অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেম’থেৰাপিৰ প্ৰতিক্ৰিয়া

 

বিশ্বৰ সবাতোকৈ ভয়াৱহ আৰু মাৰাত্মক ৰোগৰুপে চিহ্নিত হৈছে কেন্সাৰ।সময়মতে এই ৰোগৰ চিকিৎসা কৰিলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যায়।এই মাৰাত্মক ৰোগবিধ  নিৰাময়ৰ বাবে বহুলভাৱে ব্যৱহৃত চিকিৎসা পদ্ধতি হ’ল কেম’থেৰাপি ।কিন্তু শেহতীয়াকৈ এই কেম’থেৰাপিক লৈ   চিকিৎসা বিজ্ঞানৰ জগতখনত কিছু সন্দেহৰ ভাব জাগিছে।কেন্সাৰ নিৰাময়ৰ ক্ষেত্ৰত কেম’থেৰাপিক নিৰ্ভৰযোগ্য চিকিৎসা হিচাপে মানি লোৱা হৈছিল যদিও শেহতীয়াকৈ হোৱা এক বিশ্লেষণত কিছু ভয়াৱহ তথ্য পোহৰলৈ আহিছে।গৱেষণাৰ তথ্যত এই কথা দাবী কৰা হৈছে যে কেন্সাৰৰ কাৰক টিউমাৰ নাইকিয়া বা ধ্বংস কৰিবলৈ যদি কেম’থেৰাপি ব্যৱহাৰ কৰা হয়,তেন্তে কেন্সাৰৰ কোষ শৰীৰৰ অন্য অংশলৈ বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।নিউয়ৰ্কস্থিত ‘এলবাৰ্ট’আইনষ্টাইন কলেজ অব মেডিচিন’ত হোৱা গৱেষণাত এই কথা জানিব পৰা গৈছে যে কেম’থেৰাপি কৰ্কট ৰোগৰ সৰু টিউমাৰ আৰু আৰম্ভণিতে ব্যৱহাৰ কৰাটো উত্তম।কিন্তু ৰোগ পুৰণি হোৱাৰ পিছত কেম’থেৰাপিৰ ব্যৱহাৰে বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

কেম’থেৰাপিৰ প্ৰথম বিকল্প

গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি কেম’থেৰাপিৰ ব্যৱহাৰে কেন্সাৰ কোষক পুনৰ শৰীৰৰ অন্য অংশত আক্ৰমণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।এনে কেন্সাৰ ৰোগীৰ চিকিৎসাৰ বাবে কেম’থেৰাপি প্ৰথমটো বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।ই ৰোগৰ কোষৰ ওপৰত ক্ৰিয়া কৰি ৰোগবিধ নিৰ্মুল কৰাত এই পদ্ধতিয়ে সহায় কৰে।কিন্তু বিশেষজ্ঞৰ মতে কেম’থেৰাপিয়ে দীৰ্ঘকালীন চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সহায় কৰিব নোৱাৰে।

নতুন টিউমাৰ সৃষ্টি হোৱাত সহায় কৰে

গৱেষকসকলে কয় যে কেম’থেৰাপিয়ে কেন্সাৰ টিউমাৰ ধ্বংস কৰাৰ চেষ্টা চলোৱাৰ লগতে নতুন টিউমাৰ সৃষ্টি হোৱাতো সহায় কৰে।ফলত ৰোগীজনক ৰোগবিধে গভীৰভাৱে আক্ৰমণ কৰিব পাৰে আৰু ইয়াৰ চিকিৎসা কৰাটো পুৰ্বতকৈ কথিন হৈ পৰে।মুখ্য গৱেষক চিকিৎসক জৰ্জ কাৰাগি এনিছে কয় যে অস্ত্ৰোপচাৰৰ পুৰ্বে প্ৰদান কৰা কেম’থেৰাপিৰ পিছত টিউমাৰৰ উৎস ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰিব লাগে।যদি টিউমাৰৰ আকাৰ বৃদ্ধি হৈ থাকে,তেন্তে ৰোগীজনক কেম’থেৰাপি বন্ধ কৰি অস্ত্ৰোপচাৰ কৰিব লাগে।

তেজ চলাচলৰ সৈতে সমগ্ৰ শৰীৰত বিয়পি পৰাৰ আশংকা

টেবলেট অথবা চেলাইনৰ মাধ্যমেৰে প্ৰদান কৰা কেম’থেৰাপিৰ ঔষধ তেজ চলাচলৰ সৈতে সমগ্ৰ শৰীৰত বিয়পি পৰে।যাৰ ফলত ঔষধ টিউমাৰৰ পৰা বাহিৰ হৈ শৰীৰৰ আন আন অংগলৈ কেন্সাৰ কোষ লৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।স্তনৰ কেন্সাৰৰ অধিকাংশ ঘটনাত এনেধৰণৰ সমস্যা দেখা পোৱা যায়।

কেম’থেৰাপিৰ ফলত চুলি সৰা-ওজন কম হোৱাৰ সমস্যা নহয়

সচৰাচৰ কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীসকলক কেম’থেৰাপি প্ৰদান কৰাৰ পিছত চুলি সৰা আৰু ওজন হ্ৰাস হোৱাৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।কিন্তু এতিয়াৰে পৰা কেম’থেৰাপি ব্যৱহাৰ কৰা ৰোগীৰ এই দুয়োবিধ সমস্যা সৃষ্টি নহয়।জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ জে. এন. ইউ.ৰ বিজ্ঞানীয়ে এই দাবী কৰিছে।

ৰোগীৰ মাজত আশাৰ সঞ্চাৰ

এই নতুন গৱেষণাৰ পিছত কৰ্কট ৰোগৰ চিকিৎসাৰ সময়ত হোৱা ভয়ানক বিষ দুৰ কৰিবলৈ ঔষধ আৱিষ্কাৰ কৰি ৰোগীসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।দেশৰ এখন প্ৰতিষ্ঠিত কাকতত প্ৰকাশ পোৱা বাতৰি অনুসৰি বিজ্ঞানী চিকিৎসক আৰ.পি.সিঙে এই দাবী কৰিছে যে এই ঔষধ কিছুমান উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হৈছে।এইবিধ ঔষধে ৰেডিঅ’থেৰাপি অথবা কেম’থেৰাপিৰ কু-প্ৰতিক্ৰিয়াৰ পৰা ৰোগীক ৰক্ষা কৰিব।ইয়াক কেন্সাৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা কেম’থেৰাপিৰ সময়ত ৰোগীসকলৰ তেজ কম হৈ যোৱা,চুলি সৰা আৰু ওজন কম হোৱা সমস্যা আদি নাইকিয়া কৰিব বুলি দাবী কৰিছে চিকিৎসক বিজ্ঞানীজনে।চিকিৎসক আৰ. পি. সিঙে দাবী কৰা অনুসৰি এন্দুৰ আৰু কম সংখ্যক মানুহৰ ওপৰত এই ঔষধ প্ৰয়োগ কৰি পাৰ্শ্বক্ৰিয়া নিৰীক্ষণ কৰা হৈছিল।এই গৱেষণা সম্পুৰ্ণৰুপে সফল হৈছে।দিল্লীৰ কেবাখনো দাঙৰ চিকিৎসালয়ত এই ঔষধৰ পৰীক্ষা চলোৱা হৈছে।পৰীক্ষাৰ সফলতাৰ পিছতে এই ঔষধ বজাৰত মুকলি কৰি দিয়া হ’ব বুলি জনাইছে বিজ্ঞানীজনে।এইবিধ ঔষধৰ সফলতা প্ৰমাণ হোৱাৰ লগে লগে চিকিৎসা বিজ্ঞান জগতলৈ ভাৰতৰ এক বৃহৎ অৱদানৰুপে স্বীকৃত হ’ব।

বিপজ্জনক কেম’থেৰাপি

কেম’থেৰাপিয়ে আমাৰ সুস্থ আৰু সক্ৰিয় কোষবোৰ বিনষ্ট কৰাৰ সম্ভাৱনা থাকে।কেম’থেৰাপিয়ে শৰীৰৰ সুস্থ কোষবোৰ ক্ৰমাৎ দুৰ্বল কৰি আনে আৰু তাৰ ফলত আমাৰ শৰীৰৰ ওজন দিনে দিনে কমি যায়।তদুপৰি তেজ বমি হোৱা আৰু খাদ্য খোৱাত অসুবিধা পোৱা আদি সমস্যাবোৰ সৃষ্টি হয়।কেম’থেৰাপি ব্যৱহাৰ কৰাৰ সময়ত ৰোগীজনে প্ৰচণ্ড বিষত ভুগি থাকিবলগীয়া হয়।

উদ্ভিদৰ পৰা প্ৰস্তুত হৈছে ঔষধ

এই ঔষধ ‘মল্কি মিলছ ‘বা ‘আৰতি চ’ক’নামৰ উদ্ভিদত পোৱা ‘চেলিবিনিন’নামৰ যৌগিক পদাৰ্থৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে চিকিৎসক আৰ. পি. সিঙে জনোৱা অনুসৰি কেম’থেৰাপিৰ সময়ত ‘চেলিবিনিন’ৰ প্ৰয়োগে কেৱল কেন্সাৰৰ কোষবোৰহে ধ্বংস কৰে।শৰীৰত আন কোনো ধৰণৰ ক্ষতি নকৰে এই ঔষধবিধে।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate