অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীটনাশকমুক্ত খাদ্য

কীটনাশকমুক্ত খাদ্য

 

শাক-পাচলি,ফল-মুলৰ অধিক উৎপাদন পাবলৈ কৃষকে কেতবোৰ ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰে আৰু এইবোৰে উৎপাদিত সামগ্ৰী বিষতুল্য কৰি তোলে।এইবোৰ খাদ্য হিচাপে গ্ৰহণ কৰিলে হিতে বিপৰীত হোৱাৰহে আশংকা প্ৰকট।ফুলকবি,বন্ধাকবি আদিত কেতবোৰ অসাধু খেতিয়কে বেজীৰে হৰম’ন প্ৰয়োগ কৰে,ফলত এৰাতিৰ ভিতৰতে এই পাচলি বাঢ়ি পুৰ্ণ অৱয়ব ধাৰণ কৰে।অথচ এইবোৰ খাদ্য হিচাপে গ্ৰহণ কৰিলে স্বাস্থ্য হানি হোৱাৰ আশংকা পুৰামাত্ৰাই বিদ্যমান।কীট-পত্ংগ তথা বেমাৰৰ আক্ৰমণৰপৰা শস্য ৰক্ষা কৰিবলৈ বহুতো কৃষকে বিষাক্ত কীটনাশক তথা বীজাণুনাশক ৰাসায়নিক ব্যৱহাৰ কৰে,যিবোৰৰ কিয়দংশ সামগ্ৰীত থাকে।এইবোৰ ভক্ষণ কৰিলে শৰীৰত অথন্তৰ নোহোৱাকৈ নাথাকে।পটল,বেঙেনা,তিতা কেৰেলা,আপেল,ভেণ্ডী আদি সতেজ তথা চিকচিকীয়া দেখুৱাবলৈ উৎপাদকে ৰঞ্জক পদাৰ্থ তথা মম ব্যৱহাৰ কৰে।যি ৰঞ্জক পদাৰ্থ ব্যৱহৃত হয়,সেইবোৰ সস্তা-যিবোৰেৰে কাপোৰ বোলায়,অথচ সেইবোৰকে খাদ্যতো প্ৰয়োগ কৰে।আপেলৰ দৰে ফলত মমৰ প্ৰলেপ দিয়ে,যাতে সহজে নপচে বা নুশুকায়।কিন্তু এই পদাৰ্থই স্বাস্থ্যৰ হানি কৰে।কীটনাশক দ্ৰব্যবোৰ অতিশয় বিষাক্ত,যিবোৰ অপকাৰী পোক-পৰুৱা ,ভেঁকুৰ ,এন্দুৰ,নিগনিৰ দৰে কুটি খোৱা প্ৰাণীক বধ কৰিবলৈ প্ৰয়োগ কৰে,অথচ সেইবোৰ কৃষিত ব্যৱহাৰ হ’লে উৎপাদিত সামগ্ৰী বিষাক্ত হোৱাটো অৱধাৰিত।বিশ্ব স্বাস্থ্য সংস্থাই ২০১১ চনতে যুগুত কৰা প্ৰতিবেদন অনুসৰি বিশ্বত প্ৰতি বছৰে দুই লাখ কুৰি হেজাৰ লোকে কীটনাশকৰ কবলত পৰি মৃত্যুবৰণ কৰে,বিশেষকৈ উন্নয়নশীল দেশবোৰত।এই বাস্তৱ সকলোৰে পৰিচিত যদিও উপভোক্তাসকলে এনে বিষাক্ত পদাৰ্থ সমৃদ্ধ ফল-মুল,শাক-পাচলি আদি ক্ৰয় কৰি খাদ্য হিচাপে কামত লগায়।কীটনাশক থকা খাদ্য খালে মানুহ তথা প্ৰাণীৰ অপকাৰ হয়,আনকি ই পৰিৱেশ প্ৰদুষিত কৰি সামগ্ৰিকভাৱে সকলো জীৱৰে ক্ষতিসাধন কৰে।পৰীক্ষাৰপৰা প্ৰাপ্ত তথ্য মতে,এনে খাদ্য ভক্ষণ কৰিলে শিশুসকল আচৰণজনিত বিকাৰত ভোগাই নহয়,আনকি জ্ঞান আহৰণৰ ক্ষেত্ৰতো সমস্যাৰ কবলত পৰে।কীটনাশকে স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰাৰ পৰিপ্ৰেক্ষিতত অত্যধিক লেলাউটি নিৰ্গত হয়,পাকস্থলী বিষায়,বমি, কোষ্ঠকাঠিন্য ,আনকি পেটচলা ৰোগৰ কবলত পৰি শৰীৰ কাহিল হয়।ফল-মুল তথা শাক-পাচলিত অৱশিষ্ট হিচাপে ৰৈ যোৱা ৰাসায়নিক কীটনাশক দীৰ্ঘকালৰ বাবে ভক্ষণ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সামগ্ৰিকভাৱে দুৰ্বল হৈ পৰে।গৱেষণালব্ধ তথ্য অনুসৰি কীটনাশক তথা কীটনাশক অৱশিষ্টৰ কবলত পৰিলে পাৰ্কিনছনছ ৰোগ,কৰ্কট ৰোগ বা আন কিবা ভয়ংকৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি হয়।গৰ্ভাৱস্থাত মহিলাই গ্ৰহণ কৰা খাদ্য কীটনাশকৰদ্বাৰা মুক্ত কৰি ৰখাৰ প্ৰয়োজন,কিয়নো সেইবোৰে বাঢ়নীয়া অংগবোৰ ,মগজু,স্নায়ুতন্ত্ৰ আদিত প্ৰতিকুল প্ৰভাৱ পেলায়,কাৰণ গৰ্ভত থকা ভ্ৰুণে কীটনাশকত থকা বিষাক্ত পদাৰ্থ সহ্য কৰিব নোৱাৰে।উপভোক্তাসকলে কীটনাশকত থকা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ সততে সষ্টম হৈ থাকি ফল-মুল তথা শাক-পাচলি নিৰ্বাচন কৰোতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে স্বাস্থ্য নিৰাপদে থাকে।

সুস্বাস্থ্যৰ পৰিপন্থী ৰাসায়নিক পদাৰ্থবোৰৰ আক্ৰমণত প্ৰতিহত কৰিবলৈ খোৱাৰ আগেয়ে ফল-মুল,শাক-পাচলিবোৰ ভালদৰে ধুব লাগে।পৰাপক্ষত জৈৱিক উপায়েৰে উৎপাদন কৰা সামগ্ৰীহে খাদ্য হিচাপে গ্ৰহণ কৰা ভাল।পশ্চিমীয়া দেশবোৰে কেতিয়াবাৰেপৰা সতৰ্ক হৈ কৃত্ৰিম সাৰ তথা ৰাসায়নিক কীটনাশক ব্যৱহাৰেৰে উৎপাদন কৰা সামগ্ৰী পৰিহাৰ কৰি কেৱল জৈৱিক প্ৰণালীৰে উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে।খাদ্যৰ বাবে আৱশ্যকীয় সামগ্ৰী নিজ ঘৰতে উৎপাদন কৰিব পাৰিলে ভাল।পাচলি তথা আন কৃষিজাত খাদ্য সামগ্ৰীৰ বাহিৰৰ আৱৰণ পৰাপক্ষত গুচাই ল’লে ভাল।দুই শতাংশ নিমখ মিহলোৱা পানীৰে ফল-মুল,শাক পাচলি ধুব লাগে।এনে কৰিলে খাদ্য সামগ্ৰীৰ বাহিৰত থকা কীটনাশকৰ অৱশেষ আঁতৰি যায়।শীতল পানীৰে শাক-পাচলি,ফল-মুল ভালদৰে ঘঁহি-পিহি ধুলে ইয়াত থকা ৭৫-৮০ শতাংশ কীটনাশকৰ অৱশেষ গুচে।

আপেল,নাচপতি,আঙুৰ,মধুৰিআম,বগৰী,নৰা বগৰী,আম আদি ফল তথা বিলাহী,বেঙেনা,ফুলকবি আদিৰ দৰে পাচলি এটা এটাকৈ ধোৱা উচিত।সম্ভৱ হ’লে কেঁচাই খোৱা ফল,পাচলি তথা চাটনি,চালাড প্ৰস্তুত কৰা কৃষিজাত সামগ্ৰী ভালদৰে ধোৱাৰ পিছত চাফা তথা শুকান কাপোৰেৰে মচিব লাগে।ভালদৰে ধুই শুকুৱাই ল’লে ফল-মুল তথা শাক-পাচলিত থাকিব পৰা ৰাসায়নিক পদাৰ্থ আঁতৰি পৰে।দহ শতাংশ ভিনেগাৰ মিহিলোৱা পানীত শাক-পাচলি,ফল-মুল দহ মিনিট তিয়াই ৰখাৰ পিছত ভালদৰে লৰাই-চৰাই,ঘঁহি-পিহি ধুব লাগে।এনে কৰিলে কীটনাশক গুচে।বিলাহী,আঙুৰ,সৰু ফলবোৰ ধোওঁতে বৰ সাৱধান,কিয়নো দ্ৰৱটোৱে এনে ফলৰ পাতল ছালবোৰৰ ক্ষতি কৰিব পাৰে।গৰম পানীত ডুবাই ৰাখি ভালদৰে ধুলেও ৰাসায়নিক পদাৰ্থ আঁতৰি নপৰাকৈ নাথাকে।খোৱাৰ আগেয়ে পাচলি,ফল-মুলৰ বাহিৰৰ বাকলি গুচালেও ৰাসায়নিক পদাৰ্থ আঁতৰে।

লেখক:আনন্দ দেৱ গোস্বামী (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/14/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate