাকিব। এই তেল চুলিৰ কোষত সোমাই চুলিত পুষ্টি যোগায়, চুলি কোমল কৰে।
  • সপ্তাহত এবাৰকৈ জবা ফুলৰ লগত কালজিৰা বটি চুলিত প্ৰলেপ লগাব পাৰে। এনে কৰিলে চুলিৰ অৱস্থা সোনকালে ভাল হ’ব।
  • যিসকলৰ ছাল খুব বেছি শুকান তেওঁলোকে গাখীৰৰ ক্ৰীমৰ লগত পেষ্ট কৰি মালিচ কৰিলে ছালখন নিমজ আৰু কোমল হ’ব।
  • তিল তেল কুহুমীয়াকৈ গৰম কৰি কালজিৰা, ফুৰণ দিব। পাছত তেলখিনি ঠাণ্ডা কৰি এটা বটলত থৈ দিব। গা ধোৱাৰ আগেয়ে সদায় ২০ মিনিটমান লগাই মালিচ কৰিব। এনে কৰিলে ছালৰ অৱস্থা স্বাস্থ্যৱান হ’ব।
  • যিসকলৰ ছাল খহটা হয়, তেওঁলোকে কালজিৰা বটি মৌৰ লগত লগাই মালিচ কৰিব। ই ছালৰ মসৃণতা বঢ়ায়।
  • কালাঞ্জি নেমুৰ ৰসত তিয়াই পেষ্ট কৰিব। নতুবা কালাঞ্জি তেল সমানে নেমুৰ ৰসৰ লগত মিহলাই ছালত লগাব। নিয়মিত লগালে ছালৰ পৰা দাগ আতৰোৱাত সহায় কৰিব।

এইদৰেই ঘৰতে পোৱা সামগ্ৰীৰ দ্বাৰা ছাল, চুলিৰ যত্ন ল’ব পাৰি। আজিৰ দিনত বজাৰৰ সামগ্ৰী ব্যৱহাৰ কৰাতকৈ ঘৰতে পোৱা সামগ্ৰীৰ দ্বাৰা অতি সহজতে আমাৰ ছাল, চুলিৰ যত্ন ল’ব পাৰি।

আমি ব্যৱহাৰ কৰা তেল, ক্ৰীম, লোচন আদিত এই তেল মিহলায়ো ব্যৱহাৰ কৰিব পাৰি। কেৱল লাগে নিজৰ যত্ন আৰু ধৈৰ্য।

লেখক: ভানু শৰ্মা(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate