অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেনেকুৱা ধৰণৰ কি তেল খাব লাগে

চৰ্বিযুক্ত, চকচকীয়া বজাৰৰ বিভিন্ন ধৰণৰ ৰন্ধন তেলৰ বিষয়ে জানিবলগীয়া কিছু কথা

প্ৰত্যেকবিধ ৰন্ধন তেলতে গুণানুসাৰে প্ৰায় একেই চৰ্বি থাকে। কিন্তু বিভিন্ন ধৰণৰ চৰ্বিযুক্ত এচিডৰ পৰিমাণ এক ধৰণৰ তেলৰ পৰা আনধৰণৰ তেললৈ পৰিৱৰ্তিত হয়। তেলৰ বিষয়ে ক’বলৈ গ’লে চৰ্বিযুক্ত আৰু কম চৰ্বিযুক্তৰে আৰম্ভ কৰিব লাগিব।

অতিৰিক্ত চৰ্বি

বিশেষকৈ জন্তুভিত্তিক চৰ্বি, যেনে-ঘি, মাখন ইত্যাদি। কিছুমান উদ্ভিদজাতীয় তেল, যেনে- নাৰিকল, প্লাম আদি তেলতো বহু বেছি পৰিমাণে এই চৰ্বি পোৱা যায়। প্ৰত্যেক মানুহেই এদিনত বিভিন্ন পৰিমাণৰ কেল’ৰি উপভোগ কৰিব পাৰে। কিন্তু, গড় হিচাপে ২০০০ কেল’ৰি যথেষ্ট। আমেৰিকান হাৰ্ট এছ’চিয়েছনে আগবঢ়োৱা পৰামৰ্শ মৰ্মে প্ৰত্যেক ব্যক্তিয়ে খাদ্যত চৰ্বি সীমিত কৰা উচিত, যাতে মুঠ কেলৰিৰ ৩০ শতাংশতকৈ বেছি নহয়। তাৰে আকৌ ৮-১০ শতাংশ অতিৰিক্ত চৰ্বিৰ পৰা আহে। অধিক চৰ্বিয়ে তেজত কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি কৰে। উচ্চ স্তৰৰ এলডিএল বা বেয়া কলেষ্টৰল গ্ৰহণ হৃদৰোগৰ বাবে অত্যন্ত হানিকাৰক। গতিকে অতিৰিক্ত চৰ্বি উপভোগৰ ক্ষেত্ৰত যিমানদূৰ সম্ভৱ সচেতন হ’ব লাগে। কম চৰ্বি দুই ধৰণৰ। মন’ আনচেচুৰেটেড ফেটি এচিড আৰু প’লি আনচেচুৰেটেড ফেটি এচিড। ডাক্তৰ আৰু পুষ্টিবিদৰ কোনোৱে সিদ্ধান্তলৈ আহিব পৰা নাই যে দুইধৰণৰ কম চৰ্বিৰ ভিতৰত কোনবিধ উত্তম?

‘Use more Pufa’s’- এক প্ৰকাৰ খণ্ডবাক্যত পৰিণত হৈছিল। অথচ, য’ত নেকি MUFA – ই তেজত অপকাৰী কলেষ্টৰলৰ পৰিমাণ কমাই আনে আৰু দৰকাৰী কলেষ্টৰলৰ পৰিমাণ বঢ়ায়। PUFA ত এনে কিছুমান সামগ্ৰী সমৃদ্ধ যে PUFA ৰ অতিৰিক্ত উপভোগে যিদৰে ভবা যায়, আচলতে সেইদৰে স্বাস্থ্যৱান নকৰে। গতিকে স্বাভাৱিকতেই MUFA তেলেই সকলোৰে পছন্দ। কাৰণ MUFA ই PUFA ৰ দৰে অকল তেজত ভাল কলেষ্টৰলৰ পৰিমাণ বৃদ্ধিত অৰিহণা যোগায়।

ক’ত, কিমান চৰ্বি থাকে

যিকোনো বনস্পতি তেল এচামুচত ১৪ গ্ৰাম চৰ্বি থাকে আৰু কেলৰি থাকে ১২৫ গ্ৰাম, যিটো উপভোগ কৰি আপুনি স্বাস্থ্যত সামান্য পৰিমাণহে পৰিৱৰ্তন দেখিব। কোনোবাই যদি প্লাম বা নাৰিকলৰ দৰে বনস্পতি তেলসমূহ ত্যাগ কৰিব বিচাৰে, তেনেহ’লে তেওঁ প্ৰতি চামুচতে ৭-১২ গ্ৰাম অতিৰিক্ত চৰ্বিৰ পৰা ৰেহাই পাব।

বিভিন্ন ব্যৱহাৰ

বিভিন্ন প্ৰকাৰৰ আহাৰত বিভিন্ন ধৰণৰ চৰ্বিযুক্ত এচিড থাকে আৰু এইটোৱে ইয়াকে সূচায় যে সেইবোৰ তেল বিভিন্ন প্ৰকাৰৰ ৰন্ধনৰ বাবেই প্ৰযোজ্য। যিটো উষ্ণতাত ধোঁৱাবলৈ লয়, তাক কোৱা হয় ‘Smoke point’। তেলৰ ক্ষেত্ৰত যিবোৰ উচ্চ উষ্ণতালৈ নহালৈকে নোধোঁৱায়, সেইবোৰেই উত্তম। যেনে- গ্ৰাউননাট, ছয়াবিন, ছানফ্লাৱাৰ, ছাফ’লা আদি তেল।

মনো আনচেচুৰেটেড গ্ৰাউননাট তেল ভাজিৰ বাবে উত্তম। পৰীক্ষা-নিৰীক্ষণৰ দ্বাৰা জানিব পাৰি- তেলত থকা বেছি পৰিমাণৰ ভিটামিন ই ভজাৰ সময়তেই ধ্বংস হৈ যায়। ভাজিব বাবে চাৰি-পাঁচ বাৰতকৈ বেছি তেলখিনি ব্যৱহাৰ নকৰিব। তেলখিনি পুনৰ ব্যৱহাৰ কৰিলে, নমাই ঠাণ্ডা কৰি তাক চেকি লওক।

কিছু জানিবলগীয়া

স্মোক পইন্ট হ’ল উষ্ণতা, য’ত এবিধ তেল অথবা নিৰ্দিষ্ট চৰ্বি পোৰে। উচ্চতম স্মোক পইন্টে কেৰাহীৰ মুখক অতি বেছি গৰম কৰে। গতিকে, মনত ৰাখিবলগীয়া যে এবিধ তেলত বহুত বেছি প’লি আনচেচুৰেটেড মানেই নিৰ্দিষ্ট উষ্ণতাত সেয়া অস্থায়ী আৰু যেতিয়া গৰম হৈ থাকে, তেতিয়া কিন্তু পৰিণতি ভয়াবহ।

তেল

দ্ৰৱীভূত

মন’আনচেচুৰেটেড ফেটি এচিড

পলি আনচেচুৰেটেড ফেটি এচিড

নাৰিকল তেল

৮৭

শস্য তেল

১৩

২৪

৫৮

কপাহৰ তেল

২৬

১৮

৫২

চীনাবাদাম তেল

১৫

৫০

৩০

জলফাই তেল

১৪

৭৪

প্লাম তেল

৪৭

৩৮

১১

মিঠা তেল

১১

৫৯

২১

ছাফ’লা তেল

১২

৭৪

তিল তেল

১৪

৩৮

৪২

চয়াবিন তেল

১৮

৩০

৪৮

ছানফ্লাৱাৰ তেল

১২

২১

৬৬

টিপ্‌ছ

  • সকলো বস্তু বনাব পৰাকৈ ৰন্ধন তেল ব্যৱহাৰ কৰক। বিকল্প হিচাপে MUFA আৰু PUFA তেল ব্যৱহাৰ কৰিব পাৰে।
  • ছানফ্লাৱাৰ আৰু ছাফ’লা তেল অমেগা-৬ চৰ্বিৰ কাৰণে ব্যৱহাৰ কৰক।
  • ৰন্ধন তেল সদায় সূৰ্য্যৰ পোহৰৰ পৰা আতঁৰত বাচন থোৱা ঠাইত ৰাখক।
  • কলেষ্টৰলে পাকস্থলীত চৰ্বিনাশক তৈয়াৰ কৰাৰ লগতে, শৰীৰৰ কোষ গঠনতো সহায় কৰে আৰু হৰমন, ভিটামিন-ডি আৰু কেতবোৰ এচিডৰ দৰে হজমৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্যলৈ পৰিৱৰ্তিত কৰে।
  • নিজে নিজেই চৰ্বি ধ্বংস হ’ব নোৱাৰে। এনে কাম-কাজৰ ক্ষেত্ৰত Lipoprotein এ সহায় কৰে। Lipoprotein দুই প্ৰকাৰৰ-নিম্ন ঘনত্বৰ আৰু উচ্চ ঘনত্বৰ।
  • কম ঘনত্বৰ লিপ’প্ৰটিনত প্ৰটিনৰ তুলনাত চৰ্বিৰ পৰিমাণ অধিক আৰু ইহঁতে কোষবোৰলৈ কলেষ্টৰল কঢ়িয়াই ধমনী বেৰত জমা কৰে। কিন্তু ই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে.

উৎস: নন্দিনী।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate