অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেনেকৈ স্বাস্থ্য ৰক্ষা কৰিবঃ

কেনেকৈ স্বাস্থ্য ৰক্ষা কৰিবঃ

 

  • সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰিব লাগিব। যদিও খঙে শৰীৰৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি প্ৰায়ভাগ লোকে ভাবে তথাপি ইয়াৰ প্ৰভাৱ মন কৰিবলগীয়া। অৱশ্যে খঙৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে পৰাৰ পৰিৱৰ্তে পৰোক্ষভাৱেহে পৰিলক্ষিত হয়। প্ৰত্যেক মানুহে দিনটোৰ ভিতৰত কিবা নহয় কিবা কথাকলৈ খং কৰে। নিজে যেতিয়া কোনো এটি কামকলৈ সন্তুষ্ট নহয় তেতিয়া খং উঠে। খং কৰিলে শাৰীৰিক-মানসিকভাৱে ক্ষতি হয়। ৰক্তচাপ বৃদ্ধিৰ ক্ষেত্ৰত খঙৰ ভূমিকা মন কৰিবলগীয়া। বিশেষকৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়। আনহাতে ষ্ট্ৰেচ্ছৰো সৃষ্টি হ’ব পাৰে। খঙৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে নিয়মীয়াকৈ ধ্যান কৰাৰ লগতে ব্যায়ামো কৰিব লাগে। শেহতীয়াভাৱে আমেৰিকাৰ এটা গৱেষকৰ দলেও এই খং নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধ্যানৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। যিসকলে নিয়মীয়াকৈ ধ্যান আৰু ব্যায়াম কৰে তুলনামূলকভাৱে তেওঁলোকৰ কমকৈ খং উঠে। ধ্যান কৰা সময়ত শৰীৰত পেশীসমূহ শিথিল কৰি দিব লাগে। খং উঠাৰ ফলত উত্তেজনা বৃদ্ধি পায় বাবে মানসিক চাপো সমান্তৰালভাৱে বৃদ্ধি পায়।

শৰীৰ নিৰোগী কৰি ৰখাৰ বেলিকা কাৰ্ব’হাইড্ৰেটৰ ভূমিকা গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি। আমি গ্ৰহণ কৰা দৈনিক তালিকাভুক্ত খাদ্যসমূহ ৬০-৮০ ভাগ কাৰ্ব’হাইড্ৰেটযুক্ত হোৱা উচিত। প্ৰচুৰ পৰিমাণে খাদ্য গ্ৰহণৰ পৰিৱৰ্তে কেৱল প্ৰ’টিনযুক্ত আহাৰহে গ্ৰহণ কৰা হয় তেতিয়াহ’লে সেই প্ৰ’টিন শৰীৰ গঠনৰ কাৰ্যত ব্যৱহাৰ নহৈ এনাৰ্জী প্ৰস্তুত কৰাতহে ব্যয় কৰা দেখা যায়। শৰীৰত কাৰ্ব’হাইড্ৰেটৰ অভাৱ হ’লে বিভিন্ন সমস্যাই গা কৰি উঠে।

  • ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ঔষধৰ তুলনাত সাৱধানতা অৱলম্বনহে শ্ৰেয় বুলি কোৱা হয়। কিয়নো যিসকলে সুস্থ জীৱন-যাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তেওঁলোকে সহজতে এনে সমস্যাত আক্ৰান্ত নহয় বা হ’বলৈ সুযোগো প্ৰদান নকৰে। উচ্চ ৰক্তচাপেই হওক অথবা নিম্ন ৰক্তচাপেই হওক কোনো এবিধে শৰীৰৰ বাবে মংগলজনক নহয়। সেয়েহে ৰক্তচাপ নিয়ন্ত্ৰণৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কেঁচা নিমখ কম পৰিমাণে খাব লাগে। আনহাতে সদায় টেনচনমুক্ত জীৱন-যাপন কৰিব লাগে। সাধাৰণতে যিবোৰ উৎসৰ বাবে টেনচন হ’বলৈ ধৰে তেনে উৎসৰ পৰা সদায় নিজকে আঁতৰাই ৰখাটোৱে মংগলজনক। যিকোনো বিষয়কলৈ উত্তেজিত হ’ব নালাগে। শৰীৰৰ ওজন বয়স আৰু উচ্চতা অনুসৰি সঠিক মাত্ৰাত ৰাখিবলৈ চেষ্টা কৰা উচিত। বেছি পৰিমাণে কফি, মাদক দ্ৰব্য আদি খাব নালাগে।
  • নিদ্ৰাহীনতাই সুস্বাস্থ্যৰ প্ৰতিবন্ধক হিচাপে থিয় দিব পাৰে। কষ্টৰ বাবে এনে সমস্যাৰ সৃষ্টি হ’লে সদায় বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। টোপনি অহা বিষয়টো কিছুমান বিশেষ কথাৰ ওপৰত নিৰ্ভৰ কৰে। এগৰাকী সুস্থ্য ব্যক্তিক কমেও ছঘণ্টা টোপনিৰ প্ৰয়োজন। অৱশ্যে এগৰাকী ব্যক্তিয়ে কিমান সময় টোপনি যাব লাগে সেয়া ব্যক্তিগৰাকীৰ বয়স আদিৰ ওপৰতো ভালেখিনি নিৰ্ভৰ কৰে। ভাল টোপনি আহিবলৈ লোৱাৰ আগতে চাহ, কফি, চিগাৰেট আদি খাব নালাগে। যিসকলৰ এনে অভ্যাস আছে তেওঁলোকে অভ্যাস ত্যাগ কৰা উচিত। টোপনি যোৱাৰ আগতে অত্যধিক পৰিশ্ৰম কৰাটো ভাল নহয়। কেতিয়াও টোপনি অহাৰ ঔষধ খাব নালাগে। এনে ঔষধ সেৱনৰ ফলত পাৰ্শ্বক্ৰিয়া হোৱাৰ শংকা থাকে।
  • ইতিবাচক চিন্তা-ভাবনাৰেও সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি। জৈৱিক কাৰণত মানুহৰ স্তৰ অনুসৰি শাৰীৰিক পৰিৱৰ্তন হ’বলৈ ধৰে। বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক পৰিৱৰ্তন হ’বলৈ ধৰে আৰু সেইবাবে সকলো সময়তে একে ধৰণৰ খাদ্যৰ প্ৰয়োজন নহয়। শিশু অৱস্থাত যদি বেছি খাব লাগে, বৃদ্ধ অৱস্থাত কম খাব লাগে। কেতিয়া কি খাব লাগে, কিমান খাব লাগে আৰু কেনেকৈ খাব লাগে ইত্যাদি বিষয়ৰ ওপৰত সদায় ইতিবাচক চিন্তা আৰম্ভ কৰিব লাগে।
  • শীতল পানীয় আদি কম পৰিমাণে গ্ৰহণ কৰা উচিত। কিয়নো শীতল পানীয়ত যিবোৰ ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে সেয়া শৰীৰৰ অপকাৰ হয়। সৰু সৰু ল’ৰা-ছোৱালীক এনে ধৰণৰ অপকাৰী দ্ৰব্যসমূহে সহজতে আক্ৰমণ কৰিবলৈ সুযোগ পায়।
  • শিশুটিয়ে টিভি চোৱাৰ সময়ো নিৰ্ধাৰণ কৰিব লাগে। কিয়নো অনবৰতে টিভি চাই থকাৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’বলৈ ধৰে। এনেদৰে অতিৰিক্ত চৰ্বি জমা হ’লে মেদ বহুলতাৰ লগতে আন বহুতো আনুষংগিক সমস্যাই গা কৰি উঠে। আনহাতে খোৱা বস্তু যাতে চোবাই খোৱাৰ অভ্যাস গঢ়ি তোলে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। কিয়নো চোবাই খোৱা খাদ্যই হজমত সহায় কৰে। চকলেট, আইচক্ৰীম আদি খাবলৈ দিব নালাগে। এইবোৰ উপকাৰৰ সলনি শৰীৰৰ বেছিকৈ অপকাৰহে কৰে।

(উৎসঃ অগ্ৰদূত)।

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate