অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা কেইবিধমান খাদ্য

কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে খোৱা-বোৱাৰ ওপৰত গুৰুত্ব দিব লগা হয়। খোৱা-বোৱাৰ দ্বাৰাও কেন্সাৰ ৰোগ হোৱাত বাধা দিব পাৰি।

চিকিৎসাৰ লগতে ৰোগ প্ৰতিৰোধৰ বিকল্প হিচাপে চিকিৎসকসকলে কেইবাবিধো খাদ্যৰ গুণাগুণৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাইছে।

চিকিৎসকসকলে প্ৰমাণ পাইছে যে যিসকল লোকে যথেষ্ট পৰিমাণে ফল-মূল আৰু শাক-পাচলি খায়, তেনে লোকৰ শাক-পাচলি আৰু ফল-মূল কমকৈ খোৱা লোকৰ তুলনাত ২০ শতাংশৰ পৰা ৫০ শতাংশ কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

ফল-মূল আৰু শাক-পাচলিত থকা ৰাসায়নিক উপাদানবোৰ বৰ জটিল। সেয়ে কোনবিধ উপাদানে কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে, সেয়া গৱেষকসকলে নিৰ্দিষ্টকৈ উলিয়াব পৰা নাই।

পাচলি জাতীয় খাদ্য বেছিকৈ খাব লাগে।

কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা তেনে কেনেবিধমান খাদ্যৰ বিষয়ে তলত আলোচনা কৰা হ’ল -

নহৰু -

নহৰুত থকা কেইবাবিধো উপাদান ইতিমধ্যে কেন্সাৰ প্ৰতিৰোধী বুলি প্ৰমাণিত হৈছে। বিশেষকৈ নহৰুত Dailly1 Sulfide থকা নামৰ যৌগ বিধে কেন্সাৰ প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা লয়।

এই যৌগবিধে কেন্সাৰ সৃষ্টি কৰা বিষাক্ত দ্ৰব্যৰ উৎপাদন কমাই অনাৰ লগতে এইবিলাকৰ শক্তি কমাই আনে। লগতে ধ্বংস হোৱা ডি.এন.এ. বোৰ পুনৰ গঠন কৰিবলৈ দেহটোক শক্তি দিয়ে।

ইয়াৰ উপৰি নহৰুত কেইবাবিধো ৰোগ প্ৰতিৰোধ কৰিব পৰা উপাদান আছে, যিবোৰ দেহটোক বেমাৰ-আজাৰৰ সৈতে যুঁজ দিবলৈ শক্তি প্ৰদান কৰে।

এই বিষয়ে অৱশ্যে গৱেষকসকলে বৰ্তমানো গৱেষণা চলাই আছে। কেইবাটাও গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে যিসকল লোকে নহৰু বেছিকৈ খায়, তেনে লোকৰ কেইবিধমান কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

বিশেষকৈ-

  • পাকস্থলীৰ কেন্সাৰ,
  • প্ৰ’ষ্টেট আৰু ক’লোৰেক্টেল কেন্সাৰ,
  • ছালৰ কেন্সাৰ,
  • খাদ্যনলীৰ কেন্সাৰ হোৱাৰ বাধা দিয়ে নহৰুৱে।

মূত্ৰনলীৰ কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত BGC(Bacille Calmette Guerin)ৰ সলনি নহৰু বেছি কাৰ্যকৰী বুলি গৱেষকসকলে প্ৰমাণ পাইছে।

হেলথ ছিগনিফিকেন্স অৱ গাৰ্লিক এণ্ড গাৰ্লিক কনষ্টিটুৱেন্ট(Health Significance of Garlic and Garlic Constituents) ৰ প্ৰথম অধিৱেশনত প্ৰকাশিক তথ্য অনুসৰি নহৰুৱে ৭০ৰ পৰা ৯০ শতাংশ স্তন কেন্সাৰ হোৱাত বাধা দিব পাৰে।

নহৰুত থকা Dailly1 Disulfide নামৰ ছালফাৰ যৌগবিধে হাওঁফাওঁৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

একেদৰে-

  • Dailly1 Sulfide,
  • S-ally1 cysteine,
  • allinin আদি নহৰুত থকা উপাদানবোৰ ছালৰ কেন্সাৰ হোৱাত বাধা দিয়ে।

খাদ্যনলীৰ কেন্সাৰৰ প্ৰাথমিক পৰ্যায়ত Dailly1 Sulfide এ কেন্সাৰ প্ৰতিৰোধ কৰাত বিশেষভাৱে সহায় কৰে। S-ally1 cysteine নামৰ উপাদানবিধে নতুনকৈ কেন্সাৰ কোষ উৎপাদন হোৱাত বাধা দিয়ে।

টেক্সাছ ইউনিভাৰচিটিৰ এম ডি এণ্ডাৰচন কেন্সাৰ চেন্টাৰৰ গৱেষকসকলে প্ৰমাণ পাইছে যে S-ally1 cysteine আৰু Dially1 Sulfide উপাদান দুবিধে মলাশয়ত টিউমাৰ হোৱাত বাধা দিয়ে।

এণ্ডাৰচন কেন্সাৰ চেন্টাৰৰ গৱেষক মাইকেল ৱাৰগোভিছৰ মতে Dially1 Sulfide উপাদানবিধে কেমোপ্ৰিভেনটিভ এজেন্ট হিচাপে কাম কৰে।

নহৰুৱে লিমফোচাইটৰ(Lymphocytes) দ্ৰুত কোষ বিভাজন ঘটায়। দেহৰ মুঠ শ্বেতৰক্ত কণিকাৰ ২৫ শতাংশই শৰীৰৰ ৰোগ প্ৰতি ৰোধ ক্ষমতা বৃদ্ধিত বিশেষ ভূমিকা লয় আৰু নহৰুৱে এই শ্বেত কণিকাক সক্ৰিয় কৰি সহায় কৰে।

নহৰুৱে Macrophage Phogocytosis নামৰ শৰীৰ কোষৰ প্ৰতিৰক্ষা শক্তিক সক্ৰিয় কৰি ৰাখে। Fraction4(F4) নামৰ নহৰুত পোৱা প্ৰোটিনবিধে মানুহৰ দেহৰ গ্ৰন্থিৰসত(Lymphocytes) উৎপাদন হোৱা বিষাক্ত দ্ৰব্য নিৰ্মূল কৰে।

F4 য়ে চাইটোটক্সিচিটি পৰিমাণ বৃদ্ধি কৰিলেও interleukin ৰ সৈতে একেলগ হ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰে। ইউ চি এল এ স্কুল অৱ মেডিচিচৰ তথ্য অনুসৰি F4 ইমিউন থেৰাপিত ব্যৱহাৰ কৰিব পৰা যায়।

উল্লেখ্য যে নহৰুক উত্তম বনৌষধি হিচাপে ইতিমধ্যে চিহ্নিত কৰা হৈছে। চিকিৎসকসকলে দিনে চাৰিগ্ৰাকৈ অৰ্থাৎ এটা মজলীয়া আকাৰৰ নহৰু খোৱাৰ পৰামৰ্শ দিছে।

নহৰু বেছিকৈ খোৱাৰ বাবে বমি, গেছ, পেটৰ বিষ আদি সমস্যাই দেখা দিব পাৰে। এটি গৱেষণাৰ পৰা জানিব পৰা গৈছে যে বেছিকৈ নহৰু খালে অধিক ৰক্তক্ষৰণ হোৱাৰো সম্ভাৱনা থাকে। কাৰণ নহৰুত তেজ গোট মৰা প্ৰতিৰোধক উপাদান থাকে।

অস্ত্ৰোপচাৰ কৰিব যোৱা ৰোগী বা অস্ত্ৰোপচাৰৰ ৰোগীয়ে নহৰু খোৱা উচিত নহয়। ইয়াৰ উপৰি তেজ পাতল কৰা ঔষধ খাই থকা লোকে চিকিৎসকৰ পৰামৰ্শ লৈহে নহৰু খাব লাগে।

বিলাহী:

বিলাহীত থকা লাইকোপেন(Lycopene) নামৰ উপাদানবিধে-

  • পাকস্থলী,
  • হাওঁফাওঁ আৰু
  • প্ৰষ্টেট গ্ৰন্থিৰ কেন্সাৰ হোৱাত বাধা দিয়ে।

সেয়ে নিয়মিত বিলাহী খোৱা লোকসকলৰ এইবোৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা কম।

লাইকোপেন এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট। এই উপাদানবিধে অক্সিজেন অণুৰ(ফ্ৰী ৰেডিকেল, মুক্তমুলক) কাৰ্যত বাধা দিয়ে। মুক্তমূলকে শৰীৰৰ কোষবিলাকৰ ক্ষতি সাধন কৰে।

বিটা কেৰোটিনৰ তুলনাত লাইকোপেনে দুগুণ বেছি এন্টিঅক্সিডেন্টৰ কাম কৰে। আনহাতে লাইকোপেনক অধিক কাৰ্যকৰী এন্টিঅক্সিডেন্ট বুলি কোৱা হয়, কাৰণ এইবিধ এন্টিঅক্সিডেন্ট উপাদান ভিটামিন-এ লৈ ৰূপান্তৰ নহয়।

লাইকোপেন বিলাহীত অধিক পৰিমাণত থাকে। ইয়াৰ উপৰি এপ্ৰিকোট, তৰমূজ, অমিতা, মধুৰীআম আদিতো লাইকোপেন পোৱা যায়।

প্ৰাথমিক পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে ৰন্ধাৰ পিছতহে বিলাহীত থকা লাইকোপেন শৰীৰটোৱে অধিক পৰিমাণে গ্ৰহণ কৰিব পাৰে। এতিয়া লাইকোপেন উপাদানবিধ কেপচুল আকাৰতো কিনিব পোৱা যায়।

শেহতীয়াকৈ খোৱা-বোৱাৰ দ্বাৰা কেন্সাৰ ৰোধ কৰিব পৰা যায় নে নাযায় এই লৈ গৱেষণা চলাই থকা হৈছে।

কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বিটা কেৰোটিন আৰু অন্যান্য কেৰোটেনয়ডছৰ ভূমিকাৰ কথা ইতিমধ্যে গৱেষকসকলে জানিব পাৰিছে।

১৯২০ চনতে বিজ্ঞানীসকলে জানিব পাৰিছিল যে বিটা কেৰোটিনৰ কেন্সাৰ প্ৰতিৰোধী ক্ষমতা আছে। কিন্তু ১৯৮০ চনৰ পিছতহে গৱেষকসকলে লাইকোপেনৰ ওপৰত গৱেষণা কৰিবলৈ লয়।

গৱেষণাৰ পৰা জানিব পৰা গ’ল যে এন্টিঅক্সিডেন্ট হিচাপে লাইকোপেন বিটা কেৰোটিন তুলনাত দুগুণ কাৰ্যকৰী।

বিলাহী খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা কমি যায় নে নাযায় সেই কথা জানিবৰ বাবে ১৯৯০ চনত ৭০ টা গৱেষণা চলোৱা হৈছিল।

গৱেষণাৰ পৰা জানিব পৰা গ’ল যে বিলাহী খালে কেইবাবিধো কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। বিশেষকৈ-

  • হাওঁফাওঁ,
  • পাকস্থলী আৰু
  • প্ৰষ্টেট গ্ৰন্থিৰ কেন্সাৰ ৰোধ কৰিব পৰা যায়।

ইয়াৰ লগতে-

  • জৰায়ু মুখৰ কেন্সাৰ,
  • স্তন কেন্সাৰ,
  • মুখ গহ্বৰৰ কেন্সাৰ,
  • অগ্ন্যাশয়,
  • খাদ্যনলী আৰু
  • মলদ্বাৰৰ কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰি।

জনসংখ্যাৰ ভিত্তিত কৰা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে বিলাহী বেছিকৈ খায় বা তেজত লাইকোপেনৰ পৰিমাণ বেছি থাকে, তেনে লোকৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

শেহতীয়া এক গৱেষণাত চিকিৎসকসকলে প্ৰমাণ পাইছে যে বিলাহী থকা খাদ্যৰ পৰা পোৱা লাইকোপেনৰ বাবে প্ৰষ্টেট কেন্সাৰ হোৱাত বাধা দিয়ে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

বিলাহীত থকা আন কিছুমান উপাদানে লাইকোপেনৰ সৈতে লগ লাগি বা নিজাকৈ কেন্সাৰ প্ৰতিৰোধ কৰিব পৰাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে গৱেষকসকলে।

উল্লেখ্য লাইকোপেন উপাদানবিধে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে নে নোৱাৰে এই লৈ গৱেষণা কৰা বেছিদিন হোৱা নাই।

জন্তুৰ ওপৰত চলোৱা এক গৱেষণাৰ জানিব পৰা গৈছে যে লাইকোপেনে স্তন কেন্সাৰ হোৱাত বাধা দিয়ে। আনহাতে, চিকিৎসকসকলে গৱেষণাগাৰত প্ৰমাণ পাইছে যে মানুহৰ কেন্সাৰ কোষ বৃদ্ধি ঘটাত লাইকোপেনে বাধা দিয়ে।

গৱেষণাগাৰ আৰু জীৱ-জন্তুত ওপৰত চলোৱা বিভিন্ন গৱেষণাৰ পৰা চিকিৎসকসকলে নিশ্চিত হৈছে যে বিলাহীত থকা কিছুমান উপাদানে কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

আমেৰিকাৰ এছোছিয়েচন ফৰ কেন্সাৰ ৰিচাৰ্চৰ ১৯৯৯ চনত বাৰ্ষিক সভাত কোৱা হৈছিল যে প্ৰষ্টেট কেন্সাৰ থকা লোকসকলৰ বাবে লাইকোপেন অতি উপকাৰী।

গৱেষকসকলে প্ৰষ্টেট কেন্সাৰ থকা ১৫ জন লোকৰ দিনে দুটাকৈ লাইকোপেন টেবলেট খোৱা এই লোককেইজনৰ ক্ষেত্ৰত দেখা গ’ল যে তেওঁলোকৰ কেন্সাৰ কোষৰ বৃদ্ধি কমকৈ হৈছে।

লাইকোপেনে প্ৰষ্টেট কেন্সাৰ বৃদ্ধি কৰা ‘প্ৰষ্টেট স্পেচিফিক এন্টিজেন’ উপাদানবিধ হ্ৰাস কৰে। আমেৰিকান কেমিকেল ছ’চাইটিৰ ২০০০ বৰ্ষৰ বাৰ্ষিক সভাত এই কথা কোৱা হৈছিল।

গৱেষকসকলে প্ৰষ্টেট কেন্সাৰ হোৱা ৩২ জন আফ্ৰিকান-আমেৰিকান ৰোগীক দিনে বেছি পৰিমাণে বিলাহীৰ ছচ খাবলৈ দিছিল।

পিছত জানিব পাৰিলে যে বিলাহীত থকা লাইকোপেন প্ৰষ্টেট স্পেচিফিক এন্টিডেন বৃদ্ধিত বাধা দিয়ে। লাইকোপেনে তিনি সপ্তাহতে নষ্ট হোৱা ডি এন এ ঠিক কৰিব পাৰে।

প্ৰষ্টেট কোষকলাবোৰত অধিক লাইকোপেন থাকিলে কেন্সাৰ কোষবোৰ তিনিগুণ হাৰত নষ্ট কৰি পেলায়।

আমি খোৱা ফল-মূল, শাক-পাচলি আদিৰ পৰাও লাইকোপেন পাওঁ। সেয়ে ফল-মূল, শাক-পাচলি আদি খোৱাৰ লগতে বিলাহী খোৱা প্ৰয়োজন। প্ৰতি সপ্তাহত দুবাৰকৈ আধা আপ বিলাহীৰ ছচ খাব।

ব্ৰুকলি:

শেহতীয়া গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ব্ৰকলি, পালেং জাতীয় শাক-পাচলি খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

জনসংখ্যাভিত্তিত চলোৱা আন এক গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে-

  • ব্ৰকলি,
  • পালেং,
  • সেউজীয়া শাক-পাত আদিত পোৱা Carotenoid Lutein নামৰ উপাদানবিধে মলাশয়ৰ কেন্সাৰ হোৱাত বাধা দিয়ে।

আমেৰিকাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ ১৯৯৯ চনৰ জাৰ্ণালত প্ৰকাশিত এখন গৱেষণা পত্ৰত কোৱা হৈছে যে ব্ৰকলি জাতীয় পাচলিয়ে মল ভাণ্ডাৰৰ কেন্সাৰ হোৱাত বাধা দিয়ে।

একেদৰে ব্ৰ্কলি খালে প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনাও কম হয়। জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মন্তব্য কৰিছে যে ব্ৰকলিত থকা Sulforaphane নামৰ উপাদানবিধে কেন্সাৰ প্ৰতিৰোধ কৰে।

জন্তুৰ ওপৰত চলোৱা আন এক গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে Sulforaphane নামৰ উপাদানবিধে ৬০ৰ পৰা ৮০ শতাংশ কেন্সাৰ বৃদ্ধি হোৱাত বাধা দিয়ে।

এই উপাদানবিধে দেহত এবিধ এনজাইম গঠন কৰাৰ বাবে টিউমাৰ হোৱাত বাধা দিয়ে বুলি গৱেষকসকলে মন্তব্য কৰিছে।

ইফালে, নিৰ্দিষ্টকৈ কোন কেইবিধ কেন্সাৰ ব্ৰকলি খালে ভাল হয় এইলৈ গৱেষকসকলে গৱেষণা চলাই আছে।

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই ব্ৰকলিত indole-3 carbinol থকা নামৰ উপাদানবিধে স্তন কেন্সাৰ কোষত বৃদ্ধিত বাধা দিয়ে বুলি প্ৰমাণ পাইছে।

একেদৰে চীন আৰু আমেৰিকাৰ এক যৌথ গৱেষণাত পোৱা গৈছে যে-

  • বন্ধাকবি,
  • ব্ৰকলি জাতীয় পাচলিত পোৱা কিছুমান ৰাসায়নিক উপাদানে হাওঁফাওঁৰ কেন্সাৰ হোৱাতো বাধা দিয়ে।

গৱেষকসকলে ১৮,০০০ ৰো অধিক লোকৰ ওপৰত এক সমীক্ষা চলাইছিল। ইয়াৰে ২৫৯ জন হাওঁফাওঁৰ কেন্সাৰ হোৱাৰ ৰোগীক বিশেষভাৱে পৰীক্ষা চলোৱা হৈছিল।

দহ বছৰ ধৰি এই লোক কেইজনৰ ব্ৰকলিত পোৱা isothiocyanate খাবলৈ দিয়া হৈছিল। পিছত দেখা গ’ল যে isothiocyanate খোৱা এই লোকসকলৰ ৩৬ শতাংশ হাওঁফাওঁৰ কেন্সাৰ কমিছে।

বৈজ্ঞানিকসকলে মত প্ৰকাশ কৰিছে, কেন্সাৰ প্ৰতিৰোধৰ বাবে উত্তম খাদ্য হৈছে ব্ৰকলি। অৱশ্যে নিৰ্দিষ্ট কোনো এবিধ খাদ্য খালে যে কেন্সাৰ প্ৰতিৰোধ হয়, এই কথা বৈজ্ঞানিকসকলে বৰ্তমানো নিশ্চিত কৰিব পৰা নাই।

কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত -

  • Lutein,
  • Sulforaphane,
  • indole-3 carbinol isothiocyanate আদি উপাদানবোৰ অকলে নে আন উপাদানৰ সৈতে লগ লাগি কেন্সাৰ প্ৰতিৰোধ কৰে সেয়া বৰ্তমানো বৈজ্ঞানিকসকলে সঠিককৈ নিৰূপণ কৰিব পৰা নাই।

দিনে ১৫০ গ্ৰাম ব্ৰকলি খালেই কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত উপকাৰ পোৱা যায় বুলি গৱেষকসকলে প্ৰকাশ কৰিছে।

সপ্তাহত আধা কাপকৈ দুবাৰ বা তিনিবাৰকৈ ব্ৰকলি খালে মলভাণ্ডাৰৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা ৪৪ শতাংশ কম হয়। লগতে বেছি পৰিমাণৰ শাক-পাচলিৰ তুলনাত অকণমান ব্ৰকলিয়ে বহু কামত দিয়ে।

ব্ৰকলি কেঁচাই, সিদ্ধ কৰি বা ৰান্ধি খাব পাৰি। কিন্তু কেঁচাই খালে বেছি উপকাৰ পোৱা যায়। জুইৰ তাপত ব্ৰকলিত থকা কিছুমান Anticarcinogenic উপাদান নষ্ট হৈ যায়।

গৱেষকসকলে মন্তব্য কৰিছে যে ব্ৰকলিয়ে দুই ধৰণে কেন্সাৰৰ সৈতে যুঁজ দিয়ে। কেন্সাৰ কোষবোৰক বৃদ্ধি হোৱাত বাধা দিয়ে নতুবা কেন্সাৰ সৃষ্টিকাৰী বিষাক্ত দ্ৰব্য বোৰক নিষ্ক্ৰীয় কৰে।

ব্ৰকলিত বহু বেছি ফাইবাৰ থাকে। অৱশ্যে ইয়াক বেছিকৈ খালে গেছ হয়। ডায়েৰিয়া বা মলদ্বাৰৰ সমস্যা থকা লোকে আঁহজাতীয় খাদ্য কমাই খোৱা উচিত।

বন্ধাকবি:

স্তন কেন্সাৰ আৰু প্ৰষ্টেট কেন্সাৰৰ পৰা যদি ৰক্ষা পাব বিচাৰিছে, তেন্তে ব্ৰকলি, বন্ধাকবি জাতীয় পাচলি খাব।

মহিলাৰ স্তন কেন্সাৰ আৰু পুৰুষৰ প্ৰষ্টেট কেন্সাৰ ৰোগ কবি জাতীয় পাচলি খালে বাধা দিব পাৰি। দৈনিক এফাল বন্ধাকবি খালে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

বন্ধাকবিত থকা Indole-3-carbinol(13c) নামৰ উপাদানবিধে এষ্ট্ৰোজেনৰ ওপৰত প্ৰভাৱ পেলায় স্তন কেন্সাৰ ৰোধ কৰাত সহায় কৰে।

একেদৰে Indole-3-carbinol উপাদানবিধে প্ৰষ্টেট কেন্সাৰ হোৱাত বাধা দিয়ে। 13c হৈছে বিশেষ Phytonutrient উপাদান। ইয়ে ৰাসায়নিক বিক্ৰিয়া ঘটাই Estradiol ক উলিয়াই অনাত সহায় কৰে।

13c পৃথক কৰাৰ পিছত ইয়াৰ নিৰ্দিষ্ট পৰিমাণৰ দ্বাৰা মহিলাৰ স্তন কেন্সাৰ আৰু পুৰুষৰ প্ৰষ্টেট কেন্সাৰ ৰোধ কৰিব পৰা যায়।

ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে এজন মানুহে দিনে চিকিৎসকে নিৰ্দিষ্ট কৰি দিয়া পৰিমাণৰ 13c খোৱা উচিত।

নিউয়ৰ্কৰ হৰমোন দেইছাৰ্চ প্ৰতিষ্ঠানৰ গৱেষকসকলে ১৯৯১ চনত নিগনিৰ ওপৰত পৰীক্ষা কৰি জানিব পাৰিলে যে ‘শক্তিশালী’ এষ্ট্ৰোজেন কমি যায় আৰু ‘দুৰ্বল’ এষ্ট্ৰোজেন বাঢ়ি যায়।

ইফালে স্তন কেন্সাৰ আৰু জৰায়ুৰ শ্লেমা আৱৰণিৰ কেন্সাৰ থাকিলে এষ্ট্ৰোজেনৰ বিপাকীয় কাৰ্য সাংঘাতিকভাৱে কমি যায়।

ইয়াৰ উপৰি aryl hydrocarbon(Ah) ৰ লগত 13c সংপৃক্ত হয়। কিন্তু গৱেষকসকলে জনাইছে যে টক্সিক কেমিকেল ডায়োক্সিনৰ দৰে Ah ৰিচপটোৰটোৱে কাম কৰিব লয়।

ইফালে 13c উপাদানবিধে এষ্ট্ৰোজেনৰ বিপাকীয় কাৰ্যক প্ৰভাৱ পেলোৱাৰ লগতে কোষৰ পৰা ডায়োক্সিন উলিয়াই দিয়ে।

কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে প্ৰমাণ পাইছে যে কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত Indole-3 Carbinol টেমোক্সিফেনৰ তুলনাত ৩০ শতাংশ বেছি কাৰ্যকৰী।

বন্ধাকবিৰ ওপৰত শেহতীয়াকৈ চলোৱা গৱেষণাৰ পৰা পোৱা তথ্যবোৰ হৈছে -

  • Estradiol যদি দুৰ্বল (20HE) এষ্ট্ৰোজেনলৈ পৰিৱৰ্তন হয়, তেতিয়াহ’লে স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা কমাই আনিব পাৰি।
  • স্তন কেন্সাৰৰ কোষবোৰৰ এষ্ট্ৰোজেন বা গ্ৰাহকবোৰে কাম নকৰা হয়।
  • কেন্সাৰ কোষ বৃদ্ধি হোৱাত ৫৪-৬৯ শতাংশ বাধা দিয়ে। আৰু কোষবোৰক নিজে নিজে ধ্বংস হ’বলৈ বাধ্য কৰায়।
  • স্তন কেন্সাৰ কোষত থকা MCF7 উপাদানবিধক বাধা দিয়ে।
  • প্ৰাকৃতিকভাৱে থকা টক্সিন, ডায়োক্সিনক ৰক্ষা কৰে।
  • এন্টিঅক্সিডেন্ট ৰক্ষাকাৰী হিচাপে কাম কৰে। কিন্তু 13C যদি এষ্ট্ৰোজেনলৈ ৰূপান্তৰ ঘটে, তেতিয়াহ’লে প্ৰষ্টেট কেন্সাৰ প্ৰতিৰোধী হিচাপে কিদৰে কাম কৰিব?

যদি কেন্সাৰ কোষবোৰ বাধা দিব পৰা যায়, তেতিয়াহ’লে দেহটোৱে এই কোষবোৰক ধ্বংস কৰিবলৈ সুযোগ পায়। ইয়াৰ ফলত কেন্সাৰ কোষৰ বৃদ্ধি হ’ব নোৱাৰে।

আনহাতে প্ৰষ্টেট কেন্সাৰ হ’লে হ‘ৰমোনৰ পৰিমাণম বৃদ্ধি পায় তেতিয়াহ’লে কেন্সাৰ কোষৰ বিৰুদ্ধে 13C য়ে কাম কৰিব পাৰিবনে?

ইয়াৰ উত্তৰটো হ’ল- 13C ত থকা আন কেন্সাৰ প্ৰতিৰোধী উপাদানে প্ৰষ্টেট কেন্সাৰ কোষক বাধা দিয়ে। Indole-3 Carbinol য়ে চেকপইন্টত কেন্সাৰ কোষবোৰক ৰ’বলৈ বাধ্য কৰায়।

ইয়ে আনকি এ এইচ গ্ৰাহকৰ (Ah receptor) সহায়ত ছেক্স হ’ৰমোনৰ সৈতে যোগাযোগ ৰক্ষা কৰে।

প্ৰষ্টেট কেন্সাৰ থাকিলে ছেক্স হ’ৰমোন কোষবোৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হয়। 13C ৰ ওপৰত কৰা পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে এইবিধ উপাদানে স্তন কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো ইয়ে কাম কৰে।

যিসকল লোকে ব্ৰকলি, বন্ধাকবি জাতীয় পাচলি খায়, তেনে লোকৰ মূত্ৰস্থলীত কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

উল্লেখ্য যে মহিলাৰ তুলনাত পুৰুষৰ মূত্ৰস্থলীত কেন্সাৰ হোৱাৰ পৰিমাণ তিনি-চাৰি শতাংশ বেছি।

চীনৰ হাৰবিন চিকিৎসা মহাবিদ্যালয়ৰ(Harbin Medical College) এক গৱেষণাত প্ৰকাশ যে বন্ধাকবি খালে ব্ৰেইন টিউমাৰ নহয়।

মৌ:

মৌত Caffeic Acid Phenethl Ester(CAPE) নামৰ এবিধ ফেনোলিক এন্টিঅক্সিডেন্ট থাকে। ইতিমধ্যে পৰীক্ষা-নিৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে CAPE উপাদানবিধ এন্টিঅক্সিডেন্ট, কেন্সাৰ প্ৰতিৰোধী গুণেৰে ভৰা।

মেডিকেল জাৰ্ণেল এখনত প্ৰকাশিত তথ্য অনুসৰি মৌৱে মলভাণ্ডাৰৰ কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে। উল্লেখ্য যে অকল আমেৰিকাত প্ৰতিবছৰে ৬০,০০০ লোক মলভাণ্ডাৰৰ কেন্সাৰৰ বাবে মৃত্যুমুখত পৰে।

আমেৰিকান হেলথ ফাউণ্ডেচনৰ গৱেষক চিন্থালাপালি ভি ৰাওৰ মতে ম্মৌত পোৱা কেফিক এচিডে কেন্সাৰ কোষ গঠন হোৱাৰ আৰম্ভণিতে বাধা দিয়ে।

মৌত থকা আন আন কেইবাবিধো উপাদান কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে PM-3 নামৰ উপাদানবিধে স্তন কেন্সাৰ কোষ MCF-7 বৃদ্ধি হোৱাত বাধা দিয়ে। এইবিধ উপাদানে কেন্সাৰ কোষৰ বিকাশৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে নষ্ট কৰি পেলায়।

G1 পৰ্যায়ত PM-3 যোগে MCF-7 কোষৰ চিকিৎসা কৰোৱা হয়। ইয়াৰ ফলত চাইক্লিন D1 আৰু চাইক্লিন E ৰ প্ৰোটিনৰ পৰিমাণ কমি যায়। PM-3 য়ে Cyclin D ৰ আত্মপ্ৰকাশত বাধা দিয়ে।

আনহাতে MCF-7 কোষৰ চিকিৎসাৰ ৪৮ ঘন্টাৰ পিছত কেন্সাৰ কোষবোৰ ধ্বংস হ’বলৈ ধৰে। MCF-7 চিকিৎসা কৰা কোষবোৰৰ বাবে এষ্ট্ৰোজেন ৰিচেপ্টৰ প্ৰোটিনৰ পৰিমাণকমাই অনাৰ লগতে এষ্ট্ৰোজেন ৰেচপন্স এলিমেন্টক বাধা দিয়ে।

সেয়ে স্তন কেন্সাৰ ৰোধৰ ক্ষেত্ৰত PM-3 ক লৈ চিকিৎসকসকল আশাবাদী। অৱশ্যে আৰু অধিক গৱেষণাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে।

তুৰ্কীৰ গৱেষকৰ দল এটাই নিগনিৰ ওপৰত পৰীক্ষা চলাই প্ৰমাণ পাইছে যে মৌৱে দেহত টিউমাৰ হোৱাত বাধা দিয়ে। নিগনিৰ ডিঙিত এটুকুৰা ঘা কৰি কেন্সাৰ কোষ বেজীৰে সুমুৱাই দিয়া হৈছিল।

ইয়াৰ পিছত দেখা গ’ল মৌ খাবলৈ নিদিয়া নিগনিৰ ৩০ টাৰে কেন্সাৰ কোষৰ বৃদ্ধি হোৱাটো ধৰা পৰিছিল। গৱেষকসকলে মন্তব্য কৰিছে যে মৌৱে কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে।

কেমোথেৰাপিউটিক ঔষধ S-Fluorouacil, Cyclophophamide আদিৰ দৰেই মৌৱে কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে। আমেৰিকান হেলথ ফাউণ্ডেচনৰ আন এগৰাকী গৱেষক চি ভি ৰাওৰ মতে কেফিক এচিডে জন্তুৰ মলভাণ্ডাৰৰ কেন্সাৰ হোৱাত বাধা দিয়ে।

ইয়াৰ উপৰি আন মাৰাত্মক অসুখ ৰোধ কৰাৰ ক্ষমতাও মৌৰ আছে। গৱেষক এম টি হাঙে নিগনিৰ ওপৰত গৱেষণা কৰি প্ৰমাণ পাইছে যে কেগিক এচিডে ছালৰ কেন্সাৰ হোৱাত বাধা দিয়ে।

আমেৰিকান বি জাৰ্ণেলৰ ১৯৯৪ চনৰ জুন সংখ্যাত কোৱা হৈছে যে মানুহৰ ওপৰত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ প্ৰকৃত কথাষাৰ ক’ব পৰা নাযায়। কিন্তু এই সন্দৰ্ভত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে।

গ্ৰীণ-টি:

বৰ্তমান গ্ৰীণ টি এছিয়াৰ দেশবোৰৰ লগতে পশ্চিমীয়া দেশবোৰতো খুব জনপ্ৰিয় হৈছে। গৱেষণাৰ পৰা জানিব পৰা গৈছে গ্ৰীণ টি খালে পাকস্থলী, খাদ্যনলীৰ কেন্সাৰ হ’ব নোৱাৰে।

জাপামত চলোৱা এক সমীক্ষাত প্ৰমাণিত হৈছে গ্ৰীণ টি নোখোৱা লোকৰ-

  • পাকস্থলী,
  • লিভাৰ,
  • স্তন,
  • হাওঁফাওঁ,
  • খাদ্যনলী আৰু
  • ছালৰ কেন্সাৰ বেছিকৈ হয়।

গ্ৰীণ টি খালে কেন্সাৰ নোহোৱাৰ কাৰণ-

  • কেন্সাৰ সৃষ্টি কৰা উপাদানবোৰক নিষ্ক্ৰিয় কৰি পেলায়।
  • কেন্সাৰ সৃষ্টি কৰা উপদানবোৰৰ পৰা স্বাভাৱিক কোষবোৰক নিৰাপদে ৰাখে।
  • স্বাভাৱিক কোষবোৰক ধ্বংস কৰাৰ পৰা ৰক্ষা কৰে।
  • আয়োনেজিং ৰেডিয়েচনৰ কোষবোৰক ৰক্ষা কৰে। গ্ৰীণ টিত থকা Polyphenols(পলিফেনলচ) নামৰ ৰাসায়নিক উপাদানবিধৰ বহুতো এন্টিঅক্সিডেন্ট গুণ থাকে। গ্ৰীণ টিত থকা আন এবিধ গুৰুত্বপূৰ্ণ উপাদান হৈছে Epigallocat Chin-3-Gallate(EGCG)।

এই উপাদানবিধে কেন্সাৰ কোষ সৃষ্টি কৰিব পৰা এনজাইম উৎপাদনত বাধা দিয়ে। সাধাৰণতে EGCG য়ে কেন্সাৰ কোষলৈ ৰক্তবাহী নলীবোৰ সৃষ্টি হোৱাত বাধা দিয়ে।

এই প্ৰক্ৰিয়াক কোৱা হয় Angiogenesis। ইয়ে কেন্সাৰ কোষলৈ তেজ চলাচলত বাধা দিয়ে।

দিনে তিনি কাপ বা ততোধিক গ্ৰীণ টি খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা নাথাকে। এচামুচ বা দুচামুচ শুকান গ্ৰীণ টি একাপ গৰম পানীত তিনিৰ পৰা ১৫ মিনিট সময় তিয়াই থৈ খাব পাৰে।

আজিকালি বজাৰত কেপচুল পোৱা যায়। দিনে তিনিটাতকৈ এই কেপচুল খালে একোখিনি উপকাৰ পাব। গ্ৰীণ টি খোৱা আৰু নোখোৱা লোকৰ ওপৰত ছাংহাই কেন্সাৰ ইনষ্টিটিউটে ১৯৯৪ চনত এক সমীক্ষা চলাইছিল।

তেওঁলোকে প্ৰমাণ পালে যে গ্ৰীণ টি নোখোৱা লোকৰ তুলনাত গ্ৰীণ টি খোৱা লোকৰ খাদ্যনলীত হোৱা কেন্সাৰ ৰোগৰ ঘটনা ৬০ শতাংশ কম হয়। Purduis School of Consumer and Family Science ৰ খাদ্য আৰু পুষ্টি বিভাগৰ অধ্যাপিকা ডৰথি ম’ৰে কৈছে যে গ্ৰীণ টি চাহপাতত কেন্সাৰ প্ৰতিৰোধী উপাদান বহুতো পোৱা গৈছে।

এইবোৰে দেহত কেন্সাৰ প্ৰতিৰোধী শক্তি বঢ়াই তোলে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে EGCG য়ে কেন্সাৰ কোষবোৰক ধ্বংস কৰি পেলায়।

গ্ৰীণ টি খালে কেতিয়াবা কোনো লোকৰ এলাৰ্জিৰ সমস্যাই দেখা দিব পাৰে। এলাৰ্জি হ’লে গ্ৰীণ টি খোৱা বন্ধ কৰিব। আনহাতে বেছি পৰিমাণে গ্ৰীণ টি খালেও সমস্যাই দেখা দিব পাৰে।

কিয়নো ইয়াত থকা কেফেইন আৰু Polyphenols উপাদানবিধৰ আধিক্যই পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰে।

অনিয়মীয়া হাৰ্টবিট থকা, উদ্বেগত ভুগি থকা লোকে দিনে দুকাপৰ অধিক গ্ৰীণ টি খোৱা অনুচিত। একেদৰে গৰ্ভৱতী আৰু কেচুঁৱা থকা মহিলাসকলে বেছি পৰিমাণে গ্ৰীণ টি খাব নালাগে।

লেখক: সুমন প্ৰকাশ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate