শিশুকাল সমাপ্ত হোৱাৰ লগে লগে কৈশোৰ কালৰ আৰম্ভণি । বয়সৰ সীমাৰ পৰা চাবলৈ গ’লে ১৩ ৰ পৰা ২০ বছৰ বয়সলৈ ইয়াক ধৰিব পাৰি । এই বয়:সন্ধিৰ কালছোৱা অতিকে গুৰুত্বপূৰ্ণ । শাৰীৰিক বিকাশ তেওঁলোকৰ দেহত পৰিস্ফুট হোৱাৰ লগতে মানসিক, আৱেগিক আৰু বৌদ্ধিক দিশতো খৰতকীয়া বিকাশ হয় । এই বয়সত বহুতো নজনা কথা তেওঁলোকে মনত পুহি ৰাখে । নিজকে স্বাধীনভাৱে চাবলৈ বিচাৰে আৰু নিজকে এক দোদুল্যমান অৱস্থাত আৱিষ্কাৰ কৰে- যি শিশুও নহয়, প্ৰাপ্তবয়স্কও নহয় । এনে ক্ষেত্ৰত মন কৰিবলগীয়া কিছু কথা তলত আলোচনা কৰা হ’ল-
১) সন্তানৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আৰম্ভণি । এই বয়সত কোনো কথা মাৰধৰ বা ডাবি-ধমকিৰে বুজাব নোৱাৰি । সেয়েহে পিতৃ-মাতৃয়ে নিজকে তেওঁলোকৰ সন্তানৰ আগত এক বন্ধুৰ ৰুপত থিয় দি ভাল-বেয়াৰ পথ দেখুৱাব লাগে ।
২) যিহেতু শাৰীৰিক বিকাশৰ ফলত সন্তানৰ কিছু দৈহিক সালসলনি হয়, সেয়েহে কেতিয়াবা এনে ক্ষেত্ৰত দেখা যায় কিছুসংখ্যক ল’ৰা-ছোৱালীয়ে ইয়াক সহজভাৱে মানি ল’ব নোৱাৰে । কিশোৰ-কিশোৰীসকলক এই পৰিবৰ্তনৰ কথা ভালদৰে বুজাই দিয়া উচিত । কিশোৰীসকলৰ ক্ষেত্ৰত যেনেকৈ মাহিলি ঋতুস্ৰাৱৰ জ্ঞান দিব লাগে, ঠিক সেইদৰে কিশোৰসকলকো বীৰ্য নিৰ্গমণৰ কথা বুজাব লাগিব । সেইবাবে বিজ্ঞানসন্মতভাৱে আৰু বস্তুনিষ্ঠভাৱে দিয়া যৌনশিক্ষা (Sex Education) ই কিশোৰ-কিশোৰীসকলৰ মনত সুস্থ যৌনজীৱন গঢ়াত পৰৱৰ্তী সময়ত সহায়ক হ’ব ।
৩)আগেয়ে উল্লেখ কৰা দৰে কিশোৰ-কিশোৰীসকলক কোনো বান্ধোনৰ মাজত ৰাখিবলৈ চেষ্টা কৰাটো ভুল । এক সঠিক পৰিমাণৰ স্বাধীনতা, নিৰাপত্তা আৰু অভিভাৱকত্বৰ সংমিশ্ৰণেহে তেওঁলোকক মানসিক শান্তি প্ৰদান কৰিব । সৰু-ডাঙৰ সকলো কথাতে ল’ৰা-ছোৱালীৰ পিছত দৌৰি নাথাকি তেওঁলোকক বিশ্বাস কৰি মাজে –সময়ে স্বাধীনচিতীয়া সিদ্ধান্ত ল’বলৈ সুবিধা দিব লাগে ।
৪) কিশোৰ-কিশোৰীসকল শক্তিৰ ভাণ্ডাৰ । এই শক্তিক অবাবত ব্যয় নকৰি সঠিকভাৱে ইয়াক প্ৰয়োগ কৰিবলৈ সুবিধা দিব লাগে । পঢ়া-শুনাৰ লগতে বিভিন্ন খেল-ধেমালি, সাংস্কৃতিক তথা কলাত্মক দিশসমূহৰ লগত চিনাকি কৰাই এই গুণসমূহ বিকাশৰ বাবে এক মঞ্চ প্ৰদান কৰিব লাগে ।
৫) যিহেতু কিশোৰ-কিশোৰীসকলে নিজকে সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি স্বীকাৰ কৰে সেয়েহে তেওঁলোকক দায়িত্ববোধৰ শিক্ষাও দিব লাগে । ইয়াৰ আৰম্ভণি ঘৰখনৰ পৰাই হ’লে ভাল ।
৬) এটা কথা পিতৃ-মাতৃসকলে মনত ৰখা উচিত যে যিমানে সন্তানটিয়ে সমাজৰ লগত মিলিব সিমানে তেওঁৰ সৰ্বাংগীণ বিকাশ হ’ব । ঘৰৰ বন্ধ চাৰিবেৰৰ মাজত পঢ়া-শুনাৰ ভাৰ জাপি দিলে হয়তো অলপ-অচৰপ জ্ঞান বৃদ্ধি হ’ব (কেৱল পাঠ্যপুথিৰ জ্ঞানৰ কথা বুজোৱা হৈছে), কিন্তু সন্তানটি হয়তো সামাজিক বিকাশত পিছ পৰি ৰ’ব ।
৭) যিহেতু এই বয়সত কিশোৰ-কিশোৰীসকলৰ ভৱিষ্যতৰ প্ৰতি এক্ সপোন থাকে আৰু প্ৰায় সকলোৰে এক জীৱন-আদৰ্শ থাকে , সেয়েহে পিতৃ-মাতৃ তথা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক বিভিন্ন আদৰ্শ আৰু মূল্যবোধৰ আভাস দিব লাগে ।
এই স্তৰ পোৱাৰ আগেয়ে যদিহে ব্যক্তি এগৰাকীয়ে নিজৰ কেঁচুৱা কালৰ পৰা আৰম্ভ কৰি কৈশোৰ কালটো সুকলমে পাৰ কৰি আহিছে, তেন্তে সেই ব্যক্তিজন সন্তোষজনকভাৱে প্ৰাপ্তবয়স্ক স্তৰলৈ সাজু হৈছে । অৱশ্যে আন কিছু মনত ৰাখিবলগীয়া কথা হ’ল-
*সকলো স্তৰতে নিৰাপত্তাৰ সংজ্ঞা সুকীয়া । এই স্তৰত নিৰাপত্তাৰ অৰ্থ হ’ল অৰ্থনৈতিকভাৱে স্বাৱলম্বন, সমাজত নিজৰ এক পৰিচয়, নিজৰ সংসাৰ আৰু কৰ্মক্ষেত্ৰত আত্মসন্তুষ্টি । এই সকলোবোৰ ব্যক্তি এগৰাকীক মানসিকভাৱে সুখী হোৱাত সহায় কৰে ।
*বিবাহ প্ৰাপ্তবয়স্ক জীৱনত ল’বলগীয়া এক ডাঙৰ পদক্ষেপ । ভাৰতীয় সমাজত বিবাহক এক আত্মিক সম্পৰ্ক বুলি মনা হয় । কিন্তু এই সম্পৰ্ক আত্মিক হৈ নুঠিব, যদিহে ই পৰস্পৰ বুজাবুজি , প্ৰেম আৰু বিশ্বাসৰ ভেটিত থিয় নহয় । এজনৰ আনজনৰ প্ৰতি মৰম, সুখী যৌন জীৱন, দুয়ো দুয়োৰে প্ৰতি দেখুওৱাৰ শ্ৰদ্ধা আদি সফল বিবাহিত জীৱনৰ আধাৰ বুলি ক’ব পাৰি যি ব্যক্তিক মানসিক সুখ দিয়ে ।
*যিদৰে দুটা পাত্ৰ একেলগে থ’লে শব্দ কৰিব, ঠিক সেইদৰে পতি-পত্নীৰ মাজতো সৰু-সুৰা মতানৈক্য সাধাৰণ কথা । কিয়নো, ব্যক্তি বিশেষে ভিন্নতা আছে । কিন্তু এই মতানৈক্যসমূহক বেছি আগবাঢ়িবলৈ নিদি আলোচনাৰ মাজেৰে সিদ্ধান্ত ল’লে অসুবিধা নহয় । কেতিয়াবা কোনো কোনোৱে এই ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি নিচাজাতীয় সামগ্ৰীৰ সহায় লয়-যি পিছলৈ অভ্যাসত পৰিণত হৈ পৰে ।
*অৰ্থনৈতিক স্বাৱলম্বনৰ বাবে কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সুচাৰুৰুপে পালন, মানসিক সুস্থতাৰ অন্য এক আধাৰ । নিজৰ কৰ্মৰ প্ৰতি আগ্ৰহ, শ্ৰদ্ধা, সহকৰ্মীৰ লগত সদভাৱ, সজাগতাৰে নিজৰ দায়িত্ব পালন আদিবোৰ ভালদৰে হৈ উঠিব-যদিহে ব্যক্তিজন মানসিকভাৱে সুস্থিৰ হৈ থাকে ।
*এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে একে সময়তে বহুকেইটা চৰিত্ৰ পালন কৰিব লাগে । তেওঁ যথা সময়ত পিতৃ-মাতৃ, স্বামী –স্ত্ৰী, পুত্ৰ-জোঁৱাই, জী-বোৱাৰী, কাৰোবাৰ সহকৰ্মী, ওচৰ-চুবুৰীয়া আৰু আদৰ্শৱান নাগৰিক হিচাপে নিজৰ দায়িত্ব পালন কৰিব লাগে । সেয়েহে মানসিক শান্তিৰ বাবে ঘৰখনত এক সুস্থ বাতাৱৰণ থকাটো খুবেই প্ৰয়োজনীয় ।
৬০ বছৰ বা ঊৰ্ধ্বৰ লোকসকলক এই স্তৰত ৰখা হয় । কোৱা হয় যে আমৰ দেশত বয়সতকৈ আগেয়ে বৃদ্ধ অৱস্থাৰ অনুভৱ হয় । এই বয়সত সাধাৰণতে কৰ্মক্ষেত্ৰৰ পৰা অৱসৰ লয় । লাহে লাহে ইন্দ্ৰিয়ৰ কাৰ্যকলাপত (দেখা আৰু শুনা) স্থবিৰতা আহি পৰে । শৰীৰৰ শক্তি কমি অহাৰ লগতে ৰোগ প্ৰতিৰোধৰ ক্ষমতাও শেষ হৈ আহে । বয়স বঢ়াৰ লগে লগে মানসিক কাৰ্যবোৰতো, যেনে- মনোযোগ, স্মৰণশক্তি, চিন্তাশক্তি, নতুন বস্তু আয়ত্ত কৰাৰ ক্ষমতাবোৰ হ্ৰাস হৈ আহে ।
এই সময়ত ব্যক্তিসকলক একঘেয়ামী ৰুটিনৰ মতে নিজকে পৰিচালিত কৰিব লগা হয় । ফলত মাজে মাজে তেওঁলোক খিংখিঙীয়া বা বিষাদগ্ৰস্ত হোৱা দেখা যায় । তেওঁলোকৰ ব্যক্তিত্বতো ভালেখিনি পাৰ্থক্য আহি পৰে । চাকৰিকালত থকা আৰ্থিক নিৰাপত্তা আৰু সমাজত থকা এক পৰিচয় যেতিয়া কমি আহে, তেতিয়া তেওঁলোকৰ মাজত মনস্তাত্ত্বিক বিক্ৰিয়া হোৱা দেখা যায় । তেওঁলোকে নিজকে অকলশৰীয়া বা আনৰ ওপৰত বোজা হিচাপে ভাবিবলৈ লয় । সেইবাবে এই স্তৰত মানসিক স্বাস্থ্যৰ যতনৰ অতি আৱশ্যক । তাৰ বাবে কৰণীয়সমূহ হ’ল-
*বয়সস্থ লোকসকলৰ খোৱা-বোৱাত বিশেষ গুৰুত্ব দিয়া উচিত । পুষ্টিকৰ খাদ্য প্ৰধানকৈ আইৰন আৰু কেলচিয়ামযুক্ত আহাৰ উপকাৰী । শাৰীৰিকভাৱে শক্তিৱান হ’লেহে মানসিকভাৱে সুস্থতা অনুভৱ কৰিব পাৰিব ।
*বৃদ্ধসকলৰ মনত নিজকে বোজা হিচাপে ভবা অমূলক ধাৰণাটো নোহোৱা কৰিবলৈ তেওঁলোকক অফুৰন্ত সময় দিয়ক । ঘৰলৈ আলহী-অতিথি আহিলে তেওঁলোকক কথা পাতিবলৈ দিয়ক । সামাজিক উৎসৱ-পাৰ্বণবোৰত লৈ যাওক । সৰু-সুৰা দায়িত্ব, যেনে-ঘৰৰ বাগিচা বা শাকনিবাৰী চোৱা-চিতা কৰা, নাতি-নাতিনীৰ লগত খেল-ধেমালি কৰা, বজাৰলৈ যাওঁতে লগত লৈ যোৱা ইত্যাদি কামত অন্তৰ্ভুক্ত কৰক । তেওঁলোকৰ মনত পুনৰায় আশ্বাস দিয়ক যে এই সময়খিনিত তেওঁলোকৰ বিশ্বাস আৰু নিজৰ হবীসমূহ উপভোগ কৰাৰ পাল ।
*যিহেতু বৃদ্ধ অৱস্থাত বিভিন্ন ৰোগ-ব্যাধিয়ে সাঙুৰি ধৰে, সেয়েহে ৰুটিন স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সময় অনুযায়ী খোৱা আৰু শোৱাৰ অভ্যাস কৰিব লাগে । বৃদ্ধ অৱস্থাত হোৱা এক গুৰুত্বপূৰ্ণ মানসিক ৰোগ হৈছে ডিমেনচিয়া বা স্মৃতিশক্তিৰ লোপ । এনে বৃদ্ধ ৰোগী ঘৰত থাকিলে বিশেষভাৱে ধ্যান দিব লাগে । যেনে-জুই, পানী, বৈদ্যুতিক সামগ্ৰী নাইবা আন আন বিপদযুক্ত সামগ্ৰীৰ পৰা আঁতৰত ৰখা, নিয়মীয়া ঔষধ সেৱন, পৰাপক্ষত ঘৰৰ ভিতৰ চ’ৰাৰ বিশেষ সালসলনি নঘটোৱা, পুৰণা ফটো এলবামবোৰ চাবলৈ দিয়া আৰু ঘৰৰ বাহিৰলৈ গ’লে সদায় পৰিয়ালৰ লোকৰ ফোন নম্বৰ আৰু ঠিকনা থকা কাগজৰ টুকুৰা যাতে লগত থাকে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে ।
শাৰীৰিক আৰু মানসিক স্বাস্থ্য প্ৰকৃততে এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি । সুস্থ শৰীৰ, সুস্থ মন, সুস্থ সামাজিক জীৱন আৰু উৎপাদনশীল কাৰ্যক্ষমতাই এক সুন্দৰ জীৱন গঢ়াত সহায় কৰিব । নিজৰ সম্পৰ্কে স্পষ্ট ধাৰণা জীৱনক ভাল পোৱা, ধনাত্মক চিন্তাৰে নিজ কৰ্ম সম্পাদন কৰা, চিন্তা-ভাবনাৰ স্বচ্ছতা । আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱা, সময় অনুযায়ী শাৰীৰিক চাহিদা পূৰণ কৰা, আৱেগ-অনুভূতি সম্পৰ্কে সচেতনতা তথা সেইসমূহ প্ৰকাশ কৰাৰ সক্ষমতা, দৈনন্দিন ব্যস্ততাৰ মাজতো পৰিয়ালৰ সৈতে অলপ সময় পাৰ কৰা, নেদেখাজনৰ ওপৰত আস্থা- মূলত: এই সকলোবোৰ মিলি মানসিক স্বাস্থ্য ধৰি ৰখাত ইন্ধন যোগাব ।
লেখিকা :- গায়ত্ৰী বৰা কলিতা
উৎস :- জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 4/30/2020