অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিয় এই মহৰ কামোৰ?

কিয় এই মহৰ কামোৰ?

মন কৰিবচোন, আপুনি আন দুই বা তিনিজন ব্যক্তিৰ সৈতে বহি আছে, পিচে আপুনি মহৰ কামোৰত তত্‌ পোৱা নাই। আনকি আন দুজন মানুহে সেইখিনি মহ আছে বুলি যেন গমেই পোৱা নাই। নানা গৱেষণাৰ ফলত দেখা গৈছে মহবোৰে মানুহ এজনক কামুৰিবলৈ পছন্দ কৰাৰ মূলতে হ’ল মানুহজনৰ দেহত থকা ডিএনএ। তদুপৰি গৱেষকসকলে এইটোও লক্ষ্য কৰিছে যে, কিছুমান ব্যক্তিৰ ভৰিৰ গোন্ধেও মহবোৰক আকর্ষণ কৰে যেন ভৰিৰ পৰা সুগন্ধহে ওলাইছে। ইয়াৰ অর্থ এইটো নহয় যে, আপোনাৰ ভৰি দুখন লেতেৰা- লেতেৰা বাবেই দুর্গন্ধ ওলাইছে। পিচে এইক্ষেত্ৰতো দায়ী হৈছে আপোনাৰ দেহৰ ডিএনএ, যাৰ কাৰণে আপুনি মহবোৰৰ বাবে এক উৎকৃষ্ট খাদ্যত পৰিণত হৈছে। গাত ভাল পৰিমাণৰ তেজ থাকিলে আৰু গৰ্ভৱতী মহিলাক মহে বেছিকৈ কামোৰে, লাগিলে তেওঁলোকৰ ডিএনএ যেনে ধৰণৰেই নহওক। বিশেষ বিশেষ ব্যক্তিৰ প্রতি মহৰ যি আকর্ষণ, তাক জানিবৰ কাৰণে লণ্ডনৰ গৱেষকসকলে এক অভিনৱ ধৰণৰ পৰীক্ষা চলাইছিল। এই পৰীক্ষাত গৱেষকসকলে ১৮ যোৰ একে ধৰণৰ (আইডেণ্টিকেল) আৰু ১৯ যোৰ পার্থক্য (ফ্রার্টানাল) থকা যঁজা মহিলাক নির্বাচন কৰিছিল। তেওঁলোকে চলোৱা পৰীক্ষাত এযোৰ যুজা নাৰীৰ কোনো এগৰাকীক কামুৰিবৰ কাৰণে ২০টা মহ এৰি দিছিল। ৩৭ যোৰ যঁজা মহিলাৰ ওপৰত চলোৱাৰ শেষত দেখা গ’ল একে ধৰণৰ (আইডেণ্টিকেল) যঁজাসকলক মহে একে পৰিমাণত কামোৰে। কিন্তু পার্থক্য থকা যঁজা অৰ্থাৎ যিসকলৰ মাজত ডি এন এ ৰ পাৰ্থক্য থাকে, তেওঁলোকৰ প্ৰতি কিন্তু মহৰ আকর্ষণ বেলেগ হয়। মুঠতে এই গৱেষণাৰ ফলত ধৰা পৰিল যে, এটা মহে এজন ব্যক্তিক কিমান বাৰ কামুৰিব, সেইটোৰ ৬৭ শতাংশ নির্ভৰ কৰে তেওঁৰ ডি এন এৰ ওপৰতহে। গতিকে প্রশ্ন উঠে যে, ডিএনএ বোৰেই আমাৰ শৰীৰটোত মহক আকর্ষণ কৰিব পৰা গোন্ধৰ সৃষ্টি কৰে নেকি ? পিচে ইয়াৰ প্রকৃত কাৰণটো বেছ আমোদজনক৷ গৱেষকসকলৰ মতে ডিএনএ বোৰেও কিছুমান মাইক্ৰ’ বেক্টেৰিয়াক আকৰ্ষিত কৰে। এই বেক্টেৰিয়াবোৰেহে মহবোৰক আমাৰ শৰীৰটোলৈ আকৰ্ষিত কৰে। জনা গৈছে প্রতিজন মানুহক সকলো সময়তে ১০০ ট্রিলিয়ন অণুজীৱই আৱৰি থাকে। এই অণুজীৱবোৰৰ পৰিমাণ হ’ল আমাৰ শৰীৰটোত থকা সৰ্বমুঠ ডিএনএ ৰ সংখ্যা বা পৰিমাণৰ তুলনাত ১০ গুণে অধিক। কথাটো শুনি নিশ্চয় আপোনাৰ শৰীৰটো জিকাৰ খাই উঠিছে। পিচে শুনি লওক যে,আমাৰ প্রত্যেকৰ শৰীৰ আৱৰি থকা অণুজীৱ বা জীৱাণুৰ পৰিমাণ বা মাইক্ৰ'বায়ন পৃথক পৃথক হয়। সেয়েহে এজন মানুহৰ শৰীৰৰ গোন্ধটো আন এজন মানুহৰ শৰীৰত থকা গোন্ধটোৰ সৈতে নিমিলে অর্থাৎ একে নহয়। সেইদৰে কিছুমান মহে মানৱ শৰীৰৰ কিছুমান অংগ-প্রত্যংগৰ গোন্ধটোকহে বেছি পছদ কৰে। এডিছ এডিছ গাম্বি নামৰ মেলেৰিয়া ৰোগ বিয়পোৱা মহবিধে মানুহৰ হাত আৰু ভৰিত কামুৰিবলৈহে পছন্দ কৰে, ভাল পায়। কিছুমান মহে পিঠি বা ডিঙিৰ ছালবোৰত কামুৰিবলৈ বেছি ভাল পায়। মহৰ এই উৎপাতবোৰৰ পৰা ৰক্ষা পৰিবলৈ, বিশেষকৈ যদিহে মহে কামুৰিবলৈ ভালপোৱা ব্যক্তিজন স্বয়ং আপুনিয়েই হয়, তেন্তে আপুনি তলত উল্লেখ কৰা উপায়বোৰ গ্ৰহণ কৰি চাওকচোন—

  • DEET, লেমন ইউকেলিপ্টাছ তেল, icaridin নতুবা IR3535 আদি দ্রব্যবোৰ (নিপেলেন্ট) ব্যৱহাৰ কৰি মহবোৰক আপোনাৰ পৰা আঁতৰত ৰাখিব পাৰিব।
  • যিমান পাৰে ছালখন শীতল আৰু শুকানে ৰাখক। মহে গৰম আৰু ঘামি থকা ছালৰ প্রতি আকৰ্ষিত হয়।
  • সুৰাপান কৰাৰ পৰা বিৰত থাকক। এতিয়ালৈকে এনে কোনো এবিধ খাদ্যৰ বিষয়ে জানিব পৰা হোৱা নাই যে, যিবিধ খাদ্য খালে মহবোৰ আপোনাৰ পৰা দূৰত থাকিব। বহুতৰে ধাৰণা যে, নহৰু নতুবা ভিটামিন বি খালে মহ আপোনাৰ পৰা দূৰত থাকে। পিচে ইয়াৰ কোনো নিশ্চিত প্রমাণ পোৱা হোৱা নাই।সেয়ে মহক দূৰতে বিদূৰ কৰাৰ কাৰণে আপুনি প্রাকৃতিক বা ৰাসায়নিক ‘ৰিপেলেন্ট’ ব্যৱহাৰ কৰাৰ বাহিৰে আন কোনো বিকল্প উপায় এতিয়ালৈকে জানিবপৰা হোৱা নাই।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate