অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইটামান ঘৰুৱা টিপচ্

কেইটামান ঘৰুৱা টিপচ্

ঘৰুৱা টিপচ

  • ইস্ত্ৰি কৰি থাকোতে কাপোৰ জ্বলি গ’লে কটা পিয়াঁজৰ ৰস জ্বলা অংশত লগাই থৈ ধুই পেলালে জ্বলাদাগ নাইকিয়া হয়।
  • তিতা কেৰেলা কাটি নিমখত কিছুসময় ডুবাই থৈ দিলে তিতা কম হয়।
  • এতিয়া গৰমৰ দিনত মাখিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ পদিনাৰ পাত কেইখিলামান অলপ পানীৰ সৈতে মোহাৰি লৈ ঘৰৰ চাৰিওকাষে ছটিয়াওক।
  • ৰহৰ দাইল সোনকালে সিজিবলৈ দাইলখিনি উতলাৰ সময়ত ন বা দহটা মান চাউল দি দিয়ক।
  • কম্বল বা ৰাগবোৰ ধুবৰ সময়ত গধুৰ নহবৰ বাবে গ্লিচাৰিণ কেইটোপালমান পানীত পেলাই দি ধুব লাগে।

কিছু লাগতিয়াল

  • নতুন জোতা পিন্ধিলে ভৰি কাটিবই।ৰেহাই পাবলৈ সামান্য চাবোন জোতাৰ কাটিব পৰা স্থানসমূহত লগাই দিয়ক।
  • কেঁচিখনত যদি ধাৰ নোহোৱা হৈ গৈছে তেন্তে কাঁচৰ বটল ৰ মুখখনত কেঁচিখন লগাই কটাৰ দৰে চেষ্টা কৰক।কেঁচি ধাৰ হৈ যাব।
  • নেমু ভালে ৰাখিবলৈ বগা পলিথিনৰ মোনাৰে মেৰিয়াই লওঁক।
  • কুকাৰ বেছি লেতেৰা হ’লে কুকাৰত এটুকুৰা নেমু আৰু পানী দি দুটা হুইচেল দি দিয়ক।কুকাৰ পৰিস্কাৰ হব।
  • ৰান্ধনিঘৰ বেছি গোন্ধালে অলপ ভিনেগাৰ কেৰাহীজাতীয় পাত্ৰত উতলাওক।গোন্ধ নোহোৱা হ’ব।

এলিজা তালুকদাৰ

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate